উত্তৰ-পূৱ

২৩ বছৰীয়া পুত্ৰৰ পিছত মাতৃও মেয়ৰ; ব্ৰিটেইনত ভাৰতীয় পৰিয়ালৰ অনন্য কৃতিত্ব

২৩ বছৰীয়া পুত্ৰৰ পিছত মাতৃও মেয়ৰ; ব্ৰিটেইনত ভাৰতীয় পৰিয়ালৰ অনন্য কৃতিত্ব

ব্ৰিটেইনৰ পৌৰ সভাৰ নিৰ্বাচনত ইতিহাস ৰচনা কৰিবলৈ সক্ষম হ’ল ভাৰতীয় মূলৰ এহাল মাতৃ-পুত্ৰ। সদ্য সমাপ্ত পৌৰ নিৰ্বাচনত পুত্ৰৰ পাছত এইবাৰ মেয়ৰ নিৰ্বাচিত হ’ল মাতৃও। সংবাদ সংস্থা পি টি আইয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা ১৩ মে’ত ইলষ্ট্ৰী আৰু ব’ৰহামউড টাউন কাউন্সিলৰ মেয়ৰ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে তুষাৰ কুমাৰ নামৰ ২৩ বছৰীয়া যুৱকজনে। ইয়াৰ লগে লগে তেওঁ ব্ৰিটেইনৰ আটাইতকৈ কম বয়সীয়া ভাৰতীয় মূলৰ মেয়ৰ হিচাপে পৰিগণিত হয়। ইয়াৰ ঠিক এসপ্তাহৰ পিছতে তেওঁৰ মাতৃ পাৰৱীন ৰাণীও হাৰ্টচমেয়াৰ বৰো কাউন্সিলৰ মেয়ৰ নিৰ্বাচিত হয়। বিগত ২০১৩ চনত হাৰিয়ানাৰ পৰা ব্ৰিটেইনলৈ প্ৰব্ৰজন কৰা পৰিয়ালটোৰ এই অভূতপূৰ্ব সাফল্যক লৈ গৌৰৱ প্ৰকাশ কৰে তুষাৰৰ পিতৃ সুনীল দাহিয়াই।…
Read More
দেশৰ ৩৫-৪০ শতাংশ অধিবক্তাৰ ডিগ্ৰী ভুৱাঃ বাৰ কাউন্সিলৰ অধ্যক্ষ মনন কুমাৰ মিশ্ৰৰ বিস্ফোৰক দাবী

দেশৰ ৩৫-৪০ শতাংশ অধিবক্তাৰ ডিগ্ৰী ভুৱাঃ বাৰ কাউন্সিলৰ অধ্যক্ষ মনন কুমাৰ মিশ্ৰৰ বিস্ফোৰক দাবী

ভাৰতৰ আদালতসমূহত ওকালতি কৰি থকা প্ৰায় ৩৫ ৰ পৰা ৪০ শতাংশ লোকৰে আইনৰ ডিগ্ৰী সম্পূৰ্ণ ভুৱা। নতুন দিল্লীত এক বিশেষ সাক্ষাৎকাৰত এই বিস্ফোৰক দাবী কৰে জ্যেষ্ঠ অধিবক্তা তথা বাৰ কাউন্সিল অব ইণ্ডিয়াৰ অধ্যক্ষ মনন কুমাৰ মিশ্ৰই। ভুৱা প্ৰমাণপত্ৰৰ জোৰত আদালতত ওকালতি চলাই থকা এনে লোকসকলৰ বাবে সমগ্ৰ আইনী ক্ষেত্ৰখনৰ মৰ্যাদা লাঘব হোৱা বুলিও তেওঁ ক্ষোভ প্ৰকাশ কৰে। শেহতীয়াকৈ ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ এক মন্তব্যক কেন্দ্ৰ কৰি সামাজিক মাধ্যমত সৃষ্টি হোৱা ‘ককৰোচ জনতা পাৰ্টি’ নামৰ চৰ্চাৰ প্ৰসংগত মত প্ৰকাশ কৰোঁতে বি চি আইৰ অধ্যক্ষগৰাকীয়ে কয় যে মুখ্য ন্যায়াধীশে আচলতে সেইসকল লোককহে আঙুলিয়াই দিছিল, যিসকলে ভুৱা ডিগ্ৰী কিনি বা তৈয়াৰ কৰি…
Read More
ইউচিচি বিধেয়কক লৈ অসম বিধানসভাত তৎপৰতা; ২৭ মে’ত হ’ব গুৰুত্বপূর্ণ আলোচনা

