Blog

দাম বৃদ্ধি পালে এল পি জি ছিলিণ্ডাৰৰ মূল্য

দাম বৃদ্ধি পালে এল পি জি ছিলিণ্ডাৰৰ মূল্য

পশ্চিম এছিয়াৰ সংঘাতৰ ফলত বিভিন্ন ক্ষেত্ৰত প্ৰভাৱ পৰিছে । বিশেষকৈ শক্তি খণ্ডত প্ৰভাৱ স্পষ্ট হৈ পৰিছে । তাৰ মাজতে দেশত ৰন্ধন গেছৰ মূল্য বৃদ্ধি পালে । ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্য ৬০ টকা বৃদ্ধি হোৱাৰ সমান্তৰালকৈ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্যও ১১৪.৫ টকা বৃদ্ধি পাইছে । ভাৰতীয় তেল নিগমৰ ৱেবছাইটৰ তথ্য অনুসৰি ৭ মাৰ্চৰ পৰা এই মূল্যবৃদ্ধি কাৰ্যকৰী হৈছে ।১১ মাহৰ ভিতৰত এয়া দ্বিতীয়বাৰৰ বাবে ৰন্ধন গেছৰ মূল্য বৃদ্ধি পাইছে । যোৱা বছৰৰ এপ্ৰিল মাহত অন্তিমবাৰৰ বাবে ৫০ টকা বৃদ্ধি পাইছিল । মুম্বাইত ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ নতুন মূল্য এতিয়া ৯১২.৫০ টকা । পূৰ্বে ৮৫২.৫০ টকা আছিল । কলকাতাত ৮৭৯…
Read More
তাজমহল দৰ্শনৰ স্মৃতি বুকুত লৈয়েই চিৰবিদায়! আমেৰিকান আক্ৰমণত নিহত ৮৭ ইৰানী নৌসেনা

তাজমহল দৰ্শনৰ স্মৃতি বুকুত লৈয়েই চিৰবিদায়! আমেৰিকান আক্ৰমণত নিহত ৮৭ ইৰানী নৌসেনা

প্ৰেমৰ প্ৰতীক তাজমহলৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰি দেশলৈ উভতি যোৱাৰ মাত্ৰ কেইটামান দিনৰ পাছতেই মাজ সাগৰত কৰুণ মৃত্যুক সাৱটি ল’লে ৮৭ গৰাকী ইৰানী নৌসেনাই। আন্তঃৰাষ্ট্ৰীয় জলসীমাত আমেৰিকান চাবমেৰিনৰ আক্ৰমণত ইৰানী যুদ্ধজাহাজ 'আইআৰআইএছ ডেনা'ৰ সলিল সমাধি হোৱাৰ পাছতেই এতিয়া তেওঁলোকৰ ভাৰত ভ্ৰমণৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। বিশাখাপট্টনমত অনুষ্ঠিত নৌসেনাৰ অনুশীলনত অংশ লৈ যোৱা ১৯ ফেব্ৰুৱাৰীত এই নৌসেনাৰ দলটোৱে আগ্ৰালৈ আহি মমতাজ-শ্বাহজাহানৰ প্ৰেমৰ কাহিনী শুনি আপ্লুত হৈছিল। প্ৰায় ৩৫০ গৰাকী নৌসেনাৰ এটা দল দিল্লীৰ পৰা বিশেষ বিমানেৰে আগ্ৰাৰ বায়ুসেনা ঘাটিত অৱতৰণ কৰিছিল। তাৰ পৰাই তেওঁলোকে তাজমহল দৰ্শন কৰিবলৈ গৈছিল আৰু প্ৰায় দুই ঘণ্টা সময় ধৰি তাত ফটো তথা চেলফি তোলাৰ…
Read More
অচিৰে আৰম্ভ হ’ব উত্তৰাখণ্ডৰ বিখ্যাত চাৰিধাম যাত্ৰা

