অসম

তেজপুৰত ‘অৰণ্য মানৱ’ যাদৱ পায়েঙলৈ অসম নক্ষত্ৰ বঁটা; বনধ্বংসৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীলৈ পত্ৰ

তেজপুৰত ‘অৰণ্য মানৱ’ যাদৱ পায়েঙলৈ অসম নক্ষত্ৰ বঁটা; বনধ্বংসৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীলৈ পত্ৰ

অসমৰ পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে অৰণ্য মানৱ হিচাপে খ্যাত পদ্মশ্ৰী যাদৱ পায়েঙক বুধবাৰে প্ৰদান কৰা হয় অসম নক্ষত্ৰ বঁটা ২০২৬। অসমীয়া সুৰক্ষা মঞ্চৰ দশম প্ৰতিষ্ঠা দিৱস উপলক্ষে তেজপুৰ সাহিত্য সভা ভৱনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেওঁক এই বিশেষ সন্মানেৰে বিভূষিত কৰা হয়। ৰাজ্যৰ সেউজীয়া ধৰিত্ৰী ৰক্ষাৰ বাবে আজীৱন সংগ্ৰাম চলাই যোৱা এইগৰাকী মহান ব্যক্তিক সন্মান জনাই মঞ্চই নিজৰ প্ৰতিষ্ঠা দিৱসটো স্মৰণীয় কৰি তোলে। বঁটা গ্ৰহণৰ পাছতে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত যাদৱ পায়েঙে জানিবলৈ দিয়ে যে তেওঁ আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ লগতে সমগ্ৰ দেশৰে বন সংৰক্ষণৰ বিষয়টো লৈ প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। গছ কাটি কৰা উন্নয়নৰ পৰিৱৰ্তে…
Read More
হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ঘৃণা ভাষণৰ গোচৰ; নতুন আবেদনৰ শুনানিৰ বিষয়ে বিবেচনা কৰিব উচ্চতম ন্যায়ালয়ে

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ঘৃণা ভাষণৰ গোচৰ; নতুন আবেদনৰ শুনানিৰ বিষয়ে বিবেচনা কৰিব উচ্চতম ন্যায়ালয়ে

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উত্থাপিত ঘৃণা ভাষণৰ অভিযোগ সন্দৰ্ভত দাখিল হোৱা এখন নতুন আবেদনৰ শুনানি গ্ৰহণৰ বিষয়টো উচ্চতম ন্যায়ালয়ে বিবেচনা কৰিব। বুধবাৰে মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত গঠিত বিচাৰপীঠখনে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰি বিষয়টোৰ পৰ্যবেক্ষণৰ ইংগিত দিয়ে। ৰাজ্যখনৰ এদল বিশিষ্ট ব্যক্তিয়ে দাখিল কৰা এই নতুন আবেদনখন পূৰ্বৰ আন এক একেধৰণৰ গোচৰৰ সৈতে সংযুক্ত কৰাৰ বাবেও আদালতত অনুৰোধ জনোৱা হৈছে। ড০ হীৰেন গোহাঁই, হৰেকৃষ্ণ ডেকা, পৰেশ চন্দ্ৰ মালাকাৰ আৰু শান্তনু বৰঠাকুৰে দাখিল কৰা এই আবেদনখনত অভিযোগ কৰা হৈছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন সময়ত বাংলাভাষী মুছলমানসকলৰ বিৰুদ্ধে বিদ্বেষমূলক মন্তব্য কৰি সমাজত বিভাজনৰ সৃষ্টি কৰিছে। বিশেষকৈ 'মিঞা' আৰু 'বাংলাদেশী' আদি শব্দৰ জৰিয়তে…
Read More
ডাউন টাউন হস্পিটালৰ মেগা হেল্থ মেলা ২০২৬ উদ্বোধন

