অসম

ৰাণীত ১৭৫ চি আৰ পি এফৰ উদ্যোগত মহিলা – যুৱতীক চিলাই প্ৰশিক্ষণ আৰু মেচিন বিতৰণ

ৰাণীত ১৭৫ চি আৰ পি এফৰ উদ্যোগত মহিলা – যুৱতীক চিলাই প্ৰশিক্ষণ আৰু মেচিন বিতৰণ

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ গুৱাহাটীৰ  পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ বেটেলিয়ানৰ উদ্যোগত বাহিনীটোৰ জনহিতকৰ কাৰ্যসূচীৰ অংশ হিচাপে বৃহত্তৰ ৰাণী অঞ্চলৰ আৰ্থিকভাবে দুৰ্বল ১০ গৰাকী মহিলা- যুৱতীক ৭ ফেব্ৰুৱাৰীৰ পৰা ২০ দিনীয়াকৈ উন্নত মানৰ চিলাই প্ৰশিক্ষণ প্ৰদান কৰা হয়। মূলতঃ যুৱতী - মহিলাসকলে যাতে কাপোৰ চিলাইকে ধৰি চিলাই মেচিনেৰে কৰিব পৰা কামসমূহ কৰি আৰ্থিকভাবে স্বাৱলম্বী হব পাৰে সেই লক্ষ্যৰে দক্ষ প্ৰশিক্ষকৰ দ্ৱাৰা প্ৰশিক্ষণ প্ৰদান কৰা হয়। আনহাতে  প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ ১৭৫ চি আৰ পি এফ বেটেলিয়ানৰ কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাই প্ৰশিক্ষণ গ্ৰহণ কৰা ১০ গৰাকী মহিলা - যুৱতীক একোটাকৈ চিলাই মেচিন…
Read More
ইৰাণৰ সৰ্বোচ্চ নেতা,সেনাৰ মুৰব্বী,প্ৰতিৰক্ষা মন্ত্ৰীৰ মৃ*ত্যু

ইৰাণৰ সৰ্বোচ্চ নেতা,সেনাৰ মুৰব্বী,প্ৰতিৰক্ষা মন্ত্ৰীৰ মৃ*ত্যু

ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেই আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণত নিহত হৈছে। ইৰাণী সেনাৰ মুৰব্বী আব্দুল ৰহিম মৌছাভি আৰু প্ৰতিৰক্ষা মন্ত্ৰী মেজৰ জেনেৰেল আজিজ নাছিৰজাদেও নিহত হয়। ইৰাণীৰ ৰিভল্যুচনেৰী গাৰ্ডৰ মুৰব্বী জেনেৰেল মহম্মদ পাকপা আৰু কেইবাজনো জ্যেষ্ঠ সেনাধ্যক্ষৰ মৃত্যুও নিশ্চিত হৈছে। শনিবাৰে আমেৰিকা আৰু ইজৰাইলে ইৰাণৰ কেইবাখনো চহৰত আক্ৰমণ চলায় আৰু দেওবাৰে পুৱাই আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ট্ৰুথ ছ’চিয়েলত খামেনেইৰ মৃত্যুৰ দাবী কৰে। ইয়াৰ পিছতে ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে খামেনেইৰ মৃত্যু নিশ্চিত কৰে। ইৰাণৰ এগৰাকী চৰকাৰী টিভি এংকৰে কান্দি কান্দি খামেনেইৰ মৃত্যুৰ কথা ঘোষণা কৰি ৪০ দিনৰ শোক ঘোষণা কৰে। ট্ৰাম্পে ট্ৰুথ ছ’চিয়েলত লিখিছে-ইতিহাসৰ অন্যতম বেয়া মানুহ খামনেই এতিয়া মৃত্যুমুখত…
Read More
কমাৰবন্ধাত চলন্ত ৰে’লৰ পৰা পৰি যুৱতীৰ কৰুণ মৃত্যু; উদ্ধাৰ হোৱা নাই মৃতদেহৰ পৰিচয়

কমাৰবন্ধাত চলন্ত ৰে’লৰ পৰা পৰি যুৱতীৰ কৰুণ মৃত্যু; উদ্ধাৰ হোৱা নাই মৃতদেহৰ পৰিচয়

