এক ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা

ইউৰোপৰ ব’ছনিয়াত সংঘটিত হৈছে এক ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত হৈছে ইটালী সেনাবাহিনীৰ এখন CH-47 চিনুক হেলিকপ্টাৰ।এই ভয়ংকৰ দুৰ্ঘটনাত ইউৰোপীয় সুৰক্ষা মিছনৰ চাৰিগৰাকী সদস্যৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। নিহতসকলৰ ভিতৰত আছে দুগৰাকী সেনা জোৱান আৰু দুগৰাকী ৰেড ক্ৰছৰ সদস্য।ইফালে, দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে আন ১১ গৰাকী যাত্ৰী। আহতসকলক ততাতৈয়াকৈ উদ্ধাৰ কৰি চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।কিন্তু কি কাৰণত সংঘটিত হ’ল এই ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা? কাৰিকৰী বিজুতি নে আন কোনো কাৰণ? এই পৰ্যন্ত দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ সম্পৰ্কে সবিশেষ জানিব পৰা হোৱা নাই।ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ব্যাপক চাঞ্চল্য।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *