Blog

গুৱাহাটী প্ৰেছ ক্লাৱত কৰ্তব্যৰত সাংবাদিকৰ প্ৰতিবাদ

গুৱাহাটী প্ৰেছ ক্লাৱত কৰ্তব্যৰত সাংবাদিকৰ প্ৰতিবাদ

চিৰাং জিলাৰ বাসুগাঁৱৰ প্ৰতিদিন টাইমৰ সাংবাদিক তথা চিৰাং জিলা প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক জয়ন্ত দেবনাথক আৰক্ষীয়ে কৰা আক্ৰমণৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অসমতে সাংবাদিকসকলে প্ৰতিবাদ সাব্যস্ত কৰে। মংগলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱৰ সন্মুখত গুৱাহাটীস্থ কৰ্তব্যৰত সাংবাদিকসকলে হাতে হাতে পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে। ঘটনা সন্দৰ্ভত সাংবাদিক হেমন্ত শৰ্মাই কয় যে, কিছুমান কথা সহজভাৱে লৈ থাকোঁতে থাকোঁতে আমি জটিলতাৰ সৈতে যুঁজিবলগীয়া হৈ আছে। কিন্তু এনেকৈ আৰু কিমান দিন? সাংবাদিকক আক্ৰমণ কৰা ঘটনাৰ তৃতীয় স্থানত অসম। ভিন্ন সময়ত সাংবাদিকসকলে, সাংবাদিক সংগঠনে সাংবাদিকৰ নিৰাপত্তাৰ বাবে সূকীয়া আইনৰ দাবী কৰা স্বত্বেও কোনো কাণ-সাৰ নাই। চৰকাৰে প্ৰথমশাৰীৰ কৰ্মী হিচাপে স্বীকৃতি দিলে, কিন্তু দেশৰ ভিতৰতে সাংবাদিকৰ ওপৰত…
Read More
আনন্দ মিশ্ৰক গ্ৰেপ্তাৰৰ দাবী

আনন্দ মিশ্ৰক গ্ৰেপ্তাৰৰ দাবী

নগাওঁ আৰক্ষী আধীক্ষকক শীঘ্ৰেই চাকৰিৰ পৰা নিলম্বৰ দাবী তুলিলে শ্বেৰমান আলী আহমেদে। ৰাজ্যত সংঘটিত ৯৯ শতাংশ এনকাউণ্টাৰ ভুৱা বুলি মন্তব্য বিধায়কগৰাকীৰ। নগাওঁ আৰক্ষী অধীক্ষকগৰাকীক জেললৈ প্ৰেৰণৰ দাবী তুলিছে বিধায়ক শ্বেৰমানে । কীৰ্তিকমল বৰাক গুলীওৱাৰ ঘটনাৰ পিছতেই আৰক্ষীৰ ভূমিকাক লৈ সৃষ্টি হৈছিল সন্দেহৰ। পৱন বৰঠাকুৰ এজনীয়া কমিটীয়ে সমগ্ৰ ঘটনাৰ কৰিছিল তদন্ত। ইতিমধ্যে এই ঘটনাৰে সৈতে জড়িত অভিযোগত নিলম্বন কৰা হৈছে এছ আই প্ৰদীপ বণিয়াক। আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই গঠন কৰা এণ্টি নাৰ্কোটিক স্কোৱাড ভংগ কৰি স্কোৱাডৰ জোৱানসকলক বদলি কৰা হৈছে বিভিন্ন জিলালৈ।
Read More
ৰাজ্য চৰকাৰে বৰপেটাৰ বুঢ়া সত্ৰাধিকাৰ আৰু শিল্পী অপূৰ্ব বেজবৰুৱাৰ চিকিৎসাৰ ব্যয় বহন কৰিব

ৰাজ্য চৰকাৰে বৰপেটাৰ বুঢ়া সত্ৰাধিকাৰ আৰু শিল্পী অপূৰ্ব বেজবৰুৱাৰ চিকিৎসাৰ ব্যয় বহন কৰিব

