03
Jun
ফেশ্বনৰ প্ৰতিযোগিতাত হয়তো নাওমি ওছাকা আগবাঢ়ি আছিল, কিন্তু টেনিছ খেলৰ ক্ষেত্ৰত শীৰ্ষ স্থানপ্ৰাপ্ত আৰিনা ছাবালেংকাই শেষ হাঁহি মাৰিলে।সোমবাৰে ছাবালেংকাই ওছাকাক ৭-৫, ৬-৩ ব্যৱধানত পৰাস্ত কৰি ফ্ৰেন্স অপেনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ইয়াৰ সৈতে তেওঁ এই ক্লে-ক’ৰ্ট (মাটিৰ ক’ৰ্ট) গ্ৰেণ্ড শ্লেম খিতাপটো জয় কৰাৰ দিশে খোজ আগবঢ়াইছে, য’ত যোৱা বছৰৰ ফাইনেলত তেওঁ ক’ক’ গফৰ হাতত পৰাজিত হৈছিল।যোৱা তিনি বছৰৰ ভিতৰত ৰোলেণ্ড গেৰ’ছত (ফ্ৰেন্স অপেন) এয়া আছিল প্ৰথমখন মহিলাৰ নাইট মেচ (ৰাতিৰ খেল)। ওছাকাই ক’ৰ্টত প্ৰৱেশ কৰোঁতে তেওঁৰ সোণালী ৰঙৰ জিলিকি থকা খেলৰ পোছাকযোৰৰ ওপৰত এটা সোনালী বমহাৰ জেকেট আৰু লগত এখন দীঘল কাপোৰ (ট্ৰেইন) পিন্ধিছিল।আনহাতে, ছাবালেংকাই তুলনামূলকভাৱে এটা সাধাৰণ টেনিছ পোছাক…
