30
Sep
উত্তৰ প্ৰদেশৰ উন্নাওত প্ৰাচীন শিৱ মন্দিৰত প্ৰৱেশ কৰি ভক্তসকলক আক্ৰমণ কৰে এজন মুছলমান যুৱকে। মন্দিৰৰ ভিতৰত স্থাপন কৰা চিচিটিভি কেমেৰাত ধৰা পৰে এই ঘটনা। এই ঘটনাৰ ভিডিঅ’ চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে যে এজন লোকে হাতত লাঠি লৈ মন্দিৰলৈ অহা ভক্তক আক্ৰমণ কৰিছে। এই ঘটনাত কেইবাজনো ভক্ত আহত হয়। শুকুৰবাৰে (২৯ ছেপ্টেম্বৰ) সংঘটিত হয় এই ঘটনা। খবৰ অনুসৰি মন্দিৰৰ ভিতৰত বহি থকা লোকজনে দিনৰ পোহৰত ভক্তসকলক আক্ৰমণ কৰে। বঙাৰমৌ থানা এলেকাৰ অন্তৰ্গত বোধেশ্বৰ মন্দিৰৰ ভিতৰত সংঘটিত হয় এই ঘটনা। ছ’চিয়েল মিডিয়াত প্ৰচাৰিত হোৱা ভিডিঅ’টোত দেখা গৈছে যে লোকজনে মন্দিৰৰ ভিতৰলৈ আহি ভক্তসকলক আক্ৰমণ কৰে। ভিডিঅ’টোত তেওঁ মন্দিৰৰ…
