অসম

‘থ্ৰী ইডিয়টছ’ৰ ৰেঞ্চ’ সোণম ৱাংচুক নহয়! অনশন ভংগৰ আহ্বান আমিৰ খানৰ

‘থ্ৰী ইডিয়টছ’ৰ ৰেঞ্চ’ সোণম ৱাংচুক নহয়! অনশন ভংগৰ আহ্বান আমিৰ খানৰ

বিগত ২০ দিন ধৰি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত অনশন অব্যাহত ৰাখিছে বিশিষ্ট পৰিৱেশকৰ্মী আৰু শিক্ষাবিদ সোণম ৱাংচুকে। তেওঁৰ স্বাস্থ্য ক্ৰমাৎ অৱনতি ঘটাৰ সময়তে এইবাৰ অনশন ভংগ কৰাৰ আহ্বান জনালে বলীউডৰ অভিনেতা আমিৰ খানে। একে সময়তে বহু বছৰ ধৰি চলি অহা এটা জনপ্ৰিয় ধাৰণাও খাৰিজ কৰি অভিনেতাগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে, 'থ্ৰী ইডিয়টছ' ছবিৰ ফুনছুখ ৱাংগ্ৰু বা ৰেঞ্চ' চৰিত্ৰটো সোণম ৱাংচুকৰ জীৱনৰ আধাৰত সৃষ্টি কৰা হোৱা নাছিল। লণ্ডন ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত আয়োজিত এক অনুষ্ঠানত এই মন্তব্য কৰে আমিৰ খানে। তেওঁৰ ভাষাত, “বহুতে ভাবে 'থ্ৰী ইডিয়টছ' ছবিখন সোণম ৱাংচুকৰ জীৱনৰ ওপৰত আধাৰিত। এই ধাৰণা সম্পূৰ্ণ ভুল। ছবিখনৰ চিত্ৰনাট্য লিখা সময়ত…
Read More
মহাসংযোগ! ১৯ বছৰ পূৰ্বে ফটোশ্বুটত গা ধুৱাই দিয়া সেই কণমানিৰ বিৰুদ্ধেই বিশ্বকাপ ফাইনেলত অৱতীৰ্ণ হ’ব মহাতাৰকা মেছি

মহাসংযোগ! ১৯ বছৰ পূৰ্বে ফটোশ্বুটত গা ধুৱাই দিয়া সেই কণমানিৰ বিৰুদ্ধেই বিশ্বকাপ ফাইনেলত অৱতীৰ্ণ হ’ব মহাতাৰকা মেছি

ফিফা বিশ্বকাপৰ ফাইনেল মানেই বিশ্ব ফুটবলৰ শ্ৰেষ্ঠত্বৰ যুঁজ। কিন্তু এইবাৰৰ ফাইনেলত ক্ৰীড়াপ্ৰেমীয়ে প্ৰত্যক্ষ কৰিব এক ব্যতিক্ৰমী মুহূৰ্ত। যিটো কণমানিক ১৯ বছৰ পূৰ্বে কোলাত তুলি গা ধুৱাই দিছিল লিয়নেল মেছিয়ে, সেই শিশুটিৰ বিৰুদ্ধেই এইবাৰৰ বিশ্বকাপৰ ফাইনেলত অৱতীৰ্ণ হ’ব ফুটবলৰ মহাতাৰকা লিয়নেল মেছি। ১৯ বছৰ পূৰ্বে এক চেৰিটী ইভেণ্টত মেছিয়া গা ধুৱাই দিয়া সেই শিশুটিয়েই হৈছে স্পেইনৰ তাৰকা ফুটবলাৰ লামিন য়ামাল। ২০ জুলাইত অনুষ্ঠিত হ'বলগীয়া বিশ্বকাপৰ ফাইনেলত এইবাৰ সেই য়ামালৰ বিৰুদ্ধেই খেলপথাৰত নামিব বিশ্ব ফুটবলৰ মহাতাৰকা মেছি। বিশ্বকাপৰ দ্বিতীয়খন ছেমিফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিছে আৰ্জেণ্টিনাই। আনহাতে, প্ৰথম ছেমিফাইনেলত ফ্ৰান্সক পৰাস্ত কৰি ১৬ বছৰৰ অন্তত বিশ্বকাপৰ ফাইনেলত স্থান…
Read More
ফেচবুকৰ প্ৰেমিকাক বিচাৰি কাঁটাতাঁৰ পাৰ হৈ পাকিস্তানত উপস্থিত বাদল! এতিয়া বন্দী কাৰাগাৰত

