06
Apr
প্ৰথম খবৰে নাৰী সকলক প্ৰতিভা বিকাশ কৰিব পৰাকৈ প্ৰতিটো মূহুৰ্ততে উপযুক্ত মৰ্যাদা, পৰিৱেশ দি আহিছে। অসমৰ ১০০ গৰাকী মহিলাক উৎসাহিত কৰাৰ লক্ষ্যৰে দেওবাৰে দিছপুৰস্থিত গড়কাপ্তানি বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ প্ৰেক্ষাগৃহত প্ৰেৰণা এৱাৰ্ড ২০২২ অনুষ্ঠিত কৰা হয়। ডি ৱাই ৩৬৫ৰ পৰিচালন সঞ্চালক দিপান্বিতা জয়ছোৱালে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভণি কৰা অনুষ্ঠানত মডেল প্ৰীতি দাসগুপ্তাৰ নেতৃত্বত এক ব্যতিক্ৰমী পৰম্পৰাগত ফেশ্বন শ্ব' অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত প্ৰথম খবৰৰ মেনেজিং এডিটৰ কমল কুমাৰে সকলোকে সন্মোহিত কৰি কয় যে, সূক্ষ্ম, বিভেদহীন সমাজ গঢ়াৰ লক্ষ্যত উপনীত হ'বলৈ আজিৰ সমাজত পুৰুষতকৈ নাৰীৰ দায়িত্ব বেছি, সেয়ে আমাৰ এক প্ৰয়াস প্ৰেৰণা এৱাৰ্ড ২০২২। প্ৰথম খবৰৰ মুখ্য উপদেষ্টা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ৰেক্টৰ…
