21
Aug
কৰিমগঞ্জত উপস্থিত হৈ বিভিন্ন কামৰ পৰ্যালোচনা কৰে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে ৷ এই পৰ্যালোচনাত ৰাতাবাৰী বিধানসভা সমষ্টিৰ বিধায়ক বিজয় মালাকাৰ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, খণ্ড উন্নয়ন বিষয়া গৰাকীৰ লগতে বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে৷ ইয়াৰ পিছত ৰাতাবাৰী সমষ্টিৰ হৰি নগৰ গাঁও পঞ্চায়তৰ ৰাজনগৰত এটা প্লেভাৰ ব্লক দিয়া ৰাস্তা পৰিদৰ্শন কৰি মনতে সন্তুোষ লাভ কৰে মন্ত্ৰী দাসে ৷ প্ৰতিগৰাকী জনপ্ৰতিনিধিয়ে যদি প্ৰকৃতাৰ্থত এনেদৰে কাম কৰে তেতিয়াহ'লে নিশ্চিত ৰূপত গ্ৰাম্য জনজীৱন আৰু অধিক সূচল হৈ উঠিব বুলি মন্ত্ৰীগৰাকীয়ে দৃঢ়বিশ্বাস কৰে৷ এই পৰিদৰ্শন কালত মন্ত্ৰী দাসৰ লগত স্থানীয় বিধায়ক বিজয় মালাকাৰ আৰু জিলা বিজেপিৰ সভাপতি সুব্ৰত ভট্টাচাৰ্য উপস্থিত থাকে…