অসম

আজি ৰাজ্যজুৰি পালন শ্বহীদ দিৱস

আজি ৰাজ্যজুৰি পালন শ্বহীদ দিৱস

আজি ৰাজ্যজুৰি পালন কৰা শ্বহীদ দিৱস। এই উপলক্ষে জিলাই জিলাই পৰিৱেশন শ্বহীদ প্ৰণামো তোমাক গীতটি। আজি এই বিশেষ দিনটোতে ৮৬০ গৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। উল্লেখ্য যে, ১৯৭৯ চনৰ ১০ ডিচেম্বৰৰ দিনটোতে অসম আন্দোলনৰ সময়ত বৰপেটাত আৰক্ষীৰ গুলীত নিহত হৈছিল খৰ্গেশ্বৰ তালুকদাৰ। তেওঁ হৈছে ছবছৰীয়া অসম আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ। প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ স্মৃতিত আজিৰ দিনটো ৰাজ্যজুৰি শ্বহীদ দিৱস হিচাপে পালন কৰি অহা হৈছে।
Read More
গুৱাহাটীৰ SOHUM EMPORIAত ভয়ঙ্কৰ অগ্নিকাণ্ড

গুৱাহাটীৰ SOHUM EMPORIAত ভয়ঙ্কৰ অগ্নিকাণ্ড

গুৱাহাটীৰ SOHUM EMPORIAত ভয়ঙ্কৰ অগ্নিকাণ্ড। ৬টাকৈ মহলাত অগ্নিসংযোগ হৈ ভয়ঙ্কৰ পৰিস্থিতি।অগ্নিকাণ্ডত ভস্মীভূত কোটি-কোটি টকাৰ সামগ্ৰী। আট্টালিকাটোত আছে ভাৰতীয় ষ্টেট বেংকৰ কেইবাটাও শাখা।‌ নিশা সংঘটিত হয় এই ভয়ঙ্কৰ অগ্নিকাণ্ড। কোটি কোটি টকাৰ সম্পত্তি জুই জাহ যায় অগ্নিকাণ্ডৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই।‌
Read More
ৰূপহীহাটত দ্বিতীয়টো উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন

ৰূপহীহাটত দ্বিতীয়টো উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন

ৰূপহীহাটত দ্বিতীয়টো উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন।চামগুৰি ৰাজহচক্ৰৰ খাটোৱাল মৌজাৰ বেলগুৰি কছাৰীগাওঁ কিচামতৰ ৩নং দাগৰ ৩৮০বিঘাৰো অধিক ভূমিত চলিব এই উচ্ছেদ।চামগুৰি ৰাজহচক্ৰৰ প্ৰায় ৩৮০বিঘাৰো অধিক ভূমিত চলিব উচ্ছেদ অভিযান । প্ৰায় ২০০ টা পৰিয়াললৈ জাননী প্ৰেৰণ জিলা প্ৰশাসনৰ। লগতে বৈধ নথি পত্ৰ থকা সকলক১২ ডিচেম্বৰত কাৰ্যালয়ত শুনানিত অংশগ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।
Read More
পোষ্ট মেলনে মঞ্চৰ পৰাই জুবিন গাৰ্গলৈ জনালে সন্মান

পোষ্ট মেলনে মঞ্চৰ পৰাই জুবিন গাৰ্গলৈ জনালে সন্মান

খানাপাৰাত যোৱা নিশা ইটোৰ পিছত সিটোকৈ গীত পৰিৱেশনেৰে শীতৰ সেমেকাক উষ্ম কৰি তুলিলে প্ৰসিদ্ধ প’পষ্টাৰ পোষ্ট মেলনে। অনুষ্ঠান পৰিৱেশনৰ মাজতে মেলনৰ মুখত শুনা গ’ল অসম তথা অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নাম। জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেওঁ কৰিলে বিশেষ মন্তব্য।অসমৰ ভিন্ন প্ৰান্তৰ অনুৰাগীৰ লগতে দেশৰ আন ৰাজ্য তথা বিদেশৰ বহু অনুৰাগীয়েও খানাপাৰাত স্বচক্ষুৰে প্ৰত্যক্ষ কৰে প্ৰিয় শিল্পীগৰাকীৰ অনুষ্ঠান। গানৰ লগতে তেওঁৰ এক বিশেষ কাৰ্যই বিশেষকৈ অসমৰ অনুৰাগীসকলৰ মন জয় কৰে।হিয়াৰ আমঠু যিগৰাকী শিল্পীৰ অকাল মৃত্যুৱে সমগ্ৰ ৰাজ্যক শোকাহত কৰি ৰাখিছে সেই শিল্পীগৰাকীক ‘মহান কিংবদন্তি শিল্পী’ আখ্যা দিয়ে পোষ্ট মেলনে। তেওঁৰ এই বাক্যটিৰ লগে লগে অনুৰাগীৰ ধ্বনিৰে আন্দোলিত হৈ উঠে…
Read More
বনভোজকাৰী দলৰে উখল – মাখল দীপৰ বিল

