ব্যৱসায়

মাত্ৰ এটা ইউআই ৬.১ আপডেটতে গেলেক্সি ডিভাইচত লাভ কৰিব গেলেক্সি এআইৰ সুবিধা

মাত্ৰ এটা ইউআই ৬.১ আপডেটতে গেলেক্সি ডিভাইচত লাভ কৰিব গেলেক্সি এআইৰ সুবিধা

মোবাইল এআই প্ৰযুক্তিক অধিক সুলভ আৰু সহজ কৰি তোলাৰ লক্ষ্যৰে ৱান ইউআই ৬.১ আপডেটৰ জৰিয়তে অধিক ডিভাইচত গেলাক্সি এআইৰ সুবিধাসমূহ আগবঢ়াইছে চেমচাং ইলেক্ট্ৰনিকছে। মাৰ্চ মাহৰ শেষৰ পৰা আৰম্ভ হ’বলগীয়া এই আপডেটৰ জৰিয়তে সমগ্ৰ গেলেক্সি এছ ২৩ ছিৰিজ, এছ ২৩ এফ ই, জেড ফল্ড৫, জেড ফ্লিপ৫ আৰু টেব এছ ৯ ছিৰিজত অত্যাধুনিক সুবিধাসমূহ উপলব্ধ হ’ব। শেহতীয়াকৈ মুকলি কৰা গেলেক্সি এছ২৪ ছিৰিজৰ সৈতে সংগতি ৰাখি এই আপডেটে ব্যৱহাৰকাৰীৰ মোবাইল এআই অভিজ্ঞতাৰ মানদণ্ডক হাইব্ৰিড পদ্ধতিৰ জৰিয়তে উন্নীত কৰিব, যিয়ে অন-ডিভাইচ আৰু ক্লাউড-ভিত্তিক এআইৰ সংমিশ্ৰণ ঘটাই একত্ৰিত কৰিছে। গেলেক্সি ব্যৱহাৰ কৰা গ্ৰাহকসকলে এতিয়া এআই সমৰ্থিত মডেলৰ জৰিয়তে যোগাযোগ বৃদ্ধি কৰিব পাৰে আৰু মুহূৰ্ততে এআইৰ…
Read More
ৰে’নল্ট নিছানে নিজৰ কাৰ্য-কলাপত সেউজ শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰিছে

ৰে’নল্ট নিছানে নিজৰ কাৰ্য-কলাপত সেউজ শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰিছে

সেউজ শক্তিক নতুন মাত্ৰা প্ৰদানৰ লক্ষ্যৰে চেন্নাইস্থিত অটোমোটিভ প্ৰতিষ্ঠান ৰেন’ল্ট নিছান অটোমোটিভ ইণ্ডিয়া প্ৰাইভেট লিমিটেডে ২০২৩ চনৰ দ্বিতীয়াৰ্ধত বিশেষভাৱে সেউজ শক্তি ব্যৱহাৰ কৰিছিল। ২০৪৫ চনৰ ভিতৰত কাৰ্বন নিৰপেক্ষ প্ৰাপ্ত কৰাৰ লগতে সকলো কাৰ্যকলাপত সেউজ পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্য বান্ধি লৈছে প্ৰতিষ্ঠানটোৱে। ২০২৩ চনৰ জুলাইৰ পৰা ডিচেম্বৰৰ ভিতৰত এই প্ৰতিষ্ঠানটোৱে গড়ে ৮৫%তকৈ অধিক সেউজ শক্তি ব্যৱহাৰ কৰিছিল, আনহাতে, ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত ১০০% সেউজ শক্তিৰ ব্যৱহাৰ কৰিছিল। আৰএনএআইপিএলে গাড়ী উৎপাদনৰ বাবে আভ্যন্তৰীণ আৰু বাহ্যিকভাৱে উৎসতে সেউজ শক্তিৰ সংমিশ্ৰণ আৰু ব্যৱহাৰ আৰম্ভ কৰিছে।আৰএনএআইপিএলে কাৰ্বন নিৰপেক্ষতাৰ লক্ষ্য প্ৰাপ্ত কৰাৰ বাবে তিনি তৰপীয়া(থ্ৰী-পিলাৰ) দৃষ্টিভংগী ৰূপায়ণ কৰিছে, যাৰ ভিতৰত আছে সেউজ শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰা,…
Read More
টাটা মটৰ্ছে মহিলাক আৰ্থ-সামাজিক পৰিৱৰ্তনৰ বাবে শক্তিশালী কৰিবলৈ পৰম্পৰাগত “চিকনকাৰী” হস্তশিল্পৰ সুবিধা প্ৰদান কৰিছে

