অসম

নলবাৰীত হাতী! প্ৰথমবাৰৰ বাবে বন্যহস্তীৰ উপদ্ৰৱত আতংকিত ক্ষু্দ্ৰকটৰা, ধনতোলা, আগ্ৰাবাসী…

নলবাৰীত হাতী! প্ৰথমবাৰৰ বাবে বন্যহস্তীৰ উপদ্ৰৱত আতংকিত ক্ষু্দ্ৰকটৰা, ধনতোলা, আগ্ৰাবাসী…

৯ জনীয়া এটা হাতীৰ জাকে সন্ত্ৰাস বিয়পাইছে নলবাৰী জিলাত। কোনো অৰণ্য নথকা নলবাৰীত ভূটানৰ পাদদেশৰ পৰা নামি অহা হাতীৰ জাকটোৰ উপদ্ৰৱত এতিয়া নিদ্ৰা হৰণ হৈছে কেইবাখনো গাঁৱৰ নিৱাসীৰ। জিলাখনৰ ধনতোলা, মৈৰদঙ্গা, ক্ষুদ্ৰকটৰা, গৰেমাৰা, আগ্ৰাকে ধৰি কেইবাখনো গাঁৱত বিগত প্ৰায় দুমাহৰো অধিক সময় ধৰি হাতীৰ জাকটোৱে মুক্ত বিচৰণ কৰি প্ৰতিদিনেই চলাইছে সন্ত্ৰাস। বন্যহস্তীৰ জাকটোৱে দাঁতিকাষৰীয়া কেইবাখনো গাঁৱৰ খেতিপথাৰৰ ফচল খাই-গচকি তহিলং কৰিছে। ইফালে শুকুৰবাৰে নিশাও হাতীৰ জাকটোৱে ক্ষুদ্ৰকটৰা গাঁৱত প্ৰৱেশ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰে। গাঁওখনৰ নিৱাসী তথা স্থানীয় গাঁও পঞ্চায়তৰ সদস্য প্ৰমোদ কলিতাৰ বাসগৃহটো সম্পূৰ্ণৰূপে ভাগি পেলায় হাতীৰ জাকে। ইয়াৰ পূৰ্বে একেখন গাঁৱৰ সৰলা কলিতা আৰু কৰুণা নাথৰ পথাৰৰ পৰা দাই…
Read More
দিল্লীত স্বাক্ষৰিত আলফাৰ চৰকাৰ আৰু আলোচনাপন্থী আলফাৰ মাজৰ ত্ৰিপাক্ষিক শান্তি চুক্তি

দিল্লীত স্বাক্ষৰিত আলফাৰ চৰকাৰ আৰু আলোচনাপন্থী আলফাৰ মাজৰ ত্ৰিপাক্ষিক শান্তি চুক্তি

শুকুৰবাৰে আলফাৰ আলোচনাপন্থী গোটে কেন্দ্ৰীয় আৰু অসম চৰকাৰৰ সৈতে ত্ৰিপাক্ষিক শান্তি চুক্তি স্বাক্ষৰ কৰি হিংসা পৰিহাৰ কৰি মূলসুঁতিলৈ ঘূৰি অহাৰ বাবে সন্মতি প্ৰদান কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত স্বাক্ষৰিত এই চুক্তিখন আৰবিন্দ ৰাজখোৱা নেতৃত্বাধীন আলফাৰ আলোচনাপন্থী গোট আৰু চৰকাৰৰ মাজত ১২ বছৰ ধৰি বিনাচৰ্ত আলোচনাৰ অন্তত সম্পন্ন হোৱা বুলি বিষয়াসকলে জানিবলৈ দিয়ে। শান্তি চুক্তিৰ ফলত অসমত দশক দশক পুৰণি বিদ্ৰোহৰ অন্ত পৰিব বুলি আশা কৰা হৈছে। কিন্তু পৰেশ বৰুৱাৰ নেতৃত্বত আলফাৰ স্বাধীন গোট এই চুক্তিৰ অংশ নহয়। বৰুৱা চীন-ম্যানমাৰ সীমান্তৰ এঠাইত বাস কৰা বুলি অনুমান কৰা হৈছে। ১৯৭৯ চনত “সাৰ্বভৌম অসম”ৰ দাবীৰে আলফা গঠন…
Read More
মহানগৰীত চাঞ্চল্য! ঘৰৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ কিশোৰী, সংকটজনক পিতৃৰ অৱস্থা

