উত্তৰ-পূৱ

অবৈধ ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ এক্সন আৰম্ভ

অবৈধ ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ এক্সন আৰম্ভ

অবৈধ ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ এক্সন আৰম্ভ। প্ৰায় ১৮,০০০ ভাৰতীয়ই এৰিব লাগিব আমেৰিকা। ইতিমধ্যে ইয়াৰে একাংশক কৰা হৈছে বিতাড়িত।দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছতে ট্ৰাম্পে দেশখনত থকা অবৈধ নাগৰিকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা হাতত লৈছে।কেৱল ভাৰতীয়কেই নহয় , মেক্সিক’ৰ অবৈধ অনুপ্ৰৱেশকাৰী বাহিৰ কৰিবলৈ আমেৰিকা-মেক্সিকো সীমান্তলৈও অতিৰিক্ত সৈন্য প্ৰেৰণ কৰা হৈছে।
Read More
লংকাত অসম আৰক্ষীৰ বৃহৎ অভিযান

লংকাত অসম আৰক্ষীৰ বৃহৎ অভিযান

আৰক্ষীৰ অভিযানত লামডিং-লংকা সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ২ কোটি ৫০ লাখ টকাৰ নিচাজাতীয় টেবলেট জব্দ ৷ আৰক্ষীয়ে নগাঁৱৰ দুজন যুৱকক আটক কৰিছে ৷আটকাধীন দুজন যুৱক ক্ৰমে ভাস্কৰ চৰকাৰ আৰু ইয়াচিৰ আলি ৷WB 74 AW 0889 নম্বৰৰ বাহনেৰে নগাঁৱৰ পৰা লামডিং অভিমুখে অহাৰ সময়তে ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰে সামগ্ৰীখিনি।
Read More
বটদ্ৰৱাৰ কদমনিত পথ দু*ৰ্ঘটনা

বটদ্ৰৱাৰ কদমনিত পথ দু*ৰ্ঘটনা

বটদ্ৰৱাৰ কদমনিত পথ দুৰ্ঘটনা। দুৰ্ঘটনাত গুৰুত্বৰভাৱে আঘাতপ্রাপ্ত পাঁচগৰাকী কলেজীয়া ছাত্ৰী। এখন অ’টো আৰু এখন ই-ৰিক্সাৰ মাজত মুখামুখী সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। আঘাতপ্ৰাপ্ত ছাত্ৰী কেইগৰাকীক ভর্তি কৰা হয় স্থানীয় চিকিৎসালয়ত।
Read More
আজি বিশ্ব জলাশয় দিৱস

আজি বিশ্ব জলাশয় দিৱস

আজি বিশ্ব জলাশয় দিৱস। বৰপেটাৰ ঐতিহাসিক কাপলা বিলত পাৰত পক্ষী উদ্যানত আজি বিশ্ব জলাশয় দিৱসটি পালন কৰা হয়।জলাশয় সংৰক্ষণৰ যোগেদি মাছ, পক্ষী আদিক ৰক্ষণাবেক্ষণ দিবলৈ সকলোৰে মাজত সজাগতা বৃদ্ধি কৰাৰ লগতে বন ধংশৰ নকৰবলৈ আহ্বান জনায়।সকলোৱে পৰিৱেশ সংৰক্ষণ, জলাশয়সমূহ সংৰক্ষণ কৰি ৰাখিবলৈ সংকল্প গ্ৰহণ কৰে।বৰপেটা ৰোড আঞ্চলিক বন বিষয়া আৰু কামৰূপ ডিভিজনৰ উদ্যোগত বিশ্ব জলাশয় দিৱসটি পালন হয় কাপলা বিলত।
Read More
পবিতৰা অভয়াৰণ্যৰ বাবে ভাল খবৰ

