অসম

উত্তৰ-পূৱৰ চাহ খেতিয়কক এফআৰপি প্ৰৱৰ্তনৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ স্মাৰক

উত্তৰ-পূৱৰ চাহ খেতিয়কক এফআৰপি প্ৰৱৰ্তনৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ স্মাৰক

ক্ষুদ্র চাহ খেতিয়কসকলক সকাহ দিয়াৰ অনুৰোধ জনাই দেশৰ প্ৰধানমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰিছে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাটাও ক্ষুদ্র চাহ খেতিয়ক সন্থাই। নর্থ ইষ্ট কনফেডাৰেচন ফৰ স্মল টী গ্র'ৱাৰ্ছৰ সভাপতি দিগন্ত ফুকন, সদৌ অসম ক্ষুদ্র চাহ খেতিয়ক পৰিষদৰ সভাপতি নাৰায়ণ লাহন, সদৌ নাগালেণ্ড ক্ষুদ্র চাহ খেতিয়ক সংস্থাৰ সভাপতি এন পল কিকন, সদৌ ত্ৰিপুৰা ক্ষুদ্র চাহ খেতিয়ক সংস্থাৰ সভাপতি ৰাচিক দেৱবাৰ্মা, সদৌ অৰুণাচল প্রদেশ ক্ষুদ্র চাহ খেতিয়ক সংস্থাৰ সভাপতি টাডাক গেব আৰু মেঘালয় ক্ষুদ্র চাহ খেতিয়ক সংস্থাৰ সভাপতি থমাছ মালায়ে যুটীয়া স্মাৰক পত্ৰ যোগে উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যা শীঘ্ৰে সমাধানৰ দাবী উত্থাপন কৰিছে৷ এক বিবৃতি যোগে চাহ উদ্যোগৰ সৈতে জড়িত সংস্থাকেইটাই কয় যে…
Read More
২০২৭ চনত অসমলৈ অনা হ’ব বৃন্দাবনী বস্ত্র: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

২০২৭ চনত অসমলৈ অনা হ’ব বৃন্দাবনী বস্ত্র: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

গুৰুজনাৰ অপূর্ব সৃষ্টি বৃন্দাবনী বস্ত্র অসমলৈ অনাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে অসম চৰকাৰৰে। বৃন্দাবনী বস্ত্র অসমলৈ অনাৰ পদক্ষেপৰূপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  শনিবাৰে লণ্ডন অভিমুখে ৰাওনা হৈছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। এই কথা সামাজিক মাধ্যমযোগে সদৰী কৰিছে। দিল্লী বিমান বন্দৰৰ পৰা ফেচবুক লাইভযোগে মুখ্যমন্ত্রীয়ে কয় যে পোন্ধৰশ শতিকাৰ শেষৰফালে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নৰনাৰায়ণৰ অনুৰোধত বৃন্দাবনী বস্ত্র সাজি উলিয়াইছিল। এই বৃন্দাবনী বস্ত্ৰখন আমাৰ অসমৰ ইতিহাসৰ সভত্যাৰ এক অমূল্য অংগ। আমি বহুতে বৃন্দাবনী বস্ত্ৰৰ বিষয়ে শুনিছো আৰু পঢ়িছো। ইয়াৰ ছবিও দেখিবলৈ পাইছো। কিন্তু বিগত পাঁচশ বছৰ কালত আমাৰ কোনো এটা প্রজন্মই এই বৃন্দাবনী বস্ত্রখন সন্মুখৰ পৰা দেখা নাই। অৱশ্যে যিসকলে কেতিয়াবা লণ্ডন…
Read More
উত্তৰ-পূব ভাৰতত প্ৰথমবাৰৰ বাবে হেলথ চিটি হস্পিটেলত DELTA সংলগ্ন uCT 780 চিটি স্কেন মেচিন ৰ উদ্বোধন

উত্তৰ-পূব ভাৰতত প্ৰথমবাৰৰ বাবে হেলথ চিটি হস্পিটেলত DELTA সংলগ্ন uCT 780 চিটি স্কেন মেচিন ৰ উদ্বোধন

উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে গুৱাহাটী ৰ হেলথ চিটি হস্পিটেল ত uCT 780 চিটি স্কেন মেচিন, যিটো কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা পৰিচালিত প্ৰিমিয়াম কাৰ্ডিয়াক চিটি স্কেন স্থাপন  কৰা হৈছে।  এয়া সমগ্ৰ উত্তৰ-পূব ভাৰতৰ বাবে এক উল্লেখযোগ্য মাইলৰ খুঁটি। এইটো হৈছে নিখুঁত ইমেজিং, ৰোগীৰ সুৰক্ষা, আৰু সঠিক নিদানৰ ক্ষেত্ৰত এক বিশ্বব্যাপী উদ্ভাৱন। ইউচিটি ৭৮০ত Al-ভিত্তিক DELTA পুনৰ্গঠন আৰু Al-DOM ড’জ মডুলেচন ব্যৱহাৰ কৰি বিকিৰণ ৮০% পৰ্যন্ত হ্ৰাস কৰাৰ লগতে বিৱৰণৰ স্পষ্টতা উন্নত কৰা হৈছে-যাৰ ফলত ই উত্তৰ-পূব ভাৰতত প্ৰথমবাৰৰ বাবে এতিয়া উপলব্ধ আটাইতকৈ নিৰাপদ উন্নত চিটি সমাধান। কাৰ্ডিঅ’লজীৰ ক্ষেত্ৰত এই ব্যৱস্থাটোৰ কাৰ্ডিঅ’এক্সফেজ এল, ডাইনামিক পিচ প্ৰযুক্তি, আৰু উন্নত ক’ৰ’নাৰী বিশ্লেষণ সঁজুলিয়ে আমাক উচ্চমানৰ…
Read More
নামঘৰত চোৰে চলালে লুটপাত

নামঘৰত চোৰে চলালে লুটপাত

নিশা হাজোৰ কৈৱৰ্তটোলাৰ শ্ৰীশ্ৰী দামোদৰ দেৱ নামঘৰত চোৰে চলালে লুটপাত। নামঘৰৰ পিছফালৰ দুৱাৰ ভাঙি চোৰে লুটি নিলে হাজাৰ হাজাৰ মূল্যৰ সা-সামগ্ৰী।নামঘৰটোৰ প্ৰণামী বাকচৰ নগদ ধনো লুটি লৈ যায় চোৰে।ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।উল্লেখ্য যে, হাজোত প্ৰতিদিনে সংঘটিত হৈ অহা চুৰিকাণ্ডই এতিয়া উদ্বিগ্ন কৰি তুলিছে হাজোবাসীক।
Read More
ধাৰাপুৰলৈ গৌৰৱ কঢ়িয়াই আনিলে কৃতী ছাত্ৰী আয়েশা ৰহমানে

ধাৰাপুৰলৈ গৌৰৱ কঢ়িয়াই আনিলে কৃতী ছাত্ৰী আয়েশা ৰহমানে

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ  আজাৰা থানাৰ অন্তৰ্গত  ধাৰাপুৰ মজলী নিবাসী অহব আলী আৰু জুনেতা বেগমৰ সুযোগ্যা সন্তান আয়েশা ৰহমানে  সদ্য ঘোষিত স্নাতকোত্তৰ পৰীক্ষাত স্বৰ্ণপদক লাভ কৰি বৃহত্তৰ ধাৰাপুৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। উল্লেখ্য যে আয়েশা ৰহমানে অসম ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত স্নাতকোত্তৰ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত সমাজতত্ত্ব বিভাগত ৯.৯৭ এছ জি পি এ নম্বৰ লাভ কৰাৰ লগতে প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰে। আয়েশা ৰহমানৰ এনে কৃতিত্বত বৃহত্তৰ ধাৰাপুৰ অঞ্চলৰ বিভিন্ন দল-সংগঠন সন্তোষ প্ৰকাশ কৰিছে। আনহাতে অলপতে অনুষ্ঠিত হোৱা অসম ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ৰ পঞ্চম দিক্ষান্ত সমাৰোহত কৃতী ছাত্ৰী আয়েশা ৰহমানক অসমৰ ৰাজ্যপা
Read More
অসম মহিলা আয়োগৰ উদ্যোগত ৰাজ্যজুৰি  ‘বিশ্বাস যাত্ৰা’ শীৰ্ষক বাইক ৰেলী

