অসম

চেন্সৰ বোৰ্ডৰ পাছত এতিয়া আদালতত ‘দ্য কেৰালা ষ্ট’ৰী-২’; মুক্তিৰ পূৰ্বেই বিপাঙত প্ৰযোজক

চেন্সৰ বোৰ্ডৰ পাছত এতিয়া আদালতত ‘দ্য কেৰালা ষ্ট’ৰী-২’; মুক্তিৰ পূৰ্বেই বিপাঙত প্ৰযোজক

বিতৰ্কিত ছবি 'দ্য কেৰালা ষ্ট’ৰী'ৰ দ্বিতীয়টো খণ্ডৰ মুক্তিৰ পূৰ্বে এতিয়া সৃষ্টি হৈছে এক তীব্ৰ আইনী জটিলতা। অহা ২৭ ফেব্ৰুৱাৰীত ছবিখন মুক্তি পোৱাৰ কথা আছিল যদিও ইয়াৰ বিৰুদ্ধে কেৰেলা উচ্চ ন্যায়ালয়ত ধাৰাবাহিক আবেদন দাখিল হোৱাত ছবিখনৰ ভৱিষ্যতক লৈ প্ৰশ্নচিহ্নৰ সৃষ্টি হৈছে। ইয়াৰ প্ৰত্যুত্তৰত মঙলবাৰে ছবিখনৰ প্ৰযোজক বিপুল অমৃতলাল শ্বাহে এখন শপতনামা দাখিল কৰি স্পষ্ট কৰি দিয়ে যে কেৱল দুই মিনিটৰ এটা টিজাৰ চাই সমগ্ৰ ছবিখনৰ মুক্তি বন্ধ কৰাটো অনুচিত। প্ৰযোজক শ্বাহে আদালতত দাখিল কৰা শপতনামাত উল্লেখ কৰা মতে, চেন্সৰ বোৰ্ড বা চিবিএফচি হ’ল ছবি পৰীক্ষা কৰাৰ একমাত্ৰ বিশেষজ্ঞ কৰ্তৃপক্ষ। তেওঁ কয়, "আদালতৰ তদাৰকী অধিকাৰে কোনো বিশেষজ্ঞ কৰ্তৃপক্ষৰ সিদ্ধান্তক নস্যাৎ কৰি ছবিখনৰ…
Read More
২৬ বছৰীয়া নিৰৱচ্ছিন্ন সমাজসেৱাৰ স্বীকৃতি; তিনিচুকীয়াৰ আৰক্ষী অধীক্ষকৰ হাতেৰে সন্মানিত মাকুমৰ দৰ্জী দীপক দাস

২৬ বছৰীয়া নিৰৱচ্ছিন্ন সমাজসেৱাৰ স্বীকৃতি; তিনিচুকীয়াৰ আৰক্ষী অধীক্ষকৰ হাতেৰে সন্মানিত মাকুমৰ দৰ্জী দীপক দাস

পেছাত তেওঁ এজন সামান্য দৰ্জী, দিনটোত কষ্ট কৰি উপাৰ্জন কৰে মাত্ৰ ২০০ৰ পৰা ৫০০ টকা। কিন্তু যোৱা ২৬ বছৰ ধৰি মাকুমৰ ডিব্ৰুগড় ৰোডৰ আৰক্ষী পইণ্টত যাত্ৰীৰ সুবিধাৰ বাবে যি কাম তেওঁ কৰি আহিছে, তাক লৈ এতিয়া সমগ্ৰ ৰাজ্যতে চৰ্চা আৰম্ভ হৈছে। কোনো ধৰণৰ দৰমহা বা চৰকাৰী পদবী নোহোৱাকৈয়ে কেৱল সমাজসেৱাৰ মনোভাৱেৰে ট্ৰেফিক নিয়ন্ত্ৰণ কৰি অহা মাকুমৰ ৫৪ বছৰীয়া দীপক দাসক অৱশেষত তিনিচুকীয়া জিলা আৰক্ষীয়ে প্ৰদান কৰিলে এক বিশেষ স্বীকৃতি। প্ৰতিদিনে আবেলি ২ বজাৰ পৰা নিশা ৮ বজালৈ খাকী পোছাক পিন্ধি আৰক্ষীৰ সৈতে কান্ধত কান্ধ মিলাই যান-বাহন নিয়ন্ত্ৰণ কৰাটো দীপক দাস ওৰফে 'দীপক দৰ্জী'ৰ এক নিয়মীয়া অভ্যাসলৈ পৰিণত হৈছিল। যোৱা ২৯…
Read More
পাকিস্তানে ছেমি ফাইনেল, ফাইনেলত প্ৰৱেশ কৰিলে কলকাতা-আহমেদাবাদৰ টিকট ক্ৰেতাই উভতাই পাব ধন

পাকিস্তানে ছেমি ফাইনেল, ফাইনেলত প্ৰৱেশ কৰিলে কলকাতা-আহমেদাবাদৰ টিকট ক্ৰেতাই উভতাই পাব ধন

পাকিস্তানৰ কোৱালিফাইৰ বাবে কলকাতা আৰু আহমেদাবাদৰ পৰা মেচ স্থানান্তৰিত হয়, তেন্তে অনুৰাগীক ধন উভতাই দিয়াৰ প্ৰতিশ্ৰুতিৰে মঙলবাৰৰ পৰা টি-২০ বিশ্বকাপৰ ছেমি ফাইনেল আৰু ফাইনেলৰ টিকট বিক্ৰী আৰম্ভ হয়। কলকাতাত অনুষ্ঠিত হ’ব প্ৰথমখন ছেমি ফাইনেল, আৰু ফাইনেল অনুষ্ঠিত হ’ব আহমেদাবাদত। যদি শ্ৰীলংকাই যোগ্যতা অৰ্জন কৰি ভাৰতৰ বাহিৰে আন কোনো দলৰ বিৰুদ্ধে ছেমি ফাইনেল খেলে তেন্তে সেই ধন ঘূৰাই দিয়া হ’ব, কিয়নো সেই ক্ষেত্ৰত তেওঁলোকে কলম্বোত খেলিব। মঙলবাৰে সন্ধিয়া ৭বজাৰ পৰা টিকট বিক্ৰী আৰম্ভ হয়।অনুৰাগীয়ে ৪ মাৰ্চত প্ৰথমখন ছেমি ফাইনেল, ৫ মাৰ্চত দ্বিতীয়খন ছেমি ফাইনেল আৰু ৮ মাৰ্চত ফাইনেলৰ টিকট ক্ৰয় কৰিব পাৰিব।প্ৰথমখন ছেমি ফাইনেল কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়াম বা কলকাতাৰ ইডেন…
Read More
পাকিস্তানক পৰাস্ত কৰি টি-২০ বিশ্বকাপৰ ছেমিত ইংলেণ্ড

পাকিস্তানক পৰাস্ত কৰি টি-২০ বিশ্বকাপৰ ছেমিত ইংলেণ্ড

আইচিচি টি-২০ বিশ্বকাপৰ ৰোমাঞ্চকৰ ছুপাৰ এইট মেচত ইংলেণ্ডে পাকিস্তানক দুটা উইকেটত পৰাস্ত কৰি ছেমি ফাইনেলত স্থান দখল কৰে। খেলখনত ইংলেণ্ডৰ অধিনায়ক হেৰী ব্ৰুকে শতক অৰ্জন কৰে। উৎকৃষ্ট ফৰ্মত থকা চাহিবজাদা ফাৰহানে ৪৫টা বলত ৬৩ ৰান সংগ্ৰহ কৰি পাকিস্তানক ৯ উইকেটত ১৬৪ ৰান সংগ্ৰহ কৰাত সহায় কৰে। প্লেয়াৰ অৱ দ্য মেচ ব্ৰুকে ৫১ বলৰ ইনিংছত ১০টা চাৰি আৰু চাৰিটা ছয়ৰে শতক অৰ্জন কৰে। তেওঁৰ প্ৰথম টি-২০ শতকেৰে ইংলেণ্ডে ৫টা বল বাকী থকা অৱস্থাত ৮ উইকেটত ১৬৬ ৰানত ৰোমাঞ্চকৰ ৰান সংগ্ৰহ কৰাত সহায় কৰে। পাৱাৰপ্লে’ত তিনিটা উইকেট আৰু ৫৮ ৰানত ৪ উইকেট হেৰুৱাইও ব্ৰুক পঞ্চম উইকেটত ২৮ বলত ৪৫ ৰান (১৫ বলত…
Read More
গাড়ীগাঁও নবোদয়া মহিলা সমিতিৰ উদ্যোগত চাফাই অভিযান