পবিতৰা অভয়াৰণ্যৰ বাবে ভাল খবৰ

ভাল খবৰ, অসমৰ পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত বৃদ্ধি পাইছে জলচৰ পক্ষীৰ সংখ্যা । শেহতীয়া এক সমীক্ষা অনুসৰি, অভয়াৰণ্যখনত জলচৰ পক্ষীৰ সংখ্যা ৫০ শতাংশতকৈ অধিক বৃদ্ধি পাইছে বুলি জানিব পৰা গৈছে ।শেহতীয়া এক সমীক্ষা অনুসৰি, অভয়াৰণ্যখনত জলচৰ পক্ষীৰ সংখ্যা ৫০ শতাংশতকৈ অধিক বৃদ্ধি পাইছে বুলি জানিব পৰা গৈছে । এই বৃদ্ধিৰ লগে লগে পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত জলচৰ পক্ষীৰ সংখ্যা প্ৰায় ১১ হাজাৰ হৈছে বুলি দেওবাৰে এগৰাকী বিষয়াই জানিবলৈ দিছে ।শেহতীয়াকৈ চলোৱা এক এছিয়ান জলচৰ পক্ষীৰ জৰীপত পবিতৰাত ৫৬ টা প্ৰজাতিৰ ১০,৯৩৩ টা জলচৰ পক্ষী পোৱা গৈছে । ২০২৪ চনত পবিতৰাত চলোৱা জৰীপত ৭,২২৫ টা জলচৰ পক্ষীৰ উপস্থিতি পোৱা গৈছিল বুলি জানিব পৰা…
Read More
চৌদিশে চলিছে বাগদেৱীক আৰাধনাৰ ব্যাপক প্ৰস্তুতি

চৌদিশে চলিছে বাগদেৱীক আৰাধনাৰ ব্যাপক প্ৰস্তুতি

সমাগত সৰস্বতীৰ পূজা।ৰাজ্যৰ চৌদিশে চলিছে বাগদেৱীক আৰাধনাৰ ব্যাপক প্ৰস্তুতি।উল্লেখযোগ্য যে বসন্ত পঞ্চমীত শুভক্ষণত সৰস্বতীৰ পূজা কৰা হয়। এই দিনটোত বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী মাতা সৰস্বতীৰ নামত উৎসৰ্গিত।বিশ্বাস আছে যে, এই দিনটোত সম্পূৰ্ণ ৰীতি-নীতিৰে মা সৰস্বতীক উপাসনা কৰিলে বুদ্ধিৰ বিকাশ হয়, লগতে পৰিয়ালৰ সুখ-সমৃদ্ধি নিশ্চিত হয়। সেয়েহে বসন্ত পঞ্চমীত জ্ঞান আৰু শিক্ষাৰ দেৱী মাতা সৰস্বতীক ঘৰ, কাৰ্যালয় আৰু শিক্ষানুষ্ঠান আদিত পূজা কৰা হয়।পঞ্জিকা অনুসৰি, মাঘ মাহৰ শুক্ল পক্ষৰ পঞ্চমী তিথি ২ ফেব্ৰুৱাৰীৰ পুৱা ৯:১৪ বজাত আৰম্ভ হ’ব পূজা। এই তিথি পিছদিনা, ফেব্ৰুৱাৰী ৩ তাৰিখে পুৱা ৬:৫২ বজাত সমাপ্ত হ’ব। উদয় তিথিৰ মতে, ২ ফেব্ৰুৱাৰীত পালন কৰা হ’ব বসন্ত পঞ্চমী।
Read More
বন্যপ্ৰাণীৰ অংগৰ চোৰাং ব্যৱসায় অব্যাহত

বন্যপ্ৰাণীৰ অংগৰ চোৰাং ব্যৱসায় অব্যাহত

অসমত অব্যাহত আছে বন্যপ্ৰাণী আৰু বন্যপ্ৰাণীৰ অংগৰ চোৰাং বেহা । অতি গোপনে বন্যজন্তু তথা পক্ষীৰ শৰীৰৰ অংগ সৰবৰাহৰ চক্ৰ চলাইছে দুষ্টচক্ৰই । বুধবাৰে নিশা কাজিৰঙা বন বিভাগ আৰু নগাঁও আৰক্ষীৰ এক অভিযানে বন্যজন্তুৰ অংগৰ বেহাৰ ভয়ংকৰ তথ্য পোহৰলৈ আনে ।জানিব পৰা মতে, বন্যজন্তুৰ অংগৰ সৰবৰাহৰ বিৰুদ্ধে অভিযান চলাই বুধবাৰে নিশা বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হ'ল বন বিভাগ আৰু আৰক্ষী ।
Read More
আজি দিপালী বৰঠাকুৰৰ জন্মবাৰ্ষিকী

