31
Oct
ভাৰত আৰু চীনৰ সৈন্যবাহিনীয়ে বৃহস্পতিবাৰে দীপাৱলী উপলক্ষে ইজনে আনজনক মিঠাই বিতৰণ কৰে। হট স্প্ৰিংছ, কাৰাকোৰাম পাছ, দৌলত বেগ ওল্ডি, কংকলা আৰু পূব লাডাখৰ চুছুল-মোলডোৰ বাস্তবিক নিয়ন্ত্ৰণ ৰেখাত দুয়োখন দেশৰ সেনা বিষয়াই ইজনে আনজনক মিঠাই আগবঢ়ায় আৰু দীপাৱলীৰ ওলগ যাচে। ইয়াৰ পূৰ্বে, সীমান্তৰ ডেপচাং আৰু ডেমচোকত দুয়োখন দেশৰ সেনাৰ পিছুৱাই অহাৰ প্ৰক্ৰিয়া ৩০ অক্টোবৰত সম্পূৰ্ণ হৈছিল। শীঘ্ৰেই গ্ৰাউণ্ড কমাণ্ডাৰৰ বিষয়াসকলৰ মাজত টহল কৰা সন্দৰ্ভত আলোচনা হ'ব। অৰুণাচলৰ টাৱাঙত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় – আমাৰ প্ৰয়াস হ'ব বিষয়টো আৰু অধিক আগুৱাই লৈ যোৱা, কিন্তু ইয়াৰ বাবে আমি আৰু অলপ অপেক্ষা কৰিব লাগিব। এলএচিত টহল দিয়াৰ ক্ষেত্ৰত ভাৰত আৰু চীনৰ মাজত হোৱা…