অসম

হাতী ছাফাৰীৰ টিকট নিদিয়াৰ বাবেই ৪ ঘণ্টা ধৰি থানাত আটক কৰি ৰাখিলে বন বিষয়াক, গোলাঘাটৰ SPৰ বিৰুদ্ধে অভিযোগ

হাতী ছাফাৰীৰ টিকট নিদিয়াৰ বাবেই ৪ ঘণ্টা ধৰি থানাত আটক কৰি ৰাখিলে বন বিষয়াক, গোলাঘাটৰ SPৰ বিৰুদ্ধে অভিযোগ

গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ বিৰুদ্ধে উত্থাপন হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ব্যক্তিগত স্বাৰ্থত নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ। খবৰ অনুসৰি গোলাঘাটৰ আৰক্ষী অধীক্ষকগৰাকীয়ে হাতী ছাফাৰী যাত্ৰাৰ বাবে পৰিয়ালৰ সদস্যৰ বাবে পাঁচখন টিকট দাবী কৰিছিল যদিও টিকট উপলব্ধ নোহোৱাৰ বাবে বন বিষয়াজনে টিকট যোগান ধৰাত ব্যৰ্থ হোৱাৰ বাবে বন বিষয়াগৰাকীক ক্ষমতাৰ অপপ্ৰয়োগ কৰি থানাত আটক কৰি ৰাখে ৰাজেন সিঙে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত তৰুণ গগৈ নামৰ বন বিষয়াগৰাকীয়ে কয়, "কঁহৰাৰ ভাৰপ্ৰাপ্ত বিষয়াই নিশা প্ৰায় ১১ বজাত মোক ফোন কৰিছিল আৰু হাতী ছাফাৰীৰ টিকট দিয়া সম্ভৱ নহয় বুলি আৰক্ষী অধীক্ষকক জনাবলৈ কৈছিল। মই আৰক্ষী অধীক্ষকক ফোন কৰি সেই কথা অৱগত…
Read More
কেবিনেটৰ সিদ্ধান্তঃ অসমৰ খিলঞ্জীয়া ভূমিহীন পৰিয়ালক ভূমি প্ৰদান কৰিব অসম চৰকাৰে

কেবিনেটৰ সিদ্ধান্তঃ অসমৰ খিলঞ্জীয়া ভূমিহীন পৰিয়ালক ভূমি প্ৰদান কৰিব অসম চৰকাৰে

ৰাজ্যিক কেবিনেট বৈঠকৰ অন্তত অসম চৰকাৰে ঘোষণা কৰিছে যে মুখ্যমন্ত্ৰী আৱাস যোজনা আঁচনিৰ অধীনত প্ৰায় ১.৩ লাখ ঘৰ নিৰ্মাণ কৰা হ’ব। কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ সুবিধা নোপোৱা ব্যক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পৰিপূৰক হিচাপে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। বৃহস্পতিবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰাজ্যৰ কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰে। তদুপৰি, চহৰ আৰু গ্ৰাম্য উভয় অঞ্চল সামৰি ১৩খন জিলাত ভূমিহীন প্ৰায় ১৫৪০টা খিলঞ্জীয়া পৰিয়ালে ভূমি বসতিৰ সুবিধা লাভ কৰিব। এই পদক্ষেপ ৰাজ্য চৰকাৰৰ পদক্ষেপ মিছন বসুন্ধৰা ২.০ৰ অংশ, যাৰ লক্ষ্য হৈছে ভূমিহীন খিলঞ্জীয়া পৰিয়ালসমূহৰ বাবে ভূমি বসতিৰ সুবিধা প্ৰদান কৰা। ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, শোণিতপুৰ, লখিমপুৰ, ধেমাজি,…
Read More
যোৰহাট বিস্ফোৰণ কাণ্ডঃ আলফা স্বাধীনৰ সন্দেহযুক্ত লিংকমেনক গ্ৰেপ্তাৰ আৰক্ষীৰ

যোৰহাট বিস্ফোৰণ কাণ্ডঃ আলফা স্বাধীনৰ সন্দেহযুক্ত লিংকমেনক গ্ৰেপ্তাৰ আৰক্ষীৰ

যোৰহাট জিলাত সংঘটিত গ্ৰেনেড বিস্ফোৰণৰ সৈতে জড়িত নিষিদ্ধ সংগঠন আলফা স্বাধীনৰ এজন সন্দেহযুক্ত লিংকমেনক বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা হৈছে। প্ৰাৰম্ভিক তথ্য অনুসৰি লিচুবাৰী সেনা শিবিৰত সংঘটিত গ্ৰেনেড বিস্ফোৰণৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জুমন বৰা নামৰ সন্দেহযুক্ত লিংকমেনজনক। সন্দেহযুক্ত লিংকমেনজনৰ ছ’চিয়েল মিডিয়া হেণ্ডেল পৰীক্ষা কৰাৰ পিছত অসম আৰক্ষীৰ বিৰুদ্ধে কৰা কেইবাটাও পোষ্ট ধৰা পেলায়। ইয়াৰ পূৰ্বেও তেওঁক তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বুলিও চৰ্চালৈ আহিছে।
Read More
উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ ডিটিঅ’ আৰু বলবৎকাৰী পৰীক্ষক

উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ ডিটিঅ’ আৰু বলবৎকাৰী পৰীক্ষক

কৰিমগঞ্জৰ জিলা পৰিবহণ বিষয়া (ভাৰপ্ৰাপ্ত) আৰু বলবৎকাৰী পৰীক্ষকক বুধবাৰে সন্ধিয়া সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ এটা দলে উৎকোচ লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰে। বুধবাৰে অভিযোগকাৰীৰ বাহনখন মুক্তভাৱে চলাচল কৰাৰ অনুমতি দিয়াৰ বাবে ডিটিঅ’ চাহাব উদ্দিন তপাদাৰৰ সৈতে ষড়যন্ত্ৰ কৰি উৎকোচ গ্ৰহণ কৰাৰ পিছত বলবৎকাৰী পৰীক্ষক আবু ছালেহ এম ডি জাকাৰিয়াক হাতে-লোটে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই। পিছত তপাদাৰকো এই উৎকোচ কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়। ইফালে কৰিমগঞ্জ আৰু গুৱাহাটীত আটকাধীন দুয়োগৰাকী বিষয়াৰ ঘৰত তালাচী চলোৱা হয়। কৰিমগঞ্জৰ ডিটিঅ’ৰ কাৰ্যালয়ৰ বিৰুদ্ধে ধাৰাবাহিক অভিযোগ উত্থাপন হোৱাৰ পিছতে শীৰ্ষ বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পিছতে ৰাইজে সকাহ ব্যক্ত কৰিছে। জানিব পৰা মতে কৰিমগঞ্জ…
Read More
মাজনিশা ভয়ংকৰ পথ দুৰ্ঘটনা, আহত ৫ যুৱক

মাজনিশা ভয়ংকৰ পথ দুৰ্ঘটনা, আহত ৫ যুৱক

শিলচৰত নিশা সংঘটিত এক ভয়াবহ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ৫ জন যুৱক। আহত আটাইকেইজন যুৱকক চিকিৎসাধীন হৈ থকাৰ সময়তে দুজনক সংকটজনক বুলি জানিব পৰা গৈছে। আৰক্ষী সূত্ৰই জনোৱা মতে, উধৰবন্ধৰ পৰা শিলচৰলৈ গৈ থকা আটাইকেইখন গাড়ীয়ে ৰোড ডিভাইডাৰত খুন্দা মাৰে। ঘটনাৰ পিছতে আৰক্ষীৰ দল উপস্থিত হৈ আহত সকলক উদ্ধাৰ কৰি প্ৰেৰণ কৰে হাস্পতাললৈ। তীব্ৰ গতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।
Read More
শিৱসাগৰ গ্ৰেণেড বিস্ফোৰণৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ ৪ জনক…

শিৱসাগৰ গ্ৰেণেড বিস্ফোৰণৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ ৪ জনক…