ইউচিচি বিধেয়কক লৈ অসম বিধানসভাত তৎপৰতা; ২৭ মে’ত হ’ব গুৰুত্বপূর্ণ আলোচনা

ৰাজ্যখনত সম নাগৰিক সংহিতা বলৱৎ কৰাৰ দিশে এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰি সোমবাৰে বিধানসভাৰ বিশেষ অধিৱেশনত উত্থাপন কৰা হ’ল বহু চৰ্চিত ইউচিচি বিধেয়ক। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ হৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী অতুল বৰাই "অসম সম নাগৰিক সংহিতা বিধেয়ক, ২০২৬" আনুষ্ঠানিকভাৱে সদনৰ মজিয়াত দাখিল কৰে। কাৰ্যসূচী অনুসৰি, অহা ২৭ মে’ত এই বিধেয়কখনৰ ওপৰত সদনত বিতং আলোচনা আৰু ইয়াক গৃহীত কৰাৰ প্ৰক্ৰিয়া হাতত লোৱা হ’ব। বিধেয়কখন উত্থাপন হোৱাৰ লগে লগে শাসক আৰু বিৰোধী পক্ষৰ মাজত এক তীব্ৰ ৰাজনৈতিক সংঘাতৰ সূচনা হৈছে। সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰে যে চৰকাৰে নিৰ্বাচনী ইস্তাহাৰত দিয়া…
Read More
বজ্ৰপাত আৰু ধুমুহাই ৰাজ্যত সংহাৰ; বিগত তিনি দিনত প্ৰাণ গ’ল ৫ জনৰ

বজ্ৰপাত আৰু ধুমুহাই ৰাজ্যত সংহাৰ; বিগত তিনি দিনত প্ৰাণ গ’ল ৫ জনৰ

ৰাজ্যৰ আকাশত হঠাতে দেখা দিয়া প্ৰতিকূল বতৰৰ বাবেই অসমৰ বিভিন্ন প্ৰান্তত বিগত তিনি দিনত বজ্ৰপাতৰ ফলত কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হৈছে কমেও পাঁচজন লোকে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, কোকৰাঝাৰ, বৰপেটা, গোলাঘাট, ওদালগুৰি আৰু ডিব্ৰুগড় জিলাৰ সুকীয়া সুকীয়া স্থানত এই শোকাৱহ ঘটনাৰাজি সংঘটিত হয়। মানুহৰ সমান্তৰালভাৱে এই সময়ছোৱাত হোৱা প্ৰচণ্ড বজ্ৰপাতৰ ফলত ৰাজ্যৰ বিভিন্ন ঠাইত অন্ততঃ ছয়টাকৈ পোহনীয়া পশুধনৰো মৃত্যু ঘটিছে। শেহতীয়া তথ্য অনুসৰি, কেৱল ২৩ মে’ দিনটোতে কোকৰাঝাৰ, বৰপেটা আৰু গোলাঘাট জিলাত এজনকৈ মুঠ তিনিজন লোকৰ কৰুণ মৃত্যু হয়। ইয়াৰ পূৰ্বে যোৱা ২২ মে’ত ওদালগুৰিত আৰু ২১ মে’ত ডিব্ৰুগড় জিলাত এজনকৈ লোকে বজ্ৰপাতৰ ফলত…
Read More
৫০ লাখ টকাৰ হেৰ’ইন জব্দ; শিলচৰ বাইপাছত আৰক্ষীৰ জালত এজন

৫০ লাখ টকাৰ হেৰ’ইন জব্দ; শিলচৰ বাইপাছত আৰক্ষীৰ জালত এজন

কাছাৰ জিলাত ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অব্যাহত থকা আৰক্ষীৰ তীব্ৰ অভিযানৰ মাজতে শিলচৰ বাইপাছৰ সমীপত জব্দ কৰা হৈছে প্ৰায় ৫০ লাখ টকা মূল্যৰ হেৰ’ইন। জিলাখনত ড্ৰাগছৰ অবৈধ কাৰবাৰ সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ উদ্দেশ্যে চলোৱা এক নিয়মীয়া তালাচী অভিযানৰ সময়তে আৰক্ষীৰ এটা দলে এই বৃহৎ সফলতা লাভ কৰে। এক গোপন সূত্ৰৰ পম খেদি শিলচৰ বাইপাছ পথত খাপ পিটি থকা আৰক্ষীৰ দলটোৱে মিজোৰামৰ পঞ্জীয়নভুক্ত এখন বোলেৰ’ বাহন অৱৰোধ কৰি তালাচী চলাওতেই উদ্ধাৰ হয় এই নিষিদ্ধ ড্ৰাগছখিনি। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, জব্দ কৰা বোলেৰ’ বাহনখনৰ ভিতৰত অতি গোপনীয়ভাৱে লুকুৱাই থোৱা আঠটাকৈ চাবোনৰ বাকচৰ পৰা প্ৰায় ৯০ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন উদ্ধাৰ কৰা হয়। ক’লা…
Read More
গুৱাহাটীত কাইলৈ অনুষ্ঠিত হ’ব বিজেপিৰ ৮২ নৱ-নিৰ্বাচিত বিধায়কৰ সম্বৰ্ধনা সভা

