উত্তৰ-পূৱ

অৱহেলাৰ মাজতে শিল্পীৰ অন্তিম আশ্ৰয়স্থল, জুবিনক্ষেত্ৰ বচাবলৈ সোচ্চাৰ গৰিমা

অৱহেলাৰ মাজতে শিল্পীৰ অন্তিম আশ্ৰয়স্থল, জুবিনক্ষেত্ৰ বচাবলৈ সোচ্চাৰ গৰিমা

চৰকাৰ আৰু প্ৰশাসনৰ চৰম অৱহেলাৰ বাবে এতিয়া এজাক বৰষুণতে আলৈ আথানি অৱস্থা হৈছে অসমীয়াৰ আবেগ জুবিন গাৰ্গৰ অন্তিম শয়নৰ স্থান জুবিনক্ষেত্ৰৰ। বিগত ৩-৪ দিন ধৰি চলি থকা নেৰানেপেৰা বৰষুণত সোণাপুৰৰ এই পবিত্ৰ স্থানখন বোকাময় হৈ পৰাৰ লগতে শিল্পীগৰাকীক অনুৰাগীয়ে দিয়া হাজাৰ হাজাৰ উপহাৰো বৰষুণত তিতি নষ্ট হোৱাৰ উপক্ৰম হৈছে। এনে সংকটপূৰ্ণ পৰিস্থিতিত চৰকাৰী পক্ষৰ কোনো সঁহাৰি লাভ নকৰি অৱশেষত শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গে নিজেই হাতত তিৰ্পাল তুলি ল'বলৈ বাধ্য হয়। বিগত সময়ছোৱাত জুবিনক্ষেত্ৰৰ উন্নয়নৰ বাবে ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল যদিও বৰ্তমানৰ দৃশ্যই প্ৰশাসনৰ ফোঁপোলা স্বৰূপটোহে উদঙাই দিছে। বতাহ-বৰষুণৰ ফলত জুবিনক্ষেত্ৰৰ টেণ্টৰ কাপোৰ উঁৱলি গৈছে আৰু অনুৰাগীয়ে জ্বলাই থোৱা…
Read More
অসমত ৯ এপ্ৰিলত বিধানসভা নিৰ্বাচন; ৪ মে’ মাহত ঘোষণা হ’ব ফলাফল

অসমত ৯ এপ্ৰিলত বিধানসভা নিৰ্বাচন; ৪ মে’ মাহত ঘোষণা হ’ব ফলাফল

দেশৰ পাঁচখন ৰাজ্যৰ নিৰ্বাচনী যুঁজৰ দিন দেওবাৰে ভাৰতৰ নিৰ্বাচন আয়োগে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেষ কুমাৰৰ সংবাদমেলৰ তথ্য অনুযায়ী, অসমত ৯ এপ্ৰিলত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। অসম, কেৰালা আৰু পুডুচেৰীতো একে দিনতে ভোটগ্ৰহণ সম্পন্ন হ’ব, আৰু আটাইকেইখন ৰাজ্যৰ ফলাফল ৪ মে’ত ঘোষণা কৰা হ’ব। পশ্চিমবঙ্গত নিৰ্বাচন দুটা পৰ্যায়ত ক্ৰমে ২৩ আৰু ২৯ এপ্ৰিলত অনুষ্ঠিত হ’ব, আৰু তামিলনাডুত ২৩ এপ্ৰিলৰ ভোটগ্ৰহণৰ ফলাফল মে' মাহৰ ৪ তাৰিখে প্ৰকাশ পাব। সৰ্বমিলি, নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া আটাইকেইখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ১৭.৪ কোটি ভোটাৰ ভোটাধিকাৰ ব্যৱহাৰ কৰিব। নিৰ্বাচনী প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে ২.১৯ লাখ ভোটগ্ৰহণ কেন্দ্ৰ সৃজন আৰু ২৫ লাখ…
Read More
২০৩০ বৰ্ষৰ ভিতৰত প্ৰতিখন জিলাতে চিকিৎসা মহাবিদ্যালয় স্থাপনৰ লক্ষ্যঃ মুখ্যমন্ত্ৰী

২০৩০ বৰ্ষৰ ভিতৰত প্ৰতিখন জিলাতে চিকিৎসা মহাবিদ্যালয় স্থাপনৰ লক্ষ্যঃ মুখ্যমন্ত্ৰী

