উত্তৰ-পূৱ

জাগুনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ

জাগুনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ। বিশাল সমদল লৈ ৩১৫ নং ৰাষ্ঠীয় ঘাই পথৰ জাগুন শ্বহীত বেদীৰ কাষত প্ৰতিবাদ। জাগুন দিহিং নৈৰ ওপৰত দলং নিৰ্মাণৰ দাবীত প্ৰতিবাদ। জাগুন আৰক্ষী চকীৰ সমীপত ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ সংগঠনটোৰ লগতে প্ৰায় পাঁচ শতাধিক স্থানীয় লোকৰ। ইতিমধ্যে মাৰ্ঘেৰিটা স্থিত কাৰ্যবাহী দণ্ডাধীশ পথ অৱৰোধ স্থলীত উপস্থিত হৈ প্ৰতিবাদ কাৰিৰ স্মাৰক পত্ৰ গ্ৰহণ কৰে আৰু তেওঁলোকৰ দাবী সন্দৰ্ভত অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি দীৰ্ঘদিনীয়া সমস্যাৰ সমাধানৰআশ্বাস প্ৰদান কৰাত প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ উঠাই লয় যদিও দলং নিৰ্মাণ নকৰা পৰ্য্যন্ত কোনো প্ৰকাৰে ক্ষান্ত থকা নহব বুলি হুংকাৰ প্ৰদান কৰে।
Read More

হাজোৰ দিহিনা, ভোমা, বাগটা , হৈনাদি ,জাপিয়া আদি অঞ্চলত বান পৰিদৰ্শন বিধায়িকা সুমন হৰিপ্ৰিয়াৰ

কামৰূপ জিলাৰ হাজো সমষ্টিত এইবেলি প্ৰলয়ংকাৰী বানৰ কবলত বহু লোকে বৰ্তমানো আশ্ৰয় শিবিৰত বসবাস কৰি আছে। বৰ্তমান বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও স্বাভাৱিক পৰিস্থিতিৰ উদ্ভৱ হোৱা নাই । ভেটি মাটি বুৰ গৈ আশ্ৰয় শিবিৰত থকা লোক সকলৰ দুখ দুৰ্দশাৰ বুজ লবলৈ আজি উপস্থিত হয় বিধায়িকা সুমন হৰিপ্ৰীয়া ।হাজোৰ দিহিনা, ভোমা, বাগটা , হৈনাদি ,জাপিয়াত উপস্থিত হৈ সামগ্ৰিক বান পৰিস্থিতিৰ বুজ লৈ স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰি বান বিভিষীকাৰ দৰে জটিল পৰিস্থিতিৰ সন্মূখীন হোৱা দিশহাৰা ৰাইজৰ দুখৰ সমভাগি হয় বিধায়িকা সুমন হৰিপ্ৰীয়া।
Read More
৫০ জন চিত্রশিল্পীৰ “চিত্র-কর্মশালা”

৫০ জন চিত্রশিল্পীৰ “চিত্র-কর্মশালা”

ভাৰতৰ ৭৫ সংখ্যক আজাদী কা অমৃত মহোৎসৱ আৰু গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ ৪৬ সংখ্যক প্রতিষ্ঠা বার্ষিকী উপলক্ষে অহা ২৫, ২৬, ২৭ জুন, ২০২২ তাৰিখলৈ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ যৌথ উদ্যোগত ৫০ জন চিত্রশিল্পীক লৈ 'চিত্ৰ-কৰ্মশালাৰ আয়োজন কৰা হৈছে। কৰ্মশালাৰ আনুষ্ঠানিক মুকলি সভা ২৫ জুন বিয়লি ৪ বজাত গীল্ডৰ প্ৰাংগনত অনুষ্ঠিত কৰা হ'ব। উক্ত কর্মশালাখন আনুষ্ঠানিকভাৱে মকুলি কৰিব অসম তথা ভাৰতবৰ্ষৰ স্বনাধন্য চিত্রশিল্পী শ্ৰীযুত ননী বৰপূজাৰীদেৱে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক ড°দেৱজিত খনিকৰ আৰু অসমৰ ৰাজ্যপালৰ সচিব শ্রীযুত এচ. এন. ভৌমিকদের। কর্মশালাখন দৈনিক দুপৰীয়া ২ বজাৰ পৰা বিয়লি ৮-৩০ বজালৈ চলি থাকিব। উক্ত…
Read More
অসমক কেন্দ্ৰই শীঘ্ৰে ২০০০ কোটি টকাৰ বান সাহাৰ্য পেকেজ দিয়ক

