আমিৰ খান অভিনীত থ্ৰি ইডিয়টছ ছবিত লাইব্ৰেৰিয়ান ডুবেৰ চৰিত্ৰত অভিনয় কৰি পৰিচিত হোৱা অভিনেতা অখিল মিশ্ৰৰ মৃত্যু। জানিব পৰা মতে, অভিনেতাগৰাকীৰ আকস্মিক মৃত্যুৰ সময়ত হায়দৰাবাদত শ্বুটিঙত ব্যস্ত আছিল তেওঁৰ পত্নী চুজেন বাৰ্নাৰ্ট।

প্ৰতিবেদন অনুসৰি অভিনেতাগৰাকীয়ে নিজৰ পাকঘৰত কাম কৰি থকা সময়তে পিছলি পৰে। লগে লগে তেওঁক হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

অখিলে বহু ছবিৰ লগতে টেলিভিছন ধাৰাবাহিকতো অভিনয় কৰিছিল। ৩ ইডিয়টৰ বাহিৰেও তেওঁ হাজাৰোন খোৱাইশ্বেইন এইছি, ভোপালঃ এ প্ৰেয়াৰ ফৰ ৰেইন, মেৰে দোষ্ট পিকচাৰ অভি বাকি হ্যায়, ৰেডিঅ’, ব্লু অৰেঞ্জ, ডন, ক্ৰাইম, ৱেল ডন আব্বা, গান্ধী মাই ফাদাৰ, ইছ ৰাত কি ছুবহ নহী আদি ছবিত অভিনয় কৰিছিল।

টেলিভিছনৰ ধাৰাবাহিক যেনে ভানৱৰ, যুম হেই হম, প্ৰধানমন্ত্ৰী, দ্য এডভেঞ্চাৰছ অৱ হাতিম, উত্তৰান, উড়ান, মেৰা দিল দিৱানা, পৰদেছ মে মিলা কোই আপনা, হাতিম, কদম, ছি হকছ, শ্ৰীমান আদি ধাৰাবাহিকত তেওঁক দেখা গৈছিল।

২০০৯ চনৰ ৩ ফেব্ৰুৱাৰীত অখিল আৰু জাৰ্মান অভিনেত্ৰী চুজেন বাৰ্নাৰ্টৰ মাজত বিবাহপাশত আবদ্ধ হয়। ২০১১ চনৰ ৩০ ছেপ্টেম্বৰত পৰম্পৰাগতভাৱে পুনৰ বিবাহপাশত আবদ্ধ হয়। তেওঁ চুজেনৰ সৈতে ক্ৰাইম আৰু মেৰা দিল দেৱানাত কাম কৰিছিল। ২০১৯ চনত তেওঁলোকে মাজনু কি জুলিয়েট নামৰ এখন চুটি ছবিৰ শ্বুটিং কৰিছিল, যিখন ছবি অখিলে লিখিছিল, অভিনয় কৰিছিল আৰু পৰিচালনা কৰিছিল।