12
Feb
বকো অনুন্নত আৰু সংখ্যালঘু জনগোষ্ঠীক সুৰক্ষিত আৰু বিকাশৰ বাবে সংৰক্ষণৰ অতি আৱশ্যক সেয়ে ৰাভা হাছং এলেকাক ষষ্ঠ অনুসুচীত অন্তৰ্ভুক্ত কৰিব লাগে। এই বক্তব্য কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী পাৰিষদ টংকেশ্বৰ ৰাভাই। উল্লেখ্য যে ; কামৰূপ জিলাৰ বকো ৰাজহ চক্ৰৰ অন্তৰ্গত ২ নং দক্ষিণ চেখাদাৰীস্থ বেকেলী মৌজা ৰাভা জাতীয় পৰিষদৰ মুখ্য কাৰ্য্যালয় প্ৰাংগনত আয়োজন কৰা হৈছে ৰাভা জাতীয় পৰিষদ ; ৰাভা জাতীয় মহিলা পৰিষদ আৰু ৰাভা সাহিত্য সভাৰ অধিৱেশন। বেকেলী মৌজা ৰাভা জাতীয় পৰিষদৰ ৪৪ সংখ্যক পূৰ্ণাংগ অধিবেশন ; বেকেলী মৌজা ৰাভা জাতীয় মহিলা পৰিষদৰ অষ্টম ত্ৰি - বাৰ্ষিক অধিবেশন আৰু বেকেলী আঞ্চলিক ৰাভা সাহিত্য সভাৰ প্ৰথম বাৰ্ষিক…