Blog

প্ৰতিভূতি বজাৰত মহিলাৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে চিডিএছএল আইপিএফে আগবঢ়াইছে ‘মিছ আত্মনিৰ্ভৰ ইনভেষ্টৰ’ অভিযান

প্ৰতিভূতি বজাৰত মহিলাৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে চিডিএছএল আইপিএফে আগবঢ়াইছে ‘মিছ আত্মনিৰ্ভৰ ইনভেষ্টৰ’ অভিযান

চেণ্ট্ৰেল ডিপজিটৰী চাৰ্ভিচেছ (ভাৰত) লিমিটেড(চিডিএছএল)-এ বিনিয়োগকাৰী সুৰক্ষা পুঁজি (আইপিএফ)-এ প্রতিভূতি বজাৰত মহিলাসকলক দায়িত্বশীলভাৱে নিজৰ বিনিয়োগ যাত্ৰা আৰম্ভ কৰিবলৈ উৎসাহিত কৰিবলৈ ‘মিছ আত্মনিৰ্ভৰ বিনিয়োগকাৰী’ শীৰ্ষক এক নতুন ডিজিটেল প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে চিডিএছএল আইপিএফৰ ধ্বজাবাহী বিনিয়োগকাৰী সজাগতা কাৰ্যসূচী ‘আত্মনিৰ্ভৰ’ৰ অংশ হিচাপে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই অভিযানৰ অংশ হিচাপে চিডিএছএল আইপিএফে দুখন ডিজিটেল বিজ্ঞাপন ছবি মুকলি কৰিছে, যিখন প্ৰচাৰ ছবি সমগ্ৰ দেশৰ মহিলা বিনিয়োগকাৰীৰ কাষ চাপিবলৈ ১২টা ভাৰতীয় ভাষাত প্ৰচাৰ কৰা হৈছে। প্ৰথমখন ছবিত দেখা গৈছে যে বন্ধুৰ দলে এগৰাকী দ্বিধাগ্ৰস্ত মহিলাক নিজৰ সন্দেহ দূৰ কৰিবলৈ আৰু জ্ঞাত বিনিয়োগৰ দিশত প্ৰথম পদক্ষেপ ল’বলৈ উৎসাহিত কৰিছে। দ্বিতীয়খন…
Read More
২০২৮ ৰ লছ এঞ্জেলছ অলিম্পিকত স্বৰ্ণ জয়ৰ লক্ষ্য সূৰ্য্যকুমাৰ যাদৱৰ

২০২৮ ৰ লছ এঞ্জেলছ অলিম্পিকত স্বৰ্ণ জয়ৰ লক্ষ্য সূৰ্য্যকুমাৰ যাদৱৰ

সূৰ্যকুমাৰ যাদৱে সৃষ্টি কৰিছে ইতিহাস। এম এছ ধোনী আৰু ৰোহিত শৰ্মাৰ পিছত টি-২০ বিশ্বকাপত জয়লাভ কৰি টিম ইণ্ডিয়াক নেতৃত্ব দিয়া তেওঁ তৃতীয়জন ভাৰতীয় অধিনায়ক হিচাপে পৰিগণিত হৈছে।দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত নিউজিলেণ্ডক ৯৬ ৰানত পৰাস্ত কৰি ভাৰতীয় দলটোৱে টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰে। ভাৰতৰ খিতাপ জয়ৰ পিছতে সূৰ্যকুমাৰ যাদৱে নিজৰ পৰৱৰ্তী দুটা লক্ষ্য স্পষ্ট কৰি দিয়ে। বৰ্তমান ৩৫ বছৰীয়া সূৰ্যকুমাৰ যাদৱে বিশ্বকাপৰ পিছত অৱসৰ ল’ব বুলি জল্পনা-কল্পনা কৰা হৈছিল। খেলখনৰ পিছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত ভাৰতীয় অধিনায়কগৰাকীয়ে এই সকলোবোৰ জল্পনা-কল্পনাক নুই কৰি তেওঁৰ পৰৱৰ্তী দুটা ডাঙৰ লক্ষ্য স্পষ্ট কৰে। সূৰ্য্যকুমাৰ যাদৱে কয়-মোৰ পৰৱৰ্তী লক্ষ্য হৈছে…
Read More
সাংবাদিকৰ কেমেৰাত বন্দী মেঘালয় সীমান্তবৰ্তী ৰাণী সংৰক্ষিত বনাঞ্চলত বিলুপ্তপ্ৰায় প্ৰজাতিৰ ভালুকৰ বিচৰণৰ দৃশ্য

