28
Apr
ৰিয়েল মাদ্রিদৰ তাৰকা ফৰৱাৰ্ড কাইলিয়ান এমবাপে ২০২৫-২৬ লা লিগা ছিজনৰ অন্তিম পাঁচখন মেচৰ পৰা বাহিৰ হ’ব পাৰে। শুকুৰবাৰে নিশা ৰিয়েল বেটিছৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ’ হোৱাৰ সময়ত তেওঁৰ পেশীত আঘাত পোৱা বুলি নিশ্চিত কৰিছে ক্লাবটোৱে। খেলখন শেষ হোৱাৰ ১০ মিনিট পূৰ্বে এমবাপে খেলপথাৰৰ পৰা ওলাই আহিবলগীয়া হয় আৰু ৰিয়েল মাদ্রিদে ১-০ গ’লত আগবাঢ়ি থাকে৷ অৱশ্যে অৱশেষত হেক্টৰ বেলেৰিনে সমতা স্থাপন কৰি এই ছিজনত মাদ্ৰিদৰ খিতাপ জয়ৰ আশাত ডাঙৰ আঘাত হানে। ৰিয়েল মাদ্রিদৰ ৱেবছাইটত কোৱা হৈছে যে কাইলিয়ান এমবাপেৰ ওপৰত কৰা পৰীক্ষাৰ পিছত তেওঁৰ বাওঁ ভৰিত আঘাত নিশ্চিত হৈছে। ৰিয়েল মাদ্রিদে এমবাপেৰ প্রত্যাৱর্তনৰ কোনো দিন প্রকাশ কৰা নাই৷ ক্লাবটোৱে মাথোঁ উল্লেখ…