উজনিমুৱা বিবেক এক্সপ্ৰেছৰ পৰা পৰি সোমবাৰে কমাৰবন্ধাত এগৰাকী যুৱতীৰ কৰুণ মৃত্যু ঘটে। কন্যাকুমাৰীৰ পৰা ডিব্ৰুগড় অভিমুখী ট্ৰেনখন কমাৰবন্ধা আলি ষ্টেচন পাৰ হোৱাৰ মুহূৰ্ততে এই শোকাৱহ ঘটনাটো সংঘটিত হয়। ফৰকাটিং ষ্টেচনত ক্ষন্তেক সময় ৰোৱাৰ পাছত ডিব্ৰুগড় অভিমুখে তীব্ৰ বেগেৰে গৈ থকা অৱস্থাতে হঠাতে ৰে’লখনৰ পৰা যুৱতীগৰাকী তলত পৰি যায়। অৱশ্যে যুৱতীগৰাকী দুৰ্ঘটনাবশতঃ চলন্ত ট্ৰেনৰ পৰা পৰি গৈছে নে ইয়াৰ আঁৰত অন্য কিবা ৰহস্য লুকাই আছে, সেইয়া বৰ্তমানো স্পষ্ট হোৱা নাই। ৰে’ল আৰক্ষীয়ে ঘটনাটোৰ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে মৃত্যু হোৱা যুৱতীগৰাকীৰ পৰিচয় উদ্ধাৰ কৰিব পৰা নাই। আৰক্ষীয়ে জনোৱা মতে, মৃত যুৱতীগৰাকীৰ পিন্ধনত বগা পেন্ট, বগা চুৱেটাৰ আৰু এটা পাতল সেউজীয়া…
Read More
জুবিন গাৰ্গ হত্যা গোচৰৰ শুনানিত নতুন মোৰ; অভিযুক্তৰ বেংক একাউণ্ট খুলি দিয়াৰ নিৰ্দেশ আদালতৰ

জুবিন গাৰ্গ হত্যা গোচৰৰ শুনানিত নতুন মোৰ; অভিযুক্তৰ বেংক একাউণ্ট খুলি দিয়াৰ নিৰ্দেশ আদালতৰ

চৰ্চিত জুবিন গাৰ্গ হত্যা গোচৰৰ শুনানিত সোমবাৰে এক গুৰুত্বপূৰ্ণ পৰিস্থিতিৰ উদ্ভৱ হয়। আদালতৰ পৰ্যবেক্ষণত পোহৰলৈ আহে যে অভিযুক্ত শ্যামকানুৰ বেংক একাউণ্ট ফ্ৰীজ কৰাৰ ক্ষেত্ৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা চমুকৈ বিএনএছএছৰ ১০৭ ধাৰা সঠিকভাৱে পালন কৰা হোৱা নাছিল। ইয়াৰ পৰিপ্ৰেক্ষিততে আদালতে অভিযুক্তৰ বেংক একাউণ্টটো পুনৰ খুলি দিয়াৰ নিৰ্দেশ জাৰি কৰে। শুনানিৰ সময়ত বিশেষভাৱে চৰ্চিত হয় ছিংগাপুৰৰ কৰ’নাৰ্ছ প্ৰতিবেদন দাখিলৰ বিষয়টো। আদালতত আৰক্ষীৰ তৰফৰ পৰা জনোৱা হয় যে ইতিমধ্যে ছিংগাপুৰৰ বহু গুৰুত্বপূৰ্ণ নথি সংগ্ৰহ কৰি অভিযোগনামাৰ সৈতে সংযুক্ত কৰা হৈছে। অৱশ্যে আদালতে স্পষ্ট কৰি দিয়ে যে নতুন আইন অনুসৰি বিদেশৰ পৰা নথি আনিবলৈ আদালতৰ নিজা ক্ষমতা নাই। এই আইনী জটিলতাৰ সন্দৰ্ভত আদালতে…
Read More
পূৰণ নহ’ব অগপৰ ইচ্ছা! বঢ়মপুৰত জিতু গোস্বামীয়েই হ’ব বিজেপিৰ প্ৰাৰ্থী

