19
Sep
দ্য ৱেলথ কোম্পানী মিউচুৱেল ফাণ্ডৰ প্ৰতিষ্ঠাপক মধু লুনাৱাটে নিজৰ যুগান্তকাৰী পদক্ষেপ এম এফ ডিডিক নিজৰ গৃহ চহৰ গুৱাহাটীত মুকলি কৰি সমগ্ৰ অসম আৰু টায়াৰ II আৰু টায়াৰ III চহৰসমূহৰ মহিলাসকলক সবলীকৰণৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। আহমেদাবাদ, ভুৱনেশ্বৰ, পাটনা, মুম্বাই আৰু পুনে আদি দেশজুৰি চলি থকা এই ৰোডশ্ব’ই এতিয়া উত্তৰ-পূবত উপনীত হৈছে আৰু মহিলাসকলৰ বাবে বিত্তীয় সাক্ষৰতা, প্ৰমাণপত্ৰ আৰু পেছাদাৰী সুযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। উঃ-পূবৰ দুৱাৰমুখ গুৱাহাটীত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হোৱা লুনাৱাটে ভাৰতৰ বিত্তীয় খণ্ডৰ অগ্ৰণী ভূমিকা পালন কৰি পেণ্টোমাথ গ্ৰুপ আৰু দ্য ৱেলথ কোম্পানী মিউচুৱেল ফাণ্ড প্ৰতিষ্ঠা কৰিছে। এমএফ ডিডিৰ লক্ষ্য হৈছে এন আইএছএমভি বিধিৰ অধীনত মহিলাসকলক…