অসমক কেন্দ্ৰই শীঘ্ৰে ২০০০ কোটি টকাৰ বান সাহাৰ্য পেকেজ দিয়ক

চিপিআই (এম-এল)ৰ অসম ৰাজ্যিক সমিতয়ে দুবাৰকৈ অহা বানত অসমৰ ৩২ খন জিলাৰ ৫৫ লাখ লোক আক্ৰান্ত হোৱা আৰু শতাধিক লোক মৃত্যু হোৱা তথা কেবা লাখ হেক্টৰ খেতি পথাৰ ধ্বংস হোৱা ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু বানপীড়িত ৰাইজক সাহাৰ্য প্ৰদান আৰু উদ্ধাৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি ব্যক্ত কৰিছে। দলৰ এক বিজ্ঞপ্তি কয় যে বানপীড়িত বহু অঞ্চলৰ ৰাইজে এতিয়াও বান সাহাৰ্য পোৱা নাই আৰু যি অঞ্চলসমূহে সাহাৰ্য লাভ কৰিছে সেয়া কণা হাহক পতাণ দিয়াৰ দৰে হৈছে বুলি ৰাইজে অভিযোগ উঠাইছে। দলটোৱে প্ৰশ্ন কৰিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুহাত খুলি সাহাৰ্য দিয়াৰ অৰ্থ এয়ে নেকি? আটাইতকৈ উদ্বেগৰ…
Read More
আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস উপলক্ষে অসম অলিম্পিক সন্থাৰ উদ্যোগত আন্তঃবিশ্ববিদ্যালয় তৰ্ক প্ৰতিযোগিতা আৰু আন্তঃমহাবিদ্যালয় ক্ৰীড়া কুইজ প্ৰতিযোগিতা সম্পন্ন

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস উপলক্ষে অসম অলিম্পিক সন্থাৰ উদ্যোগত আন্তঃবিশ্ববিদ্যালয় তৰ্ক প্ৰতিযোগিতা আৰু আন্তঃমহাবিদ্যালয় ক্ৰীড়া কুইজ প্ৰতিযোগিতা সম্পন্ন

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস উপলক্ষে বৃহস্পতিবাৰে অসম অলিম্পিক সন্থাৰ উদ্যোগত গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত আন্তঃবিশ্ববিদ্যালয় তৰ্ক প্ৰতিযোগিতা আৰু আন্তঃমহাবিদ্যালয় ক্ৰীড়া কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। তৰ্ক প্ৰতিযোগিতাত কটন বিশ্ববিদ্যালয়ে প্ৰথম স্থান, ভট্টদেৱ বিশ্ববিদ্যালয়ে দ্বিতীয় স্থান আৰু গুৱাহাটী বিশ্ববিদ্যালয়ে তৃতীয় স্থান লাভ কৰি ক্ৰমে ৫০,০০০, ৩০,০০০ আৰু ২০,০০০ টকাৰ প্ৰাইজমানী লাভ কৰে। তদুপৰি শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰি দৰং কলেজৰ মনোজ বৰুৱাই ২০,০০০ টকা, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ গুঞ্জন ৰাজবংশীয়ে দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰি ১৫,০০০ টকা আৰু কটন কলেজৰ ত্ৰিদিপ ভাগৱতীয়ে তৃতীয় শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰি ১০,০০০ টকাৰ প্ৰাইজমানী লাভ কৰে। আনহাতে, ক্ৰীড়া কুইজ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰি…
Read More
 নলবাৰীৰ নমাটিত বৃহত্তৰ দিছপুৰ অনুভূতি নাগৰিক মঞ্চৰ বান সাহায্য বিতৰণ