মন্ত্ৰী বিমল বৰাই সদৰি কৰিলে জে, দিছপুৰ পলিক্লিনিকত চিকিৎসাধীন হৈ থকা বিশিষ্ট শিল্পী অপূৰ্ব বেজবৰুৱাৰ চিকিৎসাৰ ব্যয় বহন কৰিব।  ব্ৰেইন ষ্ট্ৰ’কত আক্ৰান্ত হৈ মঙলবাৰৰ পৰা সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে কণ্ঠশিল্পী গৰাকী। এতিয়ালৈকে অচেতন হৈ আছে অপূৰ্ব বেজবৰুৱা।ভেন্টিলেটৰত আছে শিল্পী গৰাকী। জিএমচিএিচত চিকিৎসাধীন হৈ থকা বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ বশিষ্ট শৰ্মাৰ সমগ্ৰ। আনহাতে বৰ্তমান জিএমচিএইচত চিকিৎসাধীন বুঢ়া সত্ৰাধিকাৰ গৰাকীৰ স্বাস্থ্য সুস্থিৰ বুলি জানিবলৈ দিছে চিকিৎসকে।
Read More
বাসুগাঁৱত  সাংবাদিকৰ  ওপৰত নিৰ্মম  আক্ৰমণৰ  ঘটনাক দোষীক  দৃষ্টান্তমূলক  শাস্তিৰ  দাবী

বাসুগাঁৱত সাংবাদিকৰ ওপৰত নিৰ্মম আক্ৰমণৰ ঘটনাক দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবী

 বিটিআৰৰ চিৰাং জিলাৰ বাসুগাঁৱৰ প্ৰতিদিন টাইমৰ সাংবাদিক তথা চিৰাং জিলা প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক জয়ন্ত দেবনাথক আৰক্ষীয়ে কৰা আক্ৰমণৰ ঘটনাক জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছামৰ ৰাজ্যিক সমিতিয়ে কঠোৰ ভাষাৰে গৰিহণা দিয়ে ৷ কৰ্তব্যৰত সাংবাদিকক কৰা এনে বৰ্বৰ অত্যাচাৰক গৰিহণা দিয়াৰ লগতে দোষী আৰক্ষীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰ আৰু আৰক্ষী সঞ্চালক প্ৰধানক দাবী জনাইছে জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছামৰ ৰাজ্যিক সমিতিয়ে । চতুৰ্থ স্তম্ভৰ ওপৰত আৰক্ষীৰ এনে বৰ্বৰ অত্যাচাৰ চৰম গৰিহণাৰ বিষয় বুলিও কয় জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছামৰ ৰাজ্যিক সমিতিয়ে। ঘটনাৰ বিৱৰণি অনুসৰি বাসুগাঁও আৰক্ষী চকীৰ  প্ৰদীপ সাহা আৰু এলাৰ বৰ্মন নামৰ কনিষ্টবল দুজনে হেলমেট পৰিধান নকৰাকৈ মটৰ চাইকেল চলোৱাৰ…
Read More
কে এফ চিয়ে ভাৰতবাসীক খুজিলে ক্ষমা

কে এফ চিয়ে ভাৰতবাসীক খুজিলে ক্ষমা

ভাৰতবাসীক ক্ষমা খুজিলে কে এফ চিয়ে। ছচিয়েল মিডিয়াত কে এফ চিয়ে পাকিস্তানত চলি থকা ফেচবুক একাউন্টত দিছিল এটা পোষ্ট। পোষ্টটোত লিখিছিল- কাশ্মীৰ কাশ্মীৰবাসীৰহে। এই পোষ্টটোৰ জৰিয়তে কে এফ চিয়ে কাশ্মীৰ প্ৰকৃততে পাকিস্তানৰ বুলি কবলৈ হৈ ৰোষত পৰিল ভাৰতবাসীৰ। ছচিয়েল মিডিয়াত এই পোষ্ট কৰা কে এফ চিক ভাৰতৰ পৰা বয়কট কৰাৰো দাবী উঠিল। ভাৰবাসীৰ অসন্তুষ্টি দেখি অৱশেষত কে এফ চিয়ে এই পোষ্টটো ডিলিট কৰাৰ লগতে ক্ষমা খোজে।
Read More
দেশত কমিছে কোৰোনাৰ আক্ৰান্তৰ

দেশত কমিছে কোৰোনাৰ আক্ৰান্তৰ

সোমবাৰতকৈ মঙলবাৰে কোৰোনাত আক্ৰান্তৰ সংখ্যা প্ৰায় ২০হাজাৰ হ্ৰাস পালে। বিগত ২৪ঘন্টাত ভাৰতত কোৰোনাত আক্ৰান্ত হৈছে ৬৭, ৫৯৭গৰাকী। শত পজিটিভিটীৰ হাৰ হৈছে ৫.০২। বৰ্তমান চিকিতসাধীন অৱস্থাত থকা ৰোগীৰ সংখ্যা হৈছে ৯লাখ ৯৪হাজাৰ। ১,১৮৮গৰাকী ৰোগীৰ মৃত্যু হৈছে। দেশত এতিয়ালৈকে ১কোটি ১লাখ মানুহক প্ৰদান কৰা হৈছে ভেকচিন।
Read More
জোৰশিমুলীৰ  লাৰুৱাজানত ২ আটক

জোৰশিমুলীৰ লাৰুৱাজানত ২ আটক

কামৰূপ জিলাৰ ছয়গাঁও থানাৰ অন্তৰ্গত জোৰশিমুলীৰ লাৰুৱাজানত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ শুকান গাঞ্জাসহ দুটা সৰবৰাহকাৰীক আটক কৰিবলৈ সমৰ্থ হয়৷ আৰক্ষীৰ অভিযানকালত বৃহৎ পৰিমাণৰ শুকান গাঞ্জা জব্দ কৰাৰ লগতে দুটা সৰবৰাহকাৰীক আটক কৰে৷ জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য আনুমানিক ১.২০ লাখ টকা হ’ব বুলি ধাৰণা কৰা হৈছে৷ ধৃত লোক দুজন হৈছে লাৰুৱাজান গাঁৱৰ হাৰুণ মিঞাৰ পুত্ৰ ফাইজুল হক (৪০) আৰু জৈনুদ্দিন আলীৰ পুত্ৰ আশ্ৰাফুল আলী (২৫) বুলি চিনাক্ত কৰা হৈছে৷ ধৃত সৰবৰাহকাৰী দুটাক ছয়গাঁও আৰক্ষীয়ে নিজৰ জিম্মালৈ নি জেৰা অব্যাহত ৰাখিছে৷
Read More
নগাঁৱত শিলাবৃষ্টিত ১৮২০ঘৰ ক্ষতিগ্ৰস্ত

নগাঁৱত শিলাবৃষ্টিত ১৮২০ঘৰ ক্ষতিগ্ৰস্ত

নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত দেওঁবাৰে সংঘটিত প্ৰবল শিলাবৃষ্টিত ব্যাপক ক্ষতি সাধন হোৱাৰ ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে ৷ জিলাখনৰ ২৮ খন ৰাজহগাঁও এই শিলাবৃষ্টিত ক্ষতিগ্ৰস্হ হোৱাৰ বাতৰি পোৱা গৈছে ৷ শিলাবৃষ্টিত প্ৰায় আঠ হাজাৰ লোক ক্ষতিগ্ৰস্হ হৈছে ৷ বিশেষকৈ চামগুৰি , ৰহা , নগাঁও সদৰ ৰাজহ চক্ৰৰ অধীনৰ এই ক্ষতিগ্ৰস্হ লোকসকল ৷ শিল পৰাৰ ফলত প্ৰায় ১৮২০ টা ঘৰৰ ক্ষতি হয় ৷ শিল বৰষূনৰ ফলত ঘৰৰ টিনপাত , খেৰৰ চালি আদি ধ্বংশ হয় ৷ অৱশ্যে শিলাবৃষ্টিত কোনো লোকৰ মৃত্যু হোৱা নাই ৷ যদিও এঘাৰটা পশু ধন শিলাবৃষ্টিত মৃত্যু হৈছে ৷ বহমপুৰত প্ৰায় তিনিশ বগলীৰ মৃত্যু হয় ৷ শিলা বৃষ্টিৰ ফলত আহত…
Read More
পবিতৰা অভয়াৰণ্যত  জলচৰ পক্ষীৰ গণনা সম্পন্ন

