অসম

২০২৬ৰ গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ইউৰোপীয় ইউনিয়নৰ সভাপতি

২০২৬ৰ গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ইউৰোপীয় ইউনিয়নৰ সভাপতি

২০২৬ৰ গণৰাজ্য দিৱসৰ বাবে ভাৰতে এক বৃহৎ কূটনৈতিক পদক্ষেপ গ্ৰহণ কৰিছে। ইউৰোপীয় ইউনিয়নৰ সভাপতি উৰ্চুলা ভন ডাৰ লেয়েন আৰু ইউৰোপীয় পৰিষদৰ সভাপতি এণ্টনিঅ’ কষ্টা ২৬ জানুৱাৰীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ভাৰত আৰু ইউৰোপীয় সংঘ (ইউৰোপীয় সংঘ)ৰ মাজত মুক্ত বাণিজ্য চুক্তি (এফটিএ) চূড়ান্ত কৰাৰ বাবে ভাৰতলৈ আহিব আৰু গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ২৭ জানুৱাৰীত ভাৰত-ইউৰোপীয় ইউনিয়নৰ শীৰ্ষ সন্মিলনত দুয়োপক্ষই এই ঐতিহাসিক চুক্তিত স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে। দশক দশক ধৰি বিচাৰাধীন হৈ থকা এই চুক্তিখন সাৰ্থক ৰূপ দিবলৈ পীয়ুষ গোৱেল আৰু ইউৰোপীয় ইউনিয়নৰ বিষয়াসকলে দিনে-নিশাই কাম কৰি আছে। উল্লেখ্য যে গণৰাজ্য দিৱসত ইউৰোপীয় ইউনিয়নৰ শীৰ্ষ নেতৃত্বক আমন্ত্ৰণ কৰাটো…
Read More
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমন উপলক্ষে বৰঝাৰ বিমানবন্দৰসহ গুৱাহাটীত ব্যাপক তৎপৰতা; আদৰিবলৈ সাজু বিজেপিৰ লক্ষাধিক কৰ্মকৰ্তা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমন উপলক্ষে বৰঝাৰ বিমানবন্দৰসহ গুৱাহাটীত ব্যাপক তৎপৰতা; আদৰিবলৈ সাজু বিজেপিৰ লক্ষাধিক কৰ্মকৰ্তা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২০ আৰু ২১ ডিচেম্বৰত দুদিনীয়া চৰকাৰী - বেচৰকাৰী কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ আহিব। ২০ ডিচেম্বৰৰ দিনা বিয়লি ২.৪৫ বজাত  ভাৰতীয় বায়ু সেনাৰ এখন বিশেষ বিমানেৰে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয়  বিমানবন্দৰৰত আহি উপস্থিত হব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।  কাৰ্যত ২০ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনৰ পৰাই বিজেপিয়ে অসমত আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ কৰিবলৈ কঁকালত টঙালি বান্ধিছে। ইতিমধ্যে অসমৰ ভোটাৰ ৰাইজক আকৰ্ষণৰ বাবেই প্রধানমন্ত্রী মোডীৰ দুদিনীয়া অসম ভ্ৰমণৰ বিস্তৃত কাৰ্যসূচী প্ৰস্তুত কৰা হৈছে। দুদিনীয়া মোডীৰ ভ্ৰমণসূচী অধিক আকর্ষণীয় কৰিবৰ বাবে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই ১০জন মন্ত্রীক বিশেষ দায়িত্ব অর্পণ কৰিছে। ২০ ডিচেম্বৰত বিয়লি…
Read More
পশ্চিমবংগত এছ আই আৰত ৫৮.২০লাখ ভোটাৰৰ নাম কৰ্তন

