ৰাজ্যত বাল্যবিবাহৰ বিৰুদ্ধে ব্যাপক অভিযান ৷ কমেও ৫০০ লোকক গ্ৰেপ্তাৰ । অভিযান অব্যাহত ৰখাৰ সংকল্প মুখ্যমন্ত্ৰীৰ ।শেহতীয়াকৈ শ্ৰীভূমি আৰু বৰপেটা জিলাৰ পৰা আহিছে ব্যাপক হাৰত বাল্যবিবাহ সংঘটিত হোৱাৰ খবৰ ৷ দুদিন পূৰ্বে বৰপেটাত আৰক্ষীয়ে অভিযান চলাই বাল্যবিবাহৰ গোচৰত কেবাজনো লোকক গ্ৰেপ্তাৰ কৰাৰ পাছত এইবাৰ শ্ৰীভূমিত অভিযান চলিছে ৷শ্ৰীভূমি আৰক্ষীয়ে বাল্যবিবাহৰ বিৰুদ্ধে অভিযান চলাই ২৮ টাকৈ গোচৰ ৰুজু কৰাৰ লগতে ৩২ জন লোকক গ্ৰেপ্তাৰ কৰিছে ।ড৹ শৰ্মাই কয় যে কিছুমান অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ বাকী আছে ৷ অসম চৰকাৰে ৰাজ্যৰ পৰা বাল্যবিবাহৰ শিপা উভালি পেলাবলৈ অভিযান অব্যাহত ৰাখিব ৷‘‘বৰ্তমানলৈকে ৫৬৫ জন গ্ৰেপ্তাৰ আৰু ৪৮১ টা গোচৰ পঞ্জীয়ন কৰা হৈছে । অসমৰ পৰা বাল্যবিবাহ নিৰ্মূল নোহোৱালৈকে এই অভিযান অব্যাহত থাকিব ।’’ মুখ্যমন্ত্ৰী শৰ্মাই কয় ৷‘‘বাল্যবিবাহৰ বিৰুদ্ধে আমাৰ পদক্ষেপ সম্পূৰ্ণ দৃঢ়তাৰে চলি থাকিব । আমাৰ ছোৱালীবোৰৰ সপোনবোৰ এতিয়া কোনেও শিকলিৰে বান্ধিব নোৱাৰিব,’’ নিজৰ এক্স হেণ্ডেলত এটা পোষ্টত মুখ্যমন্ত্ৰীয়ে কয় ৷
ৰাজ্যত বাল্যবিবাহৰ বিৰুদ্ধে ব্যাপক অভিযান