ফেচবুকৰ প্ৰেমিকাক বিচাৰি কাঁটাতাঁৰ পাৰ হৈ পাকিস্তানত উপস্থিত বাদল! এতিয়া বন্দী কাৰাগাৰত

ফেচবুকত আৰম্ভ হৈছিল প্ৰেম। সেই প্ৰেমিকাক লগ পাবলৈ সকলো বাধা নেওচি ভিছা নোহোৱাকৈ সীমান্ত পাৰ হৈ পাকিস্তানত উপস্থিত হৈছিল এজন ভাৰতীয় যুৱক। কিন্তু প্ৰেমৰ সেই যাত্ৰাই শেষত ঠাই পালে কাৰাগাৰত। শাস্তিৰ ম্যাদ সম্পূৰ্ণ হোৱাৰ পিছতো এতিয়াও পাকিস্তানৰ লাহোৰৰ কট লাখপত কাৰাগাৰত আবদ্ধ হৈ আছে উত্তৰ প্ৰদেশৰ আলীগড়ৰ বাদল বাবু। তেওঁৰ মুক্তি নিশ্চিত কৰি ভাৰতলৈ ঘূৰাই অনাৰ দাবীত এতিয়া কেন্দ্ৰীয় চৰকাৰৰ কাষ চাপিছে পৰিয়াল। জানিব পৰা মতে, দিল্লীত দৰ্জি হিচাপে কাম কৰা বাদল বাবুৰ সৈতে ফেচবুকযোগে চিনাকি হৈছিল পাকিস্তানৰ ছানা নামৰ এগৰাকী যুৱতীৰ। পৰিয়ালৰ দাবী অনুসৰি, অনলাইনত আৰম্ভ হোৱা সেই বন্ধুত্ব পিছলৈ প্ৰেমৰ সম্পৰ্কলৈ ৰূপান্তৰিত হয়। বাদল বাবুৱে ২০২৪ চনৰ ৩০…
Read More
ইছৰ’ৰ পৰা ১২০ ৰো অধিক বিজ্ঞানী-গৱেষকৰ পদত্যাগ

ইছৰ’ৰ পৰা ১২০ ৰো অধিক বিজ্ঞানী-গৱেষকৰ পদত্যাগ

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰ')ৰ বৰ্তমান এক গুৰুতৰ সমস্যাৰ মুখামুখি হৈছে। অলপতে দেশৰ এই সন্মানীয় মহাকাশ সংস্থাটোৰ ১২০ জনতকৈও অধিক বিজ্ঞানী আৰু গৱেষকে চাকৰি এৰি দিছে। ইয়াৰ ফলত ইছৰ’ত মেধাৱী লোকৰ নাটনি হোৱাৰ আশংকা বৃদ্ধি পাইছে। জানিব পৰা মতে, চাকৰি এৰি যোৱা এই বিজ্ঞানীসকলৰ ভিতৰত ভাৰতৰ অতি গুৰুত্বপূৰ্ণ মহাকাশ অভিযান— যেনে ‘চন্দ্ৰযান-৩’ আৰু ‘স্পাডেক্স’ ( মহাকাশত মহাকাশযান সংযোগ কৰা প্ৰযুক্তি) ক্ৰাফ্টৰ কামত নিয়োজিত হৈ থকা বিজ্ঞানীসকলও অন্তৰ্ভুক্ত আছে। প্ৰাথমিক তথ্য অনুসৰি, এই বিজ্ঞানীসকলে চাকৰি এৰাৰ কেইবাটাও কাৰণ আছে; তাৰ ভিতৰত আছে বেচৰকাৰী খণ্ডৰ পৰা আকৰ্ষণীয় অফাৰ লাভ। বৰ্তমান সময়ত বিশ্বজুৰি আৰু দেশৰ ভিতৰতে ব্যক্তিগত মহাকাশ উদ্যোগসমূহ  যথেষ্ট বৃদ্ধি পাইছে। সেই…
Read More
বেহালী সংৰক্ষিত বনাঞ্চলৰ বাবে নতুন বন শিবিৰ, পথ আৰু বনীকৰণ অভিযানৰ ঘোষণা

