09
Oct
উত্তৰ প্ৰদেশৰ কানপুৰত সংঘটিত এক ঘটনাই এতিয়া লাভ কৰিছে তীব্ৰ চৰ্চা। আয়কৰ বিষয়াৰ ভেশ লৈ আৰক্ষী কনিষ্টবলৰ সৈতে বিয়াত বহিল এগৰাকী যুৱতী। ঘটনা পোহৰলৈ অহাৰ পিছতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। জানিব পৰা মতে, আচলতে যুৱতীগৰাকীয়ে ফেচবুকৰ জৰিয়তে কনিষ্টবল জিতেন্দ্ৰ গৌতমৰ লগত বন্ধুত্ব কৰিছিল। যুৱতীগৰাকীয়ে আয়কৰ পৰিদৰ্শকৰ অভিনয় কৰি তেওঁৰ সৈতে প্ৰেম বিবাহ কৰে পৰৱৰ্তী সময়ত। তেওঁৰ গোপন কথা পোহৰলৈ অহাত তেওঁ আনকি কনিষ্টবলজনক ভুৱা গোচৰত জড়িত কৰি জেললৈ পঠিয়াব বুলিও ভাবুকি প্ৰদান কৰে। কনিষ্টবল জিতেন্দ্ৰই যেতিয়া আন কোনো বিকল্প বুজিব নোৱাৰিলে, তেতিয়া তেওঁ নিজৰ জ্যেষ্ঠ বিষয়াসকলৰ আগত সমগ্ৰ বিষয়টো বৰ্ণনা কৰি মহিলাগৰাকীৰ বিৰুদ্ধে সাক্ষ্য প্ৰদান কৰে। ইয়াৰ পিছত আৰক্ষী আয়ুক্তই মহিলাগৰাকীৰ…
