30
Apr
গুৱাহাটী বিশ্ববিদ্যালয়ৰ এম্প'লয়িজ এছোচিয়েছনৰ ( জি ইউ ই এ ) ২০২২ - বৰ্ষৰ বিষয়ববীয়াৰ বাছনি ( চি - গ্ৰেড ) সন্দৰ্ভত কালি ষ্টুডেন্টছ ডে হোমত নিৰ্বাচন অনুষ্ঠিত হয় । পুৱা ১০.৩০ বজাৰ পৰা বিয়লি ২ বজালৈ তিনিটা বিষয়ববীয়া আৰু সাতোটা সদস্যৰ বাছনিৰ বাবে অনুষ্ঠিত নিৰ্বাচনত ২১৫ টা ভোটাৰ কৰ্মচাৰীৰ ভিতৰত ১৯৬ জনে ভোটদান কৰে । ভোটদানৰ হাৰ আছিল ৯১ শতাংশ । আনহাতে নিৰ্বাচনৰ ৰিটাৰ্ণিং বিষয়াৰ দায়িত্বত আছিল বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতি । ইফালে বিয়লি প্ৰায় ৩ বজাৰ পৰা অনুষ্ঠিত ভোটগণনাৰ অন্তত সন্ধিয়া ফলাফল সমূহ ঘোষণা কৰা হয় । সেই অনুসৰি সাধাৰণ সম্পাদক পদত অঞ্জনজ্যোতি পাটোৱাৰী ,…
