অসম

তীব্ৰবেগী স্কৰ্পিঅ’ৰ খুন্দাত গুৰুতৰভাৱে আহত মহিলা জোৱান, হাস্পতালত মৃত্যু

তীব্ৰবেগী স্কৰ্পিঅ’ৰ খুন্দাত গুৰুতৰভাৱে আহত মহিলা জোৱান, হাস্পতালত মৃত্যু

ৰাজপথত তীব্ৰবেগী বাহনৰ নিয়ন্ত্ৰণহীন গতিয়ে কাঢ়ি নিলে এগৰাকী কৰ্তব্যপৰায়ণ মহিলা জোৱানৰ জীৱন। ঝাৰখণ্ডৰ ৰাজগঞ্জ-সিজুয়া মুখ্য পথৰ নয়া মোড়ৰ সমীপত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই হৃদয়বিদাৰক পথ দুৰ্ঘটনা। চিআইএছএফত কৰ্মৰত স্নেহলতা নামৰ মহিলা হাবিলদাৰগৰাকীয়ে নিজৰ ডিউটি শেষ কৰি খোজকাঢ়ি আবাসলৈ উভতি থকাৰ সময়তে এখন তীব্ৰবেগী স্কৰ্পিঅ’ই তেওঁক মহতিয়াই নিয়ে। আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি, স্নেহলতা আৰু তেওঁৰ স্বামী কুন্দন কুমাৰ দুয়ো চিআইএছএফৰ একেটা ইউনিটতে কৰ্মৰত আছিল। ঘটনাৰ দিনা তেওঁ নিজৰ কাম শেষ কৰি ঘৰলৈ উভতিছিল যদিও নয়া মোড়ৰ সমীপত এখন বেপৰোৱা স্কৰ্পিঅ’ই তেওঁক জোৰকৈ খুন্দা মাৰি পলায়ন কৰে। গুৰুতৰভাৱে আহত স্নেহলতাক ততাতৈয়াকৈ ধনবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসাধীন অৱস্থাতে…
Read More
মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰুদ্ধে সষ্টম বিশিষ্ট নাগৰিকঃ উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি মুখ্য ন্যায়াধীশলৈ পত্ৰ

মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰুদ্ধে সষ্টম বিশিষ্ট নাগৰিকঃ উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি মুখ্য ন্যায়াধীশলৈ পত্ৰ

এটা বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে আগবঢ়োৱা বিতৰ্কিত মন্তব্যৰ পাছতে এতিয়া ন্যায় বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ৰাজ্যৰ ৪৩ গৰাকী বিশিষ্ট নাগৰিক। বৃহস্পতিবাৰে মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰলৈ প্ৰেৰণ কৰা এখন পত্ৰত ড০ হীৰেন গোহাঁই, হৰেকৃষ্ণ ডেকা আৰু অজিত ভূঞাৰ দৰে বৌদ্ধিক মহলে এই মন্তব্যসমূহক ‘ঘৃণা ভাষণ’ হিচাপে অভিহিত কৰে। তেওঁলোকে আদালতক এই বিষয়ত স্বতঃস্ফূৰ্তভাৱে গোচৰ ৰুজু কৰি সাংবিধানিক মৰ্যাদা ৰক্ষা কৰিবলৈ অনুৰোধ জনায়। বিদ্বেষমূলক মন্তব্যৰ জৰিয়তে এক বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি লোৱা কাৰ্যক গৰিহণা দি স্বাক্ষৰকাৰীসকলে পত্ৰখনত উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰীৰ ভাষণত অৰ্থনৈতিক বৈষম্য আৰু সামাজিক অপমানৰ উচটনি প্ৰতিফলিত হৈছে। বিশেষকৈ ৰিক্সাচালকক ভাড়াতকৈ কম ধন দিয়াৰ দৰে মন্তব্যই সমাজত বিভাজন…
Read More
মেঘালয়ৰ কয়লা খনিৰ দুৰ্ঘটনাত নিহত শ্ৰমিকৰ পৰিয়াললৈ আৰ্থিক সাহায্য ঘোষণা

