ব্যৱসায়

লক্ষ্ণৌত অনুষ্ঠিত এনএছডিচিৰ কৌশল মহোৎসৱে পথ প্ৰদৰ্শন কৰিছে যুৱ সবলীকৰণ আৰু নিয়োগৰ

লক্ষ্ণৌত অনুষ্ঠিত এনএছডিচিৰ কৌশল মহোৎসৱে পথ প্ৰদৰ্শন কৰিছে যুৱ সবলীকৰণ আৰু নিয়োগৰ

নেচনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেচনে (এনএছডিচি) লক্ষ্ণৌ বিশ্ববিদ্যালয়ত ৯ আৰু ১০ মাৰ্চত দুদিনীয়াকৈ আয়োজিত মেগা অনুষ্ঠান কৌশল মহোৎসৱৰ জৰিয়তে যুৱক-যুৱতীৰ সবলীকৰণৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ উচ্চাকাংক্ষী পৰিকল্পনাৰ কথা সদৰি কৰিছে। দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়(এমএছডিই)ৰ পৃষ্ঠপোষকতাত ৰূপায়িত এই পদক্ষেপৰ উদ্দেশ্য হৈছে লক্ষ্ণৌ আৰু চুবুৰীয়া জিলাসমূহৰ নিবনুৱাৰ বাবে নিয়োগ আৰু এপ্ৰেণ্টিশ্বিপ(শিক্ষানবিশ)ৰ সুযোগ প্ৰদানৰ বাবে এখন বিশাল মঞ্চ প্ৰদান কৰি দক্ষতাৰ দৃশ্যপট নতুন ৰূপত সংজ্ঞায়িত কৰা। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ উপস্থিতিয়ে সৌষ্ঠৱ বৃদ্ধি কৰিব লগা এই অনুষ্ঠানটোৱে দক্ষতা বিকাশৰ ক্ষেত্ৰত যুগান্তকাৰী হোৱাৰ প্ৰতিশ্ৰুতি বহন কৰিছে। লক্ষ্ণৌৰ বিজেপি নেতা নীৰজ সিঙে যুৱক-যুৱতীসকলৰ নিয়োগযোগ্যতা বৃদ্ধি আৰু দক্ষতা বিকাশৰ বাবে অনুকূল পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত…
Read More
লিমকা বুক অৱ ৰেকৰ্ডছে ২০২৪ সংস্কৰণ মুকলি কৰিবলৈ সাজু হৈছে

লিমকা বুক অৱ ৰেকৰ্ডছে ২০২৪ সংস্কৰণ মুকলি কৰিবলৈ সাজু হৈছে

কোকা-কোলা ইণ্ডিয়াৰ স্বদেশী ঐতিহ্য ব্ৰেণ্ড লিমকাই সগৌৰৱে ভাৰতৰ আটাইতকৈ দীঘলীয়া সময় ধৰি প্ৰকাশিত হৈ অহা অভিলেখ আৰু তথ্যসমৃদ্ধ বুক লিমকা বুক অৱ ৰেকৰ্ডছৰ ৩৩সংখ্যক সংস্কৰণ প্ৰকাশ কৰিছে। 'ইণ্ডিয়া এট হাৰ বেষ্ট'ৰ বিষয়বস্তু সামৰি প্ৰকাশ কৰা ২০২৪ সংস্কৰণটো হৈছে ২০২৩ চনত দেশৰ সফলতা আৰু বিগত বছৰবোৰৰ সত্য ইতিহাস আৰু অভিলেখৰ দস্তাবেজ। ভাৰতীয় অভিলেখৰ জীৱন্ত আৰ্কাইভ ৰূপে পৰিগণিত এই বুকত অধ্যৱসায়, ধৈৰ্য্য আৰু প্ৰদৰ্শনৰ বলত সৰ্বশ্ৰেষ্ঠ আৰু সৰ্বোত্কৃষ্ট অভিলেখসমূহ প্ৰদৰ্শন-প্ৰকাশ কৰা হৈছে। ইয়াত এছিয়ান গেমছ ২০২২ত ভাৰতীয়ৰ প্ৰদৰ্শনৰ পৰা নতুনকৈ ডিজাইন কৰা সংসদ ভৱনলৈকে ভাৰতৰ সাফল্যক সামৰি উদযাপনৰ এক জীৱন্ত দলিল। বিদায়ী ২০২৩ চনত ভাৰতে ক্ৰীড়াক্ষেত্ৰত উল্লেখযোগ্য সফলতা লাভ কৰিছিল, ২০২২ চনৰ…
Read More
পৰৱৰ্তী ৩ বছৰত কেৰালাৰ ৪ লাখ যুৱক-যুৱতীক ভৱিষ্যতৰ বাবে প্ৰস্তুত দক্ষতা  প্ৰদানৰ ঘোষণা ৰাজীৱ চন্দ্ৰশেখৰৰ