অসম মহিলা আয়োগৰ উদ্যোগত ৰাজ্যজুৰি  ‘বিশ্বাস যাত্ৰা’ শীৰ্ষক বাইক ৰেলী

মহিলাৰ সমতা আৰু ন্যায় প্ৰতিষ্ঠাৰ সজাগতাৰ বাবে অসম মহিলা আয়োগৰ উদ্যোগত ৰাজ্যজুৰি আয়োজন কৰা হৈছে 'বিশ্বাস যাত্ৰা' শীৰ্ষক বাইক ৰেলী। আজি আনুষ্ঠানিকভাৱে অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্প, গুৱাহাটীত শুভাৰম্ভণি কৰা হয়৷ ৰেলীত অংশ লৈছে অসম মহিলা আয়োগৰ অধ্যক্ষা আঙুৰলতা ডেকাই। 'বিশ্বাস যাত্ৰা' বাইক ৰেলী অনুষ্ঠানৰ শুভাৰম্ভণি অনুষ্ঠানত অসম চৰকাৰৰ মাননীয় মুখ্য সচিব ড° ৰবি কোটা , অসম চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব  মুকেশ চন্দ্ৰ চাহু , অসম চৰকাৰৰ মহাধিবক্তা শ্ৰী দেৱজিৎ শইকীয়া , অসম চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ সঞ্চালক গৌৰী শংকৰ শৰ্মা  উপস্থিত থাকে।
Read More
অলিম্পিক গেমছৰ মহিলা শাখাত তৃতীয় লিংগৰ অংশগ্ৰহণত নিষেধাজ্ঞা

অলিম্পিক গেমছৰ মহিলা শাখাত তৃতীয় লিংগৰ অংশগ্ৰহণত নিষেধাজ্ঞা

অহা অলিম্পিক গেমছৰ মহিলা শাখাত এক বৃহৎ পৰিৱৰ্তন দেখা যাব পাৰে। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে তৃতীয় লিংগ মহিলাক সকলো খেলৰ পৰা সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত লোৱাৰ দিশে আগবাঢ়িছে। পেৰিছ ২০২৪ অলিম্পিকৰ বাবে লিংগ যোগ্যতাক লৈ গুৰুতৰ বিতৰ্কৰ মাজতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। আই অ’ চিৰ নতুন সভানেত্ৰী কিৰ্ষ্টি কভেণ্ট্ৰিয়ে স্পষ্টভাৱে উল্লেখ কৰিছে যে মহিলা শাখাৰ সুৰক্ষা আৰু ন্যায়পৰায়ণতা তেওঁৰ শীৰ্ষ অগ্ৰাধিকাৰ। যোৱা বছৰ পেৰিছ অলিম্পিকৰ মহিলা বক্সিং ফাইনেলত এক বৃহৎ বিতৰ্কৰ সৃষ্টি হৈছিল। আলজেৰিয়াৰ ইমান খলিফ আৰু চীনা টাইপেইৰ লিন ইউ-টিঙে দুয়োগৰাকীয়ে সোণৰ পদক লাভ কৰিছিল যদিও ইয়াৰ পূৰ্বে লিংগ যোগ্যতা পৰীক্ষাত ব্যৰ্থ হোৱাৰ বাবে ২০২৩ চনৰ বিশ্ব চেম্পিয়নশ্বিপৰ…
Read More
ৰাজসাহায্যযুক্ত মচুৰ দাইল, চেনি আৰু নিমখ যোগান আচঁনিৰ  শুভাৰম্ভ

ৰাজসাহায্যযুক্ত মচুৰ দাইল, চেনি আৰু নিমখ যোগান আচঁনিৰ  শুভাৰম্ভ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনস্থ পৰিয়াললৈ ৰাজসাহায্যযুক্ত মচুৰ দাইল, চেনি আৰু নিমখ যোগান আচঁনিৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। ৰাজ্যৰ প্ৰায় ৩৩ হেজাৰ সুলভ মূল্যৰ দোকানতো আজি মন্ত্রী, বিধায়ক বা স্থানীয় বিশিষ্টব্যক্তিৰ উপস্থিতিত হিতাধিকাৰীসকলৰ অংশগ্রহণেৰে এই উপলক্ষে একোখনকৈ সভা অনুষ্ঠিত হয়। এই সভাসমূহত গুৱাহাটীৰ কেন্দ্ৰীয় অনুষ্ঠানটো পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হয়। ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত বৰ্তমান ৰাজ্যখনত থকা প্রায় ৭০ লাখ পৰিয়ালে এই আঁচনিৰ সুবিধা লাভ কৰিব। ইয়াৰ জৰিয়তে প্রায় ২ কোটি ৪৫ লাখ হিতাধিকাৰী উপকৃত হ'ব। এই আঁচনিৰ জৰিয়তে প্রতিমাহে প্রতিখন ৰেচন কাৰ্ডৰ বিপৰীতে ৬৯ টকাত…
Read More
২০০ৰো অধিক কণ্ঠশিল্পীয়ে চানমাৰি খেলপথাৰত গীতেৰে স্মৰণ কৰিব প্ৰাণৰ শিল্পীগৰাকীক

