উত্তৰ-পূৱ

জন্মদিনত বৰঝাৰ বিমানবন্দৰত সুধাকণ্ঠক সোঁৱৰণ

জন্মদিনত বৰঝাৰ বিমানবন্দৰত সুধাকণ্ঠক সোঁৱৰণ

ৰাজ্যৰ আন আন প্ৰান্তৰ দৰে গুৱাহাটীৰ  বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আজি ভাৰতৰত্ন  , সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ  ৯৬ সংখ্যক  জন্মদিনত  সোঁৱৰণ  কৰা হয়।  বিমানবন্দৰ পৰিচালনাৰ দায়িত্বত থকা আদানী গ্রুপৰ কাৰ্যালয় চৌহদত  বিমানবন্দৰৰ বিভিন্ন বিভাগত কৰ্মৰত প্ৰায় ৮০ জনৰো অধিক বিষয়া - কৰ্মচাৰীৰ  উপস্থিতিত ডঃ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যপৰ্ণ আৰু বন্তি  প্ৰজ্বলনৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰে  কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বৰঝাৰ বিমানবন্দৰৰ  মুখ্য বিমানকোঠ  বিষয়া  উৎপল বৰুৱাই । এই উপলক্ষে বৰঝাৰ  বিমানবন্দৰৰ জনসম্পৰ্কৰক্ষী বৰুৱাই বিষয়া ৰুমা দেৱীয়ে আঁত ধৰা অনুষ্ঠানত  ভাষণ প্ৰসংগত উৎপল বৰুৱাই অসমীয়া জাতিৰ হিয়াৰ আমঠু স্বৰূপ ডঃ ভূপেন হাজৰিকাৰ বহুমুখী প্ৰতিভাৰ ওপৰত আলোকপাত কৰি  কয় অসমীয়া  গীতক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ…
Read More

বিৰাট কোহলিৰ ‘বিৰাট’ অভিলেখ।

বিৰাট কোহলিৰ 'বিৰাট' অভিলেখ। উল্লেখযোগ্য যে ৮ ছেপ্টেম্বৰত আফগানিস্তানৰ বিৰুদ্ধে শতকীয় ইনিংছ খেলি ক্ৰিকেটত ৭১টা শতক অৰ্জনৰ গৌৰৱ অৰ্জন কৰিলে কোহলিয়ে।এছিয়া কাপত টীম ইণ্ডিয়াই ফাইনেলত প্ৰবেশ কৰিব নোৱাৰিলেও বুধবাৰে আফগানিস্তান (Ind Vs Afghanistan)ৰ বিৰুদ্ধে এক বিৰাট অভিলেখ ৰচিলে বিৰাট কোহলিয়ে। আফগানিস্তানৰ বিৰুদ্ধে শতকীয় ইনিংছ খেলি ক্ৰিকেটত ৭১টা শতক অৰ্জনৰ গৌৰৱ অৰ্জন কৰিলে কোহলিয়ে। ইয়াৰ লগে লগে কোহলিয়ে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনয়াক ৰিকি পণ্টিঙৰ অভিলেখ স্পৰ্শ কৰিলে।পণ্টিঙৰ সৈতে এই মুহূৰ্তত সৰ্বাধিক শতক অৰ্জনৰ তালিকাৰ দ্বিতীয় স্থানত আছে কোহলি। কোহলিৰ সন্মুখত এতিয়া কেৱল ক্ৰিকেটৰ ভগৱান শচীন। তেণ্ডুলকাৰে নিজৰ কেৰিয়াৰত মুঠ ১০০টা শতক অৰ্জনৰ কীৰ্তি গঢ়ি থৈছে।উল্লেখ্য যে বিগত প্ৰায় ৩ বছৰৰ পিছত এইটো…
Read More

বিদুৎ বিভাগৰ চৰম গাফিলতি তথা অৱহেলা ।

বিদুৎ বিভাগৰ চৰম গাফিলতি তথা অৱহেলা ।চৰম অৱহেলাৰ পৰিচয় দাঙি ধৰিলে আমগুৰিৰ বৈদ্যুতিক উপসংমণ্ডলে। আমগুৰি বৈদ্যুতিক উপসংমণ্ডৰ অধীনস্থ নতুন লোণপুৰীয়াৰ দৃশ্য ।সামান্য উচ্চতাতে এনেদৰে বিপদ শংকূল ভাৱে ওলমি আছে বিদ্যুৎ পৰিবাহী তাৰ ।ৰাইজৰ অভিযোগৰ প্ৰতি কাণসাৰ নিদিয়াৰ গুৰুত্বৰ অভিযোগ স্থানীয় ৰাইজৰ ।জৰুৰীকালীন অৱস্থাত কৰ্তব্যৰত লাইন মেইন গৰাকীক ফোনৰ যোগে অৱগত কৰাৰ পাছতো কোনো গুৰুত্বৰ নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে
Read More