ডাউন টাউন হস্পিটালৰ মেগা হেল্থ মেলা ২০২৬ উদ্বোধন

৩৭তম বাৰ্ষিকী উদযাপনৰ আৰম্ভণি উপলক্ষে, ডাউন টাউন হস্পিটালে দিঘালী পুখুৰীৰ ওচৰৰ লক্ষীধৰ বৰা ক্ষেত্ৰ (এনচিপি ফিল্ড)ত দুদিনীয়া বহু প্ৰত্যাশিত ডাউন টাউন হেল্থ মেলা ২০২৬ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই অনুষ্ঠানটো প্ৰাগ নিউজৰ মুখ্য সম্পাদক শ্ৰীযুত প্ৰশান্ত ৰাজগুৰুৱে উদ্বোধন কৰে। অনুষ্ঠানত পৰিচালন সঞ্চালক ডাঃ এন. এন. দত্ত, চিকিৎসা সঞ্চালক ডাঃ বি. কে. গগৈ, সঞ্চালক শ্ৰীযুত বিশ্ব দত্ত আৰু চিকিৎসা অধীক্ষক ডাঃ উদয়ন বৰুৱা উপস্থিত আছিল। সমবেত লোকসকলক সম্বোধন কৰি ডাঃ এন. এন. দত্তই সকলোৰে বাবে সুলভ আৰু মানসম্পন্ন স্বাস্থ্যসেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ডাউন টাউন হস্পিটালৰ অটল প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়,“৩৭ বছৰ ধৰি ডাউন টাউন হস্পিটালে মানদণ্ডৰ স্বাস্থ্যসেৱা প্ৰদান কৰি আহিছে।…
Read More
গৌৰৱ গগৈ আদালতলৈ গ’লে নিজেই বিপদত পৰিব; বঢ়মপুৰত বিজেপিৰ সভাত মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ

গৌৰৱ গগৈ আদালতলৈ গ’লে নিজেই বিপদত পৰিব; বঢ়মপুৰত বিজেপিৰ সভাত মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ

দেশৰ প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ প্ৰাকমূহূৰ্তত নগাঁৱৰ বঢ়মপুৰত অনুষ্ঠিত বিজেপিৰ এক সাংগঠনিক সভাত আজি অংশগ্ৰহণ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। এই অনুষ্ঠানৰ পাছতেই সংবাদ মাধ্যমৰ আগত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈক তীব্ৰ কটাক্ষ কৰি মন্ত্ৰীগৰাকীয়ে দাবী কৰে যে গগৈ আদালতলৈ গ’লে ওলোটাই নিজেই বিপদত পৰিব। ইমান দিনে আদালতৰ আশ্ৰয় ল’ম বুলি কৈও গগৈয়ে কোনো কাৰ্যব্যৱস্থা গ্ৰহণ নকৰাটোৱে তেওঁৰ দুৰ্বলতাহে প্ৰকাশ কৰিছে বুলি মন্ত্ৰী হাজৰিকাই মন্তব্য কৰে। মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক দীৰ্ঘদিন ধৰি 'পাকিস্তানী এজেন্ট' বুলি অভিহিত কৰি আহিছে। যদি এই অভিযোগ মিছা আছিল, তেন্তে গগৈয়ে বহুত আগতেই মানহানিৰ গোচৰ তৰিব লাগিছিল। "তেওঁ জানে যে আদালতলৈ গ’লে…
Read More
আজিৰ পৰা আৰম্ভ হ’ল মেট্ৰিক পৰীক্ষা

আজিৰ পৰা আৰম্ভ হ’ল মেট্ৰিক পৰীক্ষা

কাইলৈৰ পৰা আৰম্ভ হল মেট্রিক পৰীক্ষা। আজি পুৱা ৯ বজাৰ লগে লগে আৰম্ভ হয় পৰীক্ষা ২৭ ফেব্ৰুৱাৰীত সমাপ্ত হ'ব। ৰাজ্যৰ মুঠ ১০৪৬ টা পৰীক্ষা কেন্দ্রত অনুষ্ঠিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৪, ৩৮,৫৬৫ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। ইয়াৰ ভিতৰত  ১, ৯০,২৪৩  ছাত্ৰ আৰু ২,৪৮,৩২২ ছাত্ৰী অৱতীৰ্ণ হব। 
Read More
বিনায়ক দামোদৰ সাভৰকাৰক ভাৰত ৰত্ন প্ৰদানৰ দাবীত সৰৱ মোহন ভাগৱত; সমৰ্থনত থিয় দিলে কংগনা ৰানাৱটে

বিনায়ক দামোদৰ সাভৰকাৰক ভাৰত ৰত্ন প্ৰদানৰ দাবীত সৰৱ মোহন ভাগৱত; সমৰ্থনত থিয় দিলে কংগনা ৰানাৱটে