পৰৱৰ্তী ৩ বছৰত কেৰালাৰ ৪ লাখ যুৱক-যুৱতীক ভৱিষ্যতৰ বাবে প্ৰস্তুত দক্ষতা  প্ৰদানৰ ঘোষণা ৰাজীৱ চন্দ্ৰশেখৰৰ

ভাৰতৰ প্ৰতিভাধৰ আৰু নিবনুৱা যুৱক-যুৱতীক শেহতীয়া প্ৰযুক্তিৰে সজ্জিত হোৱাটো নিশ্চিত কৰি ক্ষিপ্ৰতাৰে দক্ষতা বিকাশ আৰু ভাৰতৰ যুৱক-যুৱতীসকলক প্ৰাসংগিক আৰু উন্নত দক্ষতাৰে সজ্জিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ অধীনত কেৰালাত ফিউচাৰ ৰেডি, জব ৰেডি স্কিলছ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোন ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ দূৰদৰ্শী লক্ষ্যৰ সৈতে সংগতি ৰাখি এই পদক্ষেপে উদ্ভাৱন আৰু ভৱিষ্যতৰ প্ৰস্তুতিৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত কৰিছে। এই পদক্ষেপৰ আঁৰত হৈছে পিএমকেভিৱাই ৪.০, যিয়ে অহা ৩ বছৰত প্ৰায় ৪ লাখ যুৱক-যুৱতীক ভৱিষ্যতৰ দক্ষতা প্ৰদান কৰিবলৈ নিৰ্ধাৰিত কাৰ্যসূচী আগবঢ়াব। এই পদক্ষেপৰ লক্ষ্য হৈছে মহাবিদ্যালয়, বিশ্ববিদ্যালয়, বিদ্যালয়, আই টি আই, প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰ,…
Read More
প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধনৰ লগে লগে লৰ্ডছ মাৰ্ক ইণ্ডাষ্ট্ৰীজ আৰু উন্নত ভাৰত(ভাৰত চৰকাৰ)ৰ দেশজুৰি ই স্মাৰ্ট ক্লিনিক প্ৰকল্পৰ শুভাৰম্ভণি

প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধনৰ লগে লগে লৰ্ডছ মাৰ্ক ইণ্ডাষ্ট্ৰীজ আৰু উন্নত ভাৰত(ভাৰত চৰকাৰ)ৰ দেশজুৰি ই স্মাৰ্ট ক্লিনিক প্ৰকল্পৰ শুভাৰম্ভণি

লৰ্ডছ মাৰ্ক ইণ্ডাষ্ট্ৰীজ লিমিটেডে উন্নত ভাৰত অভিযানৰ সহযোগত আৰম্ভ কৰিছে ই স্মাৰ্ট ক্লিনিক প্ৰকল্প। এইমছ ৰাজকোটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভাৰম্ভণি কৰি এই পদক্ষেপ দেশৰ স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনিত এক উল্লেখযোগ্য পদক্ষেপ ৰূপে চিহ্নিত হৈছে। আইআইটি দিল্লীত লৰ্ডছ মাৰ্ক ইণ্ডাষ্ট্ৰীজ আৰু উন্নত ভাৰত অভিযানৰ মাজত স্বাক্ষৰিত একচেটিয়া বুজাবুজি চুক্তিৰ মূল লক্ষ্য হৈছে এই প্ৰকল্পৰ জৰিয়তে স্বাস্থ্যসেৱাৰ সুবিধা সহজ আৰু সুলভ কৰি তোলা। লৰ্ডছ মাৰ্ক ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ কাৰ্যবাহী সঞ্চালক মানৱ তীলিয়ে স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত উদ্ভাৱন আৰু ব্যয়সাধ্যতা বা কম খৰচৰ প্ৰতি থকা দায়বদ্ধতাক আলোকপাত কৰি নিজৰ মনোভাৱ প্ৰকাশ কৰে। লৰ্ডছ মাৰ্ক ইণ্ডাষ্ট্ৰীজে নিজৰ প্ৰযুক্তি অংশীদাৰ ড’জিৰ সহযোগত নিৰ্মাণ কৰা ই স্মাৰ্ট ক্লিনিকত বাহ্যিকভাৱে সংলগ্ন নথকা…
Read More
লাভাই উন্মোচন কৰিলে ব্লেজ কাৰ্ভ ৫জি

