উত্তৰ-পূৱ

সৰভোগত ড্ৰাগছ বিৰোধী সংবাদমেল

অসম চৰকাৰ তথা অসম আৰক্ষী কঠোৰ হোৱাৰ পিছতো বন্ধ হোৱা নাই ড্ৰাগছৰ ৰমৰমীয়া বেহা । আজানপীৰ ৰুৰেল ডেভেলপমেণ্ট অৰ্গ্ৰানাইজেশ্বন সদস্য সকলে ড্ৰাগছ নিচাযুক্ত সামগ্ৰী সমাজ বিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে আৰু অসমখন ড্ৰাগছ মুক্ত কৰিবলৈ ৰাইজক আহ্বান জনায় । অসমৰ মুখ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ড্ৰাগছৰ প্ৰদক্ষেপক অৰ্গ্ৰানাইজেশ্বনৰ সন্থাটোৱে আদৰণি জনায় । প্ৰতিখন সমাজ ড্ৰাগছ মুক্ত হৱ লাগিব । ই সমাজ বিৰোধী ধৰ্ম বিৰোধী । এনেকুৱা ব্যক্তিক সমাজৰ পৰা বহিস্কাৰ কৰিব লাগে । ইপিনে সমাজত বাল্য বিবাহ মদ ভাং জু্ৱা ইন্ডিং আদি প্ৰশাসন ৰাইজৰ সহযোগত বন্ধ কৰিব লাগে । অসম চৰকাৰে সমাজ বিৰোধী কাৰ্যকলাপক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
Read More

গাঞ্জা ব্যৱসায়ত নামি পৰিল মহিলা!

অব্যাহত আছে নিষিদ্ধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান।আৰু এইবাৰ গাঞ্জা ব্যৱসায়ত নামি পৰিল মহিলাSOG,CRIME BRANCH,আৰু হাতীগাঁও আৰক্ষীয়ে সিজুবাৰী প্ৰগতি পথত অভিযান চলাই।উল্লেখযোগ্য যে অভিযানত আৰক্ষীয়ে জব্দ কৰে ৭:৫ কেজি গাঞ্জা,নগদ ৪ লাখ ৩৩ হাজাৰ ৮০০ টকা আৰু ম'বাইল ফোন।জানিব পৰা মতে ভাড়াৰুমত বাহৰ পাতি ব্যৱসায় চলোৱা ময়ুৰী বেগমক গ্ৰেপ্তাৰ কৰে হাতীগাঁও আৰক্ষীয়ে।আৰু অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
Read More

নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ নগৰবেৰা আঞ্চলিক সমিতিৰ প্ৰতিবাদী সমদল

নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ নগৰবেৰা আঞ্চলিক সমিতিৰ প্ৰতিবাদী সমদলনিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ নগৰবেৰাৰ কাৰ্যালয়ৰ পৰা প্ৰতিবাদী সমদল উলিয়াই নগৰবেৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ । ৯টা দাবী সম্বলিত এখনি স্মাৰক পত্ৰ নগৰবেৰাৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।দাবী সমুহ ক্ৰমে বানত ক্ষতিগ্ৰস্তসকলক পৰ্যাপ্ত পৰিমাণে সহায্য প্ৰদান কৰা,বানত ক্ষতি হোৱা ৰাস্তা ঘাট,মাথাউৰি আৰু দলংসমূহ শীঘ্ৰে মেৰামতি কৰা, মূল্য বৃদ্ধি ৰোধ কৰা, ৰন্ধন গেছৰ মূল্য হ্ৰাস কৰা,নাৰী নিৰ্যাতন বন্ধ কৰা আদি দাবী লৈ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰা স্মাৰক পত্ৰৰ জৰিয়তে অতি শীঘ্ৰে সমাধান বিচাৰিছে প্ৰতিবাদ কাৰীয়ে।
Read More
আইচিচি এদিনীয়া ৰেংকিঙত এটাকৈ স্থান উন্নত হৰমনপ্ৰীত কৌৰ- স্মৃতি মান্ধানাৰ

আইচিচি এদিনীয়া ৰেংকিঙত এটাকৈ স্থান উন্নত হৰমনপ্ৰীত কৌৰ- স্মৃতি মান্ধানাৰ

ভাৰতীয় মহিলা দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰ আৰু উপ-অধিনায়ক স্মৃতি মান্ধানাই মঙলবাৰে প্ৰকাশিত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ (আইচিচি) শেহতীয়া এদিনীয়া ৰেংকিঙত এটাকৈ স্থান উন্নত কৰিছে। হৰমনপ্ৰীত বেটছমেনৰ ৰেংকিঙত ১৩ তম স্থানত আছে, আনহাতে মান্ধানা নৱম স্থানৰ সৈতে শীৰ্ষ ভাৰতীয় হৈছে। তিনিখন এদিনীয়া শৃংখলাত হৰমনপ্ৰীতে ৫৯.৫০ গড়ে ১১৯ ৰান সংগ্ৰহ কৰে আৰু লগতে তিনিটা উইকেট দখল কৰি ভাৰতীয় দলটোক শৃংখলাটোত ৩-০ ৰ অগ্ৰগতি প্ৰদান কৰে। তেওঁক শৃংখলাটোৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত কৰা হৈছিল। মান্ধানাই এই শৃংখলাটোত ৫২ ৰ গড়ত ৰান কৰিছিল। তেওঁ এই সময়ছোৱাত এটা শতকও অৰ্জন কৰিছিল। ৰেংকিং তালিকাত অগ্ৰসৰ হোৱা আন ভাৰতীয় বেটছমেনসকলৰ ভিতৰত আছে শফালী বাৰ্মা (তিনিটা স্থান আগুৱাই ৩৩…
Read More
আয়াৰলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত নিউজীলেণ্ডৰ জয়