শেহতীয়াকৈ শিৱসাগৰত সেনা শিৱিৰৰ প্ৰৱেশ দ্বাৰত সংঘটিত গ্ৰেণেড বিস্ফোৰণৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৪ জন লোকক। খবৰ অনুসৰি, জয়সাগৰৰ এই গ্ৰেণেড বিস্ফোৰণৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা কেইজনক ৰাহুল মোহন, দিব্যজ্যোতি চেতিয়া, মিণ্টু চেতিয়া আৰু ৰিণ্টু নাথ বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে সদৰী কৰা মতে, নিষিদ্ধ সংগঠন আলফা স্বাধীনৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছিল এই অভিযুক্ত কেইজনে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে।
Read More
মৰ্মান্তিক! দুমাহ পূৰ্বে সম্পন্ন হৈছিল বিয়া, হিমাচলত কৰ্তব্যৰত অৱস্থাত আত্মঘাতী হ’ল অসমৰ SSB জোৱান ধনজিৎ

মৰ্মান্তিক! দুমাহ পূৰ্বে সম্পন্ন হৈছিল বিয়া, হিমাচলত কৰ্তব্যৰত অৱস্থাত আত্মঘাতী হ’ল অসমৰ SSB জোৱান ধনজিৎ

দেওবাৰে বিয়লি হিমাচল প্ৰদেশত কৰ্তব্যৰত অৱস্থাত অসমৰ এজন সশস্ত্ৰ সীমা বল (এছএছবি) জোৱানে নিজৰ চাৰ্ভিচ ৰাইফলেৰে গুলীয়াই আত্মহত্যা কৰাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। প্ৰাথমিক তথ্য অনুসৰি ধনজিৎ দাস নামৰ মৃত জোৱানজন আছিল বজালীৰ বৰবাং কুমাৰপাৰাৰ বাসিন্দা। হিমাচল প্ৰদেশৰ জ্বলামুখী থানাৰ অধীনস্থ এছ এছ বি ছাপৰিৰ মূল গেটত কৰ্তব্যৰত আছিল ধনজিৎ। নিজৰ ওপৰত গুলীচালনা কৰাৰ পিছত জোৱানজনক লগে লগে হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে টিএমচিলৈ প্ৰেৰণ কৰাৰ সময়তে আধা বাটত মৃত্যু ঘটে জোৱানজনৰ। ইফালে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ বিষয়টোৰ তদন্ত আৰম্ভ কৰে। চৰ্চালৈ আহিছে যে ধনজিতে প্ৰায় দুমাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল আৰু ঘটনা সংঘটিত হোৱাৰ কেইদিনমান…
Read More
হিচাববিহীন সম্পত্তিৰ অভিযোগ! PWDৰ অৱসৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তাৰ বাসগৃহত অভিযান CM ভিজিলেন্সৰ

হিচাববিহীন সম্পত্তিৰ অভিযোগ! PWDৰ অৱসৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তাৰ বাসগৃহত অভিযান CM ভিজিলেন্সৰ

শুকুৰবাৰে গুৱাহাটীৰ এজন অৱসৰপ্ৰাপ্ত অভিযন্তাৰ বাসগৃহত অভিযান চলাই চি এম ভিজিলেন্সৰ এটা দলে। অৱসৰপ্ৰাপ্ত অভিযন্তাগৰাকীৰ নাম ছমীদ আলী বুলি জানিব পৰা গৈছে। পি ডব্লিউ ডি বিভাগৰ কাৰ্যবাহী অভিযন্তা আছিল আলী। কৰিমগঞ্জত দীৰ্ঘদিনীয়া সেৱাৰ অন্তত ২০২২ চনত অৱসৰ গ্ৰহণ কৰিছিল আলীয়ে। সূত্ৰ অনুসৰি ছমদৰ বিৰুদ্ধে অবৈধভাৱে কেইবাটাও সম্পত্তিৰ মালিক হোৱাৰ অভিযোগ উত্থাপন হৈছে। উল্লেখ কৰিব পাৰি যে মুখ্যমন্ত্ৰী ভিজিলেন্সৰ দলে এজন বিধায়কৰ অভিযোগৰ ভিত্তিত অৱসৰপ্ৰাপ্ত অভিযন্তা ছমীদ আলীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল, তাৰ পিছত ছমীদৰ বিৰুদ্ধে ৯/২০২৩ৰ গোচৰৰ ভিত্তিত অভিযান চলায়। গুৱাহাটীৰ লালমাটি অঞ্চলত ছমীদৰ বাসগৃহত অভিযান চলাই দলটোৱে কেইবাখনো বেংকৰ পাছবুক জব্দ কৰাৰ লগতে কেইবাটাও ভূমিৰ নথি-পত্ৰ উদ্ধাৰ কৰে। লাভ…
Read More
ৰাজ্যত পুনৰ সেনা শিৱিৰৰ সন্মুখত বিস্ফোৰণ! আলফা স্বাধীনৰ দায়িত্ব স্বীকাৰ