পূৰণ নহ’ব অগপৰ ইচ্ছা! বঢ়মপুৰত জিতু গোস্বামীয়েই হ’ব বিজেপিৰ প্ৰাৰ্থী

অসম বিধানসভা নিৰ্বাচনৰ ৰণশিঙা বজাৰ লগে লগে নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ চলি থকা সকলো জল্পনা-কল্পনাৰ অন্ত পেলাইছে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক নেতৃত্বই। দেওবাৰে বঢ়মপুৰৰ পুৰণিগুদামত অনুষ্ঠিত জন আশীৰ্বাদ যাত্ৰাৰ দ্বিতীয় দিনাৰ সামৰণি সভাত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই বৰ্তমানৰ বিধায়ক জীতু গোস্বামীৰ প্ৰাৰ্থিত্ব একপ্ৰকাৰ নিশ্চিত কৰে। শইকীয়াই দলীয় কৰ্মীসকলক সম্বোধন কৰি স্পষ্টকৈ কয় যে এইবাৰো জীতু গোস্বামীয়ে পূৰ্বতকৈ অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰাটো নিশ্চিত। প্ৰদেশ সভাপতিগৰাকীৰ এই ঘোষণাই সমষ্টিটোত মিত্ৰদল অসম গণ পৰিষদৰ আশা নিৰ্বাপিত কৰা পৰিলক্ষিত হৈছে। বিশেষকৈ অগপৰ নগাঁও জিলাৰ সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ মণি মাধৱ মহন্তই বঢ়মপুৰৰ পৰা মিত্ৰজোঁটৰ প্ৰাৰ্থী হোৱাৰ যি সম্ভাৱনা…
Read More
বিধানসভা নিৰ্বাচনৰ লক্ষ্যৰে বিজেপিৰ ব্যাপক তৎপৰতা; ঢেকীয়াজুলিত ‘জন আশীৰ্বাদ যাত্ৰা’ৰ শুভাৰম্ভণি মুখ্যমন্ত্ৰীৰ

বিধানসভা নিৰ্বাচনৰ লক্ষ্যৰে বিজেপিৰ ব্যাপক তৎপৰতা; ঢেকীয়াজুলিত ‘জন আশীৰ্বাদ যাত্ৰা’ৰ শুভাৰম্ভণি মুখ্যমন্ত্ৰীৰ

আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ ৰণশিঙা বজাই শনিবাৰে সমগ্ৰ ৰাজ্যতে ব্যাপক জনসম্পৰ্ক অভিযান আৰম্ভ কৰিলে শাসকীয় বিজেপি দলে। ৰাজ্যৰ জনসাধাৰণৰ সংযোগ স্থাপন আৰু পুনৰবাৰ শাসনৰ গাদী দখলৰ বাবে সমৰ্থন আদায়ৰ লক্ষ্যৰে ৰাজ্যিক বিজেপিয়ে এই 'জন আশীৰ্বাদ যাত্ৰা'ৰ কাৰ্যসূচী হাতত লৈছে। ঢেকীয়াজুলিত এই যাত্ৰাৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। অভিযানৰ পূৰ্বে তেওঁ ঐতিহাসিক গুপ্তেশ্বৰ মন্দিৰত উপস্থিত হৈ আশিস গ্ৰহণ কৰে। মন্দিৰত প্ৰাৰ্থনা জনাই মুখ্যমন্ত্ৰীয়ে কয়, "এখন স্বনিৰ্ভৰশীল, সুৰক্ষিত আৰু সমৃদ্ধিশালী অসম গঢ়ি তুলিবলৈ আমাক জনতাৰ সমৰ্থনৰ প্ৰয়োজন। বিগত সময়ছোৱাত চৰকাৰখনক সহযোগিতা আগবঢ়োৱা বাবে মই অসমবাসীৰ ওচৰত কৃতজ্ঞ।" প্ৰথম পৰ্যায়ত ২৮ ফেব্ৰুৱাৰীৰ পৰা ৯ মাৰ্চলৈ চলিবলগীয়া এই যাত্ৰাই ঢেকীয়াজুলি, বৰছলা, তেজপুৰ,…
Read More
মণিপুৰত ড্ৰাগছসহ মহিলা আটক, গ্ৰেপ্তাৰ নিষিদ্ধ ঘোষিত সংগঠন ‘প্ৰেপাক’ৰ ৪ দুৰ্ধৰ্ষ কেডাৰ