আয়াৰলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত নিউজীলেণ্ডৰ জয়

দেওবাৰে নিশা ইয়াত অনুষ্ঠিত প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলত নিউজীলেণ্ডে এটা বল বাকী থকা অৱস্থাত আয়াৰলেণ্ডক এক উইকেটত পৰাস্ত কৰে। খেলখনত নিউজীলেণ্ডৰ হৈ মাইকেল ব্ৰেছৱেলে অন্তিম অভাৰত ২৪ ৰান সংগ্ৰহ কৰে, যাৰ ভিতৰত আছে পঞ্চম বলত বিজয়ৰ ছয়। প্ৰথমে বেটিং কৰি আয়াৰলেণ্ডে ৯ উইকেটত ৩০০ ৰান সংগ্ৰহ কৰে, যাৰ প্ৰত্যুত্তৰত নিউজীলেণ্ডে ৪৯.৫ অভাৰত ৯ উইকেটত ৩০৫ ৰান সংগ্ৰহ কৰি জয় লাভ কৰে। যেতিয়া নিউজীলেণ্ডে ২২ তম অভাৰত অপেনাৰ মাৰ্টিন গাপ্টিলৰ (৫১) উইকেট হেৰুৱায়, তেওঁলোকৰ স্ক'ৰ আছিল পাঁচ উইকেটত ১২০ ৰান আৰু এনে লাগিছিল যে তেওঁলোকৰ পৰাজয় প্ৰায় নিশ্চিত আছিল কিন্তু ব্ৰেছৱেলে ৮২ টা বলত অপৰাজিত ১২৭ ৰান কৰি দলটোক বিজয়…
Read More
১০ আৰু ১১ ছেপ্টেম্বত চলচিচত্ৰম্‌ নেচনেল ফিল্ম ফেষ্টিভেল, প্ৰতীকপট উন্মোচন

১০ আৰু ১১ ছেপ্টেম্বত চলচিচত্ৰম্‌ নেচনেল ফিল্ম ফেষ্টিভেল, প্ৰতীকপট উন্মোচন

 বিগত বৰ্ষ সমুহৰ দৰে চলচিচত্ৰম্ নামৰ সংস্হাটোৱে আয়োজন কৰি অহা চলচিচত্ৰম্‌ নেচনেল ফিল্ম ফেষ্টিভেল এই বেলি অহা  ১০ আৰু ১১ ছেপ্টেম্বত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব৷ আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সভাত এই কথা ঘোষণা কৰে চলচ্ছিত্ৰমৰ সভাপতি উৎপল দত্তই৷ অসমৰ চিত্ৰজগতৰ ভালেমান বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এইবাৰৰ মহোৎসৱৰ প্ৰতীকপট নেফটাৰ সভাপতি ৰাজেন ৰাজখোৱা আৰু সাংস্কৃতিক সাংবাদিক সন্হাৰ সম্পাদক শিবানু বৰাই উন্মোচন কৰি  মহোৎসৱৰ দিন ঘোষণা কৰে৷ উল্লেখ্য, ২০১৭ চনৰ পৰা প্ৰতিবছৰে চলচ্ছিত্ৰমে্  মহোৎসৱ মাৰ্চ মাহত অনুষ্ঠিত কৰি আহিছিল যদিও যোৱা বছৰ ক’ভিদ পৰিস্থিতিৰ বাবে মহোৎসৱ আগষ্ট মাহত অনলাইন যোগে অনুষ্ঠিত কৰা হৈছিল৷ ভাৰতৰ বিভিন্ন স্থানত অনুষ্ঠিত হৈ থকা চলচ্ছিত্ৰ মহোৎসৱৰ সময়ৰ…
Read More
জি.এছ.এম.এ. প্ৰতিবেদনে বিশ্বব্যাপী সৰ্ববৃহৎ আঞ্চলিক ব্যৱহাৰব্যৱধান দেখুৱায়