 নলবাৰীৰ নমাটিত বৃহত্তৰ দিছপুৰ অনুভূতি নাগৰিক মঞ্চৰ বান সাহায্য বিতৰণ

বৃহত্তৰ দিছপুৰ অনুভূতি নাগৰিক মঞ্চই কালি নলবাৰী জিলাৰ নমাটি অঞ্চলত স্থানীয় বানাক্ৰান্ত ৰাইজৰ মাজত বান সাহায্য বিতৰণ কৰে। স্থানীয় ভাস্কৰজ্যোতি সংঘৰ সহযোগত বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে বানাক্ৰান্ত ৰাইজৰ মাজত খাদ্য সামগ্ৰী আৰু বস্ত্ৰ বিতৰণ কৰে। বৃহত্তৰ দিছপুৰ অনুভূতি নাগৰিক মঞ্চৰ সভানেত্ৰী মানসী আদিলৰ নেতৃত্বত গুৱাহাটীৰ পৰা যোৱা প্ৰতিনিধি দলটোত আছিল উপ-সভাপতি ইউছুফ আলম চৌধুৰী, সাধাৰণ সম্পাদিকা পাৰবীন হুছেইন, কোষাধ্যক্ষ মাজিদা আহমেদৰ লগতে কাৰ্যকৰী সদস্য অনুৱাৰা বেগম,মমী ৰহমান, ৰুফিয়া বেগম,আজাহাৰ উদ্দিন আহমেদ। এই কাৰ্যসূচী সফল ৰূপায়ণত স্থানীয় ভাস্কৰজ্যোতি সংঘৰ বিষয়ববীয়া সকলৰ লগতে স্থানীয় কেইবাজনো ব্যক্তিয়ে সহযোগিতা আগবঢ়াই। বৃহত্তৰ দিছপুৰ অনুভূতি নাগৰিক মঞ্চৰ প্ৰতিনিধি দলটোৱে বৃহত্তৰ অঞ্চলটো পৰিভ্ৰমণ কৰি ৰাইজৰ অৱস্থাৰ বুজ লয়।
Read More
মুক্ত যৌনতা নিষিদ্ধ থাকিব কাটাৰ বিশ্বকাপত

মুক্ত যৌনতা নিষিদ্ধ থাকিব কাটাৰ বিশ্বকাপত

ফুটবলৰ আটাইতকৈ ডাঙৰ প্ৰতিযোগিতা বিশ্বকাপ এইবাৰ কাটাৰত অনুষ্ঠিত হ'বলৈ গৈ আছে। ২১ নৱেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ চলিব লগা প্ৰতিযোগিতাখনত ৩২ টা দলে যুজঁত নামিব। সমগ্ৰ বিশ্বৰ অনুৰাগীসকলে ফুটবল বিশ্বকাপ চাবলৈ কাটাৰত উপস্থিত হ'বলৈ ওলাইছে। এই প্ৰতিযোগিতাখনৰ শিহৰণ এনেকুৱা যে লাখ লাখ দৰ্শক বিভিন্ন দেশৰ পৰা নাগৰিব আহিব, কিন্তু এইবাৰ কিছু লোকৰ আনন্দৰ ক্ষেত্ৰত ব্যাঘাত জন্মিব, কিয়নো কাটাৰ প্ৰশাসনে বহু ক্ষেত্ৰত কঠোৰ হৈছে। দৰাচলতে, যিসকল অবিবাহিত ব্যক্তিয়ে আনন্দ আৰু পাৰ্টি কৰে তেওঁলোকে কাটাৰত কঠোৰ নিয়ম অনুসৰণ কৰিব লাগিব। ফুটবল বিশ্বকাপৰ সময়ত সাধাৰণতে দেখা যায় যে কন্ডমৰ বিক্ৰী বৃদ্ধি পায়। যৌন কৰ্মীবৃদ্ধি হয় আৰু তেওঁলোকে এক বৃহৎ উপাৰ্জন কৰে। এইবাৰ এইটো নহ'ব।…
Read More
আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱসত  প্ৰাইজমানি দৌৰ সম্পন্ন