টাটা মটৰ্ছে মহিলাক আৰ্থ-সামাজিক পৰিৱৰ্তনৰ বাবে শক্তিশালী কৰিবলৈ পৰম্পৰাগত “চিকনকাৰী” হস্তশিল্পৰ সুবিধা প্ৰদান কৰিছে

টাটা মটৰ্ছৰ সমাজ বিকাশ কেন্দ্ৰ(এছভিকে)ই ভাৰতৰ গ্ৰামাঞ্চলৰ মহিলাসকলক 'চিকনকাৰী' হস্তশিল্পৰ দক্ষতা প্ৰদান কৰি সহায় কৰিছে আৰু সফল ব্যৱসায় গঢ়ি তোলাৰ বাবে বিভিন্ন গোটসমূহক সংগঠিত কৰিছে। প্ৰায় ১৫০ৰো অধিক মহিলা আত্মসহায়ক গোটক ঋণ আৰু মিতব্যয়ী কাৰ্যকলাপত নিয়োজিত কৰি আহিছে টাটা মটৰ্ছে। যোৱা ১৬ বছৰত বিভিন্ন আৰ্থ-সামাজিক পদক্ষেপেৰে উল্লেখযোগ্য ২৫ লাখ টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে, যিয়ে মহিলাৰ অৰ্থনৈতিক স্বতন্ত্ৰতাৰ ওপৰত টাটা মটৰ্ছ সমাজ বিকাশ কেন্দ্ৰৰ পৰিৱৰ্তনশীল প্ৰভাৱ প্ৰতিফলিত হৈছে। ২০০৭ চনত টাটা মটৰ্ছ এছভিকে এই প্ৰকল্পৰ কাম আৰম্ভ কৰিছিল য'ত প্ৰতিষ্ঠানটোৱে দু প্ৰং ষ্ট্ৰেটেজী(দ্বিমুখী ৰণনীতি)ৰে কাম কৰি আহিছে, যাতে হস্তশিল্পক পুনৰুজ্জীৱিত কৰি মহিলাৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে পদক্ষেপ ল'ব পৰা যায়। এছভিকেই…
Read More
জাইকাই মেঘালয়ত দুটা প্ৰকল্প ৰূপায়ণৰ বাবে আগবঢ়াব ঋণ

জাইকাই মেঘালয়ত দুটা প্ৰকল্প ৰূপায়ণৰ বাবে আগবঢ়াব ঋণ

জাপান আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সংস্থা(জাইকা)ই মেঘালয়ত দুখন গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ কৰিছে, এই ঋণৰ অধীনত উত্তৰ-পূব পথ নেটৱৰ্ক সংযোগ উন্নয়ন প্ৰকল্পৰ জৰিয়তে ভাৰতৰ উত্তৰ-পূব ভাৰতত যোগাযোগ বৃদ্ধিৰ বাবে বলিষ্ঠ সমৰ্থন আগবঢ়াব জাইকাই।এই প্ৰকল্প ৰূপায়ণৰ বাবে বিশেষ ঋণ চুক্তি ৰূপায়ণ অনুষ্ঠানত উপস্থিত থাকে বিত্ত মন্ত্ৰালয়ৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত সচিব বিকাশ শীল আৰু জাইকা ইণ্ডিয়াৰ মুখ্য প্ৰতিনিধি ছাইতু মিটছুনুৰিয়ে। ব্ৰহ্মপুত্ৰ নদীৰ মাজেৰে অসম আৰু মেঘালয়ক সংযোগ কৰা ভাৰতৰ আটাইতকৈ দীঘল নদী দলং ধুবুৰী-ফুলবাৰী দলং নিৰ্মাণৰ সহযোগ কৰিব। ইয়াৰ বাবে উত্তৰ-পূব পথ নেটৱৰ্ক সংযোগ উন্নয়ন প্ৰকল্প (পৰ্যায় ৩) (দ্বিতীয় পৰ্যায়)ৰ বাবে ৩৪,৫৩৭ মিলিয়ন জেপাই মূল্যৰ ঋণ প্ৰদান কৰিব জাইকাই। উত্তৰ-পূব পথ নেটৱৰ্ক সংযোগ উন্নয়ন…
Read More
গ্ৰামাঞ্চলৰ মহিলাৰ উদ্যমিতা বৃদ্ধি কৰিব আমাজনে

গ্ৰামাঞ্চলৰ মহিলাৰ উদ্যমিতা বৃদ্ধি কৰিব আমাজনে

আমাজন ইণ্ডিয়াই ভাৰতত বিভিন্ন প্ৰান্তৰ আৰু বিশেষভাৱে টায়াৰ-২, টায়াৰ-৩ চহৰৰ মহিলা উদ্যোগীসকলৰ ডিজিটেল সামৰ্থ্য বৃদ্ধিৰ বাবে গ্ল’বেল এলায়েন্স ফৰ মাছ এণ্টাৰপ্ৰেনিউৰশ্বিপ (গেম)ৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে । এই অংশীদাৰিত্বৰ জৰিয়তে প্ৰায় ২৫,০০০ মহিলা উদ্যোগী আৰু শিল্পীক ডিজিটেল উদ্যমিতা যাত্ৰাত সহায়, ব্যৱসায়িক ক্ষমতা বিকাশৰ ক্ষেত্ৰত ইনপুট প্ৰদান, ডিজিটেল বিপণন দক্ষতাৰ ব্যৱধান দূৰ কৰা আৰু সংগৃহীত ব্ৰেণ্ড হিচাপে একত্ৰিত কৰিবলৈ সক্ষম কৰি তোলাৰ লক্ষ্য বান্ধি লৈছে। ভাৰতত ক্ষুদ্ৰ, মধ্যম আৰু মজলীয়া উদ্যোগ (এম এছ এম ই)ৰ বিকাশ ত্বৰান্বিত আৰু স্থায়ী কৰি ৰখাৰ বাবে বিশাল পৰিসৰত উদ্যোগীকৰণৰ সহযোগী বিকাশ আৰু সুবিধা প্ৰদান কৰাও এই বুজাবুজি চুক্তিৰ প্ৰধান উদ্দেশ্য। আমাজন কাৰিগৰ আৰু চহেলি…
Read More
মোবাইলৰ গ্ৰাহকক এআই যুগৰ সৈতে পৰিচয় কৰাই দিছে গেলেক্সি এছ২৪ ছিৰিজে

মোবাইলৰ গ্ৰাহকক এআই যুগৰ সৈতে পৰিচয় কৰাই দিছে গেলেক্সি এছ২৪ ছিৰিজে

গেলেক্সি এআই ফোনে অত্যাধুনিক মোবাইল প্ৰযুক্তিৰ সহায়ত নিৰৱচ্ছিন্ন যোগাযোগ আৰু সেৱা সুলভ-সহজ কৰি সামাজিক উন্নতিৰ পথ প্ৰশস্ত কৰি তোলাৰ লগতে ভৱিষ্যতৰ উন্নতিৰ পথ প্ৰশস্ত কৰি ভাৰতীয়ৰ জীৱনলৈ বৈপ্লৱিক পৰিৱৰ্তন আনিছে। গেলেক্সি এছ২৪ ছিৰিজ ব্যৱহাৰকাৰীসকলে গেলেক্সি এআই সুবিধা আৰু আপগ্ৰেডসমূহৰ প্ৰতি যথেষ্ট আগ্ৰহ দেখুৱাইছে, বিশেষকৈ গুগলৰ সৈতে চাৰ্কল টু চাৰ্চ, লাইভ ট্ৰান্সলেট, চেট এচিষ্ট আৰু ইণ্টাৰপ্ৰেটাৰ ইত্যাদি। বৰ্তমান সময়ত লাইভ ট্ৰান্সলেট, চেট এচিষ্ট আৰু ইণ্টাৰপ্ৰেটাৰৰ দৰে যোগাযোগ সঁজুলিবোৰে ভাষাৰ প্ৰতিবন্ধকতা নোহোৱা কৰিছে, সমান্তৰালভাৱে প্ৰ'ভিজুৱেল ইঞ্জিনৰ দ্বাৰা চালিত ফটো এচিষ্টে সৃষ্টিশীলতাৰ ক্ষেত্ৰখনত জনপ্ৰিয় সঁজুলি ৰূপে পৰিগণিত হৈছে। প্ৰথম এআই ফোন গেলেক্সি এছ ২৪ ছিৰিজ ব্যৱহাৰকাৰী গ্ৰাহকসকলৰ বৰ্ধিত প্ৰয়োজনীয়তা আৰু এআইৰ জৰিয়তে সম্ভাৱ্য…
Read More
ভাৰতৰ প্ৰথমটো স্কিল ইণ্ডিয়া চেণ্টাৰে ওড়িশাৰ যুৱক-যুৱতীৰ বাবে মুকলি কৰিছে সম্ভাৱনাৰ দ্বাৰ