লাভাই উন্মোচন কৰিলে ব্লেজ কাৰ্ভ ৫জি

ভাৰতৰ আগশাৰীৰ স্মাৰ্টফোন ব্ৰেণ্ড লাভা ইণ্টাৰনেচনেলে মুকলি কৰিলে ছেগমেণ্ট-বেষ্ট ৮জিবি এলপিডিডিআৰ৫ ৰেম আৰু ইউএফএছ ৩.১ ১২৮জিবি/২৫৬জিবি ইণ্টাৰনেল ষ্ট’ৰেজৰ সৈতে বৈপ্লৱিক মিড ৰেঞ্জ স্মাৰ্টফোন ব্লেজ কাৰ্ভ ৫জি। এই নতুন ডিভাইচটো বিজুলীৰ দৰে দ্ৰুত গতিৰ মিডিয়াটেক ডাইমেনচিটি ৭০৫০ প্ৰক্ৰিয়াৰে চালিত, যিয়ে অতুলনীয় গতি আৰু কাৰ্যক্ষমতা প্ৰদান কৰে। নতুন মুকলিৰ বিষয়ে লাভা ইণ্টাৰনেচনেলৰ পৰিচালন সঞ্চালক সুনীল ৰাইনাই কয় যে, ব্লেজ কাৰ্ভ ৫জি মোবাইলটোৱে স্মাৰ্টফোন উদ্যোগত ভাৰতীয় অভিযান্ত্ৰিকী আৰু প্ৰযুক্তিগত শক্তি প্ৰদৰ্শন কৰিছে আৰু ভাৰতীয় গ্ৰাহকসকলক ২০ হাজাৰৰ তলৰ মূল্যৰ পৰিসৰত বিশ্বমানৰ অভিজ্ঞতা প্ৰদান কৰা লক্ষ্য হাতত লৈছে। ব্লেজ কাৰ্ভ ৫জি দুটা ভেৰিয়েণ্টত উপলব্ধ - ৮+৮*জিবি/১২৮জিবি আৰু ৮+৮*জিবি/২৫৬জিবি, যাৰ মূল্য ক্ৰমে ১৭,৯৯৯/ আৰু ১৮,৯৯৯/…
Read More
টেটলি গ্ৰীন টিৰ নতুন কেম্পেইন “আই এম মৰ দেন মাই নিকনেম”

টেটলি গ্ৰীন টিৰ নতুন কেম্পেইন “আই এম মৰ দেন মাই নিকনেম”

ভাৰতৰ আগশাৰীৰ গ্ৰীন চাহৰ ব্ৰেণ্ড টেটলী গ্ৰীন টিয়ে সফল #এভ্ৰীবডীকেন অভিযানৰ চিকুৱেল মুকলি কৰিছে, যিয়ে মানুহক নিজৰ শৰীৰৰ গঠন বা আকৰৰ ওপৰত ভিত্তি কৰি কেৱল নিকনেমতে সীমাবদ্ধ নহ'বলৈ আহ্বান জনাইছে। "আই এম মৰ দেন মাই নিকনেম" নামৰ এই প্ৰচাৰ অভিযানে এই ধাৰণাটো কঢ়িয়াই আনিছে যে "আপুনি আপোনাৰ শৰীৰক লৈ ভবাতকৈ উৰ্ধ্বত"। ইয়াত মানুহক শাৰীৰিক অবয়ব বা চেহেৰাৰ ওপৰত ভিত্তি কৰি দিয়া নিকনেমৰ জৰিয়তে সীমাবদ্ধ নহ’বলৈ আহ্বান জনোৱা হৈছে, কিয়নো নাম এটাই আপোনাৰ ক্ষমতা আৰু আপুনি কিমান ফিট সেইটো নিৰ্ধাৰণ কৰিব নোৱাৰে। টেটলীৰ এই শক্তিশালী ছবিখনে এটা নিকনেম(উপনাম)ৰ পৰা উদ্ভৱ হোৱা পক্ষপাতিত্ব বা সামাজিক ব্যৱধানক দেখুওৱা হৈছে য'ত অজানিতে শৰীৰক লজ্জাজনক…
Read More
এনজিঅ’ ‘গ্লেড ভাৰত ফাউণ্ডেচন’ৰ সৈতে সহযোগিতা উজাছৰ

