ক্ৰীড়া

নিউজিলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলা দখল দক্ষিণ আফ্ৰিকাৰ

নিউজিলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলা দখল দক্ষিণ আফ্ৰিকাৰ

ক্ৰাইষ্টচাৰ্চত অনুষ্ঠিত পঞ্চম টি-২০ত দক্ষিণ আফ্ৰিকাই নিউজিলেণ্ডক ৩৩ ৰানত পৰাস্ত কৰে। ইয়াৰ সৈতে দক্ষিণ আফ্ৰিকাই পাঁচখন মেচৰ শৃংখলা ৩-২ ত জয়লাভ কৰে। এই মেচৰ পূৰ্বে শৃংখলাটো ২-২ ত সমতাত আছিল। নিউজিলেণ্ডে শেষবাৰৰ বাবে ২০০৫ চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলাত জয়লাভ কৰিছিল। তেতিয়াৰ পৰা দুয়োটা দলে ছখন ছিৰিজ খেলিছে, ইয়াৰে পাঁচখনত জয়লাভ কৰে আৰু এখন ড্ৰ’ হয়।বধবাৰে হেগলি অ’ভেল ষ্টেডিয়ামত বলিং কৰিবলৈ নিৰ্বাচন কৰে নিউজিলেণ্ডে। চাৰিটা উইকেট হেৰুৱাই দক্ষিণ আফ্ৰিকাই ১৮৭ ৰান সংগ্ৰহ কৰে। কন’ৰ এষ্টাৰহুইজেনে অৰ্ধশতক অৰ্জন কৰি ৩৩টা বলত ৭৫ ৰান সংগ্ৰহ কৰি প্লেয়াৰ অৱ দ্য মেচৰ সন্মান লাভ কৰে। ১৮৮ ৰানৰ লক্ষ্য অনুসৰণ কৰি নিউজিলেণ্ডে ২০ অভাৰত…
Read More
এম চিন্নাস্বামী ষ্টেডিয়ামত খেলা আই পি এল মেচৰ সময়ত খালী হৈ থাকিব ১১খন আসন

এম চিন্নাস্বামী ষ্টেডিয়ামত খেলা আই পি এল মেচৰ সময়ত খালী হৈ থাকিব ১১খন আসন

বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত খেলা আই পি এল মেচৰ সময়ত ১১খন আসন সদায় খালী হৈ থাকিব। ষ্টেডিয়ামৰ প্ৰৱেশদ্বাৰত এখন স্মৃতি ফলক স্থাপন কৰা হ’ব, আৰু দুয়োটা দলৰ সৈতে জড়িত প্ৰতিখন মেচৰ পূৰ্বে এক মিনিটৰ বাবে মৌনতা অৱলম্বন কৰা হ’ব। ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) আৰু কৰ্ণাটক ষ্টেট ক্ৰিকেট এছ’চিয়েশ্যনে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰি যোৱা বছৰ এম চিন্নাস্বামী ষ্টেডিয়ামৰ বাহিৰত পদপৃষ্ট হৈ প্ৰাণ হেৰুৱাসকলক শ্ৰদ্ধাঞ্জলি জনাইছে। ২০২৫ চনৰ ৪ জুনত আৰ চি বিৰ প্ৰথম আই পি এল ট্ৰফী জয়ৰ উদযাপনৰ সময়ত ষ্টেডিয়ামৰ বাহিৰত পদপৃষ্ট ঘটনা সংঘটিত হয়, য’ত ১১ জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হয়। এই…
Read More
পিএছএলত দৰ্শকৰ অনুমতিত থাকিব নিষেধাজ্ঞা

পিএছএলত দৰ্শকৰ অনুমতিত থাকিব নিষেধাজ্ঞা

ব্যয় কমাব পৰা অভিযানৰ অংশ হিচাপে পাকিস্তানে পাকিস্তান ছুপাৰ লীগ (পিএছএল) ২০২৬ত দৰ্শকৰ অনুমতিত নিষেধাজ্ঞা আৰোপ কৰিছে।সকলো মেচ একচেটিয়াভাৱে লাহোৰ আৰু কৰাচীত অনুষ্ঠিত হ’ব। ২৬ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া লীগৰ উদ্বোধনী অনুষ্ঠানো বাতিল কৰা হৈছে। পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ মহছিন নাকভিয়ে প্ৰধানমন্ত্ৰী আৰু নিৰাপত্তা সংস্থাৰ সৈতে আলোচনাৰ অন্তত এই সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰে। নকৱীয়ে কয় যে সাম্প্ৰতিক অৰ্থনৈতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ চলাচল সীমিত কৰাৰ পৰামৰ্শ চৰকাৰে দিছে। এনে পৰিস্থিতিত হাজাৰ হাজাৰ দৰ্শকক ষ্টেডিয়ামলৈ অনাটো উপযুক্ত নহয়, সেয়েহে খালী ষ্টেডিয়ামত খেলখন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয়। ইৰান যুদ্ধই সমগ্ৰ এছিয়াতে তেল সংকট আৰু গভীৰ কৰি তুলিছে। খাৰুৱা তেলৰ দাম দুগুণ…
Read More
আইপিএলৰ উদ্বোধনী মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদক নেতৃত্ব দিব ঈশান কিষানে

