23
Jun
বিপদে লগ নেৰা হৈছে আফগানিস্তানক। এটা পিছত আন এটাকৈ বিপদৰ সন্মুখীন হৈছে দেশখন। গণতন্ত্ৰৰ চৰকাৰ উফৰি পুনৰ তালিবানৰ শাসন প্ৰতিষ্ঠা দেশখনত বোমা বিস্ফোৰণৰ সঘনা সঘনাই ঘটিবলৈ ধৰিছে। যোৱা কিছু দিনৰ ভিতৰত সন্ত্ৰাসবাদী সংগঠন আইচিচে কেইবাটাও বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত কৰিছে। য'ত বহু লোকৰ মৃত্যু ঘটিছে। এনে এক ভয়ংকৰ পৰিবেশৰ মাজৰে আগবাঢ়ি থকা দেশখনত এইবাৰ প্রকৃতিয়ে তাণ্ডৱ লীলা সৃষ্টি কৰিছে। দেশখনত অহা এটা প্ৰৱল ভূমিকম্পই এতিয়া বিস্তৰ ক্ষতি সাধন কৰিছে। ভূমিকম্পটোত কমেও ৯২০ জন লোকে মৃত্যুক আঁকোৱালিছে। স্থানীয় সময় অনুসৰি মাজনিশা ১.৩০ বজাত (ভাৰতৰ সময় অনুসৰি নিশা ২.৩০ বজাত) অহা শক্তিশালী ভূমিকম্পটোৱে দেশখনৰ এক বৃহত্তম অঞ্চলক জোকাৰি যায়। সেই সময়ত দেশবাসী…
