উত্তৰ-পূৱ

আগষ্টত পুনৰ কঁপি উঠিব ৰাজধানী দিল্লী

আগষ্টত পুনৰ কঁপি উঠিব ৰাজধানী দিল্লী

৪ আগষ্টত পুনৰ কঁপি উঠিব ৰাজধানী দিল্লী। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ বিৰুদ্ধে এইবাৰ দিল্লী কঁপোৱাৰ হুংকাৰ। E20ৰ বিৰুদ্ধে ৪ আগষ্টত সংসদ চলো কাৰ্যসূচী ৰূপায়ন কৰিব হাজাৰ হাজাৰ চালকে। ইথানল মিশ্ৰিত পেট্ৰ'ল বন্ধ কৰাৰ দাবীৰে কৰিব ভয়ংকৰ প্ৰতিবাদ। নীটৰ প্ৰশ্নকাকত ফাদিল বিবাদৰ পাছত ক'কৰোচ জনতা পাৰ্টী' ৰ সাফল্য আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ ঘটনাৰ পাছত এইবাৰ দেশত সৃষ্টি হৈছে এক নতুন ডিজিটেল আন্দোলন। ইথানল মিহলিত পেট্ৰ’ল নীতিৰ বিৰোধিতাৰে 'E20 জনতা পাৰ্টী' নামৰ এটি সংগ্ৰামী সংগঠনে এক অভিযানৰ শুভাৰম্ভ কৰিছে। সংগ্ৰামী গোটটোৱে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ পদত্যাগ দাবী কৰাৰ লগতে প্ৰতিজন গ্ৰাহকক ১০০ শতাংশ বিশুদ্ধ পেট্ৰ’ল ক্ৰয় কৰাৰ…
Read More
দেশৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদসকলক স্মৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

দেশৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদসকলক স্মৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

কাৰ্গিল বিজয় দিৱস কাৰ্গিলত শ্বহীদ হোৱা নায়কসকলৰ সন্মানাৰ্থে পালন কৰা হয়, যিসকলে মাতৃভূমিৰ সেৱা কৰি শ্বহীদ হৈছিল। প্ৰতিবছৰে এই দিনটোত দেশৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদসকলক স্মৰণ কৰা হয়।দেশজুৰি উদযাপন কৰা কাৰ্গিল বিজয় দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধত শত্ৰুক পৰাস্ত কৰি দেশৰ পৰাক্ৰম দেখুওৱা ভাৰতীয় সেনাসকলৰ অতুলনীয় শৌৰ্য আৰু আত্মত্যাগক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰে। সামাজিক মাধ্যমত কৰা এটা বিশেষ পোষ্টৰ জৰিয়তে প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ প্ৰতি অকৃত্রিম কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে যে, বিশ্বৰ অন্যতম কঠিন আৰু প্ৰত্যাহ্বানমূলক পৰিস্থিতিতো অসাধাৰণ বীৰত্ব প্ৰদৰ্শন কৰা ভাৰতীয় সেনাৰ পৰাক্ৰমে দেশক সদায় গৌৰৱান্বিত কৰি ৰাখিব।
Read More
গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক পৰীক্ষাত সোণৰ পদক লাভ খাদিজা আখতাৱৰ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক পৰীক্ষাত সোণৰ পদক লাভ খাদিজা আখতাৱৰ

বিশ্ববিদ্যালয়খনৰ অধীনস্থ ২৭২ খন মহাবিদ্যালয়ৰ কোটি কোটি শিক্ষাৰ্থীৰ মাজৰ পৰা ইংৰাজী মেজৰত শীৰ্ষস্থান দখল কৰি স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে খাদিজাই।গুৱাহাটী বিশ্ববিদ্যালয়ৰ সদ্য ঘোষিত স্নাতক পৰীক্ষাৰ ফলাফলত উজলি উঠিছে হোজাই জিলাৰ খাদিজা আখতাৰা। আজমল ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত নীলবাগানৰ হাজী আজমল আলী কলেজৰ ইংৰাজী বিভাগৰ ছাত্ৰী খাদিজা আখতাৰাই ৮.৯৩ CGPA নম্বৰ লাভেৰে এই কৃতিত্ব অৰ্জন কৰে। তেওঁৰ এই অভূতপূৰ্ব সাফল্যই সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।অসাধাৰণ মেধাৰ পৰিচয় দিয়া খাদিজা আখতাৰাৰ আগন্তুক শৈক্ষিক জীৱনৰ সমগ্ৰ দায়িত্ব আজমল ফাউণ্ডেচনৰ মূল প্ৰতিষ্ঠাপক মৌলানা বদৰুদ্দিন আজমলে গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে।
Read More
অসমৰ ভয়ংকৰ বান পৰিস্থিতিক লৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে গভীৰ উদ্বেগ প্ৰকাশ