গাড়ীগাঁও নবোদয়া মহিলা সমিতিৰ উদ্যোগত চাফাই অভিযান

গুৱাহাটীৰ এক নম্বৰ ৱাৰ্ডৰ গাড়ীগাঁও নবোদয়া মহিলা সমিতিৰ সদস্যাসকলে স্বচ্ছ ভাৰত কাৰ্যসূচীৰ অংশ হিচাপে গাড়ীগাঁৱৰ ঐতিহাসিক শ্ৰী শ্ৰীশ্যামৰায় গোসাঁইঘৰৰ এক চাফাই অভিযান চলায় । মহিলা সমিতিৰ উপদেষ্টা ডঃ দীপামণি বৰুৱা দাসে আঁত ধৰা চাফাই অভিযানৰ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে অঞ্চলটোৰ জ্যেষ্ঠ নাগৰিক তথা শিল্পী উমেশ চন্দ্ৰ দাস আৰু শ্যামৰায় গোসাঁইঘৰৰ মুখ্য পাঠক ধনেশ্বৰ চন্দ্ৰ দাসে । ভাষণ প্ৰসংগত উমেশ চন্দ্ৰ দাসে মহিলা সমিতিৰ এনে কাৰ্যক প্ৰশংসা কৰে আৰু স্বচ্ছতাই শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ লগতে সমাজখনৰ উন্নতিৰ শিখৰত উপনীত হোৱাত সহায়ক হ'ব বুলি উল্লেখ কৰে। আন এগৰাকী উদ্বোধক ধনেশ্বৰ চন্দ্ৰ দাসে চমু ভাষণত নামঘোষাৰ স্তৱকেৰে অনুষ্ঠানটিৰ সফলতা কামনাৰে প্ৰাৰ্থনা জনায়। আনহাতে…
Read More
চীনে ২০২০ত সম্পন্ন কৰিছিল গোপন পাৰমাণৱিক পৰীক্ষা

চীনে ২০২০ত সম্পন্ন কৰিছিল গোপন পাৰমাণৱিক পৰীক্ষা

পাৰমাণৱিক অস্ত্ৰক লৈ আমেৰিকা আৰু চীনৰ মাজত পুনৰ উত্তেজনা বৃদ্ধি পাইছে। আমেৰিকাই অভিযোগ কৰিছে যে চীনে ছবছৰ পূৰ্বে ২০২০ চনত গোপন পাৰমাণৱিক পৰীক্ষা কৰিছিল। সোমবাৰে আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ সহকাৰী সচিব ক্রিষ্টোফাৰ ইউৱে কয় যে ২০২০ চনৰ ২২ জুনত পশ্চিম চীনৰ লপ নুৰ ভূগৰ্ভস্থ পাৰমাণৱিক পৰীক্ষা স্থানত বিস্ফোৰণ ঘটিছিল। চুবুৰীয়া ৰাষ্ট্ৰ কাজাখস্তানৰ এটা ষ্টেচনৰ পৰা ২.৭৫ মাত্ৰাৰ এই বিস্ফোৰণৰ তথ্য পোৱা যায়। ইউৱে ইয়াক পাৰমাণৱিক বিস্ফোৰণ বুলি অভিহিত কৰে। তেওঁ কয় যে ভূমিকম্পটো খনন বিস্ফোৰণতকৈ পৃথক আছিল। ই একক অগ্নি বিস্ফোৰণৰ দৰে আছিল, যিটো পাৰমাণৱিক পৰীক্ষাৰ বৈশিষ্ট্য। ইউৱে কয় যে চীনে ইচ্ছাকৃতভাৱে নিজৰ পাৰমাণৱিক শক্তি বৃদ্ধি কৰিছে। তেওঁ উল্লেখ কৰে যে…
Read More
প্ৰাণ শিল্প জুবিন গাৰ্গক উচিত ন্যায় দিয়াৰ দাবীত দিছপুৰত প্ৰতিবাদ

প্ৰাণ শিল্প জুবিন গাৰ্গক উচিত ন্যায় দিয়াৰ দাবীত দিছপুৰত প্ৰতিবাদ

প্ৰাণ শিল্প জুবিন গাৰ্গক উচিত ন্যায় দিয়াৰ দাবীত অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চ উদ্যোগত জনতা ঘেৰাও  বিক্ষোভ কাৰ্যসূচী। জুবিন দাক ন্যায় প্ৰদান কৰক, জুবিন দাৰ হত্যাকাৰীক ফাঁচী দিয়ক,অসম চৰকাৰ হায় হায়, জুবিন দাৰ হত্যাকাৰীক ফাঁচী দিয়ক আদি শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদৰ সময়ত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি হয়।
Read More
চীনে ২০২০ত সম্পন্ন কৰিছিল গোপন পাৰমাণৱিক পৰীক্ষা

