11
May
কানাডাৰ টৰন্টোৰ বিএমঅ’ ফিল্ডত অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপ ২০২৬ৰ উদ্বোধনী অনুষ্ঠানত বলীউডৰ অভিনেত্ৰী নোৰা ফাতেহীক কণ্ঠদান কৰা দেখা যাব। উল্লেখযোগ্য যে এই গ্ৰেণ্ড ইভেণ্টত নোৰাই কেৱল নৃত্য পৰিবেশন কৰাই নহয়, গীতো গাব। ফিফাই জাৰি কৰা এক বিবৃতি অনুসৰি এই অনুষ্ঠানত নোৰা ফাতেহীৰ সৈতে কেইবাগৰাকীও আন্তঃৰাষ্ট্ৰীয় শিল্পীয়ে অংশগ্ৰহণ কৰিব। ইয়াৰ ভিতৰত আলানিছ মৰিছেট, এলেছিয়া কাৰা, ইলিয়ানা, জেছি ৰেইজ, মাইকেল বুবলে, চেঞ্জয়, ভেজিড্ৰিম, উইলিয়াম প্ৰিন্সৰ দৰে নাম অন্যতম। আমেৰিকাত অনুষ্ঠিত হ’বলগীয়া মুকলি অনুষ্ঠানত অনিটা, ফিউচাৰ, কেটি পেৰী, লিজা, ৰেমা, টাইলাৰ দৰে গ্ল’বেল মিউজিক তাৰকাই অনুষ্ঠান পৰিৱেশন কৰিব। ইয়াৰ ফলত ফিফা বিশ্বকাপ ২০২৬ ক্ৰীড়া, সংগীত, আৰু মনোৰঞ্জনৰ এক বৃহৎ সংগমস্থলী হৈ পৰিছে। এই…
