উত্তৰ-পূৱ

কণীৰ হালধীয়া অংশৰ উপকাৰিতা সমূহৰ বিষয়ে জানেনে

কণীৰ হালধীয়া অংশৰ উপকাৰিতা সমূহৰ বিষয়ে জানেনে

কণী আমাৰ শৰীৰৰ বাবে এবিধ অতিকৈ পুষ্টিকৰ খাদ্য কিন্তু বহুতে ইয়াৰ কুহুমৰ উপকাৰিতা নজনাকৈয়ে নোখোৱাকৈ থাকে সেয়ে আজি ইয়াৰ উপকাৰিতাৰ বিষয়ে জানো আহক।হয় কণীৰ কুহুম হয়তো বহুতৰে প্রিয় লগতে আন বহুতৰে বাবে অপ্ৰিয়।কিন্তু আপুনি জানিলে আচৰিত হব কণীৰ কুহুমৰ আছে বহু উপকাৰী গুণ।যি জানিলে আপুনি আচৰিত হৈ পৰিব।কণীৰ এই পুষ্টি সমৃদ্ধ অংশটো যদি আপুনি খায় তেন্তে স্বাস্থ্যজনিত বহু সমস্যাৰ পৰা উপশম পাব পাৰিব ৷উল্লেখযোগ্য যে ভিটামিন এ, ডি, ই, কে, বি ১, বি ২, বি ৫, বি৬, বি ৯, বি ১২, কেলচিয়াম, মেগনেছিয়াম, আইৰণ, চেলেনিয়াম, কেৰটিনয়ড, লুটিন, জিএক্সান্থিন, ওমেগা-৩ ফেটি এচিড ইয়াত পোৱা যায় ৷ যাৰ ফলত ইয়াক খালে পেশীৰ…
Read More
ভয়ংকৰ বিমান দু*ৰ্ঘটনা

ভয়ংকৰ বিমান দু*ৰ্ঘটনা

পুনৰ বিমান দুৰ্ঘটনা।এইবাৰ সন্ধানহীন হৈ পৰিল 10 জনকৈ যাত্ৰী!এই দুৰ্ঘটনা সংঘটিত হৈছে আমেৰিকাৰ আলাস্কা ৰাজ্যত ৷পশ্চিম আলাস্কাত হাব কমিউনিটি নোমেলৈ যোৱাৰ পথতে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখনত থকা ১০ জন লোকৰে মৃত্যু হোৱা বুলি কৰ্তৃপক্ষই জনায় ।ইতিমধ্যে দুৰ্ঘটনাগ্ৰস্ত বিমানখন বিচাৰি অভিযান চলাই থকা হৈছে যদিও এতিয়ালৈ এই ঘটনা সন্দৰ্ভত কোনো তথ্য লাভ কৰা নাই ৷ তথ্য অনুসৰি বৃহস্পতিবাৰে বিয়লি উনালাক্লিটৰ পৰা বেৰিং এয়াৰৰ একক ইঞ্জিনৰ টাৰ্বোপ্ৰপ বিমানখনে ৯ জন যাত্ৰী আৰু এজন পাইলট লৈ যাত্ৰা কৰিছিল ।জানিব পৰা মতে বিমানখনৰ তালাচী চলাই থকা হৈছে যদিও নিৰুদ্দেশ হোৱা বিমানখনৰ কিন্তু কোনো ধৰণৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই।
Read More
চাবুৱাত উত্তপ্ত পৰিস্থিতি