পশ্চিমবংগত এছ আই আৰত ৫৮.২০লাখ ভোটাৰৰ নাম কৰ্তন

বহু বিতৰ্ক আৰু বিৰোধিতাৰ পিছত পশ্চিমবংগত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ, চমুকৈ এছ আই আৰ সম্পূৰ্ণ কৰি মঙলবাৰে নির্বাচন আয়োগে জাৰি কৰিছে খচৰা ভোটাৰ তালিকা। পশ্চিমবংগত এছ আই আৰৰ জৰিয়তে ৫৮,২০,৮৯৮ ভোটাৰৰ নাম কৰ্তন কৰা হৈছে। পশ্চিমবংগত ২০২৬ত অনুষ্ঠিত হ'ব বিধানসভা নির্বাচন। নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগত কৰা হৈছে বিহাৰৰ দৰে এছ আই আৰ। কেৱল পশ্চিমবংগই নহয়, বাৰখন ৰাজ্য আৰু কেন্দ্রীয়শাসিত প্ৰদেশত এছ আই আৰ চলি আছে। অসমত এছ আই আৰৰ পৰিৱৰ্তে এছ আৰ চলি আছে। পশ্চিমবংগত এছ আই কৰাৰ সময়ত কেইবাগৰাকী বি এল অ'ৰ মৃত্যুৰ পিছত বিতৰ্কৰ সৃষ্টি হয়। মুখ্যমন্ত্রী মমতা বেনার্জীয়ে এছ আই আৰৰ বিৰুদ্ধে ৰাজপথত নামি আন্দোলন আৰম্ভ কৰে। তাৰ…
Read More
মেঘালয়ত বন ধ্বংস আৰু চোৰাং চিকাৰীৰ তাণ্ডৱত ওলাই অহা বন্যহস্তীয়ে পশ্চিম গুৱাহাটী আৰু দক্ষিণ কামৰূপত ভাগ ভাগ হৈ জনাঞ্চলত ভাঙিছে মানুহৰ ঘৰ – বস্তিৰ বেৰ

মেঘালয়ত বন ধ্বংস আৰু চোৰাং চিকাৰীৰ তাণ্ডৱত ওলাই অহা বন্যহস্তীয়ে পশ্চিম গুৱাহাটী আৰু দক্ষিণ কামৰূপত ভাগ ভাগ হৈ জনাঞ্চলত ভাঙিছে মানুহৰ ঘৰ – বস্তিৰ বেৰ

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ মেঘালয় সীমান্তবৰ্তী ৰাণীকে ধৰি দাঁতি কাষৰীয়া দক্ষিণ কামৰূপৰ বিভিন্ন জনাঞ্চল আৰু খেতিপথাৰত বিগত দুই মাহৰো অধিক দিন ধৰি অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ। বিশেষকৈ মেঘালয়ৰ দিশৰ পৰা ওলাই অহা হাতীৰ জাকৰ মুক্ত বিচৰণৰ ফলত খেতি পথাৰ নষ্ট হোৱাৰ লগতে সন্ধিয়া আন্ধাৰ হোৱাৰ পূৰ্বেই মানুহ ঘৰৰ ভিতৰত সোমাই থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । আনকি হাতীৰ উপদ্ৰৱৰ মাজতেই কৃষক সকলে মৰণত শৰণ দি শালি ধান চপাবলৈ বাধ্য হৈছে । ৰাণীৰ গাতে লগা চুবুৰীয়া মেঘালয়ৰ অৰণ্যৰ  পৰা খাদ্যৰ সন্ধানত ওলাই বন্যহস্তীৰ জাকে ভাগে ভাগে ইতিমধ্যেই  ৰাণীকে ধৰি দক্ষিণ কামৰূপৰ বিভিন্ন জনবহুল অঞ্চলত বিচৰণ কৰি গৃহস্থৰ দেৱাল,গছ গছনি ভঙাৰ লগতে কৃষকৰ ৰবি…
Read More
অৰুণাচলৰ দুৰ্ঘটনাস্থলীৰ পৰা ২০জনক উদ্ধাৰ

অৰুণাচলৰ দুৰ্ঘটনাস্থলীৰ পৰা ২০জনক উদ্ধাৰ

অৰুণাচল প্ৰদেশৰ অঞ্জাৱ জিলাত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাত নিহত শ্ৰমিৰ ভিতৰত ২০ জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। দেওবাৰে এজন জ্যেষ্ঠ বিষয়াই জনোৱা মতে,অৰুণাচল প্ৰদেশৰ অঞ্জাৱ জিলাৰ দুৰ্ঘটনাস্থলীৰ পৰা দেওবাৰে আৰু তিনিটা মৃতদেহ উদ্ধাৰ কৰা হয়। যোৱা ৮ ডিচেম্বৰত অসমৰ ২২ জন শ্ৰমিক কঢ়িয়াই নিয়া এখন ট্ৰাক পাহাৰীয়া পথৰ পৰা দ খাৱৈত বাগৰি পৰে।মৃতদেহ কেইটা পৰিয়ালকেইটাক গতাই দিয়া বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। জিলাখনৰ হাউলিয়াঙৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ নিলগত ৮ ডিচেম্বৰৰ সন্ধিয়া সংঘটিত হয় এই দুৰ্ঘটনা।
Read More
চি আৰ পি এফৰ উপ মহা পৰিদৰ্শক মহম্মদ জামাল খানৰ ৰাণীৰ ১৭৫ বেটেলিয়ানৰ মূখ্য কাৰ্যাল়য় পৰিদৰ্শন

চি আৰ পি এফৰ উপ মহা পৰিদৰ্শক মহম্মদ জামাল খানৰ ৰাণীৰ ১৭৫ বেটেলিয়ানৰ মূখ্য কাৰ্যাল়য় পৰিদৰ্শন