এনজিঅ’ ‘গ্লেড ভাৰত ফাউণ্ডেচন’ৰ সৈতে সহযোগিতা উজাছৰ

আদিত্য বিৰলা এডুকেচন ট্ৰাষ্টৰ উদ্যোগ উজাছ পদক্ষেপে কিশোৰী-ছাত্ৰী-মহিলাৰ ঋতুস্ৰাৱৰ সময়ত স্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিষয়ে সজাগতা সৃষ্টিৰ অভিযান ৰূপায়ণ কৰি গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অৰ্জন কৰিছে। উজাছৰ প্ৰতিষ্ঠাপক অদ্বৈতেষা বিৰলাৰ দৃষ্টিভংগীৰে পৰিচালিত এই পদক্ষেপে অসমত ইতিবাচক পৰিৱৰ্তন আৰু সবলীকৰণৰ পদক্ষেপ হাতত লৈছে। আগশাৰীৰ বেচৰকাৰী সংস্থা গ্লাড ভাৰত ফাউণ্ডেশ্যনৰ সৈতে সহযোগিতাৰে এই কাৰ্যসূচী ৰূপায়ণ কৰিব। উজাছে প্ৰথম পৰ্যায়ৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে, এই পদক্ষেপৰ জৰিয়তে কিশোৰী আৰু মহিলাসকলৰ মাজত ব্যাপকভাৱে যোগাযোগ আৰু সজাগতা বিয়পোৱাৰ কাম হাতত লৈছে। এই পদক্ষেপৰ জৰিয়তে একেলগে সক্ৰিয়ভাৱে সজাগতা বৃদ্ধি, নিষেধাজ্ঞা বা কু-সসংস্কাৰ দূৰ কৰি সমগ্ৰ অঞ্চলটোত ঋতুস্ৰাৱৰ সময়ত স্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিষয়ে ইতিবাচক কথোপকথন আৰু পৰিৱেশ গঢ়ি তোলাৰ…
Read More
তৈলপাম: ভ্ৰান্ত ধাৰণাক আঁতৰাই সমৃদ্ধিৰে দখলৰ দিশে বিশ্ব বজাৰ

তৈলপাম: ভ্ৰান্ত ধাৰণাক আঁতৰাই সমৃদ্ধিৰে দখলৰ দিশে বিশ্ব বজাৰ

সমগ্ৰ পৃথিৱীৰ বিভিন্ন উদ্যোগত বহুমুখী সুবিধা-ব্যৱহাৰৰ বাবে তৈলপামৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। দীৰ্ঘদিন ধৰি ব্যক্তিগত যত্নৰ সামগ্ৰী, খাদ্য সামগ্ৰী আৰু জৈৱ ইন্ধন উৎপাদনৰ প্ৰধান উপকৰণ হিচাপে গণ্য কৰা তৈলপামৰ বিষয়ে সকলোৱে মূল্যায়ন কৰি আছে, প্ৰচলিত ভ্ৰান্ত ধাৰণাসমূহক প্ৰত্যাহ্বান জনাই নিজৰ পুষ্টিকৰ গুণাগুণসমূহৰ ওপৰত আলোকপাত কৰিছে। তৈলপামক লৈ প্ৰচলিত আন এটা ভ্ৰান্ত ধাৰণা হৈছে অধিক  সংপৃক্ত চৰ্বিৰ পৰিমাণৰ বাবে স্বাস্থ্যৰ বিপদাশংকা থাকে আৰু ইয়ে মানুহৰ জীৱনলৈ বিপদ আনি দিব পাৰে। পিছে শেহতীয়া অধ্যয়নবোৰে দেখুৱাইছে যে স্বাস্থ্যৰ ওপৰত চৰ্বিৰ প্ৰভাৱ বিষয়টো যথেষ্ট জটিল, সকলো সংপৃক্ত চৰ্বি ক্ষতিকাৰক বুলি থকা ধাৰণাটো শুদ্ধ নহয়। লক্ষণীয়ভাৱে বিটা-কেৰোটিন আৰু ভিটামিন ই-টোকোট্ৰিয়েনলৰ দৰে উপকাৰী চৰ্বিৰে সমৃদ্ধ তৈলপামৰ গঠনে…
Read More
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চেলা পাছ সুৰংগ প্ৰকল্প উদ্বোধনৰ জৰিয়তে পেটেল ইঞ্জিনিয়াৰিঙৰ সফলতা উদযাপন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চেলা পাছ সুৰংগ প্ৰকল্প উদ্বোধনৰ জৰিয়তে পেটেল ইঞ্জিনিয়াৰিঙৰ সফলতা উদযাপন