মেঘালয়ৰ কয়লা খনিৰ দুৰ্ঘটনাত নিহত শ্ৰমিকৰ পৰিয়াললৈ আৰ্থিক সাহায্য ঘোষণা

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাত কয়লা খনিৰ দুৰ্ঘটনাত শ্ৰমিকৰ মৃত্যুৰ সন্দৰ্ভত মৃতকৰ পৰিয়াললৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। বৃহস্পতিবাৰে নিশা এক অনুষ্ঠানৰ অন্তত সাংবাদিকৰ সৈতে হোৱা বাৰ্তলাপত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে এতিয়ালৈকে অসমৰ তিনিজন শ্ৰমিকৰ মৃতদেহ চিনাক্ত কৰা হৈছে। নিহত আটাইকেইজন কাছাৰ জিলাৰ কাটিগোৰা বিধান সভা সমষ্টিৰ বাসিন্দা। এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰি ড০ শৰ্মাই মৃত শ্ৰমিকৰ পৰিয়াললৈ ৫ লাখকৈ টকা দিয়াৰ ঘোষণা কৰে। তেওঁ উল্লেখ কৰে যে চিনাক্তকৰণ, সাহায্য, আৰু প্ৰয়োজনীয় সাহায্য নিশ্চিত কৰাৰ বাবে অসম চৰকাৰে মেঘালয় চৰকাৰৰ সৈতে অহৰহ যোগাযোগত আছে। মুখ্যমন্ত্রীয়ে আশ্বাস দিয়ে যে ৰাজ্য চৰকাৰে এই কৰুণ…
Read More
অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ কৰিব বায়ুসেনাৰ যুঁজাৰু বিমান; মৰাণত ইতিহাস সৃষ্টিৰ ব্যাপক প্ৰস্তুতি

অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ কৰিব বায়ুসেনাৰ যুঁজাৰু বিমান; মৰাণত ইতিহাস সৃষ্টিৰ ব্যাপক প্ৰস্তুতি

ৰাজ্যৰ যোগাযোগ আৰু প্ৰতিৰক্ষা খণ্ডৰ এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ’বলৈ এতিয়া সাজু হৈছে অসমবাসী। অহা ১৪ ফেব্ৰুৱাৰীত মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মিত ৪.৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ জৰুৰীকালীন অৱতৰণ পথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কঢ়িয়াই অনা বায়ুসেনাৰ এখন যুঁজাৰু বিমানে গ্ৰহণ কৰিব অৱতৰণ। অসমৰ বুকুত প্ৰথমবাৰৰ বাবে ঘাইপথত যুদ্ধবিমানৰ এনে দুঃসাহসিক অৱতৰণৰ দৃশ্যই দেশৰ সামৰিক শক্তিৰ এক নতুন নিদৰ্শন দাঙি ধৰিব। প্ৰধানমন্ত্ৰীৰ এই হাই-প্ৰফাইল ভ্ৰমণক কেন্দ্ৰ কৰি মৰাণত বৰ্তমান তীব্ৰ উত্তেজনা আৰু ব্যাপক তৎপৰতা অব্যাহত আছে। ৰাজ্যৰ মুখ্য সচিব ৰবি কোটা, আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং আৰু ভাৰতীয় বায়ুসেনাৰ উচ্চপদস্থ বিষয়াসকলৰ উপস্থিতিত ইতিমধ্যে এক গুৰুত্বপূৰ্ণ প্ৰস্তুতিমূলক বৈঠক সম্পন্ন হৈছে। এই বৈঠকত সুৰক্ষা ব্যৱস্থা, যাতায়াত…
Read More
অসমৰ শ্ৰেষ্ঠ দলৰ সন্মান লাভ ; মালিগাঁৱত জু জিৎসু নৰ্থ ইষ্ট আৰু অসম অপেন ৰেংকিং চেম্পিয়নশ্বিপ প্ৰতিযোগিতা সম্পন্ন