বজালীত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।

বজালীত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।উল্লেখযোগ্য যে পাঠশালাৰ মাজমজিয়াত ভয়ংকৰ অগ্নিকাণ্ডটো হয় বুলি জানিব পৰা গৈছে ।তিনিখন ব্যৱসায়িক প্ৰতিষ্ঠানত অগ্নিকাণ্ডৰ ঘটনা ইউনিয়ন বেংকৰ তলত অগ্নিকাণ্ড হয়।জানিব পৰা মতে চৰ্টচাৰ্কিতৰ ফলত হয় জুইৰ সূত্ৰপাত হয়।ঘটনাস্হলীত ৫ খন অগ্নিনির্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।পৰিস্থিতিৰ বুজ লবলৈ ঘটনাস্থলীত মন্ত্ৰী ৰণজিৎ দাস উপস্থিত।তিনিখন দোকান জুইত ভস্মীভূত হয় বুলি জানিব পৰা গৈছে।
Read More

NEET ত উজ্বলিল লাহৰীঘাটৰ এগৰাকী কৃতী ছাত্ৰ

প্ৰৱল ইচ্ছা ,আগ্ৰহ আৰু ধৰ্য্য থাকিলে যে দৰিদ্ৰা কেতিয়াওঁ সফলতাৰ হেঙাৰ হব নোৱাৰে তাকে পুনৰবাৰ প্ৰমান কৰি দেখুৱালে লাহৰীঘাটৰ এটি বি পি এল পৰিয়ালৰ ছাত্ৰই । NEET ২০২২ পৰীক্ষাত ৫৭৫ নম্বৰ লাভ কৰি সফলতাৰে উত্তীৰ্ণ হৈ সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিলে লাহৰীঘাটৰ দাতিয়ালবড়ী গাৱৰ ফাইজুৰ ৰহমান আৰু ৰহিমা খাতুনৰ একমাত্ৰ সন্তান ৱাহিদুৰ ৰহমানে । আজমল চুপাৰ ৪০ ৰ পৰা এইবাৰ সফলতাৰে উত্তীৰ্ণ হৈ কৃতী ছাত্ৰগৰাকীয়ে ভৱিষ্যতে এগৰাকী সু চিকিৎসক হোৱাৰ আশা কৰিছে । নিজৰ ভেটি মাটিৰ আধা অংশ বিক্ৰী কৰি পুত্ৰক পঢ়োৱাই আজিৰ এই সফলতাত পিতৃ মাতৃৰ লগতে পৰিয়ালবৰ্গৰ মাজত এক আনন্দৰ পৰিৱেশ বিৰাজ কৰিছে ।
Read More
কোকৰাঝাৰত ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

কোকৰাঝাৰত ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

ৰাজ্যৰ স্বাস্থ্য পৰিয়াল-পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা তথা গৱেষণা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি কোকৰাঝাৰৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে। অসম চৰকাৰৰ কেবিনেট বৈঠকত অংশগ্ৰহণৰ বাবে কোকৰাঝাৰ ভ্ৰমণৰত স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে মঙ্গলবাৰে আগবেলা ৰাজ্য চৰকাৰৰ স্বাস্থ্য, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত-সচিব সিদ্ধাৰ্থ সিং, ৰাজ্যৰ চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ বৰ্মন আৰু অতিৰিক্ত চিকিৎসা শিক্ষা সঞ্চালক তথা এন এইচ এম ৰাজ্যিক কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ চৌধুৰীক লগত লৈ  অসামৰিক চিকিৎসালয়খনত উপস্থিত হৈ চিটি স্কেন কক্ষ, পৰীক্ষাগাৰ, বহিঃ ৰোগী সেৱা বিভাগ, পুৰুষ আৰু মহিলা ৱাৰ্ডকে ধৰি বিভিন্ন কক্ষ পৰিদৰ্শন কৰে। বিভাগীয় মন্ত্ৰী মহন্তই এই পৰিদৰ্শনকালত ৰোগী আৰু তেওঁলোকৰ আত্মীয়ৰ সৈতেও মত…
Read More

বটদ্ৰৱা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

বটদ্ৰৱা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ।গ্ৰেপ্তাৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী হিজমূল বাহাৰ বুলি জানিব পৰা গৈছে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী হিজমূল বাহাৰৰ ঘৰ জুৰিয়াৰ বাটমাৰিত।ধৃত ড্ৰাগছ ব্যৱসায়ীটোৰ পৰা আৰক্ষীয়ে এটা চাবোনৰ বাকচ ভৰ্তি ড্ৰাগছ, এটা মোবাইল হেনছেট আৰুAS02 AJ 1249 নম্বৰৰ এখন মটৰ চাইকেল জব্দ কৰে আৰক্ষীয়ে।আৰক্ষীয়ে আধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ড্ৰাগছ সৰবৰাহকাৰীটোক ।
Read More