ভাৰতৰ প্ৰথমটো স্কিল ইণ্ডিয়া চেণ্টাৰে ওড়িশাৰ যুৱক-যুৱতীৰ বাবে মুকলি কৰিছে সম্ভাৱনাৰ দ্বাৰ

ওড়িশাৰ সম্বলপুৰত মুকলি হ'ল দেশৰ অগ্ৰণী স্কিল ইণ্ডিয়া চেণ্টাৰ (এছআইচি), এই কেন্দ্ৰটো উদ্বোধন কৰিলে কেন্দ্ৰীয় শিক্ষা আৰু দক্ষতা বিকাশ তথা উদ্যমিতা বিভাগৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। এই গুৰুত্বপূৰ্ণ পদক্ষেপে ভাৰতৰ দক্ষতা বিকাশৰ দৃষ্টিভংগীত নতুন দিগন্তৰ সূচনা কৰিছে। এই কেন্দ্ৰৰ মুকলিয়ে কেৱল নিয়োগ সৃষ্টিয়ে নহয়, যুৱক-যুৱতীসকলৰ মাজত উদ্ভাৱন আৰু উদ্যোগীকৰণ আৰু উদ্যমিতাকো লালন-পালন কৰাত গুৰুত্ব আৰোপ কৰিছে। মন্ত্ৰী প্ৰধানে দ্ৰুতগতিত বিকশিত নিয়োগৰ বজাৰখন তৈয়াৰ কৰাৰ বাবে যুৱক-যুৱতীসকলক সমসাময়িক দক্ষতাৰে সজ্জিত কৰাৰ গুৰুত্বৰ ওপৰত বিশেষভাৱে আলোকপাত কৰে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে, স্কিল ইণ্ডিয়া কেন্দ্ৰই গুণগত শিক্ষা সুলভ আৰু সহজ কৰি তুলিবলৈ সাজু হৈছে, বিশেষকৈ ঘৰুৱা আৰু বিশ্বব্যাপী উচ্চ চাহিদা তথা পাঠ্যক্ৰম,…
Read More
বহনক্ষমতা আৰু দক্ষতাৰ প্ৰতি নিজৰ দায়বদ্ধতা প্ৰদৰ্শন কৰি গুৱাহাটীত পালেহি এম জি কমেট ইভি ড্ৰাইভ

বহনক্ষমতা আৰু দক্ষতাৰ প্ৰতি নিজৰ দায়বদ্ধতা প্ৰদৰ্শন কৰি গুৱাহাটীত পালেহি এম জি কমেট ইভি ড্ৰাইভ

১০০ বছৰৰো অধিক সমৃদ্ধ ইতিহাসেৰে অভিজ্ঞতাপুষ্ট ব্ৰিটিছ অটোমোবাইল ব্ৰেণ্ড এমজি(মৰিছ গেৰেজ)য়ে এমজি কমেট ইভিৰ সৈতে ভাৰতত সেউজ গতিশীলতা ক্ষেত্ৰখনত নতুন ৰূপত প্ৰৱেশ কৰিছে। দেশৰ ১৯খনতকৈ অধিক ৰাজ্য অতিক্ৰম কৰি ইভি বাহনখনে ইতিমধ্যে উপস্থিত হৈছেহি গুৱাহাটীত। এই অভিযানৰ উদ্দেশ্য হৈছে সমগ্ৰ উঃ-পূৰ্বাঞ্চলতে ইভিৰ বিষয়ে সজাগতা সৃষ্টি কৰা, লগতে গুৱাহাটীৰ দৰে চহৰৰ বাবে এক বহনক্ষম, ব্যৱহাৰিক আৰু অৰ্থনৈতিক গতিশীলতা সমাধান প্ৰদান কৰা। এমজি মটৰ ইণ্ডিয়াই দেশত নগৰীয়া গতিশীলতাৰ এক ব্যৱহাৰিক সমাধান হিচাপে এক স্মাৰ্ট ইভি কমেট মুকলি কৰিছে। ভৱিষ্যদৰ্শী আৰু ব্যৱহাৰকাৰী-অনুকূল প্ৰযুক্তিৰে ডিজাইন কৰা ইভি বাহনখন জনবহুল এলেকাত গাড়ী চলাবলৈ, কৌশলেৰে পাৰ হৈ যাবলৈ আৰু পাৰ্ক কৰিবলৈও সহজ। এবাৰ চাৰ্জ কৰিলে ২৩০…
Read More
চাৰ্ভিছনাও আৰু এআইচিটিইৰ প্ৰথম বছৰত ১০,০০০ৰো অধিক শিক্ষাৰ্থীক দক্ষতা প্ৰদানৰ বাবে সহযোগিতা