ৰাজ্যৰ স্বাস্থ্য খণ্ডক এক নতুন মাত্ৰা প্ৰদানৰ লক্ষ্যৰে চৰকাৰে ২০৩০ চনৰ ভিতৰত অসমৰ প্ৰতিখন জিলাতে এক চিকিৎসা মহাবিদ্যালয় স্থাপনৰ কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীতে কেইবাটাও গুৰুত্বপূৰ্ণ স্বাস্থ্য প্ৰকল্পৰ উদ্বোধন কৰি এই অভিলাষী পৰিকল্পনাৰ কথা ৰাজহুৱা কৰিছে। বৰ্তমান অসমত ১৫ খন চিকিৎসা মহাবিদ্যালয়ৰ পৰিসৰ আছে, আৰু ৬,০০০ কোটি টকাৰ ব্যয়ৰে ১০ খন নতুন চিকিৎসালয়ৰ নিৰ্মাণ চলি আছে। মুখ্যমন্ত্ৰী ড° শৰ্মাই উল্লেখ কৰিছে যে ২০৩০ চনৰ অন্তৰালত এম বি বি এছৰ আসনৰ সংখ্যা ২,০০০ ৰ পৰা ৫,০০০লৈ বৃদ্ধি হব। অহা বৰ্ষৰ পৰা বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত পাঠদান আৰম্ভ কৰাৰ কথাও তেওঁ ঘোষণা কৰিছে। কাৰ্যক্ষম কেঞ্চাৰ চিকিৎসাৰ ক্ষেত্ৰত অসমে অগ্ৰগতি লাভ…
Read More
বিধানসভা নিৰ্বাচনৰ বাবে আপে ঘোষণা কৰিলে ১৪ জনীয়া প্ৰথম প্ৰাৰ্থী তালিকা

বিধানসভা নিৰ্বাচনৰ বাবে আপে ঘোষণা কৰিলে ১৪ জনীয়া প্ৰথম প্ৰাৰ্থী তালিকা

আম আদমি পাৰ্টী ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে আনুষ্ঠানিকভাৱে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে, আৰু শনিবাৰে ১৪ জনীয়া প্রাৰ্থীৰ প্ৰথম তালিকা ঘোষণা কৰিছে। উজনি আৰু নামনি অসমৰ কেইবাটাও গুৰুত্বপূৰ্ণ সমষ্টিৰ বাবে এই প্ৰাৰ্থীত্ব চূড়ান্ত কৰা হৈছে। গুৱাহাটীৰ পৰা অনুৰূপা ডেকাৰাজা আৰু সিৱসাগৰৰ পৰা তপন গগৈ হৈছে উল্লেখযোগ্য প্ৰাৰ্থী। নাওবৈচাৰৰ অচ্যুৎ দাস, দেৰগাঁৱৰ পৰা পুলিন গগৈ, গহপুৰত জৰ্বোৱাম কুটুম আৰু খুমটাইৰ পৰা আশীষ হাজৰিকা আৰু তিতাবৰৰ বাবে পল্লৱ শৰ্মা মনোনীত হৈছে। স্থানীয় গোটসমূহৰ সৈতে আলোচনা কৰি এই প্ৰাৰ্থীসকলক চূড়ান্ত কৰা হৈছে আৰু আগন্তুক দিনত আন কেইবাখনো তালিকা প্ৰকাশৰ সম্ভাৱনা আছে। আম আদমি পাৰ্টীৰ এই আগতীয়া ঘোষণাই ৰাজনৈতিক শক্তিবৃদ্ধিৰ ক্ষেত্ৰত বিশেষ তাৎপৰ্য বহন…
Read More
কংগ্ৰেছে অসমৰ স্বাস্থ্য খণ্ডৰ ১৫০ কোটি টকা লুণ্ঠন কৰিছিলঃ গুৱাহাটীত শ্বাহৰ তীব্ৰ আক্ৰমণ