মণিপুৰত ড্ৰাগছসহ মহিলা আটক, গ্ৰেপ্তাৰ নিষিদ্ধ ঘোষিত সংগঠন ‘প্ৰেপাক’ৰ ৪ দুৰ্ধৰ্ষ কেডাৰ

ৰাজ্যজুৰি চলি থকা ড্ৰাগছ বিৰোধী তীব্ৰ অভিযানৰ মাজতে নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন 'প্ৰেপাক'ৰ চাৰিজন দুৰ্ধৰ্ষ সদস্যক কৰায়ত্ত কৰাৰ লগতে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এগৰাকী মহিলাক আটক কৰিছে মণিপুৰ আৰক্ষীয়ে। শনিবাৰে মণিপুৰৰ থৌবাল আৰু ইম্ফল পশ্চিম জিলাৰ বিভিন্ন স্থানত চলোৱা এই পৃথক পৃথক অভিযানত নিৰাপত্তা বাহিনীয়ে এই সফলতা লাভ কৰে। ৰাজ্যখনত বৃদ্ধি পোৱা ড্ৰাগছৰ অবৈধ কাৰবাৰ আৰু উগ্ৰপন্থীৰ কূটাঘাতমূলক কাৰ্যকলাপ ৰোধ কৰাৰ লক্ষ্যৰে আৰক্ষীয়ে এই অভিযান তীব্ৰতৰ কৰি তুলিছে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, ইম্ফল পশ্চিম জিলাৰ পৰা গ্ৰেপ্তাৰ কৰা 'প্ৰেপাক'ৰ চাৰিজন কেডাৰৰ পৰা আপত্তিজনক নথিপত্ৰ আৰু মোবাইল ফোন জব্দ কৰা হৈছে। এই সদস্যকেইজনে অঞ্চলটোত ধন দাবী আৰু কূটাঘাতমূলক পৰিকল্পনা ৰচনা কৰাৰ অভিযোগ…
Read More
প্ৰতিবেশী ৰাষ্ট্ৰৰ সংঘাতৰ মাজতে ভাৰতীয়লৈ বিশেষ সতৰ্কবাণী; ইজৰাইল-ইৰাণসহ ৪ দেশত থকা নাগৰিকলৈ জাৰি এডভাইজৰী

প্ৰতিবেশী ৰাষ্ট্ৰৰ সংঘাতৰ মাজতে ভাৰতীয়লৈ বিশেষ সতৰ্কবাণী; ইজৰাইল-ইৰাণসহ ৪ দেশত থকা নাগৰিকলৈ জাৰি এডভাইজৰী

মধ্যপ্ৰাচ্যত ক্ৰমান্বয়ে বৃদ্ধি পোৱা সামৰিক উত্তেজনা আৰু যুদ্ধসদৃশ পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে চাৰিখনকৈ গুৰুত্বপূৰ্ণ দেশত থকা ভাৰতীয় নাগৰিকসকললৈ এক জৰুৰীকালীন নিৰ্দেশনা জাৰি কৰিছে। ইজৰাইল, ইৰাণ, চৌদি আৰৱ আৰু সংযুক্ত আৰৱ আমিৰাতত বসবাস কৰা ভাৰতীয়সকলক অতি সাৱধানে চলা-ফিৰা কৰিবলৈ আৰু স্থানীয় সুৰক্ষা নীতিসমূহ কঠোৰভাৱে পালন কৰিবলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আহ্বান জনাইছে। বিশেষকৈ ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা মিছাইল আক্ৰমণৰ আশংকাই এই দেশকেইখনত থকা লাখ লাখ ভাৰতীয়ৰ নিৰাপত্তাক লৈ উদ্বেগ বৃদ্ধি কৰিছে। বৈদেশিক মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে, বৰ্তমানৰ পৰিস্থিতি অত্যন্ত অস্থিৰ আৰু যিকোনো মুহূৰ্ততে ই ভয়াৱহ ৰূপ ল’ব পাৰে। সেয়েহে সংশ্লিষ্ট দেশসমূহৰ ভাৰতীয় দূতাৱাসসমূহৰ সৈতে নাগৰিকসকলক নিৰন্তৰ যোগাযোগত থাকিবলৈ…
Read More
অৰুণাচলত অসমৰ যুৱকক নৃশংস হত্যা; মাৰ্ঘেৰিটাত ৪ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ

অৰুণাচলত অসমৰ যুৱকক নৃশংস হত্যা; মাৰ্ঘেৰিটাত ৪ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ

অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত সংঘটিত এক মৰ্মান্তিক হত্যাকাণ্ডক কেন্দ্ৰ কৰি শনিবাৰে অসম-অৰুণাচল সীমান্তত সৃষ্টি হয় এক উত্তপ্ত পৰিৱেশৰ। অসমৰ চৰাইদেউ জিলাৰ বগৰীবাৰীৰ ২০ বছৰীয়া যুৱক ৰাজু ভূঞাক তেওঁৰ সহকৰ্মীয়ে চুৰিকাঘাত কৰি নিৰ্মমভাৱে হত্যা কৰাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। এই হত্যাকাণ্ডৰ প্ৰতিবাদত সদৌ আদিবাসী ছাত্ৰ সন্থা (আছা)ই মাৰ্ঘেৰিটাত পথ অৱৰোধ কৰি অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰে। ঘটনাৰ বিৱৰণী অনুসৰি, যোৱা ২২ ফেব্ৰুৱাৰীত চাংলাঙৰ ৯ মাইলৰ 'তুহী ভেনিয়াৰ মিল' নামৰ এটা প্লাইউড উদ্যোগৰ শ্ৰমিক আৱাসত এই নৃশংস কাণ্ড সংঘটিত হৈছিল। অভিযুক্ত আদিত্য ৰয়ে নিশা শোৱাপাটীতে ৰাজুৰ বুকুত হেংদাং সদৃশ চোকা অস্ত্ৰৰে আঘাত কৰি থিতাতে হত্যা কৰি ঘটনাস্থলীৰ পৰা…
Read More
মেঘালয়ত ডিচিপি হ’বলৈ লাগিব বিশেষ অভিজ্ঞতা; বিধানসভাত গৃহীত হ’ল নতুন সংশোধনী বিধেয়ক

মেঘালয়ত ডিচিপি হ’বলৈ লাগিব বিশেষ অভিজ্ঞতা; বিধানসভাত গৃহীত হ’ল নতুন সংশোধনী বিধেয়ক

ৰাজ্যত কাম কৰাৰ অভিজ্ঞতা অবিহনে এতিয়াৰে পৰা কোনো বিষয়াই লাভ নকৰিব মেঘালয় আৰক্ষীৰ শীৰ্ষ পদ। শনিবাৰে বিধানসভাত গৃহীত হোৱা 'মেঘালয় আৰক্ষী (সংশোধনী) বিধেয়ক, ২০২৬' অনুসৰি, আৰক্ষী সঞ্চালক প্ৰধান পদৰ বাবে বিবেচিত হ’বলৈ হ’লে এজন বিষয়াই ৰাজ্যখনত অন্ততঃ এবছৰ সেৱা আগবঢ়োৱাটো বাধ্যতামূলক কৰা হৈছে। মেঘালয় আৰক্ষী আইন, ২০১০ত এই নতুন চৰ্ত অন্তৰ্ভুক্ত কৰি প্ৰশাসনিক ব্যৱস্থাত এক বৃহৎ পৰিৱৰ্তন আনিছে চৰকাৰে। প্ৰবেচনৰ সময়খিনি বাদ দি সংশ্লিষ্ট বিষয়াজনে মেঘালয়ৰ স্থানীয় পৰিৱেশ আৰু প্ৰশাসনৰ সৈতে ন্যূনতম এবছৰ জড়িত হৈ থাকিব লাগিব। এই পদক্ষেপৰ মূল লক্ষ্য হ’ল ৰাজ্যৰ শীৰ্ষ আৰক্ষী বিষয়াগৰাকীক স্থানীয় আইন-শৃংখলাৰ পৰিস্থিতিৰ বিষয়ে সঠিকভাৱে অৱগত কৰোৱা। বৰ্তমান অসম-মেঘালয় যুটীয়া কেডাৰৰ আইপিএছ বিষয়াসকল এই…
Read More