বেহালী সংৰক্ষিত বনাঞ্চলৰ বাবে নতুন বন শিবিৰ, পথ আৰু বনীকৰণ অভিযানৰ ঘোষণা

অসমৰ বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বৃহস্পতিবাৰে আন্তঃৰাজ্যিক দুষ্কৃতিকাৰীৰ দ্বাৰা বৃহৎ পৰিমাণে বনভূমি ধ্বংসৰ বাতৰিৰ পিছত বেহালী সংৰক্ষিত বনাঞ্চলৰ ব্যাপক স্থল পৰিদৰ্শন কৰে। জ্যেষ্ঠ বন বিভাগৰ বিষয়া, অসম আৰক্ষী আৰু অসামৰিক প্ৰশাসনৰ উপস্থিতিত মন্ত্ৰীগৰাকীয়ে পৰিস্থিতিৰ পৰ্যালোচনা কৰে আৰু সংৰক্ষিত বনাঞ্চল সুৰক্ষা, ক্ষতিগ্ৰস্ত অঞ্চল পুনৰুদ্ধাৰ আৰু স্থলভাগত বলবৎকৰণ শক্তিশালী কৰাৰ বাবে কেইবাটাও তৎকালীন ব্যৱস্থাৰ ঘোষণা কৰে। অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ বেহালী বনাঞ্চলত বৃহৎ পৰিমাণে বন ধ্বংসৰ বাতৰি পোৱাৰ পিছতেই এই পৰিদৰ্শন কৰা হয়। যোৱা ছয় মাহৰ ভিতৰত বনাঞ্চলৰ অৱস্থা তুলনা কৰি কৰা উপগ্ৰহ চিত্ৰ আৰু ড্ৰ’ন মূল্যাংকনে নিশ্চিত কৰিছে যে এই সময়ছোৱাত প্ৰায় ৪০০ হেক্টৰ বনভূমি দখল কৰি ব্যাপকভাৱে ক্ষতিগ্ৰস্ত কৰা হৈছে। পৰিদৰ্শনৰ…
Read More
ৰথ যাত্ৰা ভাৰতৰ সাংস্কৃতিক ঐতিহ্য আৰু সামাজিক সম্প্ৰীতিৰ প্ৰতীক: ৰাজ্যপাল আচাৰ্য

ৰথ যাত্ৰা ভাৰতৰ সাংস্কৃতিক ঐতিহ্য আৰু সামাজিক সম্প্ৰীতিৰ প্ৰতীক: ৰাজ্যপাল আচাৰ্য

অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি দিব্ৰুগড়ত শ্ৰী শ্ৰী জগন্নাথ সাংস্কৃতিক ট্ৰাষ্টৰ উদ্যোগত অনুষ্ঠিত হোৱা জগন্নাথ ৰথ যাত্ৰা মহোৎসৱত অংশগ্ৰহণ কৰে আৰু এই পবিত্ৰ উপলক্ষে ভক্তসকলক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে। শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰি ৰাজ্যপাল আচাৰ্যই কয়, “ৰথ যাত্ৰা হৈছে ভাৰতৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য, আধ্যাত্মিক মূল্যবোধ, সামাজিক সম্প্ৰীতি আৰু সৰ্বজনীনতাৰ চিৰন্তন প্ৰতীক। ভগৱান জগন্নাথ, ভগৱান বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ এই দৈৱিক যাত্ৰাই মানুহক কৰুণা, নিঃস্বাৰ্থ সেৱা আৰু সমাজৰ কল্যাণৰ প্ৰতি নিষ্ঠাৰ আদৰ্শ ৰক্ষা কৰিবলৈ অনুপ্ৰাণিত কৰে।” শ্ৰী শ্ৰী জগন্নাথ সাংস্কৃতিক ট্ৰাষ্টৰ প্ৰচেষ্টাক প্ৰশংসা কৰি ৰাজ্যপালে দিব্ৰুগড় আৰু অন্যান্য স্থানত সাংস্কৃতিক সজাগতা, সমাজ সেৱা আৰু সাম্প্ৰদায়িক সম্প্ৰীতি বৃদ্ধিৰ বাবে…
Read More
অবৈধভাৱে ভাৰতত প্ৰৱেশৰ অভিযোগ; আজমেৰত আটক বাংলাদেশী যুৱতী

