04
Oct
দিল্লীৰ ৰাউছ এভিনিউ আদালতে ৰাষ্ট্ৰীয় জনতা দলৰ মুৰব্বী লালু যাদৱ, তেওঁৰ পত্নী ৰাবৰি দেৱী, বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱ আদিক জামিন মঞ্জুৰ কৰে। ৫০ হাজাৰ টকাৰ ব্যক্তিগত বণ্ডত অভিযুক্তক সকাহ প্ৰদান কৰি আদালতে বিষয়টো ১৬ অক্টোবৰত পৰৱৰ্তী শুনানিৰ বাবে নিৰ্ধাৰণ কৰে। ইফালে আদালতে চিবিআইক এই বিষয়ত সকলো অভিযুক্তক চাৰ্জশ্বীটৰ কপি প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে। ইয়াৰ পূৰ্বে পত্নী ৰাবৰি দেৱী আৰু বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ সৈতে আৰজেডিৰ মুৰব্বীগৰাকীয়ে দিল্লীৰ ৰাউছ এভিনিউ আদালতত উপস্থিত হয়। বিশেষ ন্যায়াধীশ গীতাঞ্জলি গোৱেলৰ আদালতৰ চমনত হাজিৰ হয় লালু যাদৱ, তেজস্বী যাদৱ আৰু ৰাবৰি দেৱী। যোৱা ২২ ছেপ্টেম্বৰত দিল্লীৰ আদালতে বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱ, প্ৰাক্তন কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী…