চাবুৱাত উত্তপ্ত পৰিস্থিতি

চাবুৱাৰ মোকালবাৰীত গৰু চুৰিৰ ঘটনাক লৈ উত্তাল হৈ পৰিছে পৰিস্থিতি। আৰক্ষীৰ সন্মুখতেই চালকজনক মাৰ-পিট কৰি অচেতন কৰি দিয়ে। উত্তেজিত একাংশ কেৱল ইমানতে শান্ত নাথকি গৰু কিনি নিয়া যুৱককো সোধ-পোচ নকৰাকৈ গৰু চোৰৰ সন্দেহত মাৰ-পিট কৰে।অঞ্চলটোত বহু দিনৰ পৰা গৰু চোৰ হৈ আছে যাৰ ফলত ক্ষোভিত হৈ আছে ভুক্তভোগী ৰাইজ।
Read More
পুনৰ বাংলাদেশীক আটক আৰক্ষীৰ

পুনৰ বাংলাদেশীক আটক আৰক্ষীৰ

শেহতীয়াকৈ পুনৰ অনুপ্ৰৱেশৰ চেষ্টা কৰা দুই বাংলাদেশীক আটক কৰে আৰক্ষীয়ে । ইফালে, এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কোনো অনুপ্ৰৱেশকাৰীক অসমত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব বুলি স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।চুবুৰীয়া বাংলাদেশৰ ৰাজনৈতি অস্থিৰতা সৃষ্টি হোৱাৰে প্ৰায়ে প্ৰতিদিনে বাংলাদেশীয়ে অনুপ্ৰৱেশৰ চেষ্টা চলাই আহিছে । ইফালে এই অনুপ্ৰৱেশত বাধা দিবৰ বাবে ভাৰত-বাংলাদেশ সীমান্তত অধিক সতৰ্কতা অৱলম্বন কৰিছে অসম আৰক্ষীয়ে ।মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, শ্ৰীভূমি জিলাৰ পৰা অনুপ্ৰৱেশৰ চেষ্টা কৰা দুই বাংলাদেশীক আটক কৰে আৰক্ষীয়ে । ইয়াৰ লগতে দুই অনুপ্ৰৱেশকাৰীক পৰিচয় পৰীক্ষা কৰাৰ অন্তত পুনৰ চুবুৰীয়া দেশখনৰ কৰ্তৃপক্ষক গতাই দিয়ে আৰক্ষীয়ে ।
Read More
আৰম্ভ হল ভাৰত-ইংলেণ্ডৰ মাজত এদিনীয়া শৃংখলা

আৰম্ভ হল ভাৰত-ইংলেণ্ডৰ মাজত এদিনীয়া শৃংখলা

আজিৰ পৰা ভাৰত-ইংলেণ্ডৰ এদিনীয়া শৃংখলা।উল্লেখযোগ্য যেটি-২০ শৃংখলাত ভাল প্ৰদৰ্শনৰ পিছতেই এইবাৰ ইংলেণ্ডৰ বিপক্ষে এদিনীয়া শৃংখলাত অৱতীৰ্ণ হ’ব ভাৰতীয় দল। লক্ষণীয়ভাৱে এই শৃংখলাৰ পিছতে অহা ১৯ ফেব্ৰুৱাৰীৰ পৰা চেম্পিয়নছ ট্ৰফী অনুষ্ঠিত হ’ব। এনে পৰিস্থিতিত এই শৃংখলাই ভাৰতীয় দলক প্ৰস্তুতিৰ সুযোগো প্ৰদান কৰিছে।আজি প্ৰথমখন মেচতে যুৱ তাৰকাদ্বয় যশস্বী জয়ছোৱাল আৰু হৰ্ষিত ৰাণাই জাতীয় দলৰ হৈ অভিষেক ঘটাব।জানিব পৰা মতে আটাইকেইখন মেচ দূপৰীয়া ১.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব।
Read More
চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশন

চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশন

আৰম্ভ হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন।কৃষ্ণ বন্দনাৰে মুখৰিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ।আজিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন । যাৰ বাবে এতিয়া সকলোৰে মুখত শুনিবলৈ পোৱা গৈছে হৰিনামৰ অমিয়া বাণী ।ইফালে শংকৰ সংঘৰ অধিৱেশন উপলক্ষে অধিৱেশনস্থলীত উপস্থিত হয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকা । অধিৱেশনস্থলীত পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাক উষ্ম আদৰণি জনোৱা হয় ।
Read More
নাৰায়ণপুৰত বন্যহস্তীৰ উপদ্ৰৱ