বিতৰ্ক‌ই যেন লগ এৰা নাই গেলেকিস্থিত পাঞ্জাৱ নেচনেল বেংকৰ

বিতৰ্ক‌ই যেন লগ এৰা নাই গেলেকিস্থিত পাঞ্জাৱ নেচনেল বেংকৰ ।। ইটোৰ পিছত সিটো বিতৰ্কত সোমাই পৰিছে গেলেকীৰ পঞ্জাৱ নেচনেল বেংকৰ শাষা ।।প্ৰত্যেকবাৰে ন-ন অভিযোগ গ্ৰাহকৰ শাখাটোৰ বিৰুদ্ধে ।। পূৰ্বতে এই শাষাৰ অধীনস্থ গ্ৰাহক সেৱা কেন্দ্ৰ‌ই বহু সমস্যাত পেলাইছিল একাংশ দৰিদ্ৰ গ্ৰাহকক ।। এইবাৰ খোদ শাখাটোৰ কৰ্মচাৰীৰ কৰ্মৰাজিৰ বাবে সমস্যাত পৰিব লগা হৈছে সাধাৰণ গ্ৰাহকৰ লগতে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী ।। KYC UPDATED ৰ বাবে দীঘলীয়া সময় অপেক্ষা কৰিব লগীয়া হৈছে একাংশ গ্ৰাহকে ।। মাহৰ পাছত মাহ ওকলি যোৱাৰ পাছতো KYC UPDAT নোহোৱাৰ অভিযোগ উত্থাপন হৈছে গেলেকীৰ শাখাটোৰ বিৰুদ্ধে ।। KYC UPDATE নোহোৱাৰ বাবে সমস্যাত পৰিছে সাধাৰণ গ্ৰাহক ।
Read More

নুমলীগড়ৰ এটা বৃহৎ অঞ্চলত সৃষ্টি হৈছে ভয়াৱহ সমস্যাৰ

নুমলীগড়ৰ এটা বৃহৎ অঞ্চলত সৃষ্টি হৈছে ভয়াৱহ সমস্যাৰ । বিদ্যালয়লৈ অহা ছাত্ৰ ছাত্ৰী ভয়তে আধা বাটৰ পৰাই উভতিব লগা পৰিৱেশৰ সৃষ্টি হৈছে । আজি কিছু দিন ধৰি আতংকৰ সৃষ্টি কৰিছে এটা প্ৰকাণ্ড বন্যহস্তীয়ে । সমীপতে থকা বৃহৎ হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা এটা প্ৰকাণ্ড হাতীৰ বাবে নুমলীগড়ৰ বগীঢলা অঞ্চলত পথেৰে যি কোনো সময়ত পাৰ হৈ যোৱাত অসুবিধাৰ সন্মুখীন হৈছে। একাংশ লোকে মতপ্ৰকাশ কৰিছেযে কিছু আঘাতপ্ৰাপ্ত এই হাতীটোৱে যিকোনো মুহূৰ্ত্তত পথত প্ৰৱেশ কৰি মানুহক খেদি যায় । আজি বিদ্যালয়লৈ অহা বহু ছাত্ৰ ছাত্ৰী আধাবাটৰ পৰা উভতিব লগা হয় । কাৰণ বিদ্যালয়ৰ খেল পথাৰত বহু সময় হাতীটোৱে বিচৰন কৰি সমীপৰ চাহ…
Read More

বিদ্যালয় একত্ৰিকৰণ কৰিলে আমি পঢ়া-শুনা এৰিম!

এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ৰাজ্যৰ শিক্ষা মন্ত্ৰীলৈ আহ্বান বিদ্যালয় একত্ৰিতকৰণ নকৰিব, তেনে কৰিলে আমি বহু কষ্টৰ সন্মুখীন হম ৷ চৰকাৰৰ সিদ্ধান্ত সলনি নকৰিলে বিদ্যালয়খন শিক্ষা এৰি দিয়াৰ হুংকাৰ ছাত্ৰ ছাত্ৰীৰ ৷উল্লেখযোগ্য যে দক্ষিণ কামৰূপৰ ছয়গাঁও শিক্ষাখণ্ডৰ অন্তৰ্গত কালাতলী পথাৰস্থিত কালাতলী আঞ্চলিক হাই স্কুলখন টপাৰ পথাৰৰ জাকিৰ হুছেইন হাইস্কুলৰ লগত একত্ৰিকৰণ কৰাৰ খবৰ লাভ কৰিয়েই ক্ষোভিত হৈ পৰিছে বিদ্যালয়খনৰ শিক্ষাৰ্থী৷ শিক্ষাৰ্থী সকলে বিদ্যালয় চৌহদতে প্ৰতিবাদ সাব্যস্ত কৰি বিদ্যালয় একত্ৰিকৰণ নচলিব, শিক্ষা আমাক লাগিবই, বিদ্যালয়খন ইয়াতে থাকিব লাগিব বুলি শ্লোগান দিয়ে৷ ইপিনে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে আবেগিক হৈ পৰে ৷শিক্ষাৰ্থী সকলে  কয় যে, আমাৰ এই বৃহত্তৰ অঞ্চলত এখন হাই স্কুল আছে৷ যদি এইখনো নাথাকে তেন্তে…
Read More