পবিতৰা অভয়াৰণ্যত জলচৰ পক্ষীৰ গণনা সম্পন্ন

আজি পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা পক্ষী গণনা কাৰ্য্য দুপৰীয়া ১২ বজাত সামৰণি পৰে।অভয়াৰণ্য খনত এইবাৰ  মুঠ ৫৬ টা প্ৰজাতিৰ ৮১৮৮ টা জলচৰ পক্ষী পোৱা গৈছে।পৰিভ্ৰমী পক্ষীৰ কলকাকলিৰে মুখৰিত হৈ থকা অভয়াৰণ্য খনত আজি জলচৰ পক্ষীৰ গণনা কাম আৰম্ভ কৰে বন বিভাগ আৰু প্ৰকৃতি প্ৰেমী সংগঠন আৰণ্যক ৰ কৰ্ম কৰ্তা সকলে। এইবাৰ গণনাৰ কাম বহু পলম কৈ আৰম্ভ কৰাৰ বাবেও প্ৰকৃত তথ্য পাবলৈ সক্ষম নহল গণনা কাৰী দলটো।ডিচেম্বৰ বা জানুৱাৰীৰ প্ৰথম ভাগত গণনা কৰা হেতেন জলচৰ পক্ষীৰ অৱস্থিতি ৰ আচল ছবি এখন দেখা পোৱা গল হেতেন।আনহাতে অভয়াৰণ্য ৰ কিনাৰেদি যোৱা মায়ং কমাৰপুৰ চামতা সংযোগী ব্যস্ত পথত অত্যাধিক শব্দ প্ৰদূষণ…
Read More
সাংসদ বদৰুদ্দিন আজমলৰ অধ্যক্ষতাত অনুষ্ঠিত বিভিন্ন বিভাগৰ কামৰ পৰ্যালোচনা

সাংসদ বদৰুদ্দিন আজমলৰ অধ্যক্ষতাত অনুষ্ঠিত বিভিন্ন বিভাগৰ কামৰ পৰ্যালোচনা

ধুবুৰী জিলা উন্নয়ণ সমন্বয় আৰু নিৰীক্ষণ সমিতি (দিশা)ৰ এখন গুৰুত্বপূৰ্ণ বৈঠক শনিবাৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়৷ ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ তথা ধুবুৰী জিলা ‘দিশা’ৰ অধ্যক্ষ মৌলানা বদৰুদ্দিন আজমলৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকখনত বিভিন্ন বিভাগৰ কাম-কাজ পৰ্যালোচনা কৰা হয়৷ বৈঠকত স্বাস্থ্য, লোকনিৰ্মাণ, জলসম্পদ, জিলা পৰিষদ, জিলা গ্ৰামোন্নয়ণ অভিকৰণ, জনস্বাস্থ্য কাৰিকৰী, কৃষি, ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান, বেংক, সৰ্বশিক্ষা, মধ্যাহ্ন ভোজন, চৰ অঞ্চল উন্নয়ণ, জলসিঞ্চন, মীন, টেলিকম, বেংক আদি বিভিন্ন বিভাগৰ কাম-কাজ আৰু কাৰ্যসূচীৰ পুংখানুপুংখ পৰ্যালোচনা কৰাৰ লগতে জনপ্ৰতিনিধিসকলে বিভাগবোৰৰ বিষয়াসকলক বিভিন্ন বিষয় সন্দৰ্ভত পোনপতীয়াকৈ প্ৰশ্ন কৰে আৰু আঁচনি ৰূপায়ন সন্দৰ্ভত গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়৷
Read More