26
Sep
হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰক মঙলবাৰে (২৬ ছেপ্টেম্বৰ) বাইক চলাই ৰাজ্যখনৰ “কাৰ ফ্ৰী ডে’”ৰ পদক্ষেপক সমৰ্থন কৰা দেখা যায়। হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে বাইকেৰে কৰ্ণাল বিমানবন্দৰত উপস্থিত হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে এক্স (পূৰ্বৰ টুইটাৰ)ত পোষ্ট কৰি কয় যে, ‘মইও বাইকেৰে কৰ্ণাল বিমানবন্দৰলৈ গৈ গাড়ীৰ যাতায়ত হ্ৰাস কৰাৰ বাবেও সামান্য প্ৰয়াস কৰিলোঁ। মুখ্যমন্ত্ৰী খট্টৰে পূৰ্বে ঘোষণা কৰিছিল যে কৰ্ণালত প্ৰতি মঙলবাৰে ‘কাৰ ফ্ৰী ডে২’ হ’ব য’ত সকলো চৰকাৰী বিষয়াই কেৱল চাইকেল বা বাইকেৰে যাত্ৰা কৰিব। খট্টৰে এক্সত পোষ্ট কৰি কয় যে ৰাজ্যৰ সচেতন জনসাধাৰণে এই বাৰ্তা আগবঢ়াই লৈ মানুহক ‘কেৱল এদিনৰ বাবে’ গাড়ী ত্যাগ কৰিবলৈ অনুপ্ৰাণিত কৰিব বুলি আশা কৰিছো। হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে…