২০০ৰো অধিক কণ্ঠশিল্পীয়ে চানমাৰি খেলপথাৰত গীতেৰে স্মৰণ কৰিব প্ৰাণৰ শিল্পীগৰাকীক

বিগত তিনিটা দশক জুৰি অসমীয়া সংগীতৰ একক, অনন্য, অতুলনীয় আৰু এক অম্লান সত্ত্বা হিচাপে প্রতিগৰাকী অসমীয়াৰ বুকুৰ আপোন হৈ পৰা জুবিন গার্গৰ আকস্মিক আৰু অনাকাংক্ষিত মৃত্যুত সমগ্র ৰাজ্যবাসী ম্রিয়মাণ হৈ থকাৰ সময়তে অসমৰ কণ্ঠশিল্পীসকলে একত্ৰৰূপত প্ৰাণৰ শিল্পীগৰাকীক তেখেতৰ গীতেৰেই শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে আয়োজন কৰিছে এক বিশাল আৰু ব্যতিক্রমী অনুষ্ঠান 'জুবিন- জোনাক কণ্ঠলৈ সুৰৰ অৰ্ঘ্য'। সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি আয়োজকসকলে জনায় যে অহা ১৯ নৱেম্বৰ, সন্ধিয়া ৫ বজাৰ পৰা চান্দমাৰিৰ অসম অভিযান্ত্রিক প্রতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানত হার্টথ্র'ব জুবিন গাৰ্গে কণ্ঠদান কৰা ভক্তিমূলক, আধুনিক, লোকসংগীত, জনজাতীয় গীতকে ধৰি প্রতিটো ধৰণৰ প্রায় দুকুৰি গীত কণ্ঠশিল্পীসকলে পৰিৱেশন…
Read More
টিন ইণ্ডি ফিল্ম এৱাৰ্ড ২০২৫ত উন্মোচনী ছবি হিচাপে প্ৰদৰ্শন অসমীয়া বোলছবি ‘গুডবাই গুৰুজী’

টিন ইণ্ডি ফিল্ম এৱাৰ্ড ২০২৫ত উন্মোচনী ছবি হিচাপে প্ৰদৰ্শন অসমীয়া বোলছবি ‘গুডবাই গুৰুজী’

বাংগালুৰুৰ আৰ ভি বিশ্ববিদ্যালয়ৰ উদ্যোগত আজি অনুষ্ঠিত হোৱা টিন ইণ্ডি ফিল্ম এৱাৰ্ডছ (টি আই এফ এ) ২০২৫ত উন্মোচনী ছবি হিচাপে প্ৰদৰ্শিত হয় অসমীয়া বোলছবি ‘গুডবাই গুৰুজী’। ১০ নৱেম্বৰৰ পৰা ১৪ নৱেম্বৰলৈ চলিবলগীয়া এই চলচিত্ৰ মহোৎৱৰ উন্মোচনৰ সময়ত প্ৰদৰ্শিত অসমীয়া ছবিখনে দৰ্শকৰ পৰা অভূতপূৰ্ব সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, অৰুণজিৎ বৰাৰ পৰিচালনাৰ ‘গুডবাই গুৰুজী’ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে যুৱ অভিনেতা পাৰ্থ প্ৰতিম হাজৰিকা আৰু আইমী বৰুৱাই। শেহতীয়াকৈ ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত ‘Festival Gange Sur Siene’ত প্ৰদৰ্শিত হোৱা ছবিখনে ইতিমধ্যে কাহিনীৰ উপস্থাপন আৰু সাংস্কৃতিক গভীৰতাৰ বাবে ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। বাংগালুৰুত ছবিখনৰ প্ৰদৰ্শনৰ পূৰ্বে পৰিচালক অৰুণজিৎ বৰাই কয়, “টি…
Read More