চাৰ্ভিছনাও আৰু এআইচিটিইৰ প্ৰথম বছৰত ১০,০০০ৰো অধিক শিক্ষাৰ্থীক দক্ষতা প্ৰদানৰ বাবে সহযোগিতা

ডিজিটেল কৰ্মশক্তি সমাধানৰ ক্ষেত্ৰত আগশাৰীৰ প্ৰতিষ্ঠান চাৰ্ভিছনাওৱে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ অধীনস্থ অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেচন(এআইচিটিই)ৰ সৈতে গুৰুত্বপূৰ্ণ অংশীদাৰিত্বৰ বাবে সহযোগিতা কৰিছে। এই কৌশলগত সহযোগিতাই নিজৰ ধ্বজাবাহী কাৰ্যসূচী "ৰাইজআপ উইছ চাৰ্ভিছনাও"ৰ অধীনত উদ্বোধনী বৰ্ষত চাৰ্ভিছনাওৰ প্লেটফৰ্মত ১০,০০০ৰো অধিক ছাত্ৰ-ছাত্ৰীক অত্যাধুনিক দক্ষতাৰে সৱলীকৰণ কৰাৰ লক্ষ্য লৈছে। এই পদক্ষেপে ভাৰতৰ ডিজিটেল পৰিৱেশত প্ৰতিভা বিকাশৰ নতুন যুগৰ সূচনা কৰি নৱ উন্মেষ ঘটাইছে। চাৰ্ভিছনাওৰ মুখ্য ষ্ট্ৰেটেজী আৰু কৰ্প'ৰেট পৰিক্ৰমা বিষয়া নিক জিটজনে ডিজিটেল উদ্ভাৱনত ইন্ধন যোগোৱা প্ৰতিভাক ৰূপান্তৰৰ বাবে বিভিন্ন কৌশলগত দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ ভাৰতৰ প্ৰযুক্তিগত বিৱৰ্তনক চালিত কৰাৰ বাবে প্ৰয়োজনীয় দক্ষতাৰে পৰৱৰ্তী প্ৰজন্মৰ অভিযন্তা বা যুৱ সমাজক সজ্জিত কৰাৰ…
Read More
কুষ্ঠ ৰোগৰ বিৰুদ্ধে যুঁজত একেলগে আগবাঢ়িছে টাটা মটৰ্ছ আৰু এনজেএমএছ

কুষ্ঠ ৰোগৰ বিৰুদ্ধে যুঁজত একেলগে আগবাঢ়িছে টাটা মটৰ্ছ আৰু এনজেএমএছ

ঝাৰখণ্ডৰ জামছেদপুৰৰ অ-লাভজনক সংস্থা নৱ জাগ্ৰত মানৱ সমাজে কুষ্ঠ ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে অহৰহভাৱে যুঁদ দি আহিছে। টাটা মটৰ্ছৰ সহযোগত এনজেএমএছে এই ৰোগত আক্ৰান্তসকলক সৱলীকৰণ কৰি ৰোগীৰ জীৱনলৈ যথেষ্ট পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। জামছেদপুৰ আৰু চহৰখনৰ আশে-পাশে থকা অঞ্চলসমূহত কুষ্ঠ ৰোগৰ প্ৰাদুৰ্ভাৱ হ্ৰাস কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জন কৰিছে। টাটা মটৰ্ছৰ কৰ্মচাৰী আৰু অন্যান্য সুহৃদ ব্যক্তিৰ সহযোগত ৫০০ৰো অধিক স্থানীয় স্বেচ্ছাসেৱকক জড়িত কৰি এনজেএমএছে বিভিন্ন দিশত যথেষ্ট প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে, যেনে স্বাস্থ্য, শিক্ষা, নিয়োগযোগ্যতা আৰু জীৱিকাৰ পদক্ষেপ ইত্যাদি। কুষ্ঠ ৰোগ প্ৰতিৰোধী সংগঠন এনজেএমএছে কুষ্ঠ ৰোগ চিনাক্ত আৰু নিৰ্মূল কৰিবলৈ প্ৰতি বছৰে জৰীপ কৰে, এই জৰীপৰ সময়ত ৭৫…
Read More