দেশৰ আন্তঃগাঁথনি আৰু নিৰ্মাণ খণ্ডৰ আগশাৰীৰ প্ৰতিষ্ঠান পেটেল ইঞ্জিনিয়াৰিং লিমিটেডে (এনএছই – পেটেলংগ এণ্ড বিএছই – ৫৩১১২০) ৭৫ বছৰত ভৰি থোৱাৰ সময়তে আন্তগাঁথনি ক্ষেত্ৰত যুগান্তকাৰী সাফল্য অৰ্জন কৰিছে। অৰুণাচল প্ৰদেশত পেটেল ইঞ্জিনিয়াৰিং লিমিটেডে নিৰ্মাণ কৰা ছেলা সুৰংগ প্ৰকল্পটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।  ৬৫০ কোটি টকা ব্যয়সাপেক্ষ এই চেলা টানেলে সীমান্তৰ সুৰক্ষা শক্তিশালী কৰি তোলাৰ লগতে অৰুণাচলৰ অৰ্থনৈতিক বিকাশৰ প্ৰতি ভাৰতৰ অটল প্ৰতিশ্ৰুতি আকৌ এবাৰ প্ৰমাণ কৰিলে। বৰ্ডাৰ ৰোড অৰ্গেনাইজেচন(বিআৰঅ')ৰ ভৰ্টক প্ৰকল্পৰ অধীনত এই সুৰংগটো পেটেল ইঞ্জিনিয়াৰিঙে নিৰ্মাণ কৰিছে। প্ৰতিকুল জলবায়ু আৰু ভৌগোলিক প্ৰত্যাহ্বানবোৰ নেওচি উন্নত অভিযান্ত্ৰিক কৌশলেৰে পেটেলে নিজৰ চমক দেখুৱাবলৈ সক্ষম হৈছে এই প্ৰকল্পটোত।  পূৰ্বৰ সমৃদ্ধ…
Read More
‘চানৰাইজ অগ্ৰগামিনী’ৰ বহু প্ৰত্যাশিত গ্ৰেণ্ড ফিনালেৰ বাবে সাজু আইটিচিৰ ছানৰাইজ

‘চানৰাইজ অগ্ৰগামিনী’ৰ বহু প্ৰত্যাশিত গ্ৰেণ্ড ফিনালেৰ বাবে সাজু আইটিচিৰ ছানৰাইজ

অসমত দ্ৰুতগতিত বিকশিত মছলা ব্ৰেণ্ড চানৰাইজ পিউৰ স্পাইচে 'চানৰাইজ অগ্ৰগামিনী'ৰ গ্ৰেণ্ড ফিনালেৰ বাবে সাজু হৈছে। চানৰাইজ অগ্ৰগামিনী হৈছে মহিলা উদ্যোগীক প্ৰচাৰ-প্ৰসাৰ আৰু সুযোগ প্ৰদানৰ বাবে আয়োজন কৰা এক ষ্টাৰ্টআপ প্ৰতিযোগিতা। মহিলা দিৱসৰ দিনাই দৰ্শকে ১৫জন উচ্চাকাংক্ষী উদ্যোগী মহিলাৰ উদ্যোগী হোৱাৰ সপোন আৰু জীৱনৰ তিতা-কেঁহাৰ মাজেৰে কিদৰে আজিৰ পৰ্যায়ত উপনীত হ'ল তাৰ অভিজ্ঞতা সকলোৰে আগত ব্যক্ত কৰিব আৰু দৰ্শকৰ বাবে প্ৰেৰণ কৰিব এক ইতিবাচক বাৰ্তা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সিঁচৰিত ৫০ৰো অধিক ষ্টাৰ্ট আপৰ মাজৰ পৰা অনন্য ষ্টাৰ্টআপ ধাৰণা থকা বা ব্যতিক্ৰমী চিন্তাৰে আগবঢ়া ১৫গৰাকী ব্যতিক্ৰমী মহিলাক চানৰাইজ অগ্ৰগামিনী গ্ৰেণ্ড ফিনালেৰ বাবে বাচনি কৰা হৈছে। প্ৰতিদিন নিউজ চেনেলে ৩টা খণ্ডৰ এক প্ৰতিযোগিতাৰ…
Read More