অবৈধভাৱে ভাৰতত প্ৰৱেশৰ অভিযোগ; আজমেৰত আটক বাংলাদেশী যুৱতী

অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে দেশজুৰি অভিযান অব্যাহত থকাৰ সময়তে ৰাজস্থানৰ আজমেৰত এইবাৰ জালত পৰিল আন এগৰাকী বাংলাদেশী যুৱতী। অবৈধভাৱে ভাৰত-বাংলাদেশ সীমান্ত অতিক্ৰম কৰি দেশত প্ৰৱেশ কৰাৰ অভিযোগত যুৱতীগৰাকীক জিম্মাত লোৱাৰ পিছত ডিটেনশ্যন চেণ্টাৰলৈ প্ৰেৰণ কৰা হৈছে। ৰাজস্থান আৰক্ষীয়ে সদৰি কৰা মতে, আৰক্ষী সঞ্চালকালয়ৰ নিৰ্দেশমৰ্মে জিলাখনত অবৈধভাৱে বসবাস কৰি থকা বাংলাদেশী আৰু ৰোহিংগীয়া নাগৰিকৰ সন্ধানত বিশেষ অভিযান চলাই থকা হৈছে। সেই অভিযানৰ অংশ হিচাপেই কৃষ্ণগঞ্জ আৰক্ষী আৰু চিআইডিৰ বিশেষ শাখাৰ যুটীয়া দলে কৃষ্ণগঞ্জ অঞ্চলৰ এখন হোটেলৰ পৰা যুৱতীগৰাকীক আটক কৰে। আৰক্ষীৰ প্ৰাথমিক জেৰাত যুৱতীগৰাকীয়ে নিজৰ পৰিচয় বাংলাদেশৰ ঢাকাৰ কিশোৰগঞ্জ জিলাৰ বাসিন্দা ২৮ বছৰীয়া মীম আখতাৰ বুলি প্ৰকাশ কৰে। তেওঁ আব্দুল ছাত্তাৰৰ…
Read More
সোণম ৱাংচুকৰ স্বাস্থ্যক লৈ উচ্চ ন্যায়ালয়ৰ উদ্বেগ; প্ৰতিদিনে স্বাস্থ্য পৰীক্ষা আৰু প্ৰয়োজনীয় চিকিৎসাৰ নিৰ্দেশ

সোণম ৱাংচুকৰ স্বাস্থ্যক লৈ উচ্চ ন্যায়ালয়ৰ উদ্বেগ; প্ৰতিদিনে স্বাস্থ্য পৰীক্ষা আৰু প্ৰয়োজনীয় চিকিৎসাৰ নিৰ্দেশ

অধিক সংকটজনক হৈ উঠিছে বিশিষ্ট পৰিৱেশকৰ্মী তথা শিক্ষাবিদ সোণম ৱাংচুকৰ স্বাস্থ্য। বিগত ১৯ দিন ধৰি তেওঁ শিক্ষা ব্যৱস্থাৰ সংস্কাৰ আৰু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে অব্যাহত ৰখা অনশন ধৰ্মঘটৰ প্ৰভাৱ এতিয়া পৰিলক্ষিত হৈছে তেওঁৰ স্বাস্থ্যত। এনে পৰিপ্ৰেক্ষিততে তেওঁৰ স্বাস্থ্য সুৰক্ষাক অগ্ৰাধিকাৰ দি কেন্দ্ৰীয় চৰকাৰলৈ গুৰুত্বপূৰ্ণ নিৰ্দেশ জাৰি কৰে দিল্লী উচ্চ ন্যায়ালয়ে। অনশনত বহি থকা সোণম ৱাংচুকৰ স্বাস্থ্য প্ৰতিদিনে চিকিৎসকৰ জৰিয়তে পৰীক্ষা কৰাৰ লগতে প্ৰয়োজন অনুসৰি তৎক্ষণাত চিকিৎসা প্ৰদান নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে আদালতে। মুখ্য ন্যায়াধীশ দেৱেন্দ্ৰ কুমাৰ উপাধ্যায় আৰু ন্যায়াধীশ তেজস কাৰিয়াৰ খণ্ড বিচাৰপীঠে এই নিৰ্দেশ প্ৰদান কৰে। সোণম ৱাংচুকৰ জৰুৰী চিকিৎসাৰ দাবীত দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি…
Read More
আকৌ মূল্যবৃদ্ধিৰ মাধমাৰ! চাউল, পিয়াঁজ, মিঠাতেল, চেনিসহ অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি

আকৌ মূল্যবৃদ্ধিৰ মাধমাৰ! চাউল, পিয়াঁজ, মিঠাতেল, চেনিসহ অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি

পুনৰ জনতাৰ ওপৰত পৰিল মূল্যবৃদ্ধিৰ মাধমাৰ। এইবাৰ একে সময়তে বৃদ্ধি পালে চাউল, খোৱা তেল, চেনি আৰু পিয়াঁজকে ধৰি কেইবাটাও অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য। ৰাজ্যৰ বিভিন্ন বজাৰত নতুন দৰত বিক্ৰী আৰম্ভ হোৱাৰ লগে লগে দৈনন্দিন বজাৰ খৰচো যথেষ্ট বৃদ্ধি পাইছে। শেহতীয়া বজাৰদৰ অনুসৰি, সোণাশক্তি চাউলৰ এটা বস্তাৰ মূল্য ১,৫৭০ টকাৰ পৰা বৃদ্ধি পাই প্ৰায় ১,৮২০ টকাত উপনীত হৈছে। আৰহাম চাউলৰ দাম ১,২৮০ টকাৰ পৰা ১,৪৩০ টকা আৰু লক্ষ্মীভোগ চাউলৰ দাম ১,২৩৫ টকাৰ পৰা প্ৰায় ১,৩৮০ টকালৈ বৃদ্ধি পাইছে। মিঠাতেলৰ মূল্যও প্ৰতিলিটাৰত ১০ টকাৰ পৰা ২০ টকালৈ বৃদ্ধি পাইছে। পূৰ্বে ২৩৭ টকাত বিক্ৰী হোৱা ইঞ্জিন ব্ৰেণ্ডৰ তেল বৰ্তমান ২৫৫ টকা আৰু ধাৰা ব্ৰেণ্ডৰ…
Read More
টায়াৰ বিস্ফোৰণৰ পিছত ঘৰত সোমাল চিমেণ্টভৰ্তি ট্ৰাক; একেটা পৰিয়ালৰ তিনিজনৰ মৃত্যু

টায়াৰ বিস্ফোৰণৰ পিছত ঘৰত সোমাল চিমেণ্টভৰ্তি ট্ৰাক; একেটা পৰিয়ালৰ তিনিজনৰ মৃত্যু

টোপনিৰ সময়তে সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাই মুহূৰ্ততে প্ৰাণ কাঢ়ি নিলে একেটা পৰিয়ালৰ তিনিজন সদস্যৰ। নিজ ঘৰত শুই থকা সময়তে এখন চিমেণ্টভৰ্তি ট্ৰাকে দেৱাল ভাঙি ভিতৰত প্ৰৱেশ কৰাত নিদ্ৰাৰত অৱস্থাতে ট্ৰাকৰ তলত পিষ্ট হৈ মৃত্যুক সাৱটি লয় তিনিওজনে। দুৰ্ঘটনাটোত ১২ বছৰীয়া কিশোৰীসহ আন দুজন সদস্য গুৰুতৰভাৱে আহত হয়। উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ জিলাত বুধবাৰে পুৱতি নিশা সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা। আৰক্ষীয়ে জনোৱা অনুসৰি, বাৰাণসীৰ পৰা সোনভদ্ৰ অভিমুখে গৈ থকা চিমেণ্টভৰ্তি ট্ৰাকখনৰ এটা টায়াৰ পুৱা প্ৰায় ৩ বজাত হঠাতে বিস্ফোৰিত হয়। ফলত চালকে বাহনখনৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাত ট্ৰাকখনে পথৰ দাঁতিতে থকা বাসগৃহটোৰ দেৱাল ভাঙি ভিতৰত সোমাই পৰে। এই ভয়ংকৰ দুৰ্ঘটনাত ঘৰটোৰ এটা…
Read More