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱসত  প্ৰাইজমানি দৌৰ সম্পন্ন

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস উপলক্ষে অসম এথলেটিকছ সন্থা আৰু গুৱাহাটী ক্ৰীড়া সন্থাৰ যুটীয়া উদ্যোগত বৃহস্পতিবাৰে সফলতাৰে অনুষ্ঠিত হয় প্ৰাইজমানি ১০ কিলোমিটাৰ দৌৰ প্ৰতিযোগিতা। পুৱা ৫ বজাত খানাপাৰা খেলপথাৰৰ পৰা আৰম্ভ হোৱা  প্ৰতিযোগিতাৰ ফ্লেগ অফ কৰে এথলীট অম্লান বৰগোঁহাই,অসম এথলেটিকচ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ,মোহময়ী অভিনেত্ৰী প্ৰস্ততি পৰাশৰ আৰু জনপ্ৰিয় কন্ঠশিল্পী ভৃগু কাশ্যপে। খানাপাৰাৰ পৰা আৰম্ভ হৈ  নেহেৰু ষ্টেডিয়ামত সামৰণি পৰা প্ৰতিযোগিতাৰ পুৰুষৰ শাখাত প্ৰথম বিজয় ডেকা,দ্বিতীয় বিপিন মুণ্ডা,তৃতীয় হান্নান আলী,চতুৰ্থ  তপোজ্জল ফুকন,পঞ্চম স্থান লাভ কৰে দেৱজিৎ ৰজকে। আনহাতে মহিলাৰ শাখাত প্ৰথম ৰেখামণি শইকীয়া,দ্বিতীয় মোতোৱাৰা আহমেদ,তৃতীয় ধৃতিমা উজীৰ,চতুৰ্থ সবিতা কুমাৰী আৰু পঞ্চম পুৰস্কাৰ ৰেজিনা পাৰ্বীনে লাভ কৰে।প্ৰতিযোগিতাৰ শেষত নেহেৰু ষ্টেডিয়ামত বিজয়ী প্ৰতিযোগীসকলক আমন্ত্ৰিত…
Read More
গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ গ্ৰীষ্মকালীন শিশু নাট কৰ্মশালা

গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ গ্ৰীষ্মকালীন শিশু নাট কৰ্মশালা

অহা ২ জুলাইৰ পৰা ২১ জুলাইলৈ গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ উদ্যোগত  আৰু বিষ্ণু নিৰ্মলা ন্যাসৰ সহযোগত উজান বজাৰস্থিত বিষ্ণু নিৰ্মলা ভৱনত অনুষ্ঠিত হ’ব এখনি  গ্ৰীষ্মকালীন শিশু নাট কৰ্মশালা৷আজি দিনৰ ১বজাত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদমেলত এই কথা সদৰি কৰে গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ বিষয়ববীয়া সকলে৷ এই  ২০ দিনীয়া কৰ্মশালাৰ মূল বিষয় হ’ব “ দেশৰ লগতে  অসমৰ স্বাধীনতা সংগ্ৰামৰ শ্বহীদ সকলৰ ত্যাগ,ভূমিকা আৰু অৱদান"৷কৰ্মশালাখনৰ পৰিচালক হিচাপে থাকিব নাট্যকাৰ-পৰিচালক -অভিনেতা মাণিক ৰয়৷কৰ্মশালাৰ পাঠদানৰ সময়সূচী পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১বজালৈ৷ ইচ্ছুক শিকাৰুসকলে প্ৰ-পত্ৰৰ বাবে ৯৮৬৪০  ৪৭৩৬৩/৭০০২৬ ০৫৭৯২ নম্বৰত ফোন কৰি অথবা বিষ্ণু নিৰ্মলা ভৱন (দ্বিতীয় মহলা)লতাশিল,উজানবজাৰ আৰু মাইম একাডেমী ,চতুৰ্থ মহলা,হেদায়েৎপুৰ(বাণী…
Read More
এছিয়ান ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপত পুনৰ ব্ৰঞ্জ

এছিয়ান ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপত পুনৰ ব্ৰঞ্জ

শনিবাৰে ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি ৪১ সংখ্যক এছিয়ান ট্ৰেক চাইক্লিং চেম্পি্য়নশ্বিপত ভাৰতীয় দলক নেতৃত্ব দি দলীয় পাৰছুইট ইভেন্টত ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হোৱা অসমৰ চয়নিকা গগৈয়ে প্ৰতিযোগিতাখনত  আন এটা সফলতা আজুৰি আনিছে। নতুন দিল্লীত চলি থকা প্ৰতিযোগিতাখনৰ মহিলাৰ এলিট স্ক্ৰেটছ ৰেচৰ ১০ কিঃমিঃ ইভেন্টত চয়নিকাই বুধবাৰে ব্ৰঞ্জৰ পদক জয় কৰে।  এই সফলতাৰ বাবে অসম চাইক্লিং সন্থাৰ সভাপতি হৰমিত সিং আৰু সাধাৰণ সম্পাদক ড০ তপন দাসে চয়নিকাক অভিনন্দন জনাইছে।
Read More