05
Oct
আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফ ইঞ্চুৰেন্সে ২০২৬ বিত্তীয় বৰ্ষত গড়ে ১৫ লাখ টকাৰ ব্যক্তিগত ডেথ ক্লেইম(মৃত্যু দাবী) পৰিশোধ কৰিছে আৰু ধাৰাবাহিকভাৱে দ্বিতীয় বছৰৰ বাবে এই স্থিতি অক্ষুণ্ণ ৰখাৰ কথা কোম্পানীটোৱে সদৰি কৰিছে। ৰাজহুৱাভাৱে উপলব্ধ তথ্য অনুসৰি, বীমাকাৰী প্ৰতিষ্ঠানটোৰ গড় ব্যক্তিগত মৃত্যুৰ ক্লেইম ২০২১ বিত্তীয় বৰ্ষত প্ৰায় ১০ লাখ টকাৰ পৰা বৃদ্ধি পাই ২০২৬ বিত্তীয় বৰ্ষত ১৫ লাখ টকা হৈছেগৈ। সলনি হৈ থকা উপাৰ্জনৰ স্তৰ, ঋণ আৰু পাৰিবাৰিক দায়িত্বৰ সৈতে সংগতি ৰাখি জীৱন বীমাৰ সুৰক্ষাৰ আৱৰণ পুনৰীক্ষণ কৰাৰ গুৰুত্ব উপলব্ধি কৰি যোৱা চাৰিটা বিত্তীয় বৰ্ষত এই গড় দাবীৰ পৰিমাণ ১৪-১৫ লাখ টকাৰ ভিতৰতে আছিল। আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফ ইঞ্চুৰেন্সৰ আণ্ডাৰৰাইটিং এণ্ড ৰিটেইল ক্লেইমচ শাখাৰ…
