17
Jan
আগন্তুক বিধানসভা নিৰ্বাচনত গেৰুৱা দলক পৰাস্ত কৰাৰ লক্ষ্যৰে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ সভাপতিত্বত তেওঁৰ দিল্লীস্থ চৰকাৰী বাসভৱনত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকত বিৰোধী দলনেতা ৰাহুল গান্ধীকে ধৰি দলৰ সাংগঠনিক দায়িত্বত থকা সাধাৰণ সম্পাদক কে চি বেনুগোপাল আৰু অসমৰ তত্ত্ববধায়ক জীতেন্দ্ৰ সিঙেও অংশগ্ৰহণ কৰে। ৰাজ্যখনৰ শেহতীয়া ৰাজনৈতিক প্ৰেক্ষাপট আৰু দলীয় শক্তি বৃদ্ধিৰ ওপৰত আলোকপাত কৰাই আছিল এই উচ্চস্তৰীয় আলোচনাৰ মূল উদ্দেশ্য সদ্য নিয়োজিত নিৰ্বাচনী পৰ্যবেক্ষক ডি কে শিৱকুমাৰ, ভূপেশ বাঘেল আৰু বন্ধু তীৰ্কিয়ে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ পৰা নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লয়। বৈঠকত প্ৰদেশ কংগ্ৰেছ সভাপতি গৌৰৱ গগৈ, বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়া আৰু সাংসদ ৰকিবুল হুছেইনো উপস্থিত থাকে। পাছত…