আজি দিপালী বৰঠাকুৰৰ জন্মবাৰ্ষিকী

অসমীয়া সংগীত জগতৰ তেনেই এটি চিনাকি নাম দিপালী বৰঠাকুৰ। পদ্মশ্ৰী সন্মান লাভ কৰা সুকণ্ঠী গায়িকাগৰাকীৰ আজি জন্মবাৰ্ষিকী। এই বিশেষ দিনটোত ৰাজ্যজুৰি স্মৰণ শিল্পীগৰাকীক। ১৯৪৭ চনত মইনামেলৰ যোগেদি তেওঁ প্ৰথম গায়িকা হিচাপে আত্মপ্ৰকাশ কৰিছিল আৰু প্ৰবেশিকা পৰীক্ষা দিয়াৰ পিছত প্ৰথমখন ছবিত নেপথ্য কণ্ঠশিল্পী হিচাপে কণ্ঠদান কৰিছিল।পদ্মশ্ৰী সন্মান লাভ কৰা দিপালী বৰঠাকুৰে বহু কালজয়ী গীতেৰে সমৃদ্ধ কৰিছিল অসমীয়া সংগীতৰ জগতখন।
Read More
হোৱাইট হাউচত সংঘটিত হৈছে ডাঙৰ বিমান দুৰ্ঘটনা

হোৱাইট হাউচত সংঘটিত হৈছে ডাঙৰ বিমান দুৰ্ঘটনা

হোৱাইট হাউচৰ সংঘটিত হৈছে ডাঙৰ বিমান দুৰ্ঘটনা। বিমানখন কানছাছ চিটিৰ পৰা ৱাশ্বিংটনলৈ অভিমুখে আহি আছিল। বিমানখন আছিল কানাডা এয়াৰৰ। দুৰ্ঘটনাটোৰ পিছত পট’মেক নদীত পৰি যায় বিমানখন । নদীখনৰ পৰা ইতিমধ্যে ১৮টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। বাতৰি অনুসৰি, বিমানখনত ৬০ জন লোক আছিল।বিমান আছিল কানাডা এয়াৰৰ। দুৰ্ঘটনাটোৰ পাছত বিমানবন্দৰত সকলো বিমানৰ উৰণ আৰু অৱতৰণ বন্ধ কৰি দিয়া হৈছে। বৰ্তমান পট’মেক নদীত আছে হেলিকপ্টাৰ আৰু বিমানখনৰ ধ্বংসাৱশেষ। দ্ৰুত গতিত চলি আছে উদ্ধাৰ অভিযান । বিমানখনৰ সৈতে সংঘৰ্ষ হোৱা হেলিকপ্টাৰখন আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ আৰ্মি ব্লাকহাক (H-60) হেলিকপ্টাৰ। দুৰ্ঘটনাটোৰ পিছত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে । ইয়াৰ উপৰিও বন্ধ কৰি দিয়া হৈছে ৰেগান ৰাষ্ট্ৰীয়…
Read More
তিনিচুকীয়াত ডকাইতি কাণ্ডৰে জড়িত এজনক আটক

তিনিচুকীয়াত ডকাইতি কাণ্ডৰে জড়িত এজনক আটক

তিনিচুকীয়াৰ পেঙেৰীৰ ডকাইতিৰে জড়িত এজনক আটক৷ ধৃত ডকাইতটো বাৰেকুৰি মতাপুঙৰ পল্লৱ চেতিয়া৷ নিশা পেঙেৰীৰ পেট্ৰ’ল পাম্পত ৫ জনীয়া ডকাইতৰ দলে সংঘটিত কৰিছিল ডকাইতি৷ বৰ্তমানেও ঘটনাৰে জড়িত ৪ জন পলাতক৷ পিষ্টল দেখুৱাই পেট্ৰ’ল পাম্পৰ পৰা ডকাইতৰ দলটোৱে লুটি নিছিল লক্ষাধিক টকা৷
Read More