11
May
পদ্মশ্ৰী প্ৰাপক ড০ বীৰুবালা ৰাভা আজি দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকাত ৰাজ্যৰ ভিন-ভিন দল-সংগঠনে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ।সংবাদ প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত বহুভাষিক সাহিত্য মঞ্চ, অসম চমুকৈ "বহুবাক"ৰ প্ৰধান সম্পাদক দীপক শৰ্মাই কয়- "ড০ বীৰুবালা ৰাভা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰে সম্পদ নহয়, সমগ্ৰ ভাৰতৰে সম্পদ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তাৎক্ষণিকভাৱে ড০ বীৰুবালা ৰাভাৰ উন্নত চিকিৎসাৰ বাবে যথোপযুক্ত ব্যৱস্থা কৰিব লাগে । এইয়া আমাৰ অনুৰোধ নহয়, দাবী ।" ড০ বীৰুবালা ৰাভাক অসম চৰকাৰে ক্ষীপ্ৰতাৰে ৰাজ্যৰ বাহিৰলৈ নি হ'লেও উন্নত চিকিৎসাৰ সু ব্যৱস্থা কৰিবৰ বাবে নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, নাথ…