মহানগৰীত চাঞ্চল্য! ঘৰৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ কিশোৰী, সংকটজনক পিতৃৰ অৱস্থা

মহানগৰীত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। বুধবাৰে সন্ধিয়া নিজ বাসগৃহত উদ্ধাৰ এগৰাকী কিশোৰীৰ মৃতদেহ। গুৱাহাটীৰ বৰগাঁও অঞ্চলত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা। ইফালে ঘৰৰ ভিতৰত সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে কিশোৰীগৰাকীৰ পিতৃ বনজিৎ দাসকো। দুৰ্বৃত্তই বাসগৃহত প্ৰৱেশ কৰি পিতৃ-কন্যাৰ ওপৰত আক্ৰমণ চলোৱাৰ সন্দেহ কৰা হৈছে। অৱশ্যে এই সন্দৰ্ভত কোনো অধিক তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে। ঘটনাৰ বিষয়ে জানিব পৰাৰ পিছতে আৰক্ষী উপস্থিত হৈ সংকটজনক অৱস্থাত লোকজনক হাস্পতালত ভৰ্তি কৰোৱায়।
Read More
লেখাপানীত পুনৰ গ্ৰেপ্তাৰ আলফা স্বাধীনৰ দুই কেডাৰ…

লেখাপানীত পুনৰ গ্ৰেপ্তাৰ আলফা স্বাধীনৰ দুই কেডাৰ…

অৰুণাচল প্ৰদেশ সীমান্তৰ সমীপৱৰ্তী তিনিচুকীয়া জিলাত নিষিদ্ধ উগ্ৰপন্থী সংগঠন ইউনাইটেড লিবাৰেশ্যন ফ্ৰণ্ট অৱ আছাম-ইণ্ডিপেণ্ডেণ্ট (আলফা-আই)ৰ দুজন কেডাৰক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ধৃত কেডাৰ দুজনক বিবেক অসম আৰু মৃগেন অসম বুলি চিনাক্ত কৰা হৈছে। অসম আৰু অৰুণাচল প্ৰদেশৰ সীমান্তৰ লেখাপানী অঞ্চলৰ পৰা বুধবাৰে দুয়োকে গ্ৰেপ্তাৰ কৰা বুলি এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জানিবলৈ দিয়ে। বিবেক অসম ওৰফে বাস্তৱ ফুকনে ২০১১ চনত আলফা স্বাধীনত যোগদান কৰিছিল। আৰক্ষীৰ মতে, তেওঁ আছিল আলফা-আইৰ এজন গুৰুত্বপূৰ্ণ সদস্য। ইয়াৰ পূৰ্বে ২২ নৱেম্বৰৰ পৰা ১৩ ডিচেম্বৰৰ ভিতৰত তিনিচুকীয়া, শিৱসাগৰ আৰু যোৰহাট জিলাত সংঘটিত হোৱা তিনিটা সৰু সৰু বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছিল আলফা-স্বাধীনে।
Read More
আৰক্ষীৰ নিৰ্যাতনৰ বাবেই আত্মহনন কৰা দিপাকংৰ গগৈৰ মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ

আৰক্ষীৰ নিৰ্যাতনৰ বাবেই আত্মহনন কৰা দিপাকংৰ গগৈৰ মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ

আৰক্ষীৰ নিৰ্যাতনৰ বাবে আত্মহত্যাৰ পথ বাছি ল’বলৈ বাধ্য হোৱা বুলি অভিযোগ উত্থাপন হোৱা দিপাংকৰ গগৈৰ মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে, যোৰহাট জিলাৰ বিৰিণাশায়েক গাঁৱৰ নিৱাসী ২৪ বৰ্ষীয় যুৱকজনক আলফাৰ গ্ৰেণেড বিস্ফোৰণৰ সৈতে জড়িত থকাৰ সন্দেহ কৰি আৰক্ষীয়ে মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল। যুৱকজনে এনে কাৰণতে আত্মহত্যা কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। যাৰ ফলস্বৰূপে অৱশেষত দিপাংকৰৰ মৃত্যুৰ তদন্ত ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। বুধবাৰে এক্সত শৰ্মাই লিখিছে, ‘অসম চৰকাৰে ২৬/১২ তাৰিখে তিতাবৰৰ গাৰিকুৰি বিৰিণাশায়েক গাওঁৰ খগেন গগৈৰ পুত্র দিপাংকৰ গগৈৰ মৃত্যুৰ সন্দর্ভত অতিৰিক্ত মুখ্য সচিব পর্যায়ৰ তদন্ত আৰম্ভ…
Read More
সামাজিক মাধ্যমত আলফা-স্বাধীনৰ সমৰ্থনত পোষ্ট, বৰপেটাত গ্ৰেপ্তাৰ যুৱক

সামাজিক মাধ্যমত আলফা-স্বাধীনৰ সমৰ্থনত পোষ্ট, বৰপেটাত গ্ৰেপ্তাৰ যুৱক

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত হোৱা আলোচনা আৰু শান্তি চুক্তি স্বাক্ষৰক লৈ আশাৰ ৰেঙণিৰ মাজতে মঙলবাৰে বৰপেটাত আলফা স্বাধীনৰ সমৰ্থনত সামাজিক মাধ্যমত পোষ্ট কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় এজন যুৱকক। সূত্ৰ অনুসৰি ধৃত মহিদুল ইছলামে ফেচবুক পোষ্টত ‘আলফা-স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱা জিন্দাবাদ’ বুলি মন্তব্য কৰিছিল। U/S-10(B)/39(2) UA(P) Act ৰ অধীনত গোচৰ ৰুজু কৰি বৰপেটা আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। কেন্দ্ৰীয় চৰকাৰ আৰু আলফাৰ মাজৰ শান্তি চুক্তিৰ পিছত সংঘটিত এনে গ্ৰেপ্তাৰৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
Read More
আলফা-স্বাধীনৰ জ্যেষ্ঠ কেডাৰৰ বাসগৃহত আৰক্ষীৰ গুলীচালনাৰ অভিযোগ…

আলফা-স্বাধীনৰ জ্যেষ্ঠ কেডাৰৰ বাসগৃহত আৰক্ষীৰ গুলীচালনাৰ অভিযোগ…

বুধবাৰে তিনিচুকীয়া জিলাৰ শদিয়াত নিষিদ্ধ উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ এজন জ্যেষ্ঠ কেডাৰৰ বাসগৃহত আৰক্ষীয়ে গুলীচালনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। আলফা স্বাধীনৰ জ্যেষ্ঠ কেডাৰ আইচেং অসমৰ এজন আত্মীয়ই দাবী কৰা মতে, শদিয়া আৰক্ষীৰ এটা দলে তেওঁৰ বাসগৃহলৈ আহি তেওঁৰ গাড়ী চুচূৰ্মৈ কৰি গুলীচালনা কৰে। আলফাৰ কেডাৰ আইচেং অসমৰ বিষয়ে সোধা-পোছা কৰি এইদৰে আৰক্ষীয়ে গুলীচালনা সংঘটিত কৰি আতংকৰ পৰিৱেশৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰে আত্মীয়ই। অৱশ্যে স্থানীয় আৰক্ষীয়ে এই অভিযোগ অস্বীকাৰ কৰিছে।
Read More
আলফাৰ নামত এনকাউণ্টাৰক লৈ বিতৰ্কঃ DGPয়ে ক’লে- প্ৰমাণ আদালতত দাখিল কৰা হ’ব…