আইপিএলৰ উদ্বোধনী মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদক নেতৃত্ব দিব ঈশান কিষানে

ছানৰাইজাৰ্ছ হায়দৰাবাদে আই পি এল ২০২৬ৰ উদ্বোধনী মেচসমূহৰ অন্তৱৰ্তীকালীন অধিনায়ক হিচাপে ভাৰতৰ উইকেটকীপাৰ বেটছমেন ঈশান কিষানক নিযুক্তি দিয়ে আৰু অভিষেক শৰ্মাক উপ-অধিনায়ক হিচাপে দায়িত্ব দিয়ে। এই সিদ্ধান্ত এইবাবে লোৱা  হৈছে কাৰণ নিয়মীয়া অধিনায়ক পেট কামিন্স আঘাতৰ পৰা সুস্থ হৈ উঠা নাই। পিঠিৰ তলৰ অংশৰ আঘাতৰ বাবে দলৰ পৰা আঁতৰি আছে কামিন্স। এই একেটা আঘাতৰ বাবেই তেওঁক যোৱা এছেছ ছিৰিজ আৰু টি-২০ বিশ্বকাপৰ বেছিভাগ খেলতে খেলিব পৰা নাছিল। ছ’চিয়েল মিডিয়াত ফ্ৰেঞ্চাইজিটোৱে ঘোষণা কৰে যে আঘাতৰ পৰা সম্পূৰ্ণ সুস্থ হৈ নুঠাৰ বাবে পেট কামিন্সে কেইখনমান মেচ খেলিব নোৱাৰিব। সুস্থ নোহোৱালৈকে ঈশান কিষাণ অধিনায়ক আৰু অভিষেক শৰ্মা উপ অধিনায়ক হিচাপে থাকিব। অৱশ্যে ২০১৬…
Read More
৯০০ গ’লৰ সংখ্যা স্পৰ্শ লিয়নেল মেছিৰ

৯০০ গ’লৰ সংখ্যা স্পৰ্শ লিয়নেল মেছিৰ

আৰ্জেণ্টিনাৰ ফুটবল কিংবদন্তি তথা ইণ্টাৰ মিয়ামিৰ অধিনায়ক লিয়নেল মেছিয়ে অফিচিয়েল মেচত ৯০০ গ’ল দিয়া বিশ্বৰ দ্বিতীয়জন পুৰুষ ফুটবলাৰ হিচাপে পৰিগণিত হয়। তেওঁ এই মাইলৰ খুঁটিটো অৰ্জন কৰে কনকাকাফ চেম্পিয়নছ কাপৰ দ্বিতীয় লেগত নেশ্বভিল এছ চিৰ বিৰুদ্ধে।  অৱশ্যে মেছিৰ এই গ’ল সত্ত্বেও প্ৰতিযোগিতাখনত ইণ্টাৰ মিয়ামিৰ অগ্ৰগতিত বাধাৰ সৃষ্টি হয়। মেচখন ১-১ গ’লত ড্রত হয় আৰু নেশ্বভিলৰ হৈ ক্রিষ্টিয়ান এস্পিনোজাই গ’ল দিয়ে৷ প্ৰথম লেগখন নেশ্বভিলৰ ঘৰুৱা খেলপথাৰত অনুষ্ঠিত হয় আৰু যি শূন্য গ'লত ড্ৰৰে অন্ত পৰে। ইয়াৰ পিছতে ইণ্টাৰ মিয়ামিৰ ঘৰুৱা খেলপথাৰত দ্বিতীয় লেগ অনুষ্ঠিত হয়, য’ত দুয়োটা দলে এটাকৈ গ’ল দি ১-১ গ’লত সমতা স্থাপন কৰে। দুয়োখন লেগৰ পিছত সৰ্বমুঠ স্ক’ৰ…
Read More
ফিফা বিশ্বকাপত প্ৰতিদ্বন্দিতা নকৰে ইৰানে