সাংবাদিকৰ কেমেৰাত বন্দী মেঘালয় সীমান্তবৰ্তী ৰাণী সংৰক্ষিত বনাঞ্চলত বিলুপ্তপ্ৰায় প্ৰজাতিৰ ভালুকৰ বিচৰণৰ দৃশ্য

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ  অসম-মেঘালয় সীমান্তৱৰ্তী ৰাণী সংৰক্ষিত বনাঞ্চলৰ গভীৰ অৰণ্যত শেহতীয়াকৈ  বিলুপ্তিপ্ৰায় প্ৰজাতিৰ  কলা ৰঙৰ ভালুকৰ বিচৰণ কৰি থকা দৃশ্য কেমেৰাত বন্দী কৰিবলৈ সক্ষম হৈছে জ্যেষ্ঠ সাংবাদিক তথা পৰিবেশকৰ্মী জোন ৰাভাই। জানিব পৰা মতে ৰাণী সংৰক্ষিত বনাঞ্চলৰ  কিছু নিলগৰ বিক্ৰমপুৰৰ  বাসিন্দা তথা এটা  টেলিভিছন চেনেলৰ জ্যেষ্ঠ সাংবাদিক জোন ৰাভাই জানিবলৈ দিয়া মতে তেওঁ মাজে সময়ে ঘৰৰ ওচৰতে থকা ৰাণী সংৰক্ষিত বনাঞ্চলৰ বিভিন্ন অৰণ্যত বাতৰি সংগ্ৰহৰ লগতে জীৱ জন্তু নিৰীক্ষণৰ বাবে অৰণ্যত ঘূৰি ফুৰা কাৰ্য এটা অভ্যাসত পৰিণত হৈছিল। এদিন জয়পুৰ বনগাঁৱৰ গাঁওবুঢ়া হেমন্ত কে মাৰাকে তেওঁক জনাই যে সেই অৰণ্যত কলা ভালুক আছে বুলি সৰুতে তেওঁলোকে শুনিছিল। আনকি পুৰণি মানুহখিনীয়ে…
Read More
মুম্বাইৰ অসমীয়া মহিলা সমাজৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন

মুম্বাইৰ অসমীয়া মহিলা সমাজৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন

মুম্বাইত থকা অসমীয়া মহিলা সমাজৰ সংগঠন শ্ৰীময়ী মহিলা মণ্ডল, মুম্বাইৰ উদ্যোগত  ৮ মাৰ্চত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয়। সম্পাদিকা  সুমন শৰ্মাৰ  আদৰণি ভাষণেৰে শুভাৰম্ভ  হোৱা অনুষ্ঠানটোত  নিমন্ত্ৰিত অতিথি হিচাপে ভাগ লৈ অজন্তা  ফাটোৱালিয়ে চমু ভাষণত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ তাৎপৰ্য দাঙি ধৰে কয় যে  বৰ্তমান নাৰী সকল সকলো দিশতে তৎপৰ হোৱা উচিত। সঘনাই হৈ থকা চাইবাৰ ক্ৰাইমৰ পৰা সাবধানতা, জীৱন বীমা, নোমিনী আদিৰ দৰে অতি সুক্ষ্ম বিষয়ৰ ওপৰত নাৰী সকলক সচেতন হ'বলৈ আহ্বান কৰে। অনুষ্ঠানত গীত পৰিৱেশন কৰে  ধৰিত্ৰী মালাকাৰে। স্বৰচিত কবিতা পাঠ  আৰু আবৃত্তি কৰে ক্ৰমে - সভানেত্ৰী  চিনু বৰগোহাঁই,  সদস্যা হিৰণ ভূঞা , মৌচুমী দাস , প্ৰণামিকা  দাস,…
Read More
শৰাইঘাট দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাপ প্ৰেমিক-প্ৰেমিকাৰ