গুৱাহাটীত কাইলৈ অনুষ্ঠিত হ’ব বিজেপিৰ ৮২ নৱ-নিৰ্বাচিত বিধায়কৰ সম্বৰ্ধনা সভা

শেহতীয়া অসম বিধানসভা নিৰ্বাচনত এক ঐতিহাসিক বিজয় সাব্যস্ত কৰাৰ পিছতেই কাইলৈ ২৬ মে’ত গুৱাহাটীত আয়োজন কৰা হৈছে এক বিশাল সম্বৰ্ধনা অনুষ্ঠানৰ। ৰাজ্যত ধাৰাবাহিকভাৱে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ পথ প্ৰশস্ত কৰা বিজেপি দলৰ সকলো নৱ-নিৰ্বাচিত ৮২ গৰাকী বিধায়কক অসম প্ৰদেশ বিজেপিৰ তৰফৰ পৰা এই অনুষ্ঠানত বিশেষভাৱে সন্মানিত কৰা হ’ব। কাইলৈ সন্ধিয়া ৬ বজাত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত এই মূল কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব বুলি দলৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰকাশ কৰা এক বিবৃতিত জানিব পৰা গৈছে। এই সম্বৰ্ধনা অনুষ্ঠানৰ পূৰ্বে কাইলৈ পুৱা ১০ বজাৰ পৰা শ্ৰী শ্ৰী দামোদৰদেৱ প্ৰেক্ষাগৃহত ৰাজ্যৰ সকলো জিলা আৰু মণ্ডল সভাপতিৰ উপস্থিতিত এক গুৰুত্বপূৰ্ণ সাংগঠনিক বৈঠক অনুষ্ঠিত হ’ব।…
Read More
শিক্ষাৰ্থী হত্যাকাণ্ড তদন্তত ডাঙৰ সফলতা; চি বি আইৰ জালত ‘টাইগাৰ নহগিন’

শিক্ষাৰ্থী হত্যাকাণ্ড তদন্তত ডাঙৰ সফলতা; চি বি আইৰ জালত ‘টাইগাৰ নহগিন’

বিগত ২০২৩ চনৰ গোষ্ঠীগত হিংসাৰ সময়ত মণিপুৰত সংঘটিত হোৱা দুগৰাকী ছাত্ৰৰ মৰ্মন্তুদ হত্যাকাণ্ডৰ তদন্তৰ ক্ষিপ্ৰ অগ্ৰগতিৰ মাজতে অৱশেষত গ্ৰেপ্তাৰ কৰা হৈছে ঘটনাৰ মূল অভিযুক্তক। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ চি বি আই আৰু নিৰাপত্তা বাহিনীয়ে শনিবাৰে পুৱাৰ ভাগত চুৰাচান্দপুৰ জিলাত চলোৱা এক যুটীয়া অভিযানত এই সফলতা অৰ্জন কৰে। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, ধৃত অভিযুক্তজনক ‘কে এন এফ (জৌগাম)’ উগ্ৰপন্থী সংগঠনৰ কমাণ্ডাৰ নহগিন বাইটে কুকি ওৰফে ‘টাইগাৰ নহগিন’ বুলি চিনাক্ত কৰা হৈছে। সুৰক্ষা কৰ্মী আৰু চি বি আইৰ বিষয়াসকলে শনিবাৰে পুৱা চলোৱা এই পৰিকল্পিত অভিযানত অভিযুক্তটোক কৰায়ত্ত কৰাৰ পিছত অধিক তদন্ত আৰু জেৰাৰ বাবে সেইদিনাই বিয়লি প্ৰায় ৪ বজাত গুৱাহাটীলৈ…
Read More
মনিপুৰ ত নিৰাপত্তা বাহিনীৰ সফল অভিযান; ৫ জণ উগ্ৰপন্থী আটক, বহু অস্ত্ৰ উদ্ধাৰ

