অসম

অসমৰ ভোটাৰ তালিকাৰ এছআইআৰ বিচাৰি কৰা আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ত

অসমৰ ভোটাৰ তালিকাৰ এছআইআৰ বিচাৰি কৰা আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ত

নিৰ্বাচনমুখী অসমৰ ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণ (এছআইআৰ) বিচাৰি দাখিল কৰা এক ৰাজহুৱা স্বাৰ্থজড়িত আবেদনত হস্তক্ষেপ কৰিবলৈ বৃহস্পতিবাৰে অস্বীকাৰ কৰে উচ্চতম ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত গঠিত বিচাৰপীঠে স্পষ্ট কৰি দিয়ে যে যিহেতু ৰাজ্যখনত ইতিমধ্যে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাইছে, সেয়েহে এই আবেদনৰ এতিয়া কোনো আইনী ভিত্তি নাই। নিৰ্বাচন আয়োগৰ হৈ জ্যেষ্ঠ অধিবক্তা ডি এছ নাইডুৱে আদালতত জনায় যে যোৱা ১০ ফেব্ৰুৱাৰীতেই অসমৰ ভোটাৰ তালিকাৰ কাম সম্পূৰ্ণ কৰা হৈছে। মৃণাল কুমাৰ চৌধুৰী নামৰ এজন ব্যক্তিয়ে দাখিল কৰা এই আবেদনখনত নিৰ্বাচন আয়োগে অসমত নিবিড় পুনৰীক্ষণ নকৰি কেৱল 'বিশেষ পুনৰীক্ষণ' (এছআৰ) কৰা সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱা হৈছিল। আবেদনকাৰীৰ হৈ জ্যেষ্ঠ অধিবক্তা বিজয়…
Read More
ৰাহুল গান্ধীক গুলীয়াই হত্যাৰ ভাবুকি; কোটাত গ্ৰেপ্তাৰ কৰ্ণি সেনাৰ সৈতে জড়িত এজন যুৱক

ৰাহুল গান্ধীক গুলীয়াই হত্যাৰ ভাবুকি; কোটাত গ্ৰেপ্তাৰ কৰ্ণি সেনাৰ সৈতে জড়িত এজন যুৱক

কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক মুকলিকৈ প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰি এতিয়া আৰক্ষীৰ জালত পৰিছে ৰাজা আমেৰা নামৰ এজন যুৱক। ৰাজস্থানৰ কোটা আৰক্ষীয়ে বুধবাৰে আমেৰাক আটক কৰে। সামাজিক মাধ্যমত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছিল, য’ত যুৱকজনে ৰাহুল গান্ধীক গুলীয়াই হত্যা কৰাৰ হুংকাৰ দিয়া শুনা গৈছিল। অভিযুক্ত যুৱকজনে নিজকে কৰ্ণি সেনাৰ সদস্য বুলি দাবী কৰি আহিছে। কোটাৰ আৰক্ষী অধীক্ষক তেজস্বিনী গৌতমৰ ভাষ্য অনুসৰি, উদ্যোগ নগৰ থানাৰ অন্তৰ্গত প্ৰেম নগৰৰ বাসিন্দা ৰাজা আমেৰাই ৰাহুল গান্ধীৰ লগতে আন বিৰোধী সাংসদসকলকো আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। ভিডিঅ’টোত তেওঁ লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ সৈতে সংসদত বিৰোধীয়ে কৰা আচৰণৰ প্ৰসংগ টানি আনিছিল। এই সমগ্ৰ…
Read More
বিশিষ্ট শ্ৰমিক নেতা খৰ্গেশ্বৰ দাসৰ মৃত্যু ; শঙ্কৰদেৱ নেত্ৰালয়ক দান কৰিলে চকুজুৰি

বিশিষ্ট শ্ৰমিক নেতা খৰ্গেশ্বৰ দাসৰ মৃত্যু ; শঙ্কৰদেৱ নেত্ৰালয়ক দান কৰিলে চকুজুৰি