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ গুৱাহাটী ৰেঞ্জৰ উপ মহা পৰিদৰ্শক মহম্মদ জামাল খানে বাৰ্ষিক পৰিদৰ্শনৰ অংশ হিচাপে ১২  আৰু ১৩ ডিচেম্বৰত  বাহিনীটোৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ বেটেলিয়ানৰ মুখ্য কাৰ্যালয় চৌহদ পৰিদৰ্শন কৰে। ১২ ডিচেম্বৰত  উপ  মহা পৰিদৰ্শক মহম্মদ জামাল খানক  মুখ্য কাৰ্যালয় চৌহদত আদৰণি ১৭৫ বেটেলিয়ানৰ কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাই। তাৰ পাছত বেটেলিয়ানৰ বিষয়া- জোৱান সকলৰ অভিবাদন গ্ৰহণ কৰাৰ পাছত উপ মহা পৰিদৰ্শক খানে চৌহদত থকা অফিচাৰ মেছ, সহযোগী বিষয়া মেছ, ডি আৰু ই কোম্পানীৰ কাৰ্যালয়কে ধৰি চৌহদত থকা বাহিনীটোৰ সকলো প্ৰতিষ্ঠান পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত ১৭৫ বেটেলিয়ানৰ কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাৰ উপৰিও  চেকেণ্ড -…
Read More
পশ্চিম বংগ চৰকাৰক তীব্ৰ সমালোচনা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

পশ্চিম বংগ চৰকাৰক তীব্ৰ সমালোচনা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

লিয়নেল মেছিৰ কলকাতা ভ্ৰমণৰ সময়ত সৃষ্টি হোৱা বিশৃংখলতাক লৈ পশ্চিম বংগ চৰকাৰক তীব্ৰ সমালোচনা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই ঘটনাৰ বাবে তেওঁ ৰাজ্যৰ আইন-শৃংখলা ভংগ আৰু ভিআইপি সংস্কৃতিৰ বাবে দোষাৰোপ কৰে।মেছিৰ ‘GOAT Tour 2025’ কলকাতা ভ্ৰমণৰ সময়ত যি বিশৃংখলতাৰ সৃষ্টি হৈছিল সেই কথা উল্লেখ কৰি শৰ্মাই কয় যে প্ৰশ্ন শীৰ্ষৰ পৰা আৰম্ভ হ’ব লাগে। তেওঁ কয়, ৰাজ্যৰ গৃহমন্ত্ৰী, যিগৰাকী মুখ্যমন্ত্ৰীও আৰু কলকাতা আৰক্ষী আয়ুক্তক গ্ৰেপ্তাৰ কৰিব লাগিছিল।অৱশ্যে তেওঁ লগতে কয়, “তেওঁ অনুষ্ঠানৰ আয়োজকজনক গ্ৰেপ্তাৰ কৰাৰ ন্যায্যতা প্ৰদান কৰা নাই বা বিৰোধিতা কৰা নাই। ” তেওঁ জোৰ দি কয় যে, “প্ৰাথমিক দায়িত্ব ৰাজ্যৰ গৃহমন্ত্ৰী আৰু আৰক্ষী আয়ুক্তৰ।”
Read More
অসমৰ সংবাদ জগতৰ পিতামহস্বৰূপ প্রফুল্ল গোবিন্দ বৰুৱা আৰু নাই

অসমৰ সংবাদ জগতৰ পিতামহস্বৰূপ প্রফুল্ল গোবিন্দ বৰুৱা আৰু নাই

অসমৰ সংবাদ জগতৰ পিতামহস্বৰূপ প্রফুল্ল গোবিন্দ বৰুৱা আৰু নাই। পি জি বৰুৱা নামেৰে সৰ্বত্ৰ পৰিচিত প্রফুল্ল গোবিন্দ বৰুৱাৰ দেওবাৰে নিশা প্রায় ৯.৩০ বজাত গুৱাহাটীৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। ১৯৩৩ চনত জন্মগ্রহণ কৰা অসমৰ সংবাদ জগতৰ যুগদ্রষ্টাগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল প্রায় ৯২ বছৰ। অসমৰ আগশাৰীৰ ইংৰাজী দৈনিক সংবাদপত্র 'দি আছাম ট্ৰিবিউন সম্পাদকৰূপে দীর্ঘদিনে কাৰ্যনিৰ্বাহ কৰা প্ৰফুল্ল গোবিন্দ বৰুৱা ট্ৰিবিউন গোষ্ঠীৰ পৰিচালন সঞ্চালক আছিল। আজি নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ'ব।
Read More
আশা কৰা মতে হোৱাৰ বাবে ভাল লাগিছে । বহু কষ্ট কৰি এছ আই টিয়ে ইমান দিন ধৰি তদন্ত কৰিলে, তাৰ বাবে ধন্যবাদ জনাইছোঁ –গৰিমা শইকীয়া গাৰ্গ