কংগ্ৰেছে অসমৰ স্বাস্থ্য খণ্ডৰ ১৫০ কোটি টকা লুণ্ঠন কৰিছিলঃ গুৱাহাটীত শ্বাহৰ তীব্ৰ আক্ৰমণ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমত কংগ্ৰেছৰ বিৰুদ্ধে দুৰ্নীতিৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে, উল্লেখ কৰি যে তেওঁলোক স্বাস্থ্য বাজেটৰ পৰা বছৰি প্ৰায় ১৫০ কোটি টকা আত্মসাৎ কৰিছে। তিনি কৈছিল যে পূৰ্বৰ চৰকাৰে কেৱল নিজৰ নেতাৰ পৰিয়ালৰ উন্নতিৰ বাবে কাম কৰিছিল, যাৰ ফলত অসমৰ স্বাস্থ্য ব্যৱস্থা শোচনীয় হৈ পৰিছিল। শ্বাহে অভিযোগ কৰিছে যে কংগ্ৰেছ দেশৰ গণতন্ত্ৰৰ পবিত্ৰ মন্দিৰৰ অপমান কৰিছে আৰু সংসদত দায়িত্বশীল ব্যৱহাৰৰ অভাৱ দেখুৱাচ্ছে। তেওঁ ৰাহুল গান্ধীৰ ওপৰত আক্রমণ কৰিবলৈ কংগ্ৰেছ নেতাৰ বিদেশত দেশক বদনাম কৰাৰ ধাৰণাও উত্থাপন কৰে। এই সময়তে, শ্বাহে ২,০৯২ কোটি টকাৰ স্বাস্থ্য পৰিকল্পনাৰ আওতাত প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে, যাৰ ভিতৰত গুৱাহাটীত প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয়…
Read More
অসমৰ স্বাস্থ্য খণ্ডত ডাঙৰ সংযোজন; শ্বাহে উদ্বোধন কৰিলে তিনিখনকৈ চিকিৎসা প্ৰতিষ্ঠান

অসমৰ স্বাস্থ্য খণ্ডত ডাঙৰ সংযোজন; শ্বাহে উদ্বোধন কৰিলে তিনিখনকৈ চিকিৎসা প্ৰতিষ্ঠান

ৰাজ্যৰ চিকিৎসা খণ্ডত এক নতুন অধ্যায়ৰ সূচনা কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমত কেইবাখনো অত্যাধুনিক চিকিৎসা প্ৰতিষ্ঠান মুকলি কৰিছে। এই প্ৰতিষ্ঠানসমূহৰ ভিতৰত প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয়, হাস্পতাল, গোলাঘাট আৰু তিনিচুকীয়াৰ কেন্সাৰ কেয়াৰ চেণ্টাৰ অন্তৰ্ভুক্ত। শ্বাহে উল্লেখ কৰে যে, এই পদক্ষেপ উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্য আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে গণ্য কৰা হৈছে। তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনাক বিশেষভাৱে প্ৰশংসা কৰে যে অসমৰ ৰোগীয়ে বাহিৰলৈ চিকিৎসাৰ বাবে যোৱাৰ প্ৰয়োজন নহ'ব। নতুন চিকিৎসা প্ৰতিষ্ঠানসমূহৰ স্থাপন অতি জটিল ৰোগ, বিশেষকৈ কেন্সাৰৰ চিকিৎসাৰ বাবে আৰ্থিক আৰু মানসিক চাপ লাঘৱ কৰিব। অসমৰ স্বাস্থ্য সেৱা এতিয়া সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে কেন্দ্ৰবিন্দু হিচাপে গঢ়ি উঠাৰ আশা…
Read More
ড্ৰ’ন আক্ৰমণত দুজন ভাৰতীয় নাগৰিক নিহত

ড্ৰ’ন আক্ৰমণত দুজন ভাৰতীয় নাগৰিক নিহত

ওমানৰ সোহৰত শুকুৰবাৰে ড্ৰ’ন আক্ৰমণত দুজন ভাৰতীয় নাগৰিক নিহত হোৱাৰ লগতে ১০ জন আহত হয় ৷ ২৮ ফেব্ৰুৱাৰীৰ পৰা ইৰাণ-আমেৰিকা-ইজৰাইলৰ সংঘাত আৰম্ভ হোৱাৰ পিছত স্থল অঞ্চলত ভাৰতীয় লোকৰ মৃত্যুৰ এয়া প্ৰথম ঘটনা ৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ যুটীয়া সচিব (উপসাগৰীয়) অসীম মহাজনে মহাজনে পশ্চিম এছিয়াত চলি থকা সংকটৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ জৰিয়তে ওমানত দুজন ভাৰতীয়ৰ মৃত্যু হোৱাটো নিশ্চিত কৰে ৷
Read More
মিত্ৰতা ভংগ