ফিফা বিশ্বকাপত প্ৰতিদ্বন্দিতা নকৰে ইৰানে

ইৰানৰ ক্ৰীড়া মন্ত্ৰী আহমদ দুনিয়ামালিয়ে ২০২৬ ৰ ফিফা বিশ্বকাপত তেওঁলোকৰ ফুটবল দলে অংশগ্ৰহণ কৰিব নোৱাৰে বুলি উল্লেখ কৰিছে। আমেৰিকা-ইজৰাইলৰ আক্ৰমণত ইৰানৰ সৰ্বোচ্চ নেতাক হত্যা কৰাৰ পিছৰ পৰিস্থিতিত এই প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে। অৱশ্যে ফিফাৰ মতে ২০২৬ ৰ ফিফা বিশ্বকাপত ইৰানে খেলা-মেখেলাৰ চূড়ান্ত সিদ্ধান্ত ইৰানী ফুটবল ফেডাৰেচনৰ হাতত থাকিব। ক্ৰীড়া মন্ত্ৰীগৰাকীৰ এই বক্তব্যৰ পিছতো একেটা দলেই সিদ্ধান্ত ল’ব যে দলটোৱে বিশ্বকাপত অংশগ্ৰহণ কৰিব নে নকৰে। ইয়াৰ পূৰ্বে ফিফাৰ সভাপতি জিয়ানি ইনফান্টিনোৱে উল্লেখ কৰিছিল যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তেওঁক আশ্বাস দিছে যে ইৰানৰ ৰাষ্ট্ৰীয় দলটোক ২০২৬ চনৰ বিশ্বকাপত খেলিবলৈ আমেৰিকালৈ যাবলৈ অনুমতি দিয়া হ’ব।এইবাৰ ফিফা বিশ্বকাপ আমেৰিকা, কানাডা আৰু মেক্সিকোৱে…
Read More
‘প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্ট’ সন্মানৰে অভিলেখ ৰচিলে সঞ্জু চেমছনে

‘প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্ট’ সন্মানৰে অভিলেখ ৰচিলে সঞ্জু চেমছনে

ভাৰতক তৃতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা অ’পেনাৰ সঞ্জু চেমছনে সদ্য সমাপ্ত প্ৰতিযোগিতাখনৰ ‘প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্ট’ হৈ এক অনন্য অভিলেখ গঢ়ি তুলিছে। আইচিচি (আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ)ৰ পুৰুষ বা মহিলা প্ৰতিযোগিতাত নিজৰ দলৰ হৈ চাৰিখন মেচত অংশ ল’ব নোৱাৰিলেও চেমছনে প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰা প্ৰথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হৈছে। তেওঁৰ পূৰ্বে মাত্ৰ চাৰিজন খেলুৱৈয়েহে নিজৰ দলৰ সকলো মেচতে অংশ ল’ব নোৱাৰিলেও টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰিছে। এই খেলুৱৈসকলে অৱশ্যে নিজৰ দলৰ হৈ মাত্ৰ এখন মেচত অংশ ল’ব নোৱাৰিলে। প্ৰতিযোগিতাখনৰ আৰম্ভণিতে চেমছনে ৰান সংগ্ৰহ কৰিবলৈ সংগ্ৰাম কৰিছিল আৰু সেয়েহে প্ৰাৰম্ভিক মেচসমূহত প্লেইং এলিভেনত…
Read More
২০২৮ ৰ লছ এঞ্জেলছ অলিম্পিকত স্বৰ্ণ জয়ৰ লক্ষ্য সূৰ্য্যকুমাৰ যাদৱৰ

