18
Jul
গুৱাহাটীৰ উজানবজাৰ ঘাটত আজি আবেলি ব্ৰহ্মপুত্ৰত ডুব যোৱা এজন যুৱকক এন ডি আৰ এফ বাহিনীৰ এটা দলে তৎপৰতাৰে উদ্ধাৰ কৰি আসন্ন মৃত্যুৰ পৰা ৰক্ষা কৰে । যুৱক জনক উজানবজাৰ অঞ্চলৰ সুহিল বৰ্মন (২৫) বুলি চিনাক্ত কৰা হৈছে । পাছত যুৱক জনক সুস্থ অৱস্থাত এন ডি আৰ এফৰ দলে স্থানীয় লতাশিল আৰক্ষী থানাত গতাই দিয়ে । প্ৰাপ্ত খবৰ মতে উজানবজাৰ ঘাটত থকা এন ডি আৰ এফ বাহিনীৰ শিবিৰৰ পৰা ৫০ মিটাৰ মান নিলগত আবেলি ২.৩০ বজাত হঠাতে সুহিল বৰ্মন নামৰ যুৱকজনক ব্ৰহ্মপুত্ৰৰ পানীত পৰি যোৱা প্ৰত্যক্ষ কৰে শিবিৰত থকা এন ডি আৰ এফৰ লোক সকলে । লগে লগে বাহিনীটোৰ পৰিদৰ্শক পিন্টু…