আশা কৰা মতে হোৱাৰ বাবে ভাল লাগিছে । বহু কষ্ট কৰি এছ আই টিয়ে ইমান দিন ধৰি তদন্ত কৰিলে, তাৰ বাবে ধন্যবাদ জনাইছোঁ –গৰিমা শইকীয়া গাৰ্গ

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ চাৰ্জশ্বিট দাখিলৰ দিনটোত জুবিন ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি গৰিমা শইকীয়া গাৰ্গৰ । বিভিন্নজনৰ চাকি-বন্তি জ্বলাই গানৰ ভগৱানক স্মৰণ ।এই বিশেষ দিনটোত প্ৰাণৰ শিল্পীগৰাকীৰ সহধৰ্মিণী গৰিমা শইকীয়া গাৰ্গ, ভগ্নী ড° পামী বৰঠাকুৰসহ পৰিয়াালৰ একাংশ সদস্য নিশাৰ ভাগত জুবিন ক্ষেত্ৰত উপস্থিত হয় । তেওঁলোকে জুবিনৰ সমাধিত শ্ৰদ্ধাঞ্জলি জনাই স্মৰণ কৰে অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীক ।অভিযোগনামা সন্দৰ্ভত গৰিমা শইকীয়া গাৰ্গে কয়, "পৰিয়ালৰ তৰফৰ পৰা এজাহাৰ দাখিল কৰা হৈছিল । সেই মতে তদন্তৰ কাৰ্য সম্পাদন হৈছিল । আশা কৰা মতে হোৱাৰ বাবে ভাল লাগিছে । বহু কষ্ট কৰি এছ আই টিয়ে ইমান দিন ধৰি তদন্ত কৰিলে, তাৰ বাবে ধন্যবাদ জনাইছোঁ । ৰাইজে…
Read More
উত্তৰ পূৱ ভাৰত, ভূটান আৰু নেপালৰ ৫০০ৰো অধিক প্ৰতিনিধিৰ অংশগ্ৰহণৰে ডাউন টাউন হস্পিতালৰ উদ‍্যোগত সফলৰূপত সম্পন্ন হ’ল “অষ্টম উত্তৰ পূৱ ৰোগী সুৰক্ষা কনক্লেভ ২০২৫”

উত্তৰ পূৱ ভাৰত, ভূটান আৰু নেপালৰ ৫০০ৰো অধিক প্ৰতিনিধিৰ অংশগ্ৰহণৰে ডাউন টাউন হস্পিতালৰ উদ‍্যোগত সফলৰূপত সম্পন্ন হ’ল “অষ্টম উত্তৰ পূৱ ৰোগী সুৰক্ষা কনক্লেভ ২০২৫”

গুৱাহাটী স্থিত ডাউন টাউন হস্পিতালে আয়োজন কৰা "অষ্টম উত্তৰ পূৱ ৰোগী সুৰক্ষা কনক্লেভ ২০২৫" আজি সফলভাৱে অনুষ্ঠিত হৈ যায়। উত্তৰ পূৱ ভাৰত, ভূটান আৰু নেপালৰ ৫০০ৰো অধিক প্রতিনিধিয়ে এই কনক্লেভত অংশগ্ৰহণ কৰে। ৰোগীৰ সুৰক্ষা সুদৃঢ় কৰা আৰু গুণগত স্বাস্থ্য সেৱা উন্নীত কৰিবলৈ উৎসৰ্গিত অঞ্চলৰ অন্যতম দীৰ্ঘম্যাদী প্লেটফৰ্ম হিচাপে এই কনক্লেভে পুনৰ নিজৰ স্থান সুদৃঢ় কৰিলে।  উক্ত কাৰ্য্যসূচী ডাউন টাউন হস্পিতেলৰ এক্সিকিউটিভ ডাইৰেক্টৰ শ্ৰীমতী ময়ুৰাক্ষী দত্তৰ আদৰণি ভাষণৰ সৈতে আৰম্ভ হয়। ইয়াৰ পাছতেই অসমৰ চিকিৎসা শিক্ষা পৰিচালক ডাঃ মনোজ কুমাৰ চৌধুৰীয়ে এই কনক্লেভৰ উদ্বোধন কৰি উদ্বোধনী ভাষণ আগবঢ়ায়। তেওঁ স্বাস্থ্য সেৱা প্ৰতিষ্ঠানসমূহত ৰোগী সুৰক্ষাৰ ক্ষেত্ৰত সংগঠিত আৰু  প্ৰণালীবদ্ধ প্ৰক্ৰিয়া কেন্দ্ৰীক পদ্ধতি…
Read More