29
Jan
দেশৰ দ্বিতীয় স্তৰৰ ফুটবল প্ৰতিযোগিতা আই লীগৰ পুনৰ্গঠন আৰু পৰৱৰ্তী ছিজনৰ পৰা ইণ্ডিয়ান ফুটবল লীগ (আই এফ এল) নামেৰে পৰিচিত হ’ব। ২১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব নতুন ছিজন আৰু ক্লাবসমূহে সংখ্যাগৰিষ্ঠ শ্বেয়াৰহোল্ডাৰৰ ভূমিকা পালন কৰিব। বুধবাৰে ক্লাবৰ প্ৰতিনিধি আৰু অল ইণ্ডিয়া ফুটবল ফেডাৰেচনৰ বিষয়াসকলৰ বৈঠকত আই লীগৰ নাম সলনি কৰাৰ সিদ্ধান্ত লোৱা হৈছে, আৰু এখন সংবাদমেলত এই সিদ্ধান্ত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। অৱশ্যে এই সিদ্ধান্ত এতিয়াও এআইএফএফৰ কাৰ্যনিৰ্বাহক সমিতিৰ অনুমোদন বাকী আছে, যিটো কেৱল আনুষ্ঠানিকতা বুলি গণ্য কৰা হয়। শ্বিলং লাজংৰ স্বত্বাধিকাৰী লাৰ্ছিং মিঙে সংবাদমেলত কয় যে বৈঠকত আমি আই লীগৰ পুনৰ্গঠন কৰি ইয়াৰ নাম সলনি কৰি ইণ্ডিয়ান ফুটবল লীগ…