মনিপুৰ ত নিৰাপত্তা বাহিনীৰ সফল অভিযান; ৫ জণ উগ্ৰপন্থী আটক, বহু অস্ত্ৰ উদ্ধাৰ

বিগত কেইবাদিনো ধৰি ৰাজ্যখনত অব্যাহত থকা অশান্তজৰ্জৰ পৰিস্থিতিৰ মাজতে মণিপুৰৰ বিভিন্ন প্ৰান্তত চলোৱা ধাৰাবাহিক অভিযানত অৱশেষত গ্ৰেপ্তাৰ কৰা হৈছে নিষিদ্ধ ঘোষিত সংগঠনৰ পাঁচটাকৈ সক্ৰিয় উগ্ৰপন্থী কেডাৰ। যোৱা ২২ আৰু ২৩ মে’ত নিৰাপত্তা বাহিনীয়ে চলোৱা এই সুকীয়া সুকীয়া অভিযানত উগ্ৰপন্থী কেইটাক কৰায়ত্ত কৰাৰ লগতে তেওঁলোকৰ জিম্মাৰ পৰা বুজন পৰিমাণৰ মাৰণাস্ত্ৰ, বিস্ফোৰক আৰু গুৰুত্বপূৰ্ণ সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় সুৰক্ষা কৰ্মীসকলে। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, ২৩ মে’ত চলোৱা এক অভিযানত ইম্ফলৰ ৱাংখেই অয়াংপল্লী পথৰ পৰা ‘মণিপুৰ ৰিভল্যুশ্বনেৰী আৰ্মী’ৰ দুটা সক্ৰিয় কেডাৰক গ্ৰেপ্তাৰ কৰা হয়। ধৃত উগ্ৰপন্থী দুটা ক্ৰমে ইম্ফল পূব জিলাৰ নিংথৌজাম বিকী সিং ওৰফে মুনাল আৰু ইম্ফল পশ্চিম জিলাৰ…
Read More
স্বামীয়ে প্ৰাণ ললে পত্নীৰ

স্বামীয়ে প্ৰাণ ললে পত্নীৰ

নগাঁও জিলাৰ কঠিয়াতলীৰ ১১ মাইলত এক হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে। মাত্ৰ ৫০০ টকাৰ বাবেই ৯ মহীয়া অন্তঃসত্ত্বা পত্নীক নিষ্ঠুৰতাৰে হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে পাষণ্ড স্বামীৰ বিৰুদ্ধে। মৃত মহিলাগৰাকী ডবকাৰ আকাশীগংগা অঞ্চলৰ ইয়াছমিন বেগম বুলি জানিব কৰা হৈছে। এই ঘটনাৰ পাছৰে পৰা অভিযুক্ত স্বামী আজিম উদ্দিন পলাতক হৈ আছে।
Read More
পাকিস্তানত অঘটন

পাকিস্তানত অঘটন

পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ কুৱেটাৰ চমন ফাটকৰ সমীপত যাত্ৰীবাহী ৰে'লত এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়।এখন যাত্ৰীবাহী ৰে'লক লক্ষ্য কৰি কৰা বোমা বিস্ফোৰণত অতি কমেও ২৪ গৰাকী লোকৰ মৃত্যু হয়। লগতে ৫০ জনতকৈও অধিক লোক গুৰুতৰভাৱে আহত হয়। তথ্য অনুসৰি, জাফৰ এক্সপ্ৰেছত আত্মঘাতী বোমা বিস্ফোৰণ সংঘটিত কৰিছিল। ইপিনে বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে নিষিদ্ধ সংগঠন BLA এ। এই ৰে'লখনেৰে সামৰিক বাহিনীৰ জোৱানসকল আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে আগন্তুক ঈদৰ ছুটিৰ বাবে কুৱেটা কেণ্টনমেণ্টৰ পৰা পেছাৱাৰ অভিমুখে যাত্ৰা কৰিছিল। এই বিস্ফোৰণ ইমানেই ভয়াৱহ আছিল যে ৰে'লখনৰ দুটাকৈ ডবা ৰেল পথৰ পৰা ওলটি পৰে আৰু ক্ষন্তেকতে দাউদাউকৈ জুই জ্বলি উঠে। ফলত সমগ্ৰ এলেকা ক’লা ধোৱাৰে আচ্ছন্ন…
Read More