আলফাৰ নামত এনকাউণ্টাৰক লৈ বিতৰ্কঃ DGPয়ে ক’লে- প্ৰমাণ আদালতত দাখিল কৰা হ’ব…

শেহতীয়াকৈ অসমৰ কথিত আলফা-স্বাধীন কেডাৰক লক্ষ্য কৰি সংঘটিত হোৱা এনকাউণ্টাৰৰ বিষয়টো ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া। শদিয়া আৰু বাইহাটা চাৰিআলিত আৰক্ষীৰ দ্বাৰা সংঘটিত এই এনকাউণ্টাৰ ভুৱা বুলি একাংশই সৰৱ হৈ পৰা দেখা গৈছে। বিতৰ্ক আৰু নিষিদ্ধ আলফা-স্বাধীনে আৰক্ষীৰ পৰা এনকাউণ্টাৰৰ সৈতে সম্পৰ্ক স্থাপন কৰি প্ৰমাণ বিচৰাৰ মাজতে ডিজিপি জিপি সিঙে কয় যে দুয়োটা এনকাউণ্টাৰ সন্দৰ্ভত প্ৰমাণ আদালতৰ সন্মুখত দাখিল কৰা হ’ব। উল্লেখযোগ্য যে যোৱা ২৪ ডিচেম্বৰত তিনিচুকীয়া জিলাত নিষিদ্ধ সংগঠনত যোগদান কৰাৰ পৰিকল্পনা কৰাৰ অভিযোগত তিনিজন যুৱক আৰক্ষীৰ গুলীচালনাত আহত হৈছিল। ইফালে, যোৱা ২৪ ডিচেম্বৰত কামৰূপ গ্ৰাম্য জিলাত আলফা-স্বাধীনৰ সদস্য বুলি সন্দেহযুক্ত প্ৰাঞ্জল দাস নামৰ এজন যুৱকক আৰক্ষীয়ে গুলীয়াই আহত কৰে।…
Read More
আৰক্ষী মহাপৰিদৰ্শক পদলৈ পদোন্নতি IPS সংযুক্তা পৰাশৰৰ

আৰক্ষী মহাপৰিদৰ্শক পদলৈ পদোন্নতি IPS সংযুক্তা পৰাশৰৰ

বৰ্তমান নতুন দিল্লীৰ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এন আই এ)ত উপ-মহাপৰিদৰ্শক হিচাপে কৰ্মৰত অসম কন্যা আই পি এছ বিষয়া সংযুক্তা পৰাশৰে আৰক্ষী মহাপৰিদৰ্শক পদবীলৈ পদোন্নতি লাভ কৰিছে। এক অধিসূচনাৰ জৰিয়তে আই পি এছ বিষয়াগৰাকাৰী জনসেৱাৰ প্ৰতি থকা দায়বদ্ধতাক স্বীকৃতি স্বৰূপে প্ৰদান কৰা এই পদোন্নতিৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়।
Read More
আলফা-স্বাধীনৰ নামত সংঘটিত এনকাউণ্টাৰক ভুৱা আখ্যা বিধায়ক অখিল গগৈৰ, ক’লে…

আলফা-স্বাধীনৰ নামত সংঘটিত এনকাউণ্টাৰক ভুৱা আখ্যা বিধায়ক অখিল গগৈৰ, ক’লে…

শেহতীয়াকৈ অসম আৰক্ষীয়ে সংঘটিত কৰা আলফা স্বাধীনৰ সংগঠনৰ সৈতে জড়িত এনকাউণ্টাৰক ভুৱা আখ্যা ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ। আজি সংবাদ মাধ্যমক সম্বোধন কৰি গগৈয়ে এই এনকাউণ্টাৰবোৰক ভুৱা আখ্যা দি কয় যে শদিয়াত তিনিজন যুৱকক গুলীয়াই হত্যা কৰা এনকাউণ্টাৰটো প্ৰকৃততে এটা ভুৱা এনকাউণ্টাৰ। গগৈয়ে কয়, "এই সকলোবোৰ এনকাউণ্টাৰৰ ঘটনা সন্দেহজনক আৰু এই সকলোবোৰ ভুৱা এনকাউণ্টাৰ। বিশ্বৱন্ত বৰগোহাঁই, মনোজ বৰগোহাঁই, দীপজ্যোতি নেওগক ভুৱা এনকাউণ্টাৰত হত্যা কৰা হ’ল। আৰক্ষীয়ে নানা ধৰণৰ কথা ক'ব পাৰে, কিন্তু তেওঁলোক এ এছ ই বিৰ ঠিকাভিত্তিক কৰ্মী আছিল, যিয়ে চাকৰি হেৰুৱাইছিল। খবৰ অনুসৰি তেওঁলোক সুৰাপান কৰি নিজৰ ঘৰলৈ ফোন কৰি কৈছিল যে তেওঁলোকে আলফাত…
Read More