স্বতন্ত্ৰতা সংগ্ৰামী বিনায়ক দামোদৰ সাভৰকাৰক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’ প্ৰদানৰ দাবীক কেন্দ্ৰ কৰি আজি দেশৰ ৰাজনৈতিক মহলত পুনৰ এক তীব্ৰ চৰ্চাৰ সৃষ্টি হয়। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে সাভৰকাৰক এই সন্মানেৰে বিভূষিত কৰিলে পুৰস্কাৰটোৰহে মৰ্যাদা বৃদ্ধি পাব বুলি কৰা মন্তব্যক বিজেপি সাংসদ তথা অভিনেত্ৰী কংগনা ৰনৌটে মুকলি সমৰ্থন জনায়। কংগনাৰ মতে, ভাগৱতৰ এই মন্তব্য কেৱল ব্যক্তিগত অভিমত নহয়, বৰঞ্চ ই দেশৰ কোটি কোটি জনতাৰ মনৰ ইচ্ছাৰ প্ৰতিফলন। আৰ এছ এছৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি মোহন ভাগৱতে কয় যে সাভৰকাৰ ইতিমধ্যে দেশৰ জনসাধাৰণৰ হৃদয়ত এক সুকীয়া স্থান লাভ কৰিছে। তেওঁ উল্লেখ কৰে, "সাভৰকাৰৰ ব্যক্তিত্ব ইমানেই বিশাল যে তেওঁক…
Read More
দক্ষিণ কোৰিয়াত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত; ২ গৰাকী জুনিয়ৰ ৱাৰেণ্ট অফিচাৰৰ মৃত্যু

দক্ষিণ কোৰিয়াত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত; ২ গৰাকী জুনিয়ৰ ৱাৰেণ্ট অফিচাৰৰ মৃত্যু

প্ৰশিক্ষণৰ মাজতে আজি দক্ষিণ কোৰিয়াৰ গ্যংগী প্ৰদেশত সংঘটিত হয় এক ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা। দেশখনৰ সেনাৰ ১৫ সংখ্যক এভিয়েশ্যন গ্ৰুপৰ এখন 'AH-1S কোব্ৰা' হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত দুগৰাকী জুনিয়ৰ ৱাৰেণ্ট অফিচাৰৰ কৰুণ মৃত্যু ঘটে। সেনাৰ সূত্ৰই জনোৱা মতে, হেলিকপ্টাৰখন গাফেয়ং কাউণ্টিৰ এটা এটেক বেছৰ পৰা প্ৰায় ৮০০ মিটাৰ দূৰত এখন নদীৰ পাৰত ভূপতিত হয়। দুৰ্ঘটনাৰ লগে লগে গুৰুতৰভাৱে আহত বিষয়া দুগৰাকীক উদ্ধাৰ কৰি ওচৰৰে চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁলোকক মৃত ঘোষণা কৰে। হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পাছত কোনো ধৰণৰ বিস্ফোৰণ বা অগ্নিকাণ্ডৰ ঘটনা ঘটা নাছিল। সেনাৰ তৰফৰ পৰা ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে এটা জৰুৰীকালীন সঁহাৰি দল গঠন কৰা হৈছে। এই…
Read More
অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে অবিশ্বস প্ৰস্তাৱৰ প্ৰস্তুতি; উত্তাল হৈ পৰিছে সংসদীয় ৰাজনীতি

অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে অবিশ্বস প্ৰস্তাৱৰ প্ৰস্তুতি; উত্তাল হৈ পৰিছে সংসদীয় ৰাজনীতি

কেন্দ্ৰীয় চৰকাৰ আৰু বিৰোধীৰ সংঘাতৰ মাজতে লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে এতিয়া অনাৰ প্ৰস্তুতি চলিছে এক অনাস্থা প্ৰস্তাৱ। ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ বিতৰ্কৰ সময়ত অধ্যক্ষৰ ভূমিকা আৰু বিশেষকৈ ৰাহুল গান্ধীৰ ভাষণত বাধা প্ৰদান কৰাক লৈ কংগ্ৰেছসহ বিৰোধী দলসমূহ তীব্ৰ ক্ষুব্ধ হৈ পৰিছে। সূত্ৰৰ খবৰ অনুসৰি, ইণ্ডিয়া মিত্ৰজোঁটে অতি সোনকালেই অধ্যক্ষৰ বিৰুদ্ধে লোকসভাত এক আনুষ্ঠানিক অবিশ্বস প্ৰস্তাৱ উত্থাপন কৰাৰ সম্ভাৱনা আছে। বিৰোধীৰ অভিযোগ অনুসৰি, সংসদৰ মৰ্যাদা ৰক্ষাৰ নামত অধ্যক্ষই একপক্ষীয়ভাৱে কাম কৰিছে আৰু বিৰোধীৰ কণ্ঠ ৰোধ কৰিবলৈ চেষ্টা চলাইছে। শেহতীয়াকৈ সদনত হোৱা উত্তাল পৰিস্থিতিৰ বাবে কংগ্ৰেছৰ ৮ গৰাকী সাংসদক সমগ্ৰ অধিবেশনটোৰ বাবে নিলম্বন কৰা কাৰ্যই এই ক্ষোভত ঘিঁউ ঢালিছে। ইয়াৰ উপৰি,…
Read More
শ্ৰীৰামপুৰত পুলিচৰ লাঠিচালনাত আহত ৫ অধিবক্তা, ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ

শ্ৰীৰামপুৰত পুলিচৰ লাঠিচালনাত আহত ৫ অধিবক্তা, ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ

শিমলতাপু আৰক্ষী আউটপোষ্টৰ একাংশ আৰক্ষী কৰ্মীৰ বৰ্বৰ লাঠিচালনাৰ অভিযোগক কেন্দ্ৰ কৰি যোৱানিশা শ্ৰীৰামপুৰ অঞ্চলত সৃষ্টি হয় এক উত্তেজনাপূৰ্ণ পৰিৱেশৰ। বনভোজ খাই উভতি অহা গোঁসাইগাঁও বাৰ এছ’চিয়েশ্যনৰ প্ৰায় ৮০ জনীয়া অধিবক্তাৰ এটা দলৰ ওপৰত আৰক্ষীয়ে চলোৱা এই আক্ৰমণত ৫ গৰাকী অধিবক্তা আহত হোৱাৰ লগতে এগৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰে। প্ৰাপ্ত তথ্যমতে, অধিবক্তাসকলৰ বাছখন শ্ৰীৰামপুৰ গেটত আৰক্ষীয়ে ৰখোৱাৰ সময়তে এখন এম্বুলেন্সক পথ এৰি দিবলৈ কৰা অনুৰোধক কেন্দ্ৰ কৰি বিতৰ্কৰ সূত্ৰপাত হয়। তৰ্কাতৰ্কিৰ মাজতে এগৰাকী আৰক্ষী জোৱানে অধিবক্তা চকিয়াত আলীক শাৰীৰিকভাৱে অপদস্থ কৰাৰ পাছতেই পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে। একাংশ লোকে আৰক্ষীৰ পৰা…
Read More
পাকিস্তানৰ সৈতে সম্পৰ্কৰ অভিযোগক প্ৰত্যাহ্বান গৌৰৱ গগৈৰ; দাখিল কৰিলে সকলো প্ৰমাণ

পাকিস্তানৰ সৈতে সম্পৰ্কৰ অভিযোগক প্ৰত্যাহ্বান গৌৰৱ গগৈৰ; দাখিল কৰিলে সকলো প্ৰমাণ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰা পাকিস্তান সংযোগৰ দেশদ্ৰোহী অভিযোগক আজি তীব্ৰ প্ৰত্যাহ্বান জনায় প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। সোমবাৰে এখন সংবাদমেল সম্বোধন কৰি সাংসদগৰাকীয়ে স্পষ্ট কৰে যে তেওঁৰ পাকিস্তান ভ্ৰমণৰ সকলো তথ্য ২০১৪ চনতেই মোদী চৰকাৰক অৱগত কৰা হৈছিল। সাংসদ হোৱাৰ পাছত পাকিস্তানৰ মোহৰ থকা পাছপৰ্ট জমা দিয়াৰ পাছতহে কেন্দ্ৰীয় চৰকাৰে তেওঁক কূটনৈতিক পাছপৰ্ট প্ৰদান কৰিছিল বুলি উল্লেখ কৰি তেওঁ মুখ্যমন্ত্ৰীৰ অভিযোগক ভিত্তিহীন বুলি প্ৰত্যাক্ৰমণ কৰে। গগৈয়ে সদৰী কৰা মতে, ২০১২ চনত তেওঁৰ পত্নী এলিজাবেথ কলবাৰ্ণ গগৈয়ে জলবায়ু পৰিৱৰ্তনৰ এক আন্তঃৰাষ্ট্ৰীয় প্ৰকল্পত কাম কৰিবলৈ পাকিস্তানলৈ গৈছিল। সেই সময়ত এজন স্বামী হিচাপেহে তেওঁ পত্নীৰ সৈতে ১০ দিনৰ বাবে চুবুৰীয়া দেশখনলৈ…
Read More