অচিৰে আৰম্ভ হ’ব উত্তৰাখণ্ডৰ বিখ্যাত চাৰিধাম যাত্ৰা

অচিৰে আৰম্ভ হ’ব উত্তৰাখণ্ডৰ বিখ্যাত চাৰিধাম যাত্ৰা ৷ এই যাত্ৰা আৰম্ভ হোৱাৰ দিন নিচেই চমু চাপিছে ৷ শুকুৰবাৰৰ পৰা উত্তৰাখণ্ড পৰ্যটন ব’ৰ্ডে চাৰিধাম যাত্ৰাৰ বাবে অনলাইন পঞ্জীয়ন মুকলি কৰিছে । আনহাতে, ১৭ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব অফলাইন পঞ্জীয়ন । বিশ্ববিখ্যাত চাৰিধাম যাত্ৰা ২০২৬ ৰ বাবে অনলাইন পঞ্জীয়ন আৰম্ভ হোৱাৰ লগে লগে ভক্তসকল উৎসাহী হৈ পৰিছে । এই সেৱা মুকলিৰ প্ৰথমটো দিনতে যমুনোত্ৰী, গংগোত্ৰী, কেদাৰনাথ আৰু বদ্ৰীনাথ দৰ্শনৰ বাবে মুঠ ১,২৩,৭৮৮ গৰাকী তীৰ্থযাত্ৰীয়ে পঞ্জীয়ন কৰে ।
Read More
১৬ বছৰ তলৰ কিশোৰ-কিশোৰীয়ে সামাজিক মাধ্যম ব্যৱহাৰ কৰিব নোৱাৰিব

১৬ বছৰ তলৰ কিশোৰ-কিশোৰীয়ে সামাজিক মাধ্যম ব্যৱহাৰ কৰিব নোৱাৰিব

এতিয়াৰে পৰা ১৬ বছৰ তলৰ কিশোৰ-কিশোৰীয়ে সামাজিক মাধ্যম ব্যৱহাৰ কৰিব নোৱাৰিব। সামাজিক মাধ্যমৰ অতিমাত্ৰা ব্যৱহাৰ আৰু অপব্যৱহাৰৰ প্ৰতি লক্ষ্য ৰাখি কৰ্ণাটক চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।অষ্ট্ৰেলিয়াত ১৬ বছৰৰ তলৰ শিশু-কিশোৰৰ বাবে সামাজিক মাধ্যম ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে আৰু লাখ লাখ একাউণ্ট ব্লক কৰা হৈছে।
Read More
বিৰোধীত অকলশৰীয়া হ’ল অখিল গগৈ

বিৰোধীত অকলশৰীয়া হ’ল অখিল গগৈ

মিত্ৰতা নহ’লগৈ ! বিৰোধীত অকলশৰীয়া হ’ল অখিল গগৈ ৷ ১০ মাৰ্চত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণৰে আলোচনাৰ সম্ভাৱনা অখিল গগৈৰ ৷এইবাৰৰ সমাগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰো ষ্টাৰ কেম্পেনাৰ হোৱাৰ অত্যুৎসাহী স্বপ্ন ভংগ হ’ল অখিল গগৈৰ ৷ শুকুৰবাৰৰ মাজনিশা সামাজিক মাধ্যমযোগে অখিল গগৈৰ ঘোষণা — 'শেষ চেষ্টাও ব্যৰ্থ' ৷ ৰাজ্যৰ বিৰোধী মিত্ৰজোঁটৰ পৰা অৱশেষত একাশৰীয়া হ’ল অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দল ৷ কংগ্ৰেছৰ পিছুৱাই নি থকা মিত্ৰতাৰ নীতিৰ জালত পৰি ধৰাশায়ী হ’ল অখিল গগৈ ৷
Read More
২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত “আশীৰ্বাদ মাহ”ৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ

২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত “আশীৰ্বাদ মাহ”ৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ

২০২৫-২৬ বিত্তীয় বৰ্ষ শেষ হ’বলৈ সন্মুখত মাত্ৰ এটা মাহ! ইফালে সন্মুখত যিহেতু অসম বিধানসভাৰ নিৰ্বাচন, সেয়েহে যানবাহনৰ চলাচল আৰু ব্যস্ততা যথেষ্ট বৃদ্ধি পাব। এই সময়চোৱাত ৰাজ্যৰ ৰাজপথত প্ৰতি মুহূৰ্ততে দুৰ্ঘটনামুক্ত আৰু সুৰক্ষিত যাতায়াত অব্যাহত ৰখাৰ লক্ষ্যৰে বিত্তীয় বৰ্ষৰ অন্তিম মাৰ্চ মাহটো “আশীৰ্বাদ মাহ“ হিচাপে পালনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে পৰিবহণ বিভাগে ৷ পৰিবহনৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ পৰিকল্পনা আৰু তত্ত্বাৱধানত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আজিৰে পৰা গ্ৰহণ কৰা “আশীৰ্বাদ মাহ”ত যানবাহনৰ নথিপত্ৰৰ বৈধতা আৰু আইনী সুৰক্ষাৰ ব্যৱস্থা বিশেষকৈ চালকৰ অনুজ্ঞাপত্ৰ, বাহনৰ ফিটনেছ, বীমা, প্ৰদূষণমুক্তৰ প্ৰমাণপত্ৰ আদি সঠিক কৰাৰ ক্ষেত্ৰত অত্যধিক গুৰুত্ব দিয়া হৈছে ৷ কিয়নো নথিপত্ৰ সঠিক…
Read More
টি-২০ বিশ্বকাপত বিজয়ী দলটোৱে লাভ কৰিব ২৭.৫০ কোটি টকা

টি-২০ বিশ্বকাপত বিজয়ী দলটোৱে লাভ কৰিব ২৭.৫০ কোটি টকা

কাইলৈ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ৰ ফাইনেল।এই গুৰুত্বপূৰ্ণ খেলখনত ভাৰত আৰু নিউজিলেণ্ডৰ ক্ৰিকেট দল মুখামুখি হ’ব। দুয়োটা দলে ফাইনেলত প্ৰৱেশ কৰিবলৈ সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে, যাৰ ফলত এই মেচখন অত্যন্ত ৰোমাঞ্চকৰ হ’ব বুলি আশা কৰা হৈছে। ভাৰতীয় দলটোৱে একেৰাহে দ্বিতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপ জয় কৰাৰ লক্ষ্য লৈছে। ইফালে, প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাখনত জয়ী হোৱাৰ সপোন লৈ খেলপথাৰত প্ৰৱেশ কৰিব নিউজিলেণ্ডৰ দলটোৱে। ফাইনেলত প্ৰৱেশ কৰাৰ পূৰ্বে নিউজিলেণ্ডে প্ৰথম ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকাক ৯ উইকেটত পৰাস্ত কৰে। নিউজিলেণ্ডৰ বেটছমেন আৰু বলাৰসকলে উৎকৃষ্ট প্ৰদৰ্শন কৰি মেচখন একপক্ষীয় কৰি তুলিছিল। ইফালে দ্বিতীয় ছেমি ফাইনেলত ভাৰতীয় দলটোৱে ইংলেণ্ডক ৭…
Read More
হেলিকপ্টাৰ দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণৰক্ষা উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰীৰ, জৰুৰী অৱতৰণ

হেলিকপ্টাৰ দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণৰক্ষা উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰীৰ, জৰুৰী অৱতৰণ

ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য। লক্ষ্ণৌৰ লা মাৰ্টিনিয়াৰ কলেজ হেলিপেডৰ পৰা উৰা মৰাৰ কিছু সময় পাছতেই হেলিকপ্টাৰখনত ধৰা পৰে গুৰুতৰ যান্ত্ৰিক বিজুতি। লগে লগে পাইলটে অত্যন্ত তৎপৰতাৰে লক্ষ্ণৌ বিমানবন্দৰত জৰুৰী অৱতৰণ কৰোৱাত এক ডাঙৰ বিপৰ্যয়ৰ পৰা ৰক্ষা পৰে উপ-মুখ্যমন্ত্ৰীগৰাকী। প্ৰত্যক্ষদৰ্শীৰ মতে, উৰণৰ পাছতেই হেলিকপ্টাৰখনৰ ভিতৰত হঠাৎ ধোঁৱা ওলোৱা দেখা গৈছিল। সেই সময়ত হেলিকপ্টাৰখনত মৌৰ্যৰ লগতে তেওঁৰ এজন সহযোগী আৰু দুজন পাইলটসহ মুঠ পাঁচজন লোক আছিল। লক্ষ্ণৌ বিমানবন্দৰত সুৰক্ষিতভাৱে অৱতৰণ কৰাৰ পাছত উপ-মুখ্যমন্ত্ৰীগৰাকী সুস্থ আছে বুলি জানিব পৰা গৈছে। তেওঁ পৰৱৰ্তী সময়ত আন এখন হেলিকপ্টাৰেৰে কৌম্বীৰ পূৰ্বনিৰ্ধাৰিত কাৰ্যসূচীলৈ ৰাওনা হয়। ইতিমধ্যে এক বিশেষজ্ঞৰ…
Read More
চেফ যোগেন্দ্ৰ নেগীয়ে হোলী উদযাপনৰ বাবে শ্বেয়াৰ কৰিছে পৰম্পৰাগত খান্দচাৰি গুজিয়া ৰেচিপি

চেফ যোগেন্দ্ৰ নেগীয়ে হোলী উদযাপনৰ বাবে শ্বেয়াৰ কৰিছে পৰম্পৰাগত খান্দচাৰি গুজিয়া ৰেচিপি

ৰঙৰ উত্সৱ ফাকুৱাৰ এই সময়ছোৱাত অৰ্গেনিক ইণ্ডিয়াৰ চেফ যোগেন্দ্ৰ নেগীয়ে জৈৱিক উপাদান আৰু ক্লাছিক উৎসৱমুখৰ সোৱাদৰ ব্যৱহাৰৰ ওপৰত আলোকপাত কৰি খান্দচাৰি গুজিয়াৰ পৰম্পৰাগত ৰেচিপি শ্বেয়াৰ কৰিছে। এই ৰন্ধন প্ৰণালীত দুই কাপ সৰ্ব-উদ্দেশ্যৰ আটা, এক চিমটি নিমখ, আৰু এক-চতুৰ্থ কাপ গলিত অৰ্গেনিক ইণ্ডিয়া ঘিউ ব্ৰেডক্ৰাম্বৰ স্থিৰতাত মিশ্ৰিত কৰি ঠাণ্ডা পানীৰে আটাখিনি তৈয়াৰ কৰাৰ আগতে প্ৰস্তুত কৰা এক মচমচীয়া পেষ্ট্ৰি ক্ৰাষ্ট আছে। তাৰ পিছত পিঠাগুৰিখিনি কমেও ৩০ মিনিট ৰখা হয়। খোলাটো পূৰ কৰিবৰ বাবে ২০০ গ্ৰাম কুটি লোৱা মাৱা এক চামুচ ঘিউত পাতল সোণালী ৰং আৰু সুগন্ধি অহালৈকে ভজা হয়। ভাজি লোৱা চেমোলিনা, মিহিকৈ কটা আলমণ্ড, কাজু আৰু পিষ্টা, শুকান নাৰিকল, ইলাচিৰ…
Read More
সমগ্ৰ অসমৰ মহিলা ৰূপান্তৰকাৰীক স্বীকৃতি দিবলৈ আইটিচি ছানৰাইজে আগবঢ়াইছে ‘উদয়িনী’ মঞ্চ

সমগ্ৰ অসমৰ মহিলা ৰূপান্তৰকাৰীক স্বীকৃতি দিবলৈ আইটিচি ছানৰাইজে আগবঢ়াইছে ‘উদয়িনী’ মঞ্চ

আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে সমগ্ৰ অসমৰ নাৰীৰ পৰূপান্তৰকৰ্তাসকলক স্বীকৃতি আৰু সবলীকৰণৰ লক্ষ্যৰে আইটিচি ছানৰাইজ স্পাইচেছে উদয়িনী নামৰ ইতিবাচক পদক্ষেপ হাতত লৈছে । ৰেড এফ এম ৯৩.৫ৰ সহযোগত আয়োজিত এই মঞ্চখনত ৰাজ্যৰ বিভিন্ন জিলাৰ ১৫ গৰাকী সফল মহিলাক সম্বৰ্ধনা জনোৱা হয়, যিসকলৰ উদ্যমিতা আৰু সামাজিক অৱদানে চৌপাশৰ সম্প্ৰদায়ক যথেষ্ট প্ৰভাৱিত কৰিছে।এই পদক্ষেপে গুৱাহাটীৰ আমবাৰীৰ হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ সঞ্চালক ময়ূৰী ওজা, অসম উদ্যোগ ভৱনৰ উদ্যোগ আৰু বাণিজ্য আয়ুক্তৰ যুটীয়া সঞ্চালক মঞ্জু ৰাণী গগৈ তালুকদাৰ; উত্তৰ-পূব হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগম লিমিটেড (এনইএইচএইচডিচি)ৰ পৰিচালন সঞ্চালক মাৰা কোচো; অসম চৰকাৰৰ উদ্ভাৱন, ইনকিউবেচন আৰু ষ্টাৰ্টআপ বিভাগৰ চিঅ’অ’ ওমকাৰনাথ ৰথ; আৰু ব্যুৰো অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ, গুৱাহাটীৰ…
Read More