নাৰায়ণপুৰত বন্যহস্তীৰ উপদ্ৰৱ

লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তৰ ৰাজগড়ত বন্যহস্তীৰ উপদ্ৰৱ।ভাঙি লণ্ড-ভণ্ড কৰিলে দ-জানৰ এন্টনী দত্ত নামৰ লোকজনৰ বাসগৃহ। পাকঘৰৰ বেৰ,বাচন বৰ্তন লণ্ড-ভণ্ড কৰাৰ উপৰিও খিৰিকীৰ গ্ৰীল পৰ্যন্ত এৰুৱাই পেলায় নিশা অহা হাতীয়ে।সমীপৰ ইন্দ্ৰ দাস নামৰ আন এজন লোকৰ বাসগৃহটো প্ৰবেশ কৰি অনিষ্ট সাধন কৰে হাতীয়ে।আঘাতপ্ৰাপ্ত হৈছে চেনীমাই দাস নামৰ এগৰাকী মহিলা।অসম-অৰুণাচল সীমান্তৰ ৰাজগড়ত বিগত বছৰ বছৰ ধৰি বন্যহস্তীয়ে উপদ্ৰৱ চলাই আহিছে যদিও বনবিভাগে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে।
Read More
অবৈধ ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ এক্সন আৰম্ভ

অবৈধ ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ এক্সন আৰম্ভ

অবৈধ ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ এক্সন আৰম্ভ। প্ৰায় ১৮,০০০ ভাৰতীয়ই এৰিব লাগিব আমেৰিকা। ইতিমধ্যে ইয়াৰে একাংশক কৰা হৈছে বিতাড়িত।দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছতে ট্ৰাম্পে দেশখনত থকা অবৈধ নাগৰিকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা হাতত লৈছে।কেৱল ভাৰতীয়কেই নহয় , মেক্সিক’ৰ অবৈধ অনুপ্ৰৱেশকাৰী বাহিৰ কৰিবলৈ আমেৰিকা-মেক্সিকো সীমান্তলৈও অতিৰিক্ত সৈন্য প্ৰেৰণ কৰা হৈছে।
Read More
লংকাত অসম আৰক্ষীৰ বৃহৎ অভিযান

লংকাত অসম আৰক্ষীৰ বৃহৎ অভিযান

আৰক্ষীৰ অভিযানত লামডিং-লংকা সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ২ কোটি ৫০ লাখ টকাৰ নিচাজাতীয় টেবলেট জব্দ ৷ আৰক্ষীয়ে নগাঁৱৰ দুজন যুৱকক আটক কৰিছে ৷আটকাধীন দুজন যুৱক ক্ৰমে ভাস্কৰ চৰকাৰ আৰু ইয়াচিৰ আলি ৷WB 74 AW 0889 নম্বৰৰ বাহনেৰে নগাঁৱৰ পৰা লামডিং অভিমুখে অহাৰ সময়তে ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰে সামগ্ৰীখিনি।
Read More
বটদ্ৰৱাৰ কদমনিত পথ দু*ৰ্ঘটনা

বটদ্ৰৱাৰ কদমনিত পথ দু*ৰ্ঘটনা

বটদ্ৰৱাৰ কদমনিত পথ দুৰ্ঘটনা। দুৰ্ঘটনাত গুৰুত্বৰভাৱে আঘাতপ্রাপ্ত পাঁচগৰাকী কলেজীয়া ছাত্ৰী। এখন অ’টো আৰু এখন ই-ৰিক্সাৰ মাজত মুখামুখী সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। আঘাতপ্ৰাপ্ত ছাত্ৰী কেইগৰাকীক ভর্তি কৰা হয় স্থানীয় চিকিৎসালয়ত।
Read More