18
Sep
দেশত ধনী লোকৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে । প্ৰতি বছৰে ১০ কোটি টকাতকৈ অধিক উপাৰ্জন কৰা লোকৰ সংখ্যা যোৱা পাঁচ বছৰত ৬৩% বৃদ্ধি হৈ প্ৰায় ৩১,৮০০ জন হৈছে। এই সময়ছোৱাত, বছৰি ৫ কোটি টকাতকৈ অধিক উপাৰ্জন কৰা লোকৰ সংখ্যা ৪৯ শতাংশ বৃদ্ধি হৈছে। ইয়াৰ সংখ্যা ৫৮,২০০ লৈ বৃদ্ধি পাইছে। চেণ্ট্ৰাম ইনষ্টিটিউশ্যনেল ৰিচাৰ্ছৰ প্ৰতিবেদন অনুসৰি, দেশত প্ৰায় ১০ লাখ লোক আছে, যাৰ বাৰ্ষিক উপাৰ্জন ৫০ লাখতকৈ অধিক। যোৱা পাঁচ বছৰত এনে লোকৰ সংখ্যা ২৫ শতাংশ বৃদ্ধি পাইছে। প্ৰতিবেদন অনুসৰি, ২০১৮-১৯ বিত্তীয় বৰ্ষৰ পৰা ২০২৩-২৪ বিত্তীয় বৰ্ষৰ ভিতৰত ধনী লোকসকলৰ উপাৰ্জন দ্ৰুতগতিত বৃদ্ধি পাইছে। এইটোও গুৰুত্বপূৰ্ণ কিয়নো এই সময়ছোৱাত কোৰোনা মহামাৰীয়ে অৰ্থনৈতিক…
