14
Jun
বাংলাদেশৰ আগশাৰীৰ দ্ৰুত বলাৰ তাস্কিন আহমেদ আৰু শোৰিফুল ইছলামে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আগন্তুক টি-২০ শৃংখলাৰ বাবে অনুশীলন আৰম্ভ কৰিছে। আঘাতৰ বাবে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ পৰা দুয়োজন বলাৰ বাদ পৰিছে, কিন্তু মেনেজমেণ্টে তেওঁলোকক টি-২০ মেচৰ বাবে দলত অন্তৰ্ভুক্ত কৰিছে। শোৰিফুলে ক্ৰিকবাজক কয়; 'মই বলিং আৰম্ভ কৰিছো, আৰু প্ৰায় ছয় অভাৰ বল কৰিছো। আশা কৰোঁ প্ৰায় এসপ্তাহৰ ভিতৰত মই সম্পূৰ্ণ ফৰ্মৰে বলিং কৰিবলৈ সক্ষম হ'ম।' দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ সময়ত কান্ধত আঘাত পোৱাৰ বাবে তাস্কিনে শ্ৰীলংকা আৰু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দুখন খেলৰ টেষ্ট শৃংখলাৰ পৰা বঞ্চিত হৈছিল।উল্লেখ্য যে বাংলাদেশ আৰু ৱেষ্ট ইণ্ডিজৰ মাজত প্ৰথমখন টেষ্ট ১৬-২০ জুনলৈ এণ্টিগুয়াত অনুষ্ঠিত হ'ব, আনহাতে…