অসমৰ শ্ৰেষ্ঠ দলৰ সন্মান লাভ ; মালিগাঁৱত জু জিৎসু নৰ্থ ইষ্ট আৰু অসম অপেন ৰেংকিং চেম্পিয়নশ্বিপ প্ৰতিযোগিতা সম্পন্ন

জু জিৎসু এছচিয়েচন অৱ অসমে পোন প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ  মালিগাঁওস্থিত এন এফ ৰেলৱে ষ্টেডিয়ামত পহিলা ফেব্ৰুৱাৰীত অনুষ্ঠিত হয় জু-জিৎসু নৰ্থ ইষ্ট আৰু অসম অপেন ৰেংকিং প্ৰতিযোগিতা তথা চেম্পিয়নশ্বিপ।  উত্তৰ পূৰ্বাঞ্চলৰ ছয়খন ৰাজ্যৰ জু জিৎসু খেলুৱৈ সকলক সামৰি প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনত ত্ৰিপুৰা , মণিপুৰ, মিজোৰাম, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু অসমৰ  তিনিশৰো অধিক খেলুৱৈয়ে ভাগ লৈছিল। জু জিৎসু এছচিয়েচন অৱ  অসমৰ সভাপতি ঋতুবৰণ  শৰ্মা   আৰু সাধাৰণ সম্পাদক সঞ্জয় শ্বৰ নেতৃত্বত অনুষ্ঠিত এই প্ৰতিযোগিতাখন তদাৰক বাবে জু জিৎসু এছচিয়েচন অৱ ইণ্ডিয়া ৰ সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে - ৰেনচি বিনয় যোশী আৰু চিহান অমৃত আৰোৰা উপস্থিত থাকে। অন্যহাতে প্ৰতিযোগিতাখনত বিশিষ্ট…
Read More
ভাৰ্টিগো আৰু বে লেন্স (মুৰ ঘুৰণী আৰু ভাৰসাম্য সন্তুলন)ক্লিনিকৰ উদ্বোধন

ভাৰ্টিগো আৰু বে লেন্স (মুৰ ঘুৰণী আৰু ভাৰসাম্য সন্তুলন)ক্লিনিকৰ উদ্বোধন

গুৱাহাটীৰ হেল্থ চিটি হাস্পতালত আজি ভাৰ্টিগো আৰু বে ** লেন্স (মুৰ ঘুৰণী আৰু ভাৰসাম্য সন্তুলন)ক্লিনিকৰ উদ্বোধন সফলভাৱে সম্পন্ন হয়, এই বিশেষ ক্লিনিকখনত মুৰ ঘুৰণী আৰু ভাৰসাম্য সমস্যাৰ প্ৰতি বিশেষায়িত চিকিৎসাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হ'ব। উক্ত অনুষ্ঠানত অসমৰ জল-সম্পদ, তথ্য প্ৰচাৰ, মুদ্ৰণ আৰু স্টেচনৰী বিভাগ তথা সামাজিক ন্যায় আৰু ক্ষমতায়ন বিভাগৰ কেবিনেট মন্ত্ৰী মহোদয় সম্মানীয় শ্ৰীযুত পীযুষ হাজৰিকা মুখ্য অতিথি হিচাপে উপস্থিত হৈ চিকিৎসালয়ৰ নেতৃত্বৰ সৈতে এই আধুনিক সুবিধাৰ শুভ উদ্বোধন কৰে। অনুষ্ঠান সম্বোধন কৰি শ্ৰী হাজৰিকাই হাস্পতালৰ এই উদ্যোগৰ প্ৰতি তেওঁৰ গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰি কয়, ই স্বাস্থ্য সেৱা আৰু মানৱ কল্যাণৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। তেওঁ…
Read More
ভোটাৰ তালিকাৰ বিসংগতিক লৈ উচ্চতম ন্যায়ালয়ত উপস্থিত মমতা; নিৰ্বাচন আয়োগলৈ জাননী জাৰি