জি.এছ.এম.এ. প্ৰতিবেদনে বিশ্বব্যাপী সৰ্ববৃহৎ আঞ্চলিক ব্যৱহাৰব্যৱধান দেখুৱায়

জিএছএমএ-য়ে ইয়াৰ শেহতীয়া ম'বাইল ইকনমি এছিয়া পেচিফিক ২০২২ প্ৰতিবেদন প্ৰকাশ কৰিছে, যিয়ে অঞ্চলটোৰ মোবাইল ইণ্টাৰনেট গ্ৰহণৰ এক বিতং ছবি প্ৰদান কৰে। বৰ্তমান, মোবাইল ব্ৰডবেণ্ড নেটৱৰ্কে জনসংখ্যাৰ প্ৰায় ৯৬% সামৰি লয়, যি ৩জি, ৪জি আৰু ক্ৰমান্বয়ে ৫জি আন্তঃগাঁথনিত অপাৰেটৰৰ বিনিয়োগৰ এক প্ৰমাণ। অৱশ্যে, জনসংখ্যাৰ মাত্ৰ ৪৪% লোকে মোবাইল ইণ্টাৰনেট সেৱা ব্যৱহাৰ কৰি আছে। এই বিসংগতিৰ কাৰণবোৰৰ ভিতৰত আছে ডিজিটেল দক্ষতাৰ অভাৱ, সামৰ্থ্য আৰু অনলাইন সুৰক্ষাৰ উদ্বেগ। মোবাইল প্ৰযুক্তি আৰু সেৱাই এছিয়া প্ৰশান্ত মহাসাগৰৰ অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে, যি ২০২১ চনত অঞ্চলটোত জিডিপিৰ ৫% উৎপাদন কৰে, যি প্ৰায় ৭৭০ বিলিয়ন ডলাৰৰ অৰ্থনৈতিক মূল্যৰ সমান। প্ৰযুক্তিৰ পদচিহ্ন সম্প্ৰসাৰিত হোৱাৰ লগে লগে…
Read More

কলগাছিয়াত চোৰৰ চাফাই অভিযান

কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত আমগুৰি গাঁৱৰ ছাদদাম হুছেইনৰ ঘৰত চোৰৰ চাফাই অভিযান। ছাদদাম হুছেইনৰ ঘৰৰ পৰা নগদ প্রায় ৩০ হেজাৰ টকা, মোবাইল ফোন দুটা, সোণৰ গহনাকে ধৰি প্রায় দেৰ লাখ টকাৰ সামগ্ৰী চুৰি কৰে বুলি ভুক্তভোগী পৰিয়ালে জানিবলৈ দিয়ে।ছাদদাম হুছেইনে ঘটনা সন্দৰ্ভত কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।এজাহাৰ ভিত্তিত কলগাছিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
Read More

ডিব্ৰুগড় চাউলখোৱাত ভুৱা চিকিৎসক গ্ৰেপ্তাৰ

ডিব্ৰুগড় চাউলখোৱাত ভুৱা চিকিৎসক গ্ৰেপ্তাৰ ডিব্ৰুগড় চহৰৰ উপকণ্ঠ চাউলখোৱাত এজন ভুৱা চিকিৎসকক অৱশেষত গ্ৰেপ্তাৰ কৰে ডিব্ৰুগড় আৰক্ষীয়ে। চফিকুল হ’ক নামৰ এই ভুৱা চিকিৎসকজনৰ বিৰুদ্ধে এগৰাকী চৰকাৰী গাঁওবুঢ়াকে ধৰি প্ৰায় চাৰিজন লোকে পৃথকে পৃথকে ডিব্ৰুগড় সদৰ থানা আৰু গাভৰুপথাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল৷ উল্লেখ্য যে প্ৰায় চয় সাতমাহ‌ মানৰ পৰা মুন্নাভাই ৰূপী এই চিকিৎসকজনে চাউলখোৱাত চেম্বাৰ খুলি ৰোগী চোৱাৰ কাম আৰম্ভ কৰিছিল। নিজকে চিকিৎসক হিচাপে পৰিচয় দিয়া চফিকুল হ’ক নামৰ এজন ব্যক্তিয়ে উক্ত চেম্বাৰত আৰম্ভ কৰে ৰোগী চোৱাৰ প্ৰক্ৰিয়া৷ প্ৰাথমিক অৱস্থাত স্থানীয় লোকে উক্ত চেম্বাৰটোত ৰোগীক পৰীক্ষা নিৰিক্ষা কৰা উক্ত ব্যক্তিজনক চিকিৎসক বুলিয়েই ভাবিছিল৷ কিন্তু এগৰাকী স্থানীয় গৰ্ভৱতী মহিলাই স্বাস্থ্য…
Read More

অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। আজি দুপৰীয়া গড়চুক আৰক্ষীৰ অভিযানত জব্দ কৰিবলৈ সক্ষম হয় বুজন পৰিমাণৰ ড্ৰাগছ । হেৰইণসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন ড্ৰাগছ ব্যৱসায়িক। আৰু ধৃত ড্ৰাগছ ব্যৱসায়ী জন বৰপেটা পালহাজিৰ নিবাসী তমেজ কাজী জানিব পৰা গৈছে । মহানগৰীৰ কতাবাৰীৰ দুই নম্বৰ মছজিদ গলীত ভাড়া ঘৰত বাস কৰি চলাই আহিছিল ড্ৰাগছৰ ৰমৰমীয়া বেহা ।তাৰ পিচতেই ধৃত ড্ৰাগছ ব্যৱসায় জনৰ পৰা আৰক্ষীয়ে জব্দ কৰে ১২৭ টা ড্ৰাগছৰ কণ্টেইনাৰ।
Read More