অসমৰ ভয়ংকৰ বান পৰিস্থিতিক লৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে গভীৰ উদ্বেগ প্ৰকাশ

অসমৰ ভয়ংকৰ বান পৰিস্থিতিক লৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে । শনিবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এক্সৰ এটা পোষ্টৰ জৰিয়তে অসমৰ বানত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে । লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ।ৰাষ্ট্ৰপতিয়ে এক্সৰ পোষ্টত লিখিছে, "অসমত বানৰ ফলত হোৱা প্ৰাণহানি আৰু ব্যাপক ধ্বংসযজ্ঞই অতিশয় মৰ্মাহত কৰিছে । এই দুৰ্যোগৰ সময়ত ক্ষতিগ্ৰস্ত সকলো লোকৰ সুৰক্ষা কামনা কৰাৰ লগতে উদ্ধাৰ, সাহায্য আৰু পুনৰ সংস্থাপনত নিয়োজিত সকলো লোকৰ সুস্বাস্থ্য আৰু মংগল কামনা কৰিলোঁ ।"
Read More
বানত এই পৰ্যন্ত মৃতকৰ সংখ্যা ৬৫ লৈ বৃদ্ধি

বানত এই পৰ্যন্ত মৃতকৰ সংখ্যা ৬৫ লৈ বৃদ্ধি

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ শেহতীয়া তথ্য অনুসৰি, এতিয়াও প্ৰায় ৬.৫৫ লাখ লোক বানৰ দ্বাৰা প্ৰভাৱিত হৈ জলবন্দী অৱস্থাত দিন অতিবাহিত কৰিবলগীয়া হৈছে।উল্লেখ্য যে, বানৰ মাজতে শনিবাৰে ৰাজ্যখনত পুনৰ চাৰিজন লোকে প্ৰাণ হেৰুৱাইছে। লগতে মৃত্যু হোৱা লোকসকলৰ ভিতৰত শিৱসাগৰ জিলাৰ ৩ জন আৰু চৰাইদেউ জিলাৰ ১ জন লোক আছে। ৰাজ্যখনত বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৬৫ লৈ বৃদ্ধি পাইছে।বৰ্তমান নদীসমূহৰ পানী লাহে লাহে হ্ৰাস পাবলৈ ধৰিছে যদিও প্লাৱিত অঞ্চলসমূহত ৰোগৰ সংক্ৰমণ প্ৰতিৰোধ কৰা, খোৱাপানী যোগান ধৰা আৰু আশ্ৰয় শিবিৰত পৰ্যাপ্ত খাদ্য সামগ্ৰী যোগান ধৰাৰ বাবে প্ৰশাসনে সাহায্য আৰু উদ্ধাৰ অভিযান সক্ৰিয়ভাৱে চলাই আছে।
Read More
কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু জিতেন্দ্ৰ সিঙৰ উপস্থিতিত অনশন ভাঙিলে সোণম ৱাংচুকে

কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু জিতেন্দ্ৰ সিঙৰ উপস্থিতিত অনশন ভাঙিলে সোণম ৱাংচুকে

অৱশেষত নিজৰ অনশন ভংগ কৰিলে জলবায়ু কৰ্মী তথা বিজ্ঞানী সোণম ৱাংচুকে ৷ শিক্ষা ব্যৱস্থাৰ সংস্কাৰ, পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ তদন্ত তথা শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে তেওঁ অনশন আৰম্ভ কৰিছিল ৷ ২৬ দিনৰ অন্তত তেওঁ নিজৰ অনশন ভংগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।এক্স হেণ্ডেলত নিজৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে ৱাংচুকে । ‘‘এইমাত্ৰ কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা, জিতেন্দ্ৰ সিং আৰু লেহ লাডাখৰ এপেক্স ব’ডীৰ জ্যেষ্ঠ নেতাসকলৰ উপস্থিতিত অৱশেষত ২৬ দিনৰ পিছত মোৰ অনশন ভংগ কৰিলোঁ । ইয়াৰ পূৰ্বে বিভিন্ন ৰাজনৈতিক দলৰ ৬৫ জন সংসদ সদস্যই মোক অনশন ভংগ কৰিবলৈ আহ্বান জনাই পত্ৰত স্বাক্ষৰ কৰিছিল । বিভিন্ন চৰ্তত দীৰ্ঘদিনীয়া আলোচনাৰ অন্তত আৰু…
Read More
নীপকোৱে মুকলি কৰিছে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী

নীপকোৱে মুকলি কৰিছে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী

নীপকোৱে মুকলি কৰিছে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী ৷ বৃহস্পতিবাৰে দিনত দুখন গেটেৰে জলবিদ্যুৎ প্ৰকল্পটোৰ পানী এৰি দিয়াৰ পাছত নিশালৈ চতুৰ্থখন গেট মুকলি কৰে নীপকোৱে ৷সৰুপথাৰ সমষ্টিৰ বিজেপি বিধায়ক বিশ্বজিৎ ফুকনে নিশা এক পোষ্ট শ্বেয়াৰ কৰি এই বিষয়ে অৱগত কৰাৰ লগতে স্থানীয় ৰাইজক সতৰ্ক হ’বলৈ আহ্বান জনায় ৷ কিয়নো নীপকোৱে এৰি দিয়া পানী দৈয়াং নদীৰে বৈ আহি সৰুপথাৰ সমষ্টিৰ লগতে গোলাঘাটৰ ভিন্নস্থানত তাণ্ডৱ সৃষ্টি কৰাৰ সম্ভাৱনা থাকে ৷
Read More
বাঢ়নী পানীত পৰি কৰুণ মৃত্যুৰ সাৱটি লয় এগৰাকী ১৭ বছৰীয়া ছাত্ৰীয়ে

বাঢ়নী পানীত পৰি কৰুণ মৃত্যুৰ সাৱটি লয় এগৰাকী ১৭ বছৰীয়া ছাত্ৰীয়ে

ধুবুৰীত বাঢ়নী পানীত পৰি কৰুণ মৃত্যুৰ সাৱটি লয় এগৰাকী ১৭ বছৰীয়া ছাত্ৰীয়ে। ধুবুৰীৰ শিশু পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ ছাত্ৰী আকছাৰা গোৱালাই আজি পুৱা প্ৰায় ১০ বজাত ঘৰৰ কাষৰ গদাধৰ নৈত পৰি মৃত্যুমুখত পৰে।
Read More
বানৰ কবলত যোৰহাট: বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীৰ অনুপস্থিতিক লৈ প্ৰশ্ন, বিদেশত থকাৰ খবৰ

বানৰ কবলত যোৰহাট: বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীৰ অনুপস্থিতিক লৈ প্ৰশ্ন, বিদেশত থকাৰ খবৰ

বানৰ কবলত যোৰহাট: বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীৰ অনুপস্থিতিক লৈ প্ৰশ্ন, বিদেশত থকাৰ খবৰ যোৰহাট: ৰাজ্যৰ কেইবাখনো জিলাত বান পৰিস্থিতি ক্ৰমাৎ অধিক ভয়াৱহ হৈ পৰাৰ সময়তে শিক্ষাৰ নগৰী যোৰহাটতো বানপানীয়ে ব্যাপক ক্ষতিসাধন কৰিছে। বহু লোকৰ ঘৰ-দুৱাৰ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে স্বাভাৱিক জনজীৱন ব্যাহত হৈছে। ইফালে চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাত বহু লোক সন্ধানহীন হৈ থকাৰ খবৰ পোৱা গৈছে। এনে দুৰ্যোগপূৰ্ণ পৰিস্থিতিৰ মাজতে যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীৰ অনুপস্থিতিক লৈ প্ৰশ্ন উত্থাপন কৰিছে একাংশই। অভিযোগ অনুসৰি, কিছুদিন পূৰ্বে বিদেশ ভ্ৰমণলৈ যোৱা বিধায়কগৰাকী এতিয়াও সমষ্টিলৈ উভতি অহা নাই। প্ৰাপ্ত তথ্য অনুসৰি, বিধানসভাৰ অধ্যক্ষৰ অনুমতি লৈ পৰিয়ালৰ সৈতে বিদেশত সময় অতিবাহিত কৰিছে বিধায়কগৰাকীয়ে। অৱশ্যে, এই সময়ছোৱাত তেওঁৰ…
Read More
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ সাম্ভাব্য বানৰ বাবে সাজু হৈ উঠিছে

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ সাম্ভাব্য বানৰ বাবে সাজু হৈ উঠিছে

উজনি অসমত ভয়াৱহ বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ সাম্ভাব্য বানৰ বাবে সাজু হৈ উঠিছে । বিভিন্ন সংবাদ মাধ্যমত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বানৰ সংক্ৰান্তত বাতৰি পৰিৱেশন হৈছে যদিও এতিয়ালৈ তেনে কোনো ভয়াৱহ পৰিস্থিতিৰ উদ্ভৱ হোৱা নাই ।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ বনাঞ্চলিক বিষয়া নিলয় বৰাই কয় "উজনি অসম যি পানী হৈছে, সেই পানী ব্ৰহ্মপুত্ৰৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পাবলৈ অকণমান সময় লাগিব । সেই পৰিপ্ৰেক্ষিততো আমি সাজু হৈ আছো । যিহেতু, সমগ্ৰ বাৰিষাৰ বতৰত পানী থাকিবই, গতিকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ ইয়াৰ কাৰণে সাজু হৈ আছে ।" তদুপৰি, পানী বঢ়াৰ লগে-লগে ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকুলৰ বিচৰণৰ বিষয়ে বিষয়াগৰাকীয়ে কয়, "সাধাৰণতে কাজিৰঙাৰ…
Read More