বনভোজকাৰী দলৰে উখল – মাখল দীপৰ বিল

দেশী -  বিদেশী পৰিভ্ৰমী পক্ষীৰ বিচৰণথলী হিচাপে পৰিগণিত হৈ অহা গুৱাহাটীৰ অন্যতম পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ঐতিহাসিক  দীপৰ বিলৰ পাৰত শ্ৰী শ্ৰী ভাঙাৰা গোঁসাই মন্দিৰৰ দাঁতিত থকা বনভোজথলীটো আজি পুৱাৰ ভাগত উদ্ধোধন কৰা হয়। উল্লেখ্য যে প্ৰতি বছৰৰ দৰে এইবেলিও শীতকাল আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যৰ বিভিন্ন বনভোজথলীৰ দৰে গুৱাহাটীৰ গাতে লগা দীপৰ বিললৈও বনভোজ খাবলৈ বহু লোক আহে। প্ৰতি বছৰে নৱেম্বৰ মাহৰ শেষৰটো দেওবাৰ বা ডিচেম্বৰ মাহৰ প্ৰথমটো দেওবাৰত বনভোজথলীটো উদ্ধোধন কৰা হয়। বনভোজথলীটো তদাৰক কৰি আহিছে অঞ্চলটোৰ  অগ্ৰণী সামাজিক , সাংস্কৃতিক আৰু ক্ৰীড়া সংগঠন দেউছটাল নবজ্যোতি সংঘই। আনহাতে আজি  সংঘৰ কৰ্মকর্তা আৰু স্থানীয় বহুসংখ্যক লোকৰ উপস্থিতিত বনভোজথলীটো উদ্ধোধন  কৰে…
Read More
৫ বছৰত বিভিন্ন প্ৰতিষ্ঠানক ৬.১৫ লাখ কোটি টকাৰ ঋণ ৰেহাই

৫ বছৰত বিভিন্ন প্ৰতিষ্ঠানক ৬.১৫ লাখ কোটি টকাৰ ঋণ ৰেহাই

বিভিন্ন প্ৰতিষ্ঠানক যোৱা পাঁচটা বিত্তীয় বৰ্ষ আৰু চলিত বিত্তীয় বৰ্ষত (২০২৫ চনৰ ছেপ্টেম্বৰ মাহলৈকে) মুঠ ৬.১৫ লাখ কোটি টকাৰ ঋণ ৰেহাই কৰি দিছে দেশৰ ৰাজহুৱা খণ্ডৰ বেংকসমূহে। এই কথা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্যত প্ৰকাশ পাইছে। ২০২০-২১ বিত্তীয় বৰ্ষত সৰ্বাধিক ঋণ ৰেহাই কৰা হৈছিল, যাৰ পৰিমাণ ১.৩৩ লাখ কোটি টকা। বিগত পাঁচ বছৰত বেংকসমূহে প্ৰদান কৰা ঋণৰ মাত্ৰ ১.৬৫ লাখ কোটি টকাহে আদায় কৰিবলৈ সক্ষম হৈছে। ৰাজ্যৰ বিত্তমন্ত্ৰী পংকজ চৌধৰীয়ে সংসদত কয় যে যেতিয়া ঋণ এটা নন-পাৰফৰ্মিং এচেট (এনপিএ) হৈ পৰে আৰু আদায়ৰ সম্ভাৱনা কমি যায়, তেতিয়া বেংকে আৰ বি আইৰ নিয়ম অনুসৰি চাৰি বছৰৰ পাছত বেলেন্স শ্বীটৰ পৰা আঁতৰাই পেলায়।…
Read More
দৰ্শকক মুহিলে পষ্ট মেলনে

দৰ্শকক মুহিলে পষ্ট মেলনে

সংগীতৰ মায়াজালেৰে দৰ্শকক মুগ্ধ কৰিলে প'প ষ্টাৰ পষ্ট মেলনে। দেশৰ ভিতৰতে প্ৰথম পপষ্টাৰ প’ষ্ট মেলনৰ একক লাইভ কনচাৰ্টৰ সুৰৰ মুৰ্চনা তুলিলে গুৱাহাটীৰ খানাপাৰা খেলপথাৰত। ৰেপ সংগীতৰ মায়াসনা সন্ধিয়াৰ আমেজ ল'লে ২৩  হাজাতকৈ অধিক সংগীতপ্ৰেমীয়ে। জুবিন গাৰ্গক স্মৰণ কৰি জুবিন গাৰ্গৰ ভূমিত অহাত বিশেষ গৌৰৱ অনুভৱ কৰিছোঁ বুলি মন্তব্য কৰে পষ্ট মেলনে।
Read More
দীপৰ বিলৰ কাষৰীয়া দেউছতালত বৰো ধানৰ কঠীয়া সিচা পৰ্ব আৰম্ভ কৰিলে উদ্যমী কৃষক বলেশ্বৰ ৰংপীয়ে