ৰাজ্যৰ এজন বিশিষ্ট শ্ৰমিক নেতা , ৰাজ্যিক পৰিবহণ কৰ্মচাৰী সন্থাৰ প্ৰাক্তন সম্পাদক আৰু অসম ৰাজ্যিক পৰিবহণ নিগমৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী খৰ্গেশ্বৰ দাসৰ দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭০ বছৰ । মৃত্যুৰ সময়ত তেওঁ পত্নী, একমাত্ৰ পুত্ৰ, বোৱাৰীকে ধৰি বহু আত্মীয় স্বজন এৰি থৈ যায়। উল্লেখ্য যে ৰাজ্যৰ ৰাজহুৱা পৰিবহণ সেৱাৰ প্ৰতিষ্ঠান অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰী সকলৰ একমাত্ৰ ট্ৰেড ইউনিয়ন ৰাজ্যিক পৰিবহণ কৰ্মচাৰী সন্থাৰ ১৯৮৫ চনৰ পৰা সম্পাদকৰ দায়িত্বত থকাৰ লগতে তেওঁ আই এন টি ইউ চিৰ ৰাজ্যিক সম্পাদকৰ গুৰু দায়িত্ব বহন কৰিছিল । সততে শ্ৰমিকৰ হৈ মাত মাতি অহা খৰ্গেশ্বৰ দাসৰ মৃত্যুৰ বাতৰি…
Read More
মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৃষক ৰাইজৰ ;ব্ৰহ্মপুত্ৰৰ মাজৰ কৃষি প্ৰধান ৰাণী চাপৰিত নিশাৰ ভাগত অব্যাহত আছে বনৰীয়া ম’হৰ উপদ্ৰৱ

মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৃষক ৰাইজৰ ;ব্ৰহ্মপুত্ৰৰ মাজৰ কৃষি প্ৰধান ৰাণী চাপৰিত নিশাৰ ভাগত অব্যাহত আছে বনৰীয়া ম’হৰ উপদ্ৰৱ

পূৰ্বৰ পশ্চিম গুৱাহাটী তথা সমষ্টি পুনৰ গঠনৰ পাছত জালুকবাৰী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱা ৰাজ্যৰ অন্যতম জৈৱিক কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত ব্ৰহ্মপুত্ৰৰ মাজত থকা ৰাণী চাপৰিত বনৰীয়া ম'হ ৰ মুক্ত বিচৰণত কৃষক ৰাইজ আতংকিত হৈ পৰিছে। বনৰীয়া ম'হৰ মুক্ত বিচৰণৰ লগতে কৃষি ভূমিত উপদ্ৰৱৰ বাবে শংকিত হৈ পৰিছে ৰাণী চাপৰিত কৃষি কৰ্ম কৰি অহা ধাৰাপুৰ, গঁড়ল, ভট্টাপাৰা, কেন্দুকুচি আদি অঞ্চলৰ চাৰি শতাধিক থলুৱা কৃষক। বিশেষকৈ দিনৰ ভাগত ৰাণী চাপৰিৰ হাবিয়নী অঞ্চলত লুকাই থকাৰ ফলত কাৰো চকুত নপৰা বনৰীয়া ম'হৰ জাকটোৱে সন্ধিয়া আন্ধাৰ নামি অহাৰ পাছতেই কৃষি ভূমিত তাণ্ডৱ আৰম্ভ কৰে । কপালৰ ঘাম মাটিত পেলাই কৃষকে উৎপাদন কৰা কেঁচা শাক…
Read More
কাইলৈ টি-২০ বিশ্বকাপত জয় অভিযান সামৰিবলৈ ওমান বিৰুদ্ধে অৱতীৰ্ণ অষ্ট্ৰেলিয়াৰ

কাইলৈ টি-২০ বিশ্বকাপত জয় অভিযান সামৰিবলৈ ওমান বিৰুদ্ধে অৱতীৰ্ণ অষ্ট্ৰেলিয়াৰ

গ্ৰুপৰ দুখন গুৰুত্বপূৰ্ণ মেচত পৰাস্ত হোৱাৰ পিছত হতাশ হৈ পৰা অষ্ট্ৰেলিয়াই শুকুৰবাৰে ইয়াত দুৰ্বল হৈ পৰা ওমান দলৰ বিৰুদ্ধে ডাঙৰ জয়লাভ কৰি ইতিবাচকভাৱে টি-২০ বিশ্বকাপ অভিযানৰ অন্ত পেলাবলৈ চেষ্টা কৰিব। সীমিত অভাৰৰ ক্ৰিকেটত ছয়খন এদিনীয়া আৰু এখন টি-২০ আন্তঃৰাষ্ট্ৰীয় বিশ্বকাপৰ খিতাপ বিজয়ী অষ্ট্ৰেলিয়াই মঙলবাৰে কেণ্ডিত জিম্বাবুৱে আৰু আয়াৰলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা খেলখন বৰষুণৰ বাবে পৰিত্যক্ত হোৱাৰ পাছত পৰৱৰ্তী ৰাউণ্ডৰ স্থানৰ দৌৰৰ পৰা বাহিৰ হয়। খেলখন বাতিল হোৱাৰ লগে লগে জিম্বাবুৱেই এক গুৰুত্বপূৰ্ণ পইণ্ট লাভ কৰি শ্ৰীলংকাৰ সৈতে গ্ৰুপ বি-ৰ পৰা ছুপাৰ এইটলৈ আগবাঢ়িবলৈ সক্ষম হয়। একাংশ গুৰুত্বপূৰ্ণ খেলুৱৈৰ আঘাতৰ বাবে এতিয়াও আশানুৰূপ প্ৰদৰ্শন নকৰা অষ্ট্ৰেলিয়াই শ্ৰীলংকাৰ বিৰুদ্ধে বেটিঙত কিছু শক্তি…
Read More
আজি তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ গৃহমন্ত্ৰী অমিত শ্বাহ; বৰাকত বজাব নিৰ্বাচনী অভিযানৰ শংখনাদ

আজি তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ গৃহমন্ত্ৰী অমিত শ্বাহ; বৰাকত বজাব নিৰ্বাচনী অভিযানৰ শংখনাদ

আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰণকৌশল আৰু নিৰাপত্তা ব্যৱস্থাৰ বুজ ল’বলৈ তিনিদিনীয়া কাৰ্যসূচীৰে বৃহস্পতিবাৰে নিশা বৰাক উপত্যকাত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। নিশা শিলচৰত উপস্থিত হৈ গৃহমন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে ভাৰত-বাংলাদেশ সীমান্তৰ বি এছ এফৰ নতুনপুৰ সীমান্ত আউটপোষ্ট পৰিদৰ্শন কৰি নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনা কৰিব। নিৰ্বাচনৰ কেইসপ্তাহমান পূৰ্বে সীমান্তৱৰ্তী অঞ্চলত তেওঁৰ এই ভ্ৰমণ বিশেষভাৱে তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। নতুনপুৰত উপস্থিত হৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে চৰকাৰৰ অভিলাষী আঁচনি 'ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম'ৰ শুভাৰম্ভ কৰিব। সীমান্তৱৰ্তী গাঁওসমূহৰ আন্তঃগাঁথনি উন্নয়ন, যোগাযোগ ব্যৱস্থাৰ আধুনিকীকৰণ আৰু সংস্থাপনৰ সুযোগ সৃষ্টি কৰি জনসাধাৰণৰ প্ৰব্ৰজন ৰোধ কৰাই এই আঁচনিৰ মূল লক্ষ্য। ইয়াৰ পাছতেই শ্বাহে বৰাক উপত্যকাত এখন বিশাল নিৰ্বাচনী জনসভাত অংশ লৈ দলীয় প্ৰচাৰ…
Read More
ৰাহুল গান্ধীয়েও ‘অপমানিত’ অনুভৱ কৰিছে কংগ্ৰেছতঃ ভূপেন বৰাৰ বিস্ফোৰণ

ৰাহুল গান্ধীয়েও ‘অপমানিত’ অনুভৱ কৰিছে কংগ্ৰেছতঃ ভূপেন বৰাৰ বিস্ফোৰণ

কংগ্ৰেছ ত্যাগৰ পাছতেই দলটোৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই শেহতীয়াকৈ ৰাহুল গান্ধীৰ সৈতে হোৱা এক কথোপকথনৰ চাঞ্চল্যৰ তথ্য সদৰী কৰে। ১৬ ফেব্ৰুৱাৰীত দলৰ পৰা পদত্যাগ কৰা বৰাই সংবাদ মাধ্যমৰ আগত কয় যে তেওঁ ৰাহুল গান্ধীক নিজৰ অপমানৰ কথা জনাইছিল যদিও তাৰ প্ৰত্যুত্তৰত গান্ধীয়েও তেওঁ নিজে অপমানিত হৈ থকা বুলিহে স্বীকাৰ কৰিছিল। বৰাৰ মতে, য’ত এজন শীৰ্ষ নেতাই নিজেই অপমানিত হৈ থকা বুলি কয়, তেনেস্থলত তেওঁৰ দৰে এজন নেতাৰ অপমানৰ কোনো মূল্য নাইকিয়া হৈ পৰে। ইফালে, বৰাৰ এই দলত্যাগক লৈ ৰাজ্যিক কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে তেওঁক কঠোৰ ভাষাৰে আক্ৰমণ কৰিছে। গগৈৰ অভিযোগ অনুসৰি, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা ৫০ কোটি টকা লৈহে…
Read More
বিজেপি এতিয়া ‘কংগ্ৰেছ এলুমনি পাৰ্টি’; শাসকীয় দলক তীক্ষ্ণ কটাক্ষ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

বিজেপি এতিয়া ‘কংগ্ৰেছ এলুমনি পাৰ্টি’; শাসকীয় দলক তীক্ষ্ণ কটাক্ষ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

ৰাজ্যত অব্যাহত থকা দল-বদলৰ ৰাজনীতিৰ মাজতে শাসকীয় বিজেপি দলক এক নতুন নামেৰে অভিহিত কৰি বৃহস্পতিবাৰে তীব্ৰ সমালোচনা কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। বৰ্তমানৰ মুখ্যমন্ত্ৰীকে ধৰি কংগ্ৰেছৰ অসংখ্য প্ৰাক্তন নেতাই গেৰুৱা দলত আশ্ৰয় লোৱা কাৰ্যক লক্ষ্য কৰি শইকীয়াই বিজেপিক 'কংগ্ৰেছ এলুমনি পাৰ্টি' বা চমুকৈ কেপ বুলি আখ্যা দিয়ে। তেওঁ সংবাদ মাধ্যমৰ আগত ধেমেলীয়াকৈ কয়, "মই 'কেপ' পিন্ধিব নিবিচাৰো, মই গান্ধী টুপীহে পিন্ধো। কিন্তু বিজেপিৰ বৰ্তমানৰ অৱস্থা দেখিলে ইয়াক কংগ্ৰেছৰ প্ৰাক্তন ছাত্ৰ সন্মিলন বা এলুমনি পাৰ্টি বুলিহে ক’ব পাৰি।" বিজেপিয়ে কেৱল পুৰণি কংগ্ৰেছী মুখবোৰক লৈ ৰং সলনি কৰি এক নতুন ব্ৰেণ্ডিং কৰিব বিচাৰিছে বুলিও শইকীয়াই গুৰুতৰ অভিযোগ উত্থাপন কৰে। তেওঁৰ মতে, বিজেপিৰ…
Read More
মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৃষক  ৰাইজৰ ; ব্ৰহ্মপুত্ৰৰ মাজৰ কৃষি প্ৰধান ৰাণী চাপৰিত  নিশাৰ ভাগত অব্যাহত আছে বনৰীয়া  ম’হৰ উপদ্ৰৱ 

মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৃষক  ৰাইজৰ ; ব্ৰহ্মপুত্ৰৰ মাজৰ কৃষি প্ৰধান ৰাণী চাপৰিত  নিশাৰ ভাগত অব্যাহত আছে বনৰীয়া  ম’হৰ উপদ্ৰৱ 

পূৰ্বৰ পশ্চিম গুৱাহাটী তথা সমষ্টি পুনৰ গঠনৰ পাছত জালুকবাৰী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱা ৰাজ্যৰ অন্যতম জৈৱিক  কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত ব্ৰহ্মপুত্ৰৰ মাজত থকা  ৰাণী চাপৰিত বনৰীয়া ম'হ ৰ মুক্ত বিচৰণত কৃষক ৰাইজ আতংকিত হৈ পৰিছে। বনৰীয়া ম'হৰ মুক্ত বিচৰণৰ লগতে  কৃষি ভূমিত উপদ্ৰৱৰ বাবে শংকিত হৈ পৰিছে ৰাণী চাপৰিত কৃষি কৰ্ম কৰি অহা ধাৰাপুৰ, গঁড়ল, ভট্টাপাৰা, কেন্দুকুচি আদি অঞ্চলৰ চাৰি শতাধিক থলুৱা কৃষক। বিশেষকৈ দিনৰ ভাগত ৰাণী চাপৰিৰ হাবিয়নী অঞ্চলত লুকাই থকাৰ ফলত কাৰো চকুত নপৰা বনৰীয়া ম'হৰ জাকটোৱে  সন্ধিয়া আন্ধাৰ নামি অহাৰ পাছতেই কৃষি ভূমিত তাণ্ডৱ আৰম্ভ কৰে । কপালৰ ঘাম মাটিত পেলাই কৃষকে উৎপাদন কৰা কেঁচা শাক…
Read More
বিশিষ্ট শ্ৰমিক নেতা খৰ্গেশ্বৰ দাসৰ মৃ*ত্যু ; শঙ্কৰদেৱ নেত্ৰালয়ক দান কৰিলে চকুজুৰি

বিশিষ্ট শ্ৰমিক নেতা খৰ্গেশ্বৰ দাসৰ মৃ*ত্যু ; শঙ্কৰদেৱ নেত্ৰালয়ক দান কৰিলে চকুজুৰি

ৰাজ্যৰ এজন  বিশিষ্ট শ্ৰমিক নেতা , ৰাজ্যিক পৰিবহণ কৰ্মচাৰী সন্থাৰ প্ৰাক্তন সম্পাদক আৰু অসম ৰাজ্যিক পৰিবহণ নিগমৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী  খৰ্গেশ্বৰ দাসৰ দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭০ বছৰ । মৃত্যুৰ সময়ত তেওঁ পত্নী, একমাত্ৰ পুত্ৰ, বোৱাৰীকে ধৰি বহু আত্মীয় স্বজন এৰি থৈ যায়। উল্লেখ্য যে ৰাজ্যৰ ৰাজহুৱা পৰিবহণ সেৱাৰ প্ৰতিষ্ঠান অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰী সকলৰ একমাত্ৰ ট্ৰেড ইউনিয়ন ৰাজ্যিক পৰিবহণ কৰ্মচাৰী সন্থাৰ ১৯৮৫ চনৰ পৰা সম্পাদকৰ দায়িত্বত থকাৰ লগতে তেওঁ আই এন টি ইউ চিৰ ৰাজ্যিক সম্পাদকৰ গুৰু দায়িত্ব বহন কৰিছিল। সততে শ্ৰমিকৰ হৈ মাত মাতি অহা খৰ্গেশ্বৰ দাসৰ মৃত্যুৰ বাতৰি বিয়পি…
Read More