চীনে ২০২০ত সম্পন্ন কৰিছিল গোপন পাৰমাণৱিক পৰীক্ষা

পাৰমাণৱিক অস্ত্ৰক লৈ আমেৰিকা আৰু চীনৰ মাজত পুনৰ উত্তেজনা বৃদ্ধি পাইছে। আমেৰিকাই অভিযোগ কৰিছে যে চীনে ছবছৰ পূৰ্বে ২০২০ চনত গোপন পাৰমাণৱিক পৰীক্ষা কৰিছিল। সোমবাৰে আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ সহকাৰী সচিব ক্রিষ্টোফাৰ ইউৱে কয় যে ২০২০ চনৰ ২২ জুনত পশ্চিম চীনৰ লপ নুৰ ভূগৰ্ভস্থ পাৰমাণৱিক পৰীক্ষা স্থানত বিস্ফোৰণ ঘটিছিল। চুবুৰীয়া ৰাষ্ট্ৰ কাজাখস্তানৰ এটা ষ্টেচনৰ পৰা ২.৭৫ মাত্ৰাৰ এই বিস্ফোৰণৰ তথ্য পোৱা যায়। ইউৱে ইয়াক পাৰমাণৱিক বিস্ফোৰণ বুলি অভিহিত কৰে। তেওঁ কয় যে ভূমিকম্পটো খনন বিস্ফোৰণতকৈ পৃথক আছিল। ই একক অগ্নি বিস্ফোৰণৰ দৰে আছিল, যিটো পাৰমাণৱিক পৰীক্ষাৰ বৈশিষ্ট্য। ইউৱে কয় যে চীনে ইচ্ছাকৃতভাৱে নিজৰ পাৰমাণৱিক শক্তি বৃদ্ধি কৰিছে। তেওঁ উল্লেখ কৰে যে…
Read More
ঝাৰখণ্ডত এয়াৰ এম্বুলেন্স দুৰ্ঘটনাগ্ৰস্ত; ৰোগী আৰু চিকিৎসকসহ ৭ গৰাকী লোকৰ কৰুণ মৃত্যু

ঝাৰখণ্ডত এয়াৰ এম্বুলেন্স দুৰ্ঘটনাগ্ৰস্ত; ৰোগী আৰু চিকিৎসকসহ ৭ গৰাকী লোকৰ কৰুণ মৃত্যু

পুনৰ মৃত্যুৰ বিভীষিকা নমাই আনিলে আকাশী যাত্ৰাই! সোমবাৰে সন্ধিয়া ঝাৰখণ্ডৰ চতৰা জিলাৰ এখন বনাঞ্চলত ৰোগী কঢ়িয়াই নিয়া এখন এয়াৰ এম্বুলেন্স দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত এটি শিশুসহ সাতগৰাকী লোকৰ কৰুণ মৃত্যু ঘটে। ৰাঁচীৰ পৰা দিল্লী অভিমুখে যাত্ৰা কৰা বিমানখনে উৰণৰ কিছু সময় পাছতে ৰাডাৰৰ সৈতে সম্পৰ্ক হেৰুৱাই এই মৰ্মান্তিক দুৰ্ঘটনাটোৰ সন্মুখীন হয়। ৰেডবাৰ্ড এয়াৰৱেজ প্ৰাইভেট লিমিটেডৰ দ্বাৰা পৰিচালিত এই এয়াৰ এম্বুলেন্সখনত দুজন পাইলট, এজন চিকিৎসক, এজন নাৰ্চিং ষ্টাফ আৰু এজন ৰোগীৰ লগতে তেওঁৰ দুজন পৰিচাৰক আছিল। চতৰা জিলাৰ ছিমাৰিয়া থানা এলেকাৰ গভীৰ অৰণ্যৰ মাজত বিমানখন খহি পৰাৰ তথ্য নিশ্চিত কৰে চতৰাৰ আৰক্ষী অধীক্ষক সুমিত আগৰৱালাই। আৰক্ষীৰ মতে, প্ৰতিকূল বতৰৰ বাবেই হয়তো পাইলটে…
Read More
নতুন তেজৰ আমদানিৰে অধিক শক্তিশালী হব অগপ দল

নতুন তেজৰ আমদানিৰে অধিক শক্তিশালী হব অগপ দল

অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত যোগদান কাৰ্যসূচী। ছাত্ৰ সংগঠনৰ একাংশ নেতা-সদস্যৰ অগপত যোগদান। যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী অতুল বৰাই কয়, "আমাৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন।আজিৰ দিনটোত যথেষ্ঠ উচ্চ শিক্ষিত যুৱকে দলত যোগদান কৰিছে। নতুনৰ বাবে সদায় আমি দুৱাৰ খুলি ৰাখিছো। নতুন তেজৰ আমদানিৰে আৰু অধিক শক্তিশালী হব অগপ দলটো। কেইবাখনো জিলাৰ ছাত্ৰ ইয়াত যোগদান কৰিছে। বহু যুৱক যুৱতী আঞ্চলিক দলৰ প্ৰতি আকৃষ্ট হৈছে।
Read More