সুপৰিত ৱেব নিউজ পৰ্টেল নিউজ ক্লিকে চীন সমৰ্থক অপপ্ৰচাৰৰ বাবে ধন লাভ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা নিউজক্লিকৰ প্ৰতিষ্ঠাপক প্ৰবীৰ পুৰকায়স্থ আৰু এইচ আৰ মুৰব্বী অমিত চক্ৰৱৰ্তীক সন্ত্ৰাসবাদ বিৰোধী আইন ইউএপিএৰ অধীনত দাখিল কৰা গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে বুলি বুধবাৰে (৪ অক্টোবৰ) বিষয়াসকলে জনায়।

মঙলবাৰে আৰক্ষীয়ে ৩০ টাতকৈও অধিক স্থানত অভিযান চলোৱাৰ লগতে গোচৰৰ সৈতে জড়িত কেইবাজনো সাংবাদিকক জেৰা কৰাৰ লগতে পুৰকায়স্থ আৰু চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰে।

এজন জ্যেষ্ঠ বিষয়াই জনোৱা মতে, দুয়োকে আদালতত হাজিৰ কৰা হয় আৰু আদালতে তেওঁলোকক আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰে।

মঙলবাৰে দিল্লীত নিউজক্লিকৰ কাৰ্যালয় ছীল কৰে আৰক্ষীয়ে। ইয়াৰ পূৰ্বে বিষয়াসকলে কয় যে ৪৬ জন “সন্দেহজনক”ক সোধা-পোছা কৰা হৈছিল আৰু লেপটপ আৰু মোবাইল ফোনকে ধৰি ডিজিটেল ডিভাইচ আৰু নথি-পত্ৰ পৰীক্ষাৰ বাবে লৈ যোৱা হৈছিল।

পুৱাৰে পৰা আৰম্ভ হোৱা অনুসন্ধান দিল্লী-এনচিআৰত কেন্দ্ৰীভূত হৈ আছিল।

সোধা-পোছা কৰাসকলৰ ভিতৰত সাংবাদিক উৰ্মিলেশ, অনিন্দ্য চক্ৰৱৰ্তী, অভিষাৰ শৰ্মা, পৰঞ্জয় গুহা ঠাকুৰতাৰ লগতে বুৰঞ্জীবিদ সোহেল হাছমী, ব্যংগকাৰ সঞ্জয় ৰাজৌৰা আৰু চেণ্টাৰ ফৰ টেকন’লজি এণ্ড ডেভেলপমেণ্টৰ ডি ৰঘুনন্দন।

ছয় ঘণ্টাৰো অধিক সময় সোধা-পোছা কৰাৰ পিছত তেওঁলোকক যাবলৈ দিয়া হ’ল।