ভোটাৰ তালিকাৰ বিসংগতিক লৈ উচ্চতম ন্যায়ালয়ত উপস্থিত মমতা; নিৰ্বাচন আয়োগলৈ জাননী জাৰি

ভোটাৰ তালিকা সংশোধনৰ প্রক্রিয়াক কেন্দ্ৰ কৰি সৃষ্টি হোৱা আইনী যুঁজৰ মাজতে বুধবাৰে উচ্চতম ন্যায়ালয়ত অধিবক্তাৰূপে উপস্থিত হ’ল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। ৰাজ্যখনত চলি থকা স্পেচিয়েল ইনটেনচিভ ৰিভিজনৰ অধীনত ভোটাৰ তালিকাৰ বিসংগতিৰ বিৰুদ্ধে দাখিল কৰা এক আবেদনৰ শুনানিত মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে উপস্থিত থাকি ব্যক্তিগতভাৱে যুক্তি দৰ্শায়। নিৰ্বাচনৰ পূৰ্বে হাজাৰ হাজাৰ বৈধ ভোটাৰৰ নাম তালিকাৰ পৰা কৰ্তন কৰাৰ অভিযোগ উত্থাপন কৰি মমতা বেনাৰ্জীয়ে আদালতৰ মজিয়াত এক আৱেগিক পৰিৱেশৰ সৃষ্টি কৰে। মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য অনুসৰি, জীয়াই থকা ব্যক্তিক কাগজত 'মৃত' সজাই ভোটাৰ তালিকাৰ পৰা বহিষ্কাৰ কৰাৰ ফলত বিশেষকৈ দুখীয়া, মহিলা আৰু প্ৰব্ৰজিত শ্ৰমিকসকল চৰম দুৰ্ভোগৰ সন্মুখীন হৈছে। আনহাতে, নিৰ্বাচন আয়োগে পৰ্যাপ্ত চৰকাৰী বিষয়াৰ অভাৱত 'মাইক্ৰ'…
Read More
ৰায়দানত বিলম্ব হোৱা কাৰ্য এক পৰিচিত ব্যাধি, এই ব্যাধি নির্মূল হোৱাটো জৰুৰীঃ উচ্চতম ন্যায়ালয়

ৰায়দানত বিলম্ব হোৱা কাৰ্য এক পৰিচিত ব্যাধি, এই ব্যাধি নির্মূল হোৱাটো জৰুৰীঃ উচ্চতম ন্যায়ালয়

দেশৰ বিচাৰ ব্যৱস্থাত দীৰ্ঘদিন ধৰি চলি অহা ৰায়দানৰ লেহেমীয়া গতিক এক পৰিচিত ব্যাধি বুলি অভিহিত কৰে উচ্চতম ন্যায়ালয়ে। মঙলবাৰে উচ্চ ন্যায়ালয়সমূহৰ মাহৰ পিছত মাহ ধৰি ৰায়দান সংৰক্ষিত কৰি ৰখাৰ প্ৰৱণতাক তীব্ৰ সমালোচনা কৰি দেশৰ শীৰ্ষ আদালতে এই অনিয়ম সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ কঠোৰ নিৰ্দেশ প্ৰদান কৰে। প্ৰধান ন্যায়াধীশ সূৰ্যকান্তৰ নেতৃত্বত গঠিত বিচাৰপীঠখনে স্পষ্ট কৰি দিয়ে যে বিচাৰ প্ৰক্ৰিয়াত এনে শিথিলতাই আইনৰ মৰ্যাদা লাঘব কৰে। ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ এক গোচৰৰ শুনানি গ্ৰহণ কৰি বিচাৰপীঠখনে উল্লেখ কৰে যে যোৱা বৰ্ষৰ ৪ ডিচেম্বৰতে এখন আবেদন খাৰিজ কৰি মৌখিকভাৱে ৰায় দিয়া হৈছিল যদিও আজি পৰ্যন্ত সেই ৰায়ৰ কপি আপলোড কৰা হোৱা নাই। এই ঘটনাক লৈ…
Read More
অসম অসামৰিক সেৱাৰ বিষয়া সংগীতা শইকীয়াৰ গ্ৰন্থ উন্মোচন