মিত্ৰতা ভংগ

ৰাজ্যৰ ৰাজনীতিত আন এক জোকাৰণি ৷ পিছে এয়া ভূমিকম্পৰ জোকাৰণি নহয় ৷ ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা ভংগৰহে চিহ্ন ৷ অৱশেষত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ বহু চৰ্চিত মিত্ৰতাৰ আলোচনা অমীমাংসিতভাৱে সমাপ্ত হ'ল । অৰ্থাৎ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্রতা নহ'ল । শুকুৰবাৰে নিশা এক বিবৃতিযোগে এই কথা ঘোষণা কৰে ৰাইজৰ দলৰ নেতৃত্বই ।
Read More
এক ভয়ংকৰ ঘটনা

এক ভয়ংকৰ ঘটনা

দেশত চিলিণ্ডাৰৰ নাটনি লৈ সৃষ্টি হোৱা পৰিৱেশৰ বাবে সাধাৰণ ৰাইজ বাৰুকৈয়ে বিবুধিত পৰিছে। শেহতীয়াকৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, চিলিণ্ডাৰ সংগ্ৰহৰ বাবে এজেঞ্চীৰ বাহিৰত লাইন ধৰি থাকোতেই এগৰাকী বৃদ্ধৰ মৃত্যু হৈছে। যোৱা শুকুৰবাৰৰ ঘটনা এয়া। উত্তৰ প্ৰদেশৰ ফাৰুখাবাদত সংঘটিত হৈছিল ঘটনাটো। ফাৰুখাবাদৰ কোটোৱালি অঞ্চলত চিলিণ্ডাৰ সংগ্ৰহৰ বাবে পুৱাৰে পৰা লাইন ধৰি আছিল এগৰাকী ৭৫বছৰীয়া বৃদ্ধই। পুৱা প্ৰায় ৬.৩০বজাৰ পৰা লাইন ধৰি ধৰা বৃদ্ধ গৰাকীৰ দুপৰীয়া সময়ত হঠাতে অচেতন হৈ পৰে। মন কৰিবলগীয়া যে পাঞ্জাৱৰ বৰ্ণালাত শাৰী পাতি ৰৈ থকা অৱস্থাত হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যু হয়।
Read More
আজি অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী; ₹৪৮ হাজাৰ কোটিৰ উন্নয়নমূলক প্ৰকল্পৰ ঘোষণা

আজি অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী; ₹৪৮ হাজাৰ কোটিৰ উন্নয়নমূলক প্ৰকল্পৰ ঘোষণা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজিৰ পৰা পুনৰ অসমলৈ আহি বিধানসভা নিৰ্বাচনৰ আগতে উন্নয়নমূলক প্ৰকল্পসমূহৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ কোকৰাঝাৰ, গুৱাহাটী আৰু শিলচৰত প্ৰায় ৪৮ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ উদ্ধোধন কৰিম। কোকৰাঝৰত, ২৫৬ কোটি টকীয়া বাশবাৰীৰ ৱাগন মেৰামতি কাৰখানাৰ ভূমি পূজনত অংশগ্ৰহণ কৰাৰ লগতে অসম মালা ৩.০ আঁচনীৰ জৰিয়তে ৯০০ কিলোমিটাৰ পথ নিৰ্মাণৰ শুভাৰম্ভ কৰিব। বি.টি.আৰ. অঞ্চলৰ যোগাযোগ উন্নত কৰিবলৈ চাৰিখন উৰণীয়া সেতু স্থাপনৰ লগতে কামাখ্যা-চাৰ্লাপল্লী অমৃত ভাৰত এক্সপ্ৰেছৰ ৰেল দিশে প্ৰৱেশ ঘটাব। গুৱাহাটী উপস্থিত হৈ, প্ৰধানমন্ত্ৰী ১৯,৬৮০ কোটি টকাৰ প্রকল্পৰ মুকলি কৰিব, যাৰ ভিতৰত চাহ বাগিচা শ্ৰমিকসকলৰ ভূমি পট্টা বিতৰণৰ লগতে ২২নম্বৰ কিস্তিৰ অর্থ মুকলি অন্তর্ভুক্ত। শিলচৰত, ১৪ মাৰ্চত, ২৩,৫৫০ কোটি…
Read More