২০২৮ ৰ লছ এঞ্জেলছ অলিম্পিকত স্বৰ্ণ জয়ৰ লক্ষ্য সূৰ্য্যকুমাৰ যাদৱৰ

সূৰ্যকুমাৰ যাদৱে সৃষ্টি কৰিছে ইতিহাস। এম এছ ধোনী আৰু ৰোহিত শৰ্মাৰ পিছত টি-২০ বিশ্বকাপত জয়লাভ কৰি টিম ইণ্ডিয়াক নেতৃত্ব দিয়া তেওঁ তৃতীয়জন ভাৰতীয় অধিনায়ক হিচাপে পৰিগণিত হৈছে।দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত নিউজিলেণ্ডক ৯৬ ৰানত পৰাস্ত কৰি ভাৰতীয় দলটোৱে টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰে। ভাৰতৰ খিতাপ জয়ৰ পিছতে সূৰ্যকুমাৰ যাদৱে নিজৰ পৰৱৰ্তী দুটা লক্ষ্য স্পষ্ট কৰি দিয়ে। বৰ্তমান ৩৫ বছৰীয়া সূৰ্যকুমাৰ যাদৱে বিশ্বকাপৰ পিছত অৱসৰ ল’ব বুলি জল্পনা-কল্পনা কৰা হৈছিল। খেলখনৰ পিছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত ভাৰতীয় অধিনায়কগৰাকীয়ে এই সকলোবোৰ জল্পনা-কল্পনাক নুই কৰি তেওঁৰ পৰৱৰ্তী দুটা ডাঙৰ লক্ষ্য স্পষ্ট কৰে। সূৰ্য্যকুমাৰ যাদৱে কয়-মোৰ পৰৱৰ্তী লক্ষ্য হৈছে…
Read More
টি-২০ বিশ্বকাপত বিজয়ী দলটোৱে লাভ কৰিব ২৭.৫০ কোটি টকা

টি-২০ বিশ্বকাপত বিজয়ী দলটোৱে লাভ কৰিব ২৭.৫০ কোটি টকা

কাইলৈ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ৰ ফাইনেল।এই গুৰুত্বপূৰ্ণ খেলখনত ভাৰত আৰু নিউজিলেণ্ডৰ ক্ৰিকেট দল মুখামুখি হ’ব। দুয়োটা দলে ফাইনেলত প্ৰৱেশ কৰিবলৈ সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে, যাৰ ফলত এই মেচখন অত্যন্ত ৰোমাঞ্চকৰ হ’ব বুলি আশা কৰা হৈছে। ভাৰতীয় দলটোৱে একেৰাহে দ্বিতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপ জয় কৰাৰ লক্ষ্য লৈছে। ইফালে, প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাখনত জয়ী হোৱাৰ সপোন লৈ খেলপথাৰত প্ৰৱেশ কৰিব নিউজিলেণ্ডৰ দলটোৱে। ফাইনেলত প্ৰৱেশ কৰাৰ পূৰ্বে নিউজিলেণ্ডে প্ৰথম ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকাক ৯ উইকেটত পৰাস্ত কৰে। নিউজিলেণ্ডৰ বেটছমেন আৰু বলাৰসকলে উৎকৃষ্ট প্ৰদৰ্শন কৰি মেচখন একপক্ষীয় কৰি তুলিছিল। ইফালে দ্বিতীয় ছেমি ফাইনেলত ভাৰতীয় দলটোৱে ইংলেণ্ডক ৭…
Read More
অল ইংলেণ্ড বেডমিণ্টন চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিব নোৱাৰিব সিন্ধুৱে, ডুবাইত আবদ্ধ

অল ইংলেণ্ড বেডমিণ্টন চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিব নোৱাৰিব সিন্ধুৱে, ডুবাইত আবদ্ধ

ইৰানৰ ওপৰত আমেৰিকাৰ আক্ৰমণৰ পিছত উপসাগৰীয় অঞ্চলৰ আকাশমাৰ্গ বন্ধ হোৱাৰ বাবে ডুবাইত আবদ্ধ হৈ থকাৰ বাবে মঙলবাৰৰ পৰা আৰম্ভ হ’বলগীয়া অল ইংলেণ্ড বেডমিণ্টন চেম্পিয়নশ্বিপত দুবাৰৰ অলিম্পিক পদক বিজয়ী পিভি সিন্ধুৱে অংশগ্ৰহণ কৰিব নোৱাৰিব। খেলুৱৈসকলৰ ভ্ৰমণৰ বাধাই ছুপাৰ ১০০০ প্ৰতিযোগিতাৰ বাবে তেওঁৰ প্ৰস্তুতিত গুৰুতৰ প্ৰভাৱ পেলাইছে। ইৰানৰ ওপৰত আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণ আৰু পৰৱৰ্তী সময়ত ইৰানৰ প্ৰতিশোধৰ বাবে বিমান সেৱা বাতিল হোৱাৰ বাবে শনিবাৰৰ পৰা ডুবাইত আবদ্ধ হৈ আছে সিন্ধু। ডুবাইত আবদ্ধ হৈ আছে সিন্ধু আৰু তেওঁৰ প্ৰশিক্ষক ইণ্ডোনেছিয়াৰ ইৰৱানছিয়া আদি প্ৰতামা। তেওঁলোকৰ থকাৰ স্থানৰ ওচৰত হোৱা বিস্ফোৰণৰ পৰা কথমপি ৰক্ষা পৰে। পিছত উপসাগৰীয় অঞ্চলত উত্তেজনা বৃদ্ধি পোৱাৰ বাবে তেওঁলোকক সুৰক্ষিত…
Read More