ৰাজ্যত পুনৰ সেনা শিৱিৰৰ সন্মুখত বিস্ফোৰণ! আলফা স্বাধীনৰ দায়িত্ব স্বীকাৰ

ৰাজ্যৰ সেনা শিবিৰৰ প্ৰৱেশদ্বাৰত সংঘটিত হ’ল আন এক বিস্ফোৰণ। তিনিচুকীয়াৰ পিছত এইবাৰ যোৰহাটত তিনি সপ্তাহৰ ব্যৱধানত সেনা শিৱিৰৰ বাহিৰত এই বিস্ফোৰণ সংঘটিত হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি শুকুৰবাৰে পুৱা যোৰহাট সেনা শিবিৰৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত এক বিস্ফোৰণ সংঘটিত হয়। অৱশ্যে বিস্ফোৰণৰ তীব্ৰতা বেছি নাছিল। কোনো লোকৰ প্ৰাণহানি বা ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে। শুকুৰবাৰে নিষিদ্ধ ঘোষিত সংগঠন পৰেশ বৰুৱাপন্থী আলফাই এক বিবৃতি প্ৰকাশ কৰি বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰে। প্ৰসংগক্ৰমে আলফাৰ মূল গোটে শান্তি চুক্তি স্বাক্ষৰ কৰিলেও পৰেশ বৰুৱা নেতৃত্বাধীন আলফা(I) গোটে এতিয়াও পৃথকে পৃথকে ভেঙুচালিৰ কাৰ্য সংঘটিত কৰি আছে। চোৰাংচোৱা সূত্ৰৰ মতে চীনৰ সহযোগত ম্যানমাৰৰ গোপন ডেৰাৰ পৰা পৰেশ…
Read More
গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পলায়ন হত্যাৰ গোচৰত দোষী সাব্যস্ত কয়দী…

গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পলায়ন হত্যাৰ গোচৰত দোষী সাব্যস্ত কয়দী…

এক চাঞ্চল্যকৰ ঘটনাত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ এজন কয়দীক এমাহৰ পেৰ’ল দিয়াৰ পাছত নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। সূত্ৰ অনুসৰি বকোৰ এখন থানাত ৰুজু হোৱা হত্যাকাণ্ডৰ গোচৰৰ বাবে প্ৰায় ১২ বছৰ ধৰি কাৰাবন্দী হৈ থকা মনদীপ ৰাভা নামৰ কয়দীজনক অস্থায়ীভাৱে মুকলি কৰি দিয়াৰ অনুমতি প্ৰদান কৰা হৈছিল। অৱশ্যে পেৰ’লৰ সময়সীমা উকলি যোৱাৰ পাছতো তেওঁ ঘূৰি অহা নাই৷ ঘূৰি অহাৰ সময়সীমা পূৰণ নকৰাৰ বাবে কৰ্তৃপক্ষই সন্দেহ কৰিছে যে তেওঁ হয়তো পলায়নৰ চেষ্টা কৰিছে। ইফালে, আৰক্ষীয়ে এতিয়া পলায়ন কৰা দোষীজনক গ্ৰেপ্তাৰ কৰাৰ প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে।
Read More