অসম অসামৰিক সেৱাৰ বিষয়া সংগীতা শইকীয়াৰ গ্ৰন্থ উন্মোচন

অসম অসামৰিক সেৱাৰ বিষয়া  সংগীতা শইকীয়াৰ ৰচিত গ্ৰন্থ  "As Life Moves On"  গুৱাহাটীৰ বিষ্ণু নিৰ্মলা শিশু পুথিভঁৰালত এক সাহিত্যিক অনুষ্ঠানত উন্মোচন কৰা হয় । এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ গ্ৰন্থখন উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আৰু অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান ডঃ কুলধৰ শইকীয়াই। অনুষ্ঠানত যুৱ সাহিত্যিক চেইখ আল আহমেদ, নীলোৎপল গোঁহাই আৰু ঋত্বিকা ফুকন উপস্থিত আছিল। অনুষ্ঠানটোত সাহিত্য, জীৱনৰ অভিজ্ঞতা, আৰু লেখাৰ মাধ্যমত আত্ম-অনুসন্ধান লাভৰ বিষয়ত গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। উল্লেখ্য যে "As Life Moves On"  এখন মননশীল সাহিত্যকৰ্ম । য'ত জীৱনৰ পৰিবৰ্তন, মানসিক দৃঢ়তা, আৰু দৈনন্দিন জীৱনত লুকাই থকা নিঃশব্দ কাহিনী বৰ্ণনা…
Read More
পুনৰ এয়াৰ ইণ্ডিয়াত যান্ত্ৰিক বিজুতি! পাইলটৰ তৎপৰতাত ৰক্ষা পৰিল শতাধিক যাত্ৰীৰ প্ৰাণ

পুনৰ এয়াৰ ইণ্ডিয়াত যান্ত্ৰিক বিজুতি! পাইলটৰ তৎপৰতাত ৰক্ষা পৰিল শতাধিক যাত্ৰীৰ প্ৰাণ

বিমানৰ ইন্ধন নিয়ন্ত্ৰণ চুইচত দেখা দিয়া মাৰাত্মক বিসংগতিয়ে এতিয়া এয়াৰ ইণ্ডিয়াৰ সুৰক্ষা ব্যৱস্থাক লৈ সৃষ্টি কৰিছে এক তীব্ৰ প্ৰশ্নবোধকৰ। যোৱা বছৰ ২৬০ জন লোকৰ প্ৰাণ কাঢ়ি নিয়া আহমেদাবাদৰ সেই বিভীষিকাময় দুৰ্ঘটনাৰ বাবে জগৰীয়া একেই যান্ত্ৰিক বিজুতি পুনৰ লণ্ডন-বেংগালুৰু অভিমুখী বিমানত ধৰা পৰাৰ ঘটনাই এতিয়া যাত্ৰীসকলৰ মাজত সৃষ্টি কৰিছে চৰম হাহাকাৰৰ। লণ্ডনৰ পৰা উৰা মৰাৰ ঠিক আগমুহূৰ্তত এআই ১৩২ বিমানখনৰ পাইলটে ইন্ধন যোগান ব্যৱস্থাত খুঁত ধৰা পেলোৱাৰ লগে লগে বিমানখনৰ উৰণ বাতিল কৰি পৰীক্ষাৰ বাবে আৱদ্ধ কৰি ৰখা হয়। এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই স্বীকাৰ কৰা মতে, ব’য়িং ৭৮৭-৮ বিমানখনৰ ইন্ধন নিয়ন্ত্ৰণ চুইচত পাইলটে বিসংগতি প্ৰত্যক্ষ কৰাৰ পাছতে বিষয়টো অগ্ৰাধিকাৰ ভিত্তিত পৰীক্ষা কৰিবলৈ…
Read More