শৰাইঘাট দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাপ প্ৰেমিক-প্ৰেমিকাৰ

শৰাইঘাট দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাপ প্ৰেমিক-প্ৰেমিকাৰ।পুৱাই প্ৰেমিক-প্ৰেমিকাই ল'লে এই চৰম সিদ্ধান্ত।জালুকবাৰীৰ দিশৰ পৰা গৈ ব্ৰহ্মপুত্ৰত জাপ দিয়ে দুয়োৱে ।এইপর্যন্ত উদ্ধাৰ হোৱা নাই দুই যুৱক-যুৱতীহালৰ পৰিচয় ।কিহৰ বাবে এই ঘটনা সংঘটিত কৰে সেয়া এতিয়াও জানিব পৰা হোৱা নাই ।
Read More
অসম প্ৰদেশ কংগ্ৰেছৰ আৰু ৩জন সম্পাদক নিযুক্তি

অসম প্ৰদেশ কংগ্ৰেছৰ আৰু ৩জন সম্পাদক নিযুক্তি

অসম প্ৰদেশ কংগ্ৰেছৰ আৰু ৩জন সম্পাদক নিযুক্তি।এই নিযুক্তিত সন্মতি প্ৰদান কৰিছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে।এ আই চি চিৰ সাধাৰণ সম্পাদক কে চি বেণু গোপালে জাৰি কৰিছে নিৰ্দেশনা।নতুনকৈ অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক হিচাপে নিযুক্তি দিয়াসকল ক্ৰমে-পলাশ পৱন শইকীয়া, দিপাংকৰ বৰা আৰু জনচন চাংমা।
Read More
ৰাজনৈতিক দলবোৰৰ মাজত এতিয়া সাম্ভাৱ্য প্ৰাৰ্থীকেন্দ্ৰিক তালিকা প্ৰস্তুতৰ কুছকাৱাজ চলি আছে

ৰাজনৈতিক দলবোৰৰ মাজত এতিয়া সাম্ভাৱ্য প্ৰাৰ্থীকেন্দ্ৰিক তালিকা প্ৰস্তুতৰ কুছকাৱাজ চলি আছে

নিৰ্বাচনৰ বতৰত ৰাজনৈতিক দলবোৰৰ মাজত এতিয়া সাম্ভাৱ্য প্ৰাৰ্থীকেন্দ্ৰিক তালিকা প্ৰস্তুতৰ কুছকাৱাজ চলি আছে। কংগ্ৰেছে প্ৰথমখন ৪২জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰাৰ পাছত ৰাইজৰ দলেও ১১টা সমষ্টিত প্ৰাৰ্থীৰ তালিকা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছিল। অহা ১৩, ১৪ আৰু ১৫মাৰ্চত দলটোৰ ভগ্নী সংগঠনৰ সমূহৰ নেতৃত্বৰ সৈতে ৰাজ্যিক নেতৃত্ব এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব।তাৰ পাছতহে কেন্দ্ৰীয় নেতৃত্বৰ অনুমোদন সাপেক্ষে দলটোৱে প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰি ২০মাৰ্চৰ ভিতৰত প্ৰকাশ কৰিব বুলি জানিবলৈ দিয়ে।
Read More
গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বাৰ্মা দলং মুকলি

গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বাৰ্মা দলং মুকলি

৮ মাৰ্চৰ পৰা যান বাহনৰ বাবে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বাৰ্মা দলং মুকলি কৰা হয় ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ ফেব্ৰুৱাৰী জনতাৰ নামত উৎসৰ্গা কৰিছিল দলঙখন ৷ এই দলংখনৰ ফলত এতিয়াৰে পৰা গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত যাত্ৰাৰ সময় ৪৫-৬০ মিনিটৰ পৰা ৭-১০ মিনিটলৈ হ্ৰাস পাইছে ৷
Read More
প্ৰয়াত আয়াতুল্লাহ আলী খামেইনীৰ পুত্ৰ মোজতাবা আলী খামেইনীক দেশখনৰ নতুন সৰ্বোচ্চ নেতা হিচাপে নিযুক্তি দিয়ে

প্ৰয়াত আয়াতুল্লাহ আলী খামেইনীৰ পুত্ৰ মোজতাবা আলী খামেইনীক দেশখনৰ নতুন সৰ্বোচ্চ নেতা হিচাপে নিযুক্তি দিয়ে

ইৰাণৰ শাসকীয় ধৰ্মগুৰুসকলে দেওবাৰে আমেৰিকা আৰু ইজৰাইলৰ ভাবুকিক আওকাণ কৰি প্ৰয়াত আয়াতুল্লাহ আলী খামেইনীৰ পুত্ৰ মোজতাবা আলী খামেইনীক দেশখনৰ নতুন সৰ্বোচ্চ নেতা হিচাপে নিযুক্তি দিয়ে । ইৰাণৰ প্ৰেছ টিভিয়ে এক্সত পোষ্ট কৰি এই কথা প্ৰকাশ কৰিছে । পোষ্টটোত কোৱা হৈছে, “ইৰাণৰ বিশেষজ্ঞ বিধানসভাই আয়াতুল্লাহ ছায়েদ মোজতাবা খামেইনীক ইছলামিক ৰিপাব্লিকৰ নতুন নেতা হিচাপে নিযুক্তি দিছে ।"মুজতাবা আলী খামেইনী আয়াতুল্লাহ আলী খামেইনীৰ দ্বিতীয় পুত্ৰ । খবৰ অনুসৰি ইৰাণৰ বিশেষজ্ঞ বিধানসভাই ইৰাণীসকলক ঐক্য বজাই ৰাখিবলৈ আৰু মুজতাবা খামেইনীৰ সৈতে থিয় দিবলৈ আহ্বান জনাইছে ।
Read More
ডিফুৰ ৰে’ল যাত্ৰীৰ বাবে সুখবৰ; পাহাৰীয়া জিলাখনত এতিয়াৰে পৰা ৰ’ব ৰাজধানী এক্সপ্ৰেছ

ডিফুৰ ৰে’ল যাত্ৰীৰ বাবে সুখবৰ; পাহাৰীয়া জিলাখনত এতিয়াৰে পৰা ৰ’ব ৰাজধানী এক্সপ্ৰেছ

ডিফুৰ লগতে কাৰ্বি আংলং জিলাৰ ৰে’ল যাত্ৰীসকলৰ বাবে আহিছে এক অতি আনন্দৰ খবৰ। জনপ্ৰিয় ডিব্ৰুগড়-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছ ৰে’লখনৰ বাবে ডিফু ৰে’ল ষ্টেচনত শনিবাৰে আনুষ্ঠানিকভাৱে এটা নতুন আস্থান বা ষ্টপেজ মুকলি কৰা হয়। পাহাৰীয়া জিলাখনৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনাই ৰে’ল মন্ত্ৰালয়ে গ্ৰহণ কৰা এই সিদ্ধান্তই এতিয়া সমগ্ৰ অঞ্চলটোতে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে। এই উপলক্ষে দেওবাৰে ডিফু ৰে’ল ষ্টেচনত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ উদ্যোগত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। স্থানীয় সাংসদ অমৰসিং তিছ’ৱে অতিথি হিচাপে উপস্থিত থাকি ৰাজধানী এক্সপ্ৰেছৰ এই নতুন আস্থানটো আনুষ্ঠানিকভাৱে মুকলি কৰে। অনুষ্ঠানটোত ৰে’ল বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ লগতে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। এই নতুন…
Read More