দীপৰ বিলৰ কাষৰীয়া দেউছতালত বৰো ধানৰ কঠীয়া সিচা পৰ্ব আৰম্ভ কৰিলে উদ্যমী কৃষক বলেশ্বৰ ৰংপীয়ে

শালি ধানৰ খেতিৰ সফলতাৰ পাছত বিগত বৰ্ষৰ দৰে এইবেলিও  সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত জালুকবাৰীত  অন্তৰ্ভুক্ত হোৱা আজাৰা ৰাজহ চক্ৰ এলেকাৰ বিভিন্ন প্ৰান্তত একাংশ কৃষকে বৰো ধানৰ খেতিত মনোনিবেশ  কৰা পৰিলক্ষিত হৈছে ।  ইয়াৰ ভিতৰত বিজেপিৰ অনুসূচীত জনজাতি মৰ্চাৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি আৰু উদ্যমী কৃষক , দীপৰ বিলৰ কাষৰীয়া দেউছতালৰ বাসিন্দা  বলেশ্বৰ ৰংপীয়ে শালি ধানৰ পাছত বৰো ধানৰ খেতি আৰম্ভ কৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে ২০২৩ চনত  প্ৰথমবাৰৰ বাবে দীপৰ বিলৰ কাষৰীয়া দেউছতাল অঞ্চলত পতিত আৰু বহুদিন খেতি বাতি তথা  কৃষিকৰ্ম নকৰা মাটিত  বৰো ধানৰ খেতিৰে সেউজ বিপ্লৱ আৰম্ভ কৰিছিল বলেশ্বৰ ৰংপীয়ে। বিগত দুটা বৰ্ষৰ সফলতাৰ পাছত এইবেলি তৃতীয়বাৰৰ বাবে …
Read More
গুৱাহাটীলৈ আহিব চাকিৰা: মুখ্যমন্ত্ৰী

গুৱাহাটীলৈ আহিব চাকিৰা: মুখ্যমন্ত্ৰী

গুৱাহাটীলৈ আহিব প্ৰখ্যাত সংগীত শিল্পী চাকিৰাক। এই মন্তব্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ সংবাদ মাধ্যমৰ আগত কয়, গুৱাহাটীত চাকিৰাক অনা হ'ব। আহি বছৰ বা দুবছৰ পিছত চাকিৰাক অনাৰ মন আছে। এনে অনুষ্ঠান ডিব্ৰুগড় আৰু শিলচৰত হ'ব। " বিশ্ব স্বীকৃত শিল্পী। তেওঁ বিশ্বৰ ৫ জন টপ আৰ্টিষ্টৰ ভিতৰত পষ্ট মেলন এজন। অসমত কেতিয়াও গ্লোৱেল আৰ্টিষ্ট অহা নাছিল। আজিৰ অনুষ্ঠান চাবলৈ আমেৰিকা, ইংলেণ্ডৰ পৰা মানুহ আহিছে। ই অৰ্থনীতি সহায় কৰিব। এই অনুষ্ঠানত অসম চৰকাৰে আৰ্থিক অৰিহণা যোগোৱা নাই। এক টকাও আগবঢ়াব নালাগে।
Read More
১২ ডিচেম্বৰত আদালতত দাখিল কৰা হ’ব জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ অভিযোগনামা

১২ ডিচেম্বৰত আদালতত দাখিল কৰা হ’ব জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ অভিযোগনামা

ছিংগাপুৰত জনতাৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে অহা ১২ ডিচেম্বৰত আদালতত অভিযোগনামা দাখিল কৰিব। আজি উলুবাৰীত থকা অপৰাধ অনুসন্ধান বিভাগৰ কাৰ্য্যালয়ত আয়োজিত এখন সংবাদমেলত বিশেষ তদন্তকাৰী গোটৰ মুৰব্বী তথা বিশেষ সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাই এই কথা সদৰি কৰে।‌ সংবাদ মাধ্যমক সম্বোধন কৰি বিশেষ তদন্তকাৰী গোটৰ মুৰব্বী  গুপ্তাই কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ১৮/২০২৫ নম্বৰত এটা গোচৰ ৰুজু হৈছিল। এই গোচৰটোৰ তদন্ত প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। সেই অনুসৰি অহা ১২ ডিচেম্বৰত তদন্তকাৰী গোটে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত আদালতত অভিযোগনামা দাখিল কৰিব। অভিযোগনামাৰ জৰিয়তে গোচৰৰ সকলো তথ্য আদালতত দাখিল কৰা হ'ব বুলিও…
Read More