10
Dec
উত্তৰ প্ৰদেশৰ কানপুৰ অঞ্চলত আৰক্ষীৰ বৰ্বৰতাৰ এটা ভিডিঅ' পোহৰলৈ অহাৰ পিছতে পুনৰ যোগী প্ৰশাসনৰ ওপৰত প্ৰশ্নৰ উদয় হৈছে। এই ভিডিঅ'টোত এজন আৰক্ষীয়ে এজন লোকৰ ওপৰত লাঠিচালনা কৰা পৰিলক্ষিত হৈছে। আনহাতে এটি শিশুৱে সেই ব্যক্তিজনৰ কোলাত কান্দি থকা দেখা গৈছে। এই হৃদয় বিদাৰক দৃশ্যই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এক মিনিটতকৈও কম সময়ৰ এই ভিডিঅ'টোত আক্ৰমণৰ বলি হোৱা লোকজনে বাৰে বাৰে আৰক্ষীক শিশুটোক নামাৰিবলৈ অনুৰোধ জনায়। কিন্তু আৰক্ষীয়ে অলপো ভ্ৰূক্ষেপ নকৰি বৰ্বৰতাৰ যেন চৰম ৰূপ দেখুৱায়। ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এই ভিডিঅ'টোৱে উত্তৰ প্ৰদেশ আৰক্ষীৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে। খবৰ অনুসৰি লাঠিচালনা কৰা এছএইচঅ'ক নিলম্বিত কৰা হৈছে। অৱশ্যে, আৰক্ষীয়